মূল পৃষ্ঠা / কৃষি / মীণ পালন / জানিবলগীয়া কথা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথা :

জানিবলগীয়া কথাৰ বিষয়ে লিখা হৈছে ।

 

ৰুপচন্দা অথবা পাকু (Piaractus Brachy pomus) নামৰ ঘূৰণীয়া আকৃতিৰ ৰুপালী ৰঙৰ মাছবিধ পালনৰ বাবে মীনপালসকলে ইতিমধ্যে উপযুক্ত বুলি নিৰ্বাচন কৰিছে । পাকু মাছবিধ সংমিশ্ৰিতভাৱে অথবা এককভাৱে (Mono Culture) পালন কৰিব পাৰি । প্ৰতি হেক্টৰ পানীকালিত সংমিশ্ৰিতবহৱে বাহু বা ভকুৱা আৰু ৰৌ মাছৰ লগত পালন কৰিলে ৰুপচন্দা মাছৰ পোনাৰ নিৰিখ হ’ল ৩০০০ টা আৰু এককভাৱে পুখুৰীত ৰুপচন্দা মাছ পালন কৰিলে ৰুপচন্দা মাছৰ পোনাৰ নিৰিখ হ’ল প্ৰতি হেক্টৰত ৭০০০-৮০০০ টা । প্ৰতিদিনে  ২-৩ বাৰ পৰিপূৰক খাদ্য (লাডু লাডু সদৃশ) ৫-৬ শতাংশ দৈহিক ওজনত প্ৰয়োগ কৰিলে প্ৰতি হেক্টৰ পানীকালিৰ পৰা বছৰি ৮-১০ টন ৰুপচন্দা মাছ উৎপাদন কৰিব পাৰি । অৱশ্যে এইক্ষেত্ৰত পুখুৰীত নিম্নতম ১.৫ মিটাৰ পানী থকা নিশ্চিত কৰিব লাগে । পানীৰ অনুকূল গুণাগুণৰ বাবে পালন পুখুৰীৰ পানীভাগ উলিয়াই নতুন পানী সোমোৱাৰ ব্যৱস্থা কৰিব লাগে । অভিজ্ঞতাৰ পৰা দেখা গৈছে যে অধিক মাছ উৎপাদনৰ বাবে পাকু বা ৰুপচন্দা মাছ একক পদ্ধতিত পালন কৰা অতি উপযোগী ।

উৎস :- অসমীয়া খবৰ

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top