মূল পৃষ্ঠা / কৃষি / মীণ পালন / জানিবলগীয়া কথাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথাঃ

 

- পানী মেটেকা বা অন্যান্য জলজ অপতৃণ মাছ পালনৰ বাবে উপযোগী নহয়। এনে অপতৃণে সূৰ্যৰ পোহৰ তললৈ বিচ্ছুৰিত হোৱাত বাধা দিয়ে। তাৰ উপৰি গ্ৰাছকাৰ্প জাতীয় মাছে কিছু প্ৰজাতিৰ জলজ উদ্ভিদ ভক্ষণ কৰে যদিও পানী মেটেকা আদি জলজ অপতৃণ সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। যিহেতু জলজ অপতৃণই পানীৰ ভৌত-ৰাসায়নিক গুণৰ ভাৰসাম্য নাইকিয়া কৰে, পানীত জলজ অপতৃণ হোৱাৰ লগে লগে সেইবোৰ নিয়ন্ত্ৰণ কৰা উচিত। পানী মেটেকাখিনি উঠাই পুখুৰীটো সম্পূৰ্ণ চাফা কৰি নিয়মিত হাৰত চূণ-গোবৰ দি প্ৰতিবিঘা পানীকালিৰ পৰা ৪০০-৫০০ কিলোগ্ৰাম মাছ উৎপাদন কৰি লাভৱান হওক।

-  প্ৰাকৃতিক জলাশয় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তাৰ বিজ্ঞানসন্মতভাৱে মাছ পালনৰ ব্যৱস্থা কৰিব পাৰি। সাধাৰণতে প্ৰাকৃতিক জলাশয়ত বিভিন্ন প্ৰজাতিৰ মাংসহাৰী মাছ থাকিব পাৰে। সেইহেতু ইয়াত পোনা মেলোতে যথেষ্ট সাৱধান হ’ব লাগে। অকল ডাঙৰ আকৃতিৰ মাছ পোনাহে এনেবোৰ জলাশয়ত মেলাটো উচিত। যিহেতু প্ৰাকৃতিক জলাশয়সমূহত যথেষ্ট পৰিমাণৰ জলজ অপতৃণ থাকে, পালনৰ উপযোগী কৰি তুলিবলৈ প্ৰথম পদক্ষেপ হিচাপে অপতৃণ নিবাৰণৰ কাম হাতত ল’ব লাগে। অপতৃণ নিবাৰণৰ পাছত প্ৰতি হেক্টৰ পানীকালিত ৫০০০টা হাৰত বছৰেকীয়া মীনপোনা মেলিব লাগে। অন্য উৎসৰ লগত পানীৰ সংযোগ থাকিলে বাঁহৰ বানাৰে মাছ ওলাই যাব নোৱাৰা ব্যৱস্থা কৰিব লাগে। যদি অঞ্চলটো বানপানীত আক্ৰান্ত হয়, তেন্তে জলাশয়টো পৰিষ্কাৰ কৰি ছেপ্তেম্বৰ-অক্টোবৰ মাহত ভাঙন মাছৰ পোনা মেলিব পাৰে। ভাঙন মাছ প্ৰায় ছমাহ পালন কৰিলেই বজাৰৰ উপযোগী হয়।

(উৎসঃ অসমীয়া খবৰ)।

2.97727272727
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top