মূল পৃষ্ঠা / কৃষি / মীণ পালন / থলুৱা মাছৰ সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাৱলী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

থলুৱা মাছৰ সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাৱলী

থলুৱা মাছৰ সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাৱলীৰ বিষয়ে লিখা হৈছে

থলুৱা মাছৰ সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাৱলী কি-

 

মৎস্য সম্পদৰ বিশাল ভঁৰাল অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক তথা ইয়াৰ উপনৈসমূহ, খাল, বিল, পিতনি তথা পৰিত্যক্ত জলাশয়সমূহত বহু মাছৰ প্ৰজাতি ইতিমধ্যে বিলুপ্ত হোৱাৰ পথত আগবাঢ়িছে। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ (ICVN- International Union for Conservation of Nature) আধাৰত আৰু ১৯৯৮ চনত হোৱা কেম্পৰ (CAMP- Conservation Assessment and Management Plan) প্ৰতিবেদনত অসমৰ তিনিটা প্ৰজাতিৰ মাছ অতিকৈ বিপন্ন (Critically endangered), ২৬ বিধ বিপন্ন আৰু ৪৭ বিধ মাছৰ প্ৰজাতি সংকটাপূৰ্ণ বুলি লিপিবদ্ধ হৈছে।

 

যান্ত্ৰিক সভ্যতা বৃদ্ধিৰ লগে লগে জলাশয়সমূহৰ দ্ৰুত বিলুপ্তি ঘটিছে আৰু ফলস্বৰূপে প্ৰাকৃতিক ভাৰসাম্যতাৰ বাবে বহু মাছৰ প্ৰজাতি ইতিমধ্যে যথেষ্ট সংকুচিত হৈছে বুলি গৱেষকসকলে মত পোষণ কৰিছে। তদুপৰি পথাৰত কীটনাশক দৰব প্ৰয়োগ, পাহাৰীয়া নৈবোৰত তথা বিস্ফোৰক পদাৰ্থ প্ৰয়োগ কৰি মাছ ধৰা, প্ৰজনন ঋতুৰ সময়ত কণী হোৱা মাছ ধৰা, ঘন ঘন জালেৰে মাছ মাৰি সৰু সৰু মাছ ধৰা, অনাবৃষ্টি আৰু অতিবৃষ্টিৰ বাবে প্ৰাকৃতিক উৎসসমূহত উদ্ভিদ বা প্ৰাণীৰ বাবে বসবাসৰ অনুপযোগী হৈ পৰা তথা মাছৰ মহামাৰী ৰোগ যেনে- (EVS- Epifootic Ulcerative Syndrome)ৰ প্ৰাদুৰ্ভাৱৰ ফলত প্ৰাকৃতিক উৎসবোৰত মাছৰ পৰিমাণ দ্ৰুত হাৰত কমি যোৱা পৰিলক্ষিত হৈছে।

 

মাছৰ প্ৰজাতি সংৰক্ষণৰ প্ৰয়োজনীয়তাঃ

জলাশয়ত মাছৰ প্ৰজাতিৰ দ্ৰুত সংকোচনে সিহঁতৰ মাজত অন্তঃপ্ৰজননৰ সম্ভাৱনা প্ৰকট কৰি তোলে আৰু ভৱিষ্যতৰ বংশধৰৰ গুণগত মান হ্ৰাস হয়। কোনো প্ৰজাতিৰ দ্ৰুত বিলোপনে অইন প্ৰজাতিৰ পৰিস্থিতিগত ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। সকলো মাছ বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ নহ’ব পাৰে, কিন্তু ই আন বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ মাছৰ অস্তিত্বত মুখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে। আনহাতে পৃথিৱী যিমানেই বিভিন্ন প্ৰজাতিৰে চহকী হ’ব সিমানে জীৱ-সম্প্ৰদায় বংশগতিৰ চৰিত্ৰৰ দ্বাৰা চহকী হ’ব। আমি যদি কোনো মাছ প্ৰজাতি ধ্বংস নকৰি জীয়াই থাকিবলৈ দিওঁ, তেতিয়া ইয়াতকৈ অধিক অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ মাছ প্ৰজাতি পোৱাৰ সম্ভাৱনা থাকে।

এইক্ষেত্ৰত চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বেচৰকাৰী সংস্থাসমূহেও ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

 

(উৎসঃ অসমীয়া খবৰ)।

2.90196078431
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top