মূল পৃষ্ঠা / কৃষি / মীণ পালন / নিকৰি আৰু মাছৰ সমন্বিত পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নিকৰি আৰু মাছৰ সমন্বিত পালন

নিকৰি আৰু মাছৰ সমন্বিত পালনৰ বিষয়ে লিখা হৈছে ।

 

নিকৰি (মাখানা) এবিধ অৰ্থনৈতিক দিশৰ পৰা বিশেষভাৱে গুৰুত্বপূৰ্ণ জলজ উদ্বিদ । নিকৰি অসমীয়া মানুহৰ এক অতি চিনাকি জলজ উদ্বিদ । অসমৰ বিল বা জলাহ অঞ্চলত পানীত ওপঙি থকা বিশাল, ঘূৰণীয়া কাঁইট লগা, ডাঠ সেউজীয়া পাতেৰে উদ্ভিদজোপা সকলোৱেই দেখিছে। পদুমৰ দৰেই নিকৰিৰ পাতবোৰ ওপঙি থাকে আৰু ইয়াৰ শিপাই তলিৰ মাটিত বা বোকাত খামুচি ধৰি থাকে । অগভীৰ, সামান্যভাৱে অম্লগুণযুক্ত পানীহে নিকৰিৰ বংশ বৃদ্ধধ্ৰ বাবে উপযুক্ত । বিল অথবা জলাহৰ তুলনামূলকভাৱে কম গভীৰতাৰ পানী থকা আৰু পৰ্যাপ্ত পৰিমাণে জৈৱিক পদাৰ্থযুক্ত মাটি থকা অঞ্চলত প্ৰচুৰ পৰিমাণে নিকৰি প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা দেখা যায় ।

বিকল্প খাদ্য শস্য তথা পুষ্টিগুণৰ ভঁৰাল হিচাপে নিকৰিৰ গুৰুত্ব বৰ্তমান সমগ্ৰ বিশ্বতে আছে । নিকৰিৰ ফলৰ গুটি অতি সুস্বাদু আৰু পৰিপুষ্টিযুক্ত । এজোপা নিকৰিৰ গছত ৮-১০ লৈকে প্ৰায় ২০০ গ্ৰাম ওজনৰ ফল লগা দেখিবলৈ পোৱা যায় । ৰঙচুৱা ফলটোৰ চাৰিওফালে কাঁইটীয়া বেটুপাত থাকে । প্ৰতিটো ফলৰ পৰা ৪০-৫০ টাকৈ গুটি পাব পাৰি । প্ৰতি ১০০ গ্ৰাম নিকৰি গুটিত প্ৰায় ৩৫০ কিল’কেলৰি শক্তি পোৱা যায় । কেৱল দৈহিক শক্তিৰ উৎস হিচাপেই নহয় , নিকৰিৰ গুৰুত্ব আছে ঔষধি গুণসম্পন্ন দ্ৰব্য হিচাপেও । নিকৰিৰ গুটিত শৰ্কৰা, অত্যাৱশ্যকীয় এমিন’ এচিড, প্ৰ’টিন, চৰ্বি মণিক, ফছফৰাছ আৰু লো আদি পোৱা যায় । নিকৰিৰ সেৱনৰ দ্বাৰা যৌৱন দীৰ্ঘস্থায়ী কৰিব পাৰি বুলি বিশ্বাস আছে । বাত বিষ, কৌষ্ঠকাঠিন্য, মধুমেহ, হৃদযন্ত্ৰ, বৃক্ক আৰু প্লীহাৰ অসুখতো ই সুফলদায়ক বুলি জনা যায় । এইবোৰ কাৰণতে বিভিন্ন আয়ুৰ্বেদিক আৰু য়ুনানি ঔষধৰ প্ৰস্তুতিত নিকৰি ব্যৱহাৰ কৰা হয় । আনহাতে বহুতে নিকৰিক ভগৱানৰ উদ্ভিদ বুলিও বিশ্বাস কৰে । উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত নৱৰাত্ৰিৰ ব্ৰতৰ সময়ত নিকৰিৰ ক্ষীৰ প্ৰসাদ হিচাপে প্ৰস্তুত কৰা হয় । নিকৰিৰ পাত, ফল, ফুল সকলো অংগই বিভিন্ন পূজাত ব্যৱহাৰ হয় । দৈনিক ২৫ গ্ৰাম নিকৰি খালে সুস্বাস্থ্য নিশ্চিত হয় বুলি খাদ্য বিজ্ঞানীসকলে মত পোষণ কৰিছে । নিকৰিৰ এনে অনন্য পুষ্টি গুণৰ খাদ্য বিজ্ঞানীসকলে মত পোষণ কৰিছে । নিকৰিৰ এনে অনন্যা পুষ্টি গুণৰ বাবেই ইয়াৰ সমাদৰ দিনক দিনে বৃদ্ধি পাইছে। কিন্তু সম্প্ৰতি বিল আৰু জলাই অঞ্চলত বিভিন্ন কাৰণত নিকৰিৰ প্ৰাকৃতিকভাৱে হোৱা উৎপাদন কমি আহিছে । সেয়ে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত নিকৰি উৎপাদনৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে । অসমত নিকৰিৰ বজাৰ সীমিত যদিও মূলত: বিহাৰ, পশ্চিমবংগ, বাংলাদেশ, আদিলৈ প্ৰাকৃতিকভাৱে উৎপাদিত নিকৰিসমূহ ৰপ্তানি হয় । আনহাতে, বিহাৰ আদি ৰাজ্যৰ পৰা বিদেশলৈও এইবোৰৰ ৰপ্তানি হয় । বিশেষকৈ চীন দেশত ইয়াৰ চাহিদা অতি বেছি।

নিকৰিৰ গছবোৰৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত গঁজালি ওলাই লাহে লাহে পানীৰ উপৰিভাগলৈ ওলাই আহে । এক-ডেৰ মাহৰ ভিতৰত পাতবোৰ ডাঙৰ হৈ পানীৰ উপৰিভাগ ঢাকি পৰে । এপ্ৰিল-মে’ মাহত গছবোৰত ফল লাগে । জুলাই-আগষ্ট মাহত গছবোৰ পূৰঠ হয় আৰু পাতবোৰ গেলিবলৈ ধৰে । এই সময়তে ফলবোৰ পৈণত হৈ উঠে । পূৰ্ণ পৈণত অৱস্থাত ফলবোৰ ফাটি গুটিবোৰ বোকাত সৰি পৰে । ফলবোৰ ফাটি যোৱাৰ আগে আগে পৈণত ফলবোৰ সংগ্ৰহ কৰিব লাগে । বোকাত সৰি পৰা গুটিৰ পৰাই পিছৰ বছৰ পোখা মেলে ।

নিকৰি আৰু মাছৰ সমন্বিত উৎপাদনৰ বাবে সম্প্ৰতি দেশৰ বিভিন্ন ঠাইত প্ৰচেষ্টা হাতত লোৱা হৈছে । দেখা গৈছে যে নিকৰিৰ উৎপাদনৰ বাবে বছৰটোৰ প্ৰায় ৭ মাহ সময়হে জলাশয়টো ব্যৱহাৰ হয় (ফেব্ৰুৱাৰীৰ পৰা আগষ্ট মাহলৈ ) । পৰম্পৰাগত নিকৰি উৎপাদনত জৈৱসম্পদৰ অধিক ব্যৱহাৰৰ বাবে সেয়ে দেশৰ বিভিন্ন ৰাজ্যত নিকৰি আৰু মাছৰ সমন্বিত পালন পদ্ধতিৰ বিভিন্ন ধৰণৰ আৰ্হিৰ বিকাশ কৰা হৈছে । ইতিমধ্যে বিহাৰ আৰু পশ্চিমবংগত এই পদ্ধতিৰ প্ৰচলন হৈছে । দুটা ধৰণেৰে নিকৰি আৰু মাছৰ সমন্বিত পালন কৰা হয় । নিকৰি উৎপাদনৰ সমসাময়িকভাৱে গোটেই বছৰজুৰি আৰু নিকৰি উৎ পাদনৰ পিছত প্ৰায় ৫ মাহ জুৰি হ্ৰস্বম্যাদী মাছ পালন হিচাপে ।

বিহাৰত জনপ্ৰিয়তা লাভ কৰা এটা আৰ্হি অনুযায়ী জলাশয়টোৰ মুঠ কালিৰ প্ৰায় ৯০% জুৰি নিকৰি উৎপাদন কৰা হয় আৰু সোঁমাজত প্ৰায় ১০% জুৰি এডোখৰ মুকলি বা খালী ঠাই ৰখা হয় । এই মুকলি ঠাইডোখৰত এপ্ৰিল মাহত মাছৰ ফিংগাৰলিং বা এবছৰীয়া পোনা (৪-৫ ইঞ্জি দৈৰ্ঘৰ) মেলি দিয়া হয় । নিকৰিখিনি সংগ্ৰহ কৰাৰ পিছতো প্ৰায় ৫ মাহ অৰ্থাৎ ডিচেম্বৰ-জানুৱাৰী মাহলৈকে মাছ পালন কৰি থকা হয় । ডিচেম্বৰ-জানুৱাৰী মাহত নিকৰিৰ মাটিত পৰি থকা গুটিৰ পৰা নতুন গজালি ওলায় । তাৰ আগে আগে মাছখিনি ধৰি পেলোৱা হয় । এই পদ্ধতিত মাছখিনিয়ে জলাশয়টোত নিকৰি থকা অৱস্থাত নিকৰিৰ পাত বা গা-গছৰ আশ্ৰয়ত বংশ বৃদ্ধি কৰা পোক-পতংগ, সূক্ষ্ম জীৱ আদি উপৰঞ্চি খাদ্য হিচাপে লাভ কৰে । আনহাতে, নিকৰিৰ পাতে মাছক আশ্ৰয় তথা সুৰক্ষাও দিয়ে । নিকৰিখিনিৰ পাত, কাণ্ড আদি মৰাৰ পিছত সেইখিনিয়ে পুখুৰীত অতিৰিক্ত পুষ্টি যোগান ধৰি মাছৰ বাবে প্ৰাকৃতিক আহাৰৰ উৎপাদন বৃদ্ধি কৰে । মাছৰ পালনেৰে জলাশয়ৰ অতিৰিক্ত পুষ্টিদ্ৰব্যৰ ব্যৱহাৰ কৰি পানীৰ গুণাগুণৰো নিয়ন্ত্ৰণ কৰিব পৰা যায় । এনে সমন্বিত পালনৰ দ্বাৰা মাছ আৰু নিকৰিৰ সমসাময়িক উৎপাদনৰ লগতে নিকৰিৰ পুষ্টি গুণগতমানৰ উন্নতি হোৱাৰো বৈজ্ঞানিক তথ্য আছে । আনহাতে, মাছৰ বৃদ্ধিও তুলনামূলকভাৱে খৰতকীয়া হয় । নিকৰিৰ লগত মাগুৰ, শিঙি, কাৱৈ আদি বায়ুশ্বাসী মাছৰ পালন উপযুক্ত বুলি বিবেচিত হৈছে । এনে সমন্বিত পালনত প্ৰতি হেক্টৰ পানীকালিৰ পৰা ২,২৫০ কি:গ্ৰা: মাছ আৰু ১.৫ ৰ পৰা ২.০ টনলৈকে নিকৰিৰ গুটি উৎপাদন কৰিব পাৰি বুলি তথ্য পোৱা গৈছে । উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ চৌহদত নিকৰিৰ ওপৰত গৱেষণামূলক খেতি কৰি থকা হৈছে ।

অসমত নিকৰিৰ ব্যৱসায়িক গুৰুত্বৰ বিষয়ে এতিয়াও ৰাইজৰ মাজত সচেতনতাৰ অভাৱ । প্ৰাকৃতিকভাৱে হোৱা উৎপাদনো অন্য ৰাজ্যৰ পৰা অহা মধ্যভোগীৰ হাতলৈ যোৱাৰ বিষয়ে জানিব পৰা গৈছে । অসমত বিল বা জলাহত নিকৰি উৎপাদনতকৈ মাছ উৎপাদনত অধিক গুৰুত্ব দিয়া হয় । সেয়ে কোনো কোনো বিলত নিকৰি সমূলঞ্চে নাশ কৰি মাছ মৰা আৰু উৎপন্ন কৰাৰ সুবিধা কৰি লোৱা দেখা যায় । আনহাতে, অসমৰ বজাৰত নিকৰিৰে প্ৰস্তুত বিভিন্ন সামগ্ৰীৰ মূল্য প্ৰতি কি:গ্ৰা: ত ৫০০-১০০০ টকা পৰ্যন্ত । এই পৰিপ্ৰেক্ষিতত নিকৰিৰ সংৰক্ষণ তথা উৎপাদনৰ গুৰুত্ব আহি পৰিছে। ইয়াৰ লগে লগে আশা কৰা হৈছে অদূৰ ভৱিষ্যতে অসমতো সমন্বিত মাছ আৰু নিকৰিৰ উৎপাদনে জনপ্ৰিয়তা লাভ কৰিব । অসমৰ যিবোৰ বিল আৰু জলাহ মাছ পালনৰ বাবে বিকাশ কৰি ব্যৱহাৰ কৰা হৈছে, তাত এটা আনুষংগিক উৎপাদন হিচাপে নিকৰিৰ অন্তৰ্ভুক্তিয়ে সামগ্ৰিক আয় বৃদ্ধি কৰাৰ লগতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু সুচল ব্যৱস্থাপনাতো সহায় কৰিব ।

নিকৰিৰ উপৰি আন কিছুমান জলজ বা অৰ্ধ জলজ উদ্ভিদৰো বিকল্প খাদ্য তথা ঔষধি গুণযুক্ত খাদ্য হিচাপে গুৰুত্ব দেখিবলৈ পোৱা যায় । যেনে- কলমৌ, শিঙৰি, কচু, ভেট, পদুম আদি । বজাৰত এনে জলজ উদ্ভিদৰ চাহিদা আছে । আনহাতে , ফুল হিচাপে ভেট আৰু পদুমৰ গুৰুত্ব বিভিন্ন পূজাৰ সময়ত দেখিবলৈ পোৱা যায় । এইবিলাক ফুল আন ৰাজ্যৰ পৰা অসমলৈ আমদানি কৰিব লগীয়া হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত এনেধৰণৰ উদ্ভিদৰ উৎপাদনৰ বাণিজ্যিক দিশ বিবেচনা কৰাৰ থল আছে ।

লেখিকা – ড° বিভা চেতিয়া বৰা

উৎস – দৈনিক জনমভূমি

2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top