অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পশু-পক্ষীৰ সমন্বয়ত মীন পালন :

পশু-পক্ষীৰ সমন্বয়ত মীন পালন :

 

আমাৰ ৰাজ্যখনৰ মাটি, পানী, জলবায়ু আৰু কেৱল ভৌগোলিক অবয়ৱৰ পটভূমিতেই যে পশু-পক্ষীৰ লগত সমন্বিত মীন পালনৰ গুৰুত্ব বিদ্যমান এনে নহয়, ৰাজ্যখনৰ আৰ্থ-সামাজিক মাৰু পাৰিপাৰ্শ্বিক বাতাবৰণৰ প্ৰসংগতো ই অতিশয় গুৰুত্বপূৰ্ণ বিষয়। আমাৰ ৰাজ্যখনৰ অৰ্থনীতিৰ মূল চালিকা শক্তিও কৃষি। কৃষিকৰ্ম, পশুপালন, পক্ষীপালন, মীনপালন আদি কাম-কাজ ৰূপায়ণ কৰে অসমীয়া কৃষকে। স্বাভাৱিকতে পশু-পক্ষী পালনৰ ফলত জৈৱিক আৱৰ্জনাৰ উৎপত্তি হয়। এই জৈৱিক আৱৰ্জনাৰ সফল ব্যৱহাৰে পাৰিপাৰ্শ্বিকতাত কোনো বিৰূপ প্ৰভাৱ নেপেলায়। সেয়েহে আৱৰ্জনাৰ সফল ব্যৱহাৰ আন এক ,গুৰুত্বপূৰ্ণ বিষয়। এবিধ জীৱৰ পৰা উৎপাদিত বা নিষ্কাসিত আৱৰ্জনা আন এবিধ জীৱৰ বাবে জীয়াই থকা সমল হ’ব পাৰে। এয়াই হ’ল পশু-পক্ষীৰ লগত সমন্বিত মীনপালনৰ মূল ভিত্তিগত কথা। তাহানিৰ পৰম্পৰাগত জ্ঞানখিনিক আজিৰ বিজ্ঞানলৈ লৈ যোৱাৰ নিৰৱিচ্ছিন্ন যাত্ৰাপথ কোনেও অস্বীকাৰ কৰিব নোৱাৰে। উল্লেখ্য যে এই জৈৱিক চক্ৰৰ অনুধাৱন কৰিয়েই আৱহমান কালৰপৰা ফচল উৎপাদনত জৈৱিক আৱৰ্জনাৰ ব্যৱহাৰ হৈ আহিছে। বিভিন্ন সমন্বিত মীন আৰু পশু-পক্ষী পালনৰ ভিত্তিত ইয়াতেই। কেই কৌশলসমূহ মিতব্যয়ী, অধিক উৎপাদনক্ষম, পৰিৱেশ বন্ধু, সৰল প্ৰযুক্তিসম্পন্ন আৰু সহজতে ৰূপায়ণ কৰিব পৰা।

শেহতীয়াকৈ কৃষিখণ্ডত ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ এটা বহু চৰ্চিত নাৰু আলোচিত বিষয়। অপৰিমিত হিচাপত কীটনাশক, অপতৃণ নাশক আদি প্ৰয়োগৰ লগতে অধিক উৎপাদনৰ আশাত জধে-মধে ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ মানৱ স্বাস্থ্যৰ প্ৰতি ভাবুকি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। সেয়েহে সৰ্বত্ৰ উচ্চাৰিত হৈছে জৈৱিক কৃষিৰ প্ৰাসংগিওকতা। জীৱকুলৰ লগত মীনপালন এনে এক ধাৰণাৰ অন্যতম নামান্তৰ। এনে কৌশলত পশু-পক্ষীৰ আৱৰ্জনাই দুৰ্গন্ধ সৃষ্টি কৰি পৰিৱেশ, সমাজ, অৰ্থনীতি, স্বাস্থ্য- ক’তো বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা নাথাকে।

বিভিন্ন সময়ত পশু-পক্ষীৰ আৱৰ্জনাৰ দুৰ্গন্ধই বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। জনসংখ্যা বৃদ্ধিৰ লগে লগে জনমূৰি ভূমিৰ পৰিমাণ হ্ৰাস পোৱা হেতুকে এই সমস্যাসমূহ ক্ৰমাৎ ঘনীভূত হ’বলৈ ধৰিছে। মূলতঃ অস্মফৰ নামৰ ৰাসায়নিক যৌগ সমষ্টিটোৱেই হৈছে দুৰ্গন্ধ সৃষ্টিৰ কাৰক। ই কেইবাবিধো যৌগৰ সমষ্টি। পশু-পক্ষীৰ আৱৰ্জনাত যথেষ্ট পুষ্টিদ্ৰব্য থাকে। এইসমূহ অণুজীৱৰ বাবে শক্তিৰ প্ৰধান উৎস। এই শক্তি আন এটা পালন কৌশলৰ(মীনপালন) বাবে ব্যৱহাৰ কৰিলে সকলো সমস্যা নাইকিয়া কৰি ইয়াৰ উৎপাদনমুখী কামত ব্যৱহাৰ কৰিব পাৰি। দুৰ্গন্ধৰ মাত্ৰা বায়ু আৰু পানীত থকা এন-বুটানল(n-butanol) নামৰ ৰাসায়নিক যৌগৰ গাঢ়তাৰ লগত তুলনা কৰি নিৰ্ণয় কৰা হয়। দুৰ্গন্ধই আমাৰ শ্বসন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে আৰু ফলত আমি বিজবিজনি, কুটকুটনি, জ্বলন আদি উপসৰ্গৰ সন্মুখীন হওঁ। তদুপৰি মূৰৰ বিষ, টোপনিৰ ভাব, ভাগৰ আদি সমস্যাকো আমন্ত্ৰণ কৰে দুৰ্গন্ধই। সেয়েহে কৃষকসকলে দুৰ্গন্ধ ব্যৱস্থাপনাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাটো অতি জৰুৰী। পশু-পক্ষীৰ আৱৰ্জনাৰ পুনৰ ব্যৱহাৰ দুৰ্গন্ধ নিয়ন্ত্ৰণৰ শ্ৰেষ্ঠ উপায়। এনে পৰিপ্ৰেক্ষিতত সমন্বিত মীন আৰু পশু-পক্ষী পালন এটা ইতিবাচক সিদ্ধান্ত। এনে পাম পদ্ধতিত আৱৰ্জনাৰ সফল ব্যৱহাৰৰ দ্বাৰা নিম্ন ব্যয়ত মাছ উৎপাদন কৰিব পাৰি। যথোচিত ভূমি ব্যৱস্থাপনাৰ জৰিয়তে শেহতীয়া প্ৰযুক্তি আৰু শস্য চক্ৰৰ ব্যৱহাৰে সমন্বিত পালনক কৃষকসকলৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছে। সমন্বিত পাম পদ্ধতিত একে সময়তে দুটা বা ততোধিক পাম উপাদানৰ ব্যৱস্থাপনা কৰা হয়। তাৰে এটা মুখ্য আৰু আনটো গৌণ। মীন বিজ্ঞানৰ দৃষ্টিভংগীৰে সমন্বিত পাম পদ্ধতিত মীন পালন সম্পৰ্কীয় কাম-কাজখিনি মুখ্য আৰু পশু-পক্ষী পালনখিনি গৌণ। অৱশ্যে এইক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক। জৈৱিক আৱজৰ্না বোলোতে আমি পশু-পক্ষীৰ মল-মূত্ৰ আৰু এৰেহা খাদ্য আদিক বুজো। এইবোৰ পোনপটীয়াকৈয়ো প্ৰয়োগ কৰিব পাৰি, নতুবা সংসাধন কৰিও প্ৰয়োগ কৰা হয়। জৈৱিক আৱৰ্জনাৰ পুনঃচক্ৰীয় প্ৰয়োগ জৈৱিক কৃষিকৰ্মৰ অন্যতম বাৰ্তাবাহক। এনে ব্যৱস্থাত ৰাসায়নিক নিৱেশৰ বিকল্প হিচাপে জৈৱিক আৱৰ্জনা প্ৰয়োগ কৰা হয়। এনে কৌশলত পামৰ সঞ্চালন ব্যয় হ্ৰাস কৰি সামগ্ৰিক আয় বৃদ্ধি হোৱাৰ লগতে জৈৱিক আৱৰ্জনাৰ যথোচিত ব্যৱহাৰ হয়। এই সকলোখিনিৰ মূল ভিত্তিটো হ’ল পশু-পক্ষীৰ মল-মূত্ৰত যথেষ্ট পৰিমাণে নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছৰ উপৰি অন্যান্য অনুপুষ্টিদ্ৰব্য থাকে। সেয়েহে পশু-পক্ষীৰ আৱৰ্জনাই জলভাগত বিভিন্ন অণুজীৱ আৰু বেক্টেৰিয়াৰ বংশ বৃদ্ধিত সহায় কৰে। বেক্টেৰিয়াই আৱৰ্জনাসমূহৰ পচন ঘটায় আৰু মাণিকীকৰণ প্ৰক্ৰিয়াদ্বাৰা মল-মূত্ৰত থকা জৈৱিক পুষ্টিদ্ৰব্যসমূহ অজৈৱিক পুষ্টিদ্ৰব্যলৈ ৰূপান্তৰ কৰে। অজৈৱিক পুষ্টিদ্ৰব্য অধিশোষণ কৰি উদ্ভিদপ্লৱকে বংশ বৃদ্ধি কৰে। প্লৱক মাছৰ মূল প্ৰাকৃতিক খাদ্য। উল্লেখ্য যে উদ্ভিদ প্লৱকৰ বৃদ্ধিৰ লগে লগে প্ৰাণী প্লৱকৰো বৃদ্ধি নিশ্চিত হয় আৰু সামগ্ৰিকভাৱে প্লৱকৰ বৃদ্ধিয়ে মাছৰ শ্ৰীবৃদ্ধি প্ৰশস্ত কৰে। অৱশ্যে পশু-পক্ষীৰ সমন্বয়ত মীনপালন কৰোঁতে অপৰিমিত হিচাপত জধে-মধে যাতে আৱৰ্জনা প্ৰয়োগ কৰা নহয়, সেই কথাটোও গুৰুত্বসহকাৰেহ গ্ৰহণ কৰিব লাগিব। অন্যথা বিভিন্ন পৰিৱেশজনিত সমস্যাৰ উদ্ভৱ হ’ব পাৰে। ।বহুইতো অত্যুৎসাহী মীনপালকে জধে-মধে আৱৰ্জনা প্ৰয়োগ কৰাৰ ফলত জলভাগৰ বিষক্ৰিয়া, অতি সম্পৃক্ত, অতি উষ্ণতাৰ তাৰতম্য, মাছৰ দুৰ্গন্ধ, দ্ৰৱীভূত অম্লজানৰ নাটনি, এঙাৰ গেছ আৰু এম’নিয়াৰ বিষক্ৰিয়া, নাইট্ৰাইটৰ বিষক্ৰিয়া আদি সমস্যাৰ সন্মুখীন হ’ব পাৰে।

পশু-পক্ষীৰ লগত বিভিন্ন ধৰণৰ সমন্বয়ৰে মীনপালন কৰিব পাৰি যদিও অসমৰ জলবায়ৱীয় আৰু সামাজিক ব্যৱস্থাৰ পটভূমিত সমন্বিত গাহৰি আৰু মীন পালন, সমন্বিত কুকুৰা আৰু মীনপালন বিশেষ ফলপ্ৰসূ বুলি বিবেচিত হৈছে। এনে পদ্ধতিৰ দ্বাৰা সকলোখিনি সম্পদৰ সফল আৰু যথোচিত ব্যৱহাৰ সুনিশ্চিত হয়। এনে কৌশল পৰিৱেশ বন্ধু আৰু মীনপালকৰ বাবে অত্যন্ত লাভজনক। জনগণৰ পুষ্টি, সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আৰু আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত এনে পদ্ধতিৰ বিকল্প নাই।

আপুনিও পশু-পক্ষীৰ লগত সমন্বিত মীনপালন ৰূপায়ণ কৰি সকলো দিশৰপৰাই লাভৱান হ’ব পাৰে। কেৱল এইক্ষেত্ৰত বিজ্ঞানসন্মত বিধি-বিধান আৰু হিচাপ-নিকাচখিনি পালন কৰাটো নিশ্চিত হ’ব লাগে। যাৱতীয় দিহা-পৰামৰ্শ আৰু কাৰিকাৰী সহযোগিতাৰ বাবে সংশ্লিষ্ট মীন বিষয়াৰ লগত যোগাযোগ একান্তই বাঞ্ছনীয়। কাৰিকৰী দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate