মূল পৃষ্ঠা / কৃষি / মীণ পালন / পুখুৰী সম্পৰ্কীয় কিছু আৱশ্যকীয় তথ্যঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুখুৰী সম্পৰ্কীয় কিছু আৱশ্যকীয় তথ্যঃ

পুখুৰী সম্পৰ্কীয় কিছু আৱশ্যকীয় কথা

 

আলতীয়া মাটিত খন্দা পুখুৰীৰ মাছ উৎপাদন কৰিবৰ বাবে অধিক উপযোগী। পুখুৰীৰ আকৃতি বৰ্গক্ষেত্ৰাকাৰ বা আয়তাকাৰ হ’ব পাৰে। আয়তাকাৰ পুখুৰী মাছ উৎপাদনৰ বাবে অধিক সুবিধাজনক। পুখুৰীতো সদায় ৰ’দ পৰা ঠাইত হ’ব লাগে। জেকা লগা চেঁচুক ঠাই পুখুৰীৰ বাবে বৰ্জনীয়। একীকৃত পদ্ধতিৰ সঠিক প্ৰয়োগৰ বাবে পুখুৰীৰ আকাৰ ০.০৭ হেক্টৰ (আধা বিঘা)-তকৈ কম আৰু ২ হেক্টৰ (১৫ বিঘা)-তকৈ অধিক হ’ব নালাগে। পুখুৰীৰ গভীৰতা ২-৩ মিটাৰ (৬.৫-৯.৮ ফুট) হোৱা আৱশ্যক। খৰালিকালত এই গভীৰতা ১.৫ মিটাৰ (৫ ফুট)-তকৈ কম হোৱা অনুচিত। পুখুৰীৰ গভীৰতাৰ ওপৰতো পানীৰ উৎপাদিকা শক্তি নিৰ্ভৰ কৰে। পুখুৰীৰ গভীৰতা অনুমোদিত হিচাপতকৈ অধিক হ’লে সূৰ্যৰ পোহৰ পুখুৰীৰ তলিভাগ নাপায়গৈ। ফলত প্লৱক উৎপাদনত সহায় কৰিব নোৱাৰে। গতিকে পুখুৰীৰ অধিক গভীৰতাই পানীৰ উৎপাদিকা শক্তি হ্ৰাস কৰে। সেইদৰে অনুমোদিত হিচাপতকৈ তৰাং পুখুৰীও মাছ উৎপাদনৰ বাবে উপযুক্ত নহয়।

পুখুৰীৰ পাৰ যথেষ্ট ওখ হোৱা আৱশ্যক যাতে বৰষুণৰ বাবে পুখুৰীৰ পাৰ ডুব যাব নোৱাৰে আৰু বাহিৰৰ পানী আহি পুখুৰীত নোসোমায়। পুখুৰীৰ পাৰ জলপৃষ্ঠতকৈ ৯০ ছেঃ মিঃ (৩ ফুট) উচ্চ হোৱা আৱশ্যক। গোটেই বছৰজুৰি কোমল, পুষ্টিকৰ ঘাঁহ উৎপাদন পাবৰ বাবে পুখুৰীৰ পূৱ-পশ্চিম বা দক্ষিণ পাৰত গিনি আৰু নেপিয়াৰ ঘাঁহ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এই ঘাঁহৰ শিপা ৪৫ ছেঃ মিঃ দূৰত্বত ৰুব লাগে আৰু দুটা শাৰীৰ মাজতো ৪৫ ছেঃ মিঃ দূৰত্ব ৰখা উচিত। পুখুৰীত পালিত হোৱা গ্ৰাছকাৰ্পৰ আহাৰ হিচাপে এই ঘাঁহ ব্যৱহাৰ হয়। ঘাঁহৰ মাজে মাজে চাপৰজাতৰ ফলৰ গছ যেনে- অমিতা, নেমু, সুমথিৰা, মধুৰি, জাহাজী কল, চাপৰজাতৰ আম আদি ৰোৱা উচিত। ইয়াৰ উপৰি জলকীয়া, বেঙেনা আদি ৰুব পৰা যায়। ইয়াৰ বাবদ পালকৰ কিছু অতিৰিক্ত আয় হ’ব। পুখুৰীৰ উত্তৰ পাৰত নাৰিকল, তামোল আদি ৰুব পৰা যায়। এইটো পাৰত চাঙত বগোৱা তৰকাৰী যেনে- জিকা, লাও, তিয়ঁহ আদিও লগাব পৰা যায়।

পুখুৰী প্ৰস্তুতকৰণঃ

 

সাধাৰণতে ফাগুণ-চ’ত মাহত পুখুৰী শুকাই যায়। এই সময়তে পুখুৰীৰ পানী সিঁচি দি মাছবোৰ বিক্ৰী কৰি দিব লাগে। ব্যৱসায়িক ভিত্তিত মাছ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা পুখুৰীত পালন কৰিব লগা নিৰ্দিষ্ট প্ৰজাতিকেইটাৰ বাহিৰে আন মাছ থাকিবলৈ দিব নালাগে। পুখুৰীত থাকিব পৰা কাৱৈ, গৰৈ, শাল, শ’ল, বৰালি, কান্দুলি, চিতল আদি মাছ ভক্ষক মাংসাহাৰী মাছ। এনে অপকাৰী সঁচৰ মাছ পুখুৰীত ৰাখিলে মাছৰ পোনাবোৰ ভক্ষণ কৰি শেষ কৰি পেলাব। উল্লিখিত মাংসাহাৰী মাছবোৰৰ উপৰি প্ৰতিপালনত অসুবিধাৰ সৃষ্টি কৰা আন মাছবোৰ হৈছে- পুঠি, খলিহনা, শিঙৰা, চন্দা, ভেচেলী ইত্যাদি। এই মাছবোৰে পুখুৰীত পালিত হোৱা মাছবোৰৰ লগত খাদ্য, অৱস্থান আৰু দ্ৰৱীভূত অক্সিজেনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। এনে মাছবোৰ অধিক সংখ্যাত থাকিলে পালিত হোৱা নিৰ্দিষ্ট প্ৰজাতিৰ মাছ বাঢ়ন হ্ৰাস হয় আৰু ইহঁতৰ মল পুখুৰীত জমা হৈ পানীখিনি দূষিত কৰে। সেয়েহে প্ৰতি বছৰে পুখুৰীটো সম্পূৰ্ণকৈ সিঁচি দি এনে মাছবোৰ আঁতৰোৱাৰ ব্যৱস্থা কৰা আৱশ্যক। পুখুৰীৰ পানী সিঁচি দিয়াৰ পাছত ইয়াত থকা গেদ আৰু জলজ উদ্ভিদ আদি আঁতৰাই দিব লাগে। ইয়াৰ পাছত পুখুৰীৰ তলীভাগ ভালদৰে টান ৰ’দত শুকুৱাই লোৱা আৱশ্যক যেতিয়ালৈকে ইয়াত ফাট নেমেলে। শুকান পুখুৰীৰ তলীভাগত পাতলীয়াকৈ এচাহ হাল মৰা উচিত। হাল মৰাৰ ফলত মাটিৰ পৰা পানীয়ে পুষ্টিদ্ৰব্য শোষণ কৰাত সহায়ক হয় আৰু ফলত পানীৰ উৎপাদিকা শক্তি বৃদ্ধি পায়। ইয়াৰ পাছত পুখুৰীটোত প্ৰয়োজন অনুপাতে চূণ প্ৰয়োগ কৰা হয়। চূণখিনি তলীভাগত সমানে ছটিয়াই দিয়াৰ পাছত পুনৰ এচাহ হাল বোৱা উচিত। পুখুৰীৰ পানী সম্পূৰ্ণকৈ সিঁচা সম্ভৱ নহ’লে, পুখুৰীৰ জলজ উদ্ভিদ আৰু মাছবোৰ আঁতৰাই পানীত চূণ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা আৱশ্যক।

(উৎসঃ অসমীয়া খবৰ)।

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top