মূল পৃষ্ঠা / কৃষি / মীণ পালন / পুখুৰীত মাছৰ খাদ্য যোগানৰ নিৰিখ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুখুৰীত মাছৰ খাদ্য যোগানৰ নিৰিখ

পুখুৰীত মাছৰ খাদ্য যোগানৰ নিৰিখ

পুখুৰীত মাছৰ খাদ্য যোগানৰ নিৰিখ

পানীত উদ্ভিদপ্লৱক আৰু প্ৰাণীপ্লৱকৰ পৰিমাণ বঢ়াবলৈ সাৰ প্ৰয়োগ কৰা হয় যদিও মীন পালনত মাছৰ আশানুৰূপ বৃদ্ধি পাবলৈ পৰিপূৰক খাদ্য প্ৰয়োগৰ প্ৰয়োজন অধিক,। পোনা এৰাৰ এদিন পিছৰ পৰাই পৰিপূৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈৰ মিশ্ৰণ(১/১) পুখুৰীত প্ৰয়োগ কৰিব লাগে। এবিঘা পানীকালিৰ পুখুৰীত পোনা মেলা মাহৰ পৰা মাছ উঠোৱা মাহলৈ খাদ্য যোগানৰ নিৰিখ হ’ল-১ম মাহ ১ কিঃ গ্ৰাঃ, ২য় মাহ ২ কিঃ গ্ৰাঃ, ৩য় মাহ ২.৫০ কিঃগ্ৰাঃ, ৪ৰ্থ মাহ ৩.২৫ কিঃগ্ৰাঃ, ৫ম মাহ৪ কিঃ গ্ৰাঃ, ৬ষ্ঠ মাহ ৪.৭৫ কিঃগ্ৰাঃ, ৭ ম মাহ ৫.২৫ কিঃগ্ৰাঃ, ৮ ম মাহ ৬ কিঃগ্ৰাঃ, ৯ ম মাহ ৬.৭৫ কিঃগ্ৰাঃ, ১০ ম মাহ ৭.৫০ কিঃগ্ৰাঃ। কিন্তু দুৰ্ভাগ্যবশতঃ বহু মীন পালকে পুখুৰীত পোনা মেলাৰ পাছত মাছৰ খাদ্যৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰে আৰু ফলত মাছৰ উৎপাদন আশানুৰুপ নহয়। যিহেতু অক্টোবৰ-নৱেম্বৰ মাহলৈকেহে মাছৰ বৃদ্ধিৰ বাবে উপযুক্ত সময়, গতিকে পোনা মেলাৰ পৰা এইকেইটা ১০ মাহলৈকে পুখুৰীত উপযুক্ত পৰিমাণৰ খাদ্য যোগান ধৰাটো নিতান্তই প্ৰয়োজনীয়। মাছক প্ৰতিদিনে পুৱা আৰু আবেলি এক নিৰ্দিষ্ট ঠাইত খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীৰ দুই বা তিনি ঠাইত বাঁহ পুতি পানীৰ এফুট তলত বাঁহেৰে সজোৱা ডলা বান্ধি খাদ্যখিনি ভালদৰে মিহলাই লাডু কৰি দিব লাগে। এনে কৰিলে খাদ্যৰ অপচয় নহয় আৰু দিয়া খাদ্যখিনি মাছে ভালদৰে গ্ৰহণ কৰিছে নে নাই চাব পাৰি।প্ৰয়োজন অনুসৰি খাদ্যৰ পৰিমাণ বঢ়াব বা কমাব পাৰি। প্ৰতি কিলোগ্ৰাম ভূচি আৰু খনিজ পদাৰ্থ ১০ গ্ৰাম হাৰত মিহলাই দিলে ভাল ফল পোৱা যায়।

 

লিখকঃ ড সঞ্জয় শৰ্মা

 

3.10526315789
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
হাছেন আলী___ গাঁও বাঘমাৰা চৰ।। Jul 26, 2019 01:48 PM

প্ৰত্যেক দিন একে ধৰণৰ খাদ্য প্ৰয়োগ কৰিম, নে ভিন্ন ধৰণৰ?

অংশুমান Jun 27, 2019 10:30 AM

মাছক খলিহৈ কেনেকৈ দিব লাগে জনাবচোন

অবনী ডেকা Feb 17, 2018 12:05 PM

অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত যে খাদ্য প্ৰয়োগৰ পৰিমান কম হʼব লাগে , লেখাটোত সেই কথাটো উল্লেখ কৰা হোৱা নাই ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top