মূল পৃষ্ঠা / কৃষি / মীণ পালন / প্ৰাকৃতিক মীনমহলৰ বৰ্ষাকালীন পৰিচালনাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

প্ৰাকৃতিক মীনমহলৰ বৰ্ষাকালীন পৰিচালনাঃ

প্ৰাকৃতিক মীনমহলৰ বৰ্ষাকালীন পৰিচালনাৰ বিষয়ে লিখা হৈছে

 

নদী, বিলসমূহে অসমৰ সৌন্দৰ্যবৰ্ধক কৰাই নহয়, ৰাজকোষৰ বাবেও এক অক্ষয় ভাণ্ডাৰস্বৰূপ। এই নদী-বিলসমূহে কোষাগাৰলৈ বছৰি এক বুজন পৰিমাণৰ ৰাজহ কঢ়িয়াই আনি আছে। অসমৰ এই আপুৰুগীয়া সম্পদসমূহ বৰ্তমান সংৰক্ষণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। নহ’লে এই সম্পদসমূহ বিলুপ্ত হৈ যাব।

অসমত প্ৰাকৃতিক বিল এক লাখ হেক্টৰ পানীকালিৰে সমৃদ্ধ। নদী আছে ৪,৫০০ কিঃ মিঃ। পিটনি-জলাশয় আছে ১০,০০০ হেক্টৰ। ভাৰতবৰ্ষৰ ভিতৰতে অসম প্ৰথম স্থানত আছে মিঠাপানীৰ বিলৰ বাবে। অসমৰ এই মিঠাপানীৰ বিলসমূহ মীন পালনৰ এক উত্তম জলক্ষেত্ৰ আৰু ৰাজহ উৎপাদনৰ এক অক্ষয় ভাণ্ডাৰ। কিন্তু অসমে এই সম্ভাৱ্যপূৰ্ণ জলক্ষেত্ৰৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত সময়ৰ গতিত মীনমহলসমূহ অব্যৱহৃত তথা অৱহেলিত হৈ ধ্বংসৰ মুখত পৰিছে আৰু মানুহৰ জীৱিকাৰ এক গুৰুত্বপূৰ্ণ পথ বন্ধ হ’বলৈ ধৰিছে।

নদী-মীনমহল ধ্বংস হৈ যোৱাৰ কাৰণঃ

 

-  অসম বান অধ্যুষিত ৰাজ্য। প্ৰত্যেক বছৰে নদী উৎসৰ পৰা বানে ঢাপলি মেলে মীনমহললৈ। এই বানে বোকা, মাটি, বালি আদি কঢ়িয়াই নি বিলত পলসৰ চৰ পেলাই আৰু মীনমহলসমূহৰ গভীৰতা হ্ৰাস কৰি বাম কৰি আনে।

- বানৰ পলস আৰু মীনমহলৰ চাৰিওফালৰ পৰা অহা মাটি খহনীয়াই বিলৰ পাৰসমূহ চৰ পেলাই বাম কৰি আনে আৰু মীনমহলৰ পানীৰ সীমা হ্ৰাস কৰি আনে। মীনমহলৰ এই পাৰবোৰ সাৰুৱা উৰ্বৰা হৈ খেতি পথাৰৰ উপযোগী হৈ পৰে।

- মীনমহলত বাৰিষা নদীৰ পৰা পানীৰ লগত মেটেকা আৰু জলজ উদ্ভিদ প্ৰৱেশ কৰে আৰু মীনমহলৰ পাৰত একগোট হৈ লাগি ধৰে। মাটি সাৰুৱা হোৱাৰ বাবে মেটেকা আৰু জলজ উদ্ভিদ খৰতকীয়াকৈ বৃদ্ধি পায়। ফলত এই মেটেকা আৰু আন জলজ উদ্ভিদসমূহে বাৰিষাৰ মাটিত বালিচৰ ৰক্ষণ কৰে আৰু সময়ত এই জলজ উদ্ভিদসমূহে বিলৰ পাৰত উদ্ভিদৰ পিটনিৰ সৃষ্টি কৰি একোখন জলজ হাবি গঢ়ি তোলে।

-  মীনমহলৰ পাৰবোৰ পলস পৰি বাম হৈ পৰে আৰু সাৰুৱা হোৱাৰ বাবে খেতিয়কে দখল কৰি খেতি কৰিবলৈ লয়। ফলত মীনমহলৰ পানীকালি হ্ৰাস হৈ যায়। নাঙল মাৰি বা ট্ৰেক্টৰ লগাই খেতি কৰাৰ বাবে চহাই দিয়া মাটিবোৰ বৰষুণৰ পানী, বিলৰ বাৰিষাৰ পানীয়ে ধুই নি মীনমহলৰ গভীৰতা হ্ৰাস কৰে।

-  মীনমহলৰ সাৰুৱা মাটি ইটা প্ৰস্তুত কৰাৰ বাবে উত্তম। গতিকে বিলৰ পাৰত অবৈধভাৱে ইটাৰ ভাটা স্থাপন কৰি একাংশ ব্যৱসায়ীয়ে প্ৰাকৃতিক জলাশয় ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।

-  জমা হোৱা মেটেকা, জলজ উদ্ভিদ আদি প্ৰত্যেক বছৰে মৰি, তৰপে তৰপে জমা হৈ জৈৱিক স্তৰ তথা বোকাৰ ভেৰণি হৈ মীনমহলখন বাম হয়।

মীনমহলত মাছৰ উৎপাদন হ্ৰাস হোৱাৰ কাৰণঃ

-  প্ৰাকৃতিক মীনমহলসমূহ অৱহেলিত আৰু আপদালহীন হৈ মাছৰ বসতিৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ পৰিছে।

- মীনমহল পৰিচালনাৰ কাৰিকৰী জ্ঞান আৰু সামাজিক সচেতনতাৰ অভাৱ।

- মীনমহলসমূহ চৰ পৰি বাম হৈ পৰাত মাছৰ বসতিৰ অনুপযোগী হৈ পৰিছে।

- মীনমহলসমূহ মেটেকা-জলজ উদ্ভিদৰে ভৰি পৰি মাছৰ বিচৰণৰ পানীকালি হ্ৰাস কৰাৰ লগে লগে কাৰিকৰী জলজ বিজ্ঞানৰ দিশসমূহত আঘাত হানিছে।

- জলজ উদ্ভিদ আৰু বালিৰ চৰে মীনমহলত প্ৰাকৃতিকভাৱে হোৱা মাছৰ প্ৰজনন পৰিৱেশ বিনষ্ট কৰিছে।

-  মীনমহলত কিছুমান পকেট বা ঘুলি থাকে। বাৰিষাৰ বানত মীনমহলসমূহ পানীৰে ওফন্দি উঠাৰ সময়ত প্ৰচণ্ড ঢৌত মাছে কণী নাপাৰি মীনমহলৰ পাৰৰ সেই পকেট অৰ্থাৎ ঘুলিবোৰত কণী পাৰে। পানী কমাৰ লগে লগে মাছ আৰু পোনাবোৰ বিললৈ নামি আহে। কিন্তু বৰ্তমান সেই পকেটবোৰ বাম আৰু বেদখল হৈ প্ৰাকৃতিক প্ৰজননৰ পৰিৱেশ নষ্ট কৰি পেলাইছে।

(উৎসঃ খবৰ)।

3.05405405405
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top