অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বছৰেকীয়া পোনা উৎপাদন পদ্ধতি আৰু প্ৰতিপালন

বছৰেকীয়া পোনা উৎপাদন পদ্ধতি আৰু প্ৰতিপালন

বৰ্তমানৰ সময়খিনি বছৰেকীয়া পোনা উৎপাদন কৰ্মসূচী ৰুপায়ণ কৰাৰ উৎকৃষ্ট সময়। চলত বৰ্ষত বতৰ আৰু জলবায়বীয় পৰিস্থিতিৰ পটভূমিত আগষ্ট আৰু চেপ্টেম্বৰৰ প্ৰথম ভাগলৈ পোনা উৎপাদন কেন্দ্ৰত আৱিষ্ট প্ৰজনন সম্ভৱ হৈছে। গতিকে শেহতীয়াকৈ উত্পাদিত পোনাখিনিৰ পৰা বছৰেকীয়া পোনা উৎপাদন কৰাৰ এইখিনি উৎকৃষ্ট সময়। উল্লেখযোগ্য যে অসমৰ পটভূমিত মীন পালনৰপৰা অধিক উৎপাদন পাবলৈ বছৰেকীয়া পোনা মেলাটো এটা ফলপ্ৰসু ব্যৱস্থা। পশ্চিমবংগ, ওড়িষা আদি ৰাজ্যৰ লগতে দেশৰ অন্যান্য অঞ্চলত অতি জনপ্ৰিয় এই ব্যৱস্থাটোৱে ক্ৰমাত আমাৰ মীনপলকসকলৰ মাজতো প্ৰসাৰ লাভ কৰিছে। প্ৰগতিশীল মীনপালকসকলৰ প্ৰথম পছন্দ বছৰেকীয়া পোনা মীনপালকসকলৰ মাজত ই গিটছ বুলিও জনা যায়।

এই বিষয়ে বিত্ং আলোচনালৈ যোৱাৰ আগতে কিছু মূল ভিত্তিগত দিশ আলচ কৰি ল’ব বিচাৰিছোঁ। মাছৰ আশানুৰুপ বৃদ্ধিৰ বাবে পানীৰ উষ্ণতা এটা মূল কাৰক। পানীৰ উষ্ণতা ২৬ ডিগ্ৰী ছেলছিয়াছৰ পৰা ৩২ ডিগ্ৰী ছেলছিয়াছ আৰু ৩৫ ডিগ্ৰী ছেলছিয়াছৰ ভিতৰত থাকিলেহে পৰিৱেশ মীন পালনৰ বাবে উত্তম হয়। অসমত এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহমানলৈকে পানীত এই অনকূল পৰিসৰৰ উষ্ণতা থাকে। গতিকে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী-মাৰ্চলৈ পানীৰ উষ্ণতা মাছৰ দৈহিক বৃদ্ধিৰ বাবে প্ৰতিকূল হৈ পৰে। সেয়েহে অসমৰ মীনপালকে এপ্ৰিল-মে’ মাহত পুখুৰীত পোনা মেলটো একান্তই বাঞ্চনীয়। অন্তত: মে’ৰ প্ৰথম সপ্তাহতকৈ অধিক পলম নহয়, সেইটো চাব লাগিব। আনহাতে, মীন পালনত মেলিবলগীয়া পোনা ১০-১৫ ছেণ্টিমিটাৰ গঢ় দৈৰ্ঘ্য আৰু ২০-২৫ গ্ৰাম ওজন বিশিষ্ট হ’ব লাগে। অৰ্থাত মীন বিজ্ঞানৰ দিহা মৰ্মে মীন পালনৰ বাবে কেৱল আঙুলি জোখৰ পোনাহে মেলাটো যুগুত। পোনাৰ আকাৰ যিমানেই সৰু হ’ব সমানুপাতিকভাৱে উত্পাদানো সিমানেই কমি যাব। অসমত সাধাৰণতে মে’ মাহৰ পৰা পোনা উৎপাদন আৰম্ভ হয়। অৰ্থাত আৰম্ভ হয় মাছৰ প্ৰজনন ৰিতু। মে’ মাহৰ প্ৰথমতে প্ৰজনন কৰিলেও উতপাদিত ভ্ৰুণ পোনাখিনি আঙুলি জোখৰ হ’বলৈ ডেৰ-দুই মাহ সময় লাগিব। এই হিচাপত সহজেই সিদ্ধান্ত ল’ব পাৰি যে উতপাদিত পোনাখিনি জুন-জুলাই মাহৰ আগতে পুখুৰীত মেলাৰ বাবে উপযুক্ত জোখৰ নহয়গৈ। গতিকে একমাত্ৰ বিকল্প হ’ল বছৰেকীয়া পোনা বা Carried over Seed। অৰ্থাৎ  চলিত বৰ্ষৰ শেষত পোনাখিনি নিৰ্দিষ্ট নিৰিখত নূন্যতম ব্যৱস্থাপনাৰে উচ্চ ঘনত্বত প্ৰতিপালন কৰি পৰৱৰ্তী বৰ্ষৰ এপ্ৰিল মাহত মেলিবৰ বাবে নিৰ্দিষ্ট জোখ আৰু নিৰিখৰ কৰি লোৱাটো। এনে পোনাকে বছৰেকীয়া পোনা বোলা হয়।

এনে কৌশল ৰুপায়ণৰ বাবে সৰু জোখৰ পুখুৰী হ’ব লাগে। পুখুৰীটো ০.০৫ হেক্টৰৰ পৰা ০.১ হেক্টৰ হোৱাটো অতি উত্তম। পানীৰ গভীৰতা এক মিটাৰৰ (গঢ়) ওচৰা উচৰি হ’ব লাগে। মন কৰিব লাগিব তাতকৈ যাতে গভীৰতা বাঢ়ি নাযায়। পুখুৰীটো বছৰেকীয়া পোনা উৎপাদনৰ বাবে মেলিবলগীয়া ‘আৰ্লি ফ্ৰাই’ পোনাখিনি মেলাৰ আগতেই স্ংমিশ্ৰিত মীন পালনত কৰাৰ দৰে প্ৰস্তুত কৰি ল’ব লাগে। প্ৰতিমাহে পুখুৰীটোৰ পানীৰ পি এইচ পৰীক্ষা কৰি যাৱতীয় চূণ(পোৰা চূণ)প্ৰয়োগ কৰিব লাগে। মুঠতে পানীৰ পি এইচ মীন পালনৰ সপেক্ষে পৰিমিত অৱস্থাত থাকিব লাগিব। সাৰ, গোৱৰ প্ৰয়োগ কৰাৰ বিশেষ দৰকৰ নহয়। প্ৰয়োজন আৰু পৰিস্থিতি সাপেক্ষে কেতিয়াবা হয়তো অলপ পৰিমাণে প্ৰয়োজন হ’ব পাৰে।

পুখুৰী প্ৰস্তুতিৰ পোন্ধৰ দিন পিছত ৰৌ, বাহু, মিৰিকা আৰু গ্ৰাছকাৰ্পৰ ‘আৰ্লি ফ্ৰাই’ পোনা (৮-২৫মিলিমিটাৰ দৈৰ্ঘ্য) প্ৰতি হেক্টৰত ১,০০,০০০ টা হিচাপত মেলিব লাগে। কমন কাৰ্প আৰু ছিলভাৰ কাৰ্পৰ ক্ষেত্ৰত বছৰেকীয়া পোনা দৰকাৰ নহয়। কাৰণ কমন কাৰ্প মাছে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পুখুৰীতে আৱদ্ধ পানীত প্ৰজনন কৰি উৎপাদন কৰা পোনাখিনি এপ্ৰিল-মে’ মাহত নিৰ্দিষ্ট জোখৰ হয়গৈ। ভঁৰাল পুখুৰীত ছিলভাৰ কাৰ্প আন পোনা মেলাৰ দুমাহমান পিছত মেলিব লাগে বাবে বছৰেকীয়া পোনা কৰাৰ প্ৰয়োজন নাই।

গুৰুত্বপূৰ্ণ কথাটো হ’ল বছৰেকীয়া পোনাৰ বাবে মেলা ‘আৰ্লি ফ্ৰাই’ পোনাখিনি (৮-২৫মিলিমিটাৰ) নিৰ্দিষ্ট অনুপাতৰ হোৱাটো একান্তই বাঞ্চনীয়। সাধাৰণতে ৰৌ ২৫ শতাংশ, বাহু ২৫শতাংশ, মিৰিকা ৩৩ শতাংশ আৰু গ্ৰাছ কাৰ্প ১৭ শতাংশ মেলাৰ পোষকতা কৰা হয়।

পুখুৰীত দুদিনৰ মূৰে মূৰে মুঠ মাছৰ ওজনৰ ০.৫ শতাংশ হাৰত গুড়ি কৰি লোৱা চাউলৰ মল দিব লাগে। খাদ্য হিচাপে এইখিনিয়েই যথেষ্ট। সৰিয়হৰ খলিহৈ প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই। মাজে সময়ে জালেৰে উঠাই স্বস্থ্য পৰীক্ষা কৰিব লাগে। পুখুৰীত কোনো কৰণতে শেলুৱৈৰ চামনি পৰিব দিব নালাগে। এনে হ’লে লগে লগে চাফা কৰিব লাগে। প্ৰয়োজন বোধে মতস্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয়।

এনেদৰে প্ৰতিপালন কৰা পোনাখিনি মাৰ্চ-এপ্ৰিলত আশাকৰা মৰ্মে ১০-১৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্য আৰু গঢ় ওজন ২০-২৫ গ্ৰাম হয়গৈ। এইদৰে বছৰেকীয়া পোনা উৎপাদন কৰি আত্মস্ংস্থাপন নিশ্চিত কৰাৰ লগতে গুণগত মানৰ উপযুক্ত পোনা নিৰ্দিষ্ট সময়ত উপলভ্য কৰিব পাৰি। ইতিমধ্যে উল্লেখ কৰিছোৱেই যে বছৰেকীয়া পোনা উৎপাদনৰ কাম-কাজ আৰম্ভ কৰাৰ বৰ্তমান সময়খিনি উপযুক্ত সময়। বছৰেকীয়া পোনা উত্পাদনেৰে আমাৰ সৰু সৰু অৱহেলিত পুখুৰীসমূহো ব্যৱহাৰযোগ্য কৰি তুলিব পাৰি। স্বনিয়োজন তথা স্বচ্ছল আৰ্থিক উপাৰ্জনৰ ই এক উজ্জল দিশ।

ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate