মূল পৃষ্ঠা / কৃষি / মীণ পালন / বানে গৰকা ঠাইত মীনপালকে কি কৰিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বানে গৰকা ঠাইত মীনপালকে কি কৰিব :

বানে গৰকা ঠাইত মীনপালকে কি কৰিব, তাৰে বিষয়ে লিখা হৈছে ।

 

বানপানীৰ তাণ্ডৱ সম্পৰ্কে নতুনকৈ অত্যুক্তি কৰাৰ নিশ্চয় প্ৰয়োজন নাই।বলিয়া বানে বিস্তৰ ক্ষতি কৰাৰ লগতে মীনপালন কৰা পুখুৰীসমুহো ভাঙি চুৰমাৰ কৰি মাছসমুহ উলিয়াই নিয়ে।ধন-জন আৰু সা-সম্পত্তিৰ লগতে মীনপালন কৰা পুখুৰী,মীনপাম,মীন সম্পৰ্কীয় আন্ত:গাঁথনি আদিৰো বিস্তৰ ক্ষতিসাধন কৰে।বানত ক্ষতি হোৱাৰ পাছত মীনপালকসকলে কেৱল ভাগ্যক ধিয়াই হাত সাবটি বহি থকাটো মুঠেই সমীচীন নহ’ব।পৰাপক্ষত বানপানীৰ সম্ভাৱনা থকা অঞ্চল আৰু বানপীড়িত অঞ্চলৰ মীনপালকে আগতীয়াকৈ কিছু সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ।এনে অঞ্চলৰ মীনপালকে বানপানী অহাৰ আগেয়ে পুখুৰীৰ পাৰত বানপানীৰ উচ্চতম সীমাতকৈ দুফুট ওখকৈ বাঁহৰ বানা বা নাইলনৰ আঁঠুৱা জাল পুখুৰীটো ঘেৰি মজবুতকৈ স্থাপন কৰিব লাগে।পানী মেটেকা আদি জলজ অপতৃণ বা আন জাবৰ-জোঁথৰ আদিয়ে পুখুৰীৰ পাৰটো বা পাৰত স্থাপন কৰা বানা বা চাৰিসীমা আবৃত জালক ক্ষতি কৰিব নোৱাৰাকৈ পুখুৰীটোৰ পাৰৰ পৰা ১০-১২ ফুট আঁতৰত মজবুত খুঁটিৰ ওপৰত বাঁহ বান্ধি দিব লাগে যাতে পানীৰ উচ্চতা অনুযায়ী ইয়াক ব্যৱহাৰ কৰি এই সমস্যাটোৰ মোকাবিলা কৰিব পাৰি।উল্লেখ্য যে বানে ক্ষতি কৰাৰ পাছতো নকৈ মীনপালন কৰিব পাৰি।এই কৌশল বা প্ৰযুক্তিৰ প্ৰতি বানাক্ৰান্ত অঞ্চলৰ মীনপালকসকলে গুৰুত্ব আৰোপ কৰা উচিত।পানী শুকুওৱাৰ পাছত আগষ্ট-ছেপ্টেম্বৰ মাহমানৰ পৰা মাৰ্চ/ এপ্ৰিললৈ ন উদ্যমৰে সংমিশ্ৰিত মীনপালন কৰি ইতিমধ্যে হোৱা ক্ষতিৰ কিছু হ’লেও জোৰা মাৰিব পাৰি।

জলমগ্ন পানী ক্ৰমাৎ শুকুওৱাৰ লগে লগে অতি সাৱধানেৰে পুখুৰীৰ ভগা বা আন ক্ষতি হোৱা অংশসমুহ মেৰামতি কৰি ল’ব লাগে।তাৰ পাছত পুখুৰীটোত জমা হোৱা বিভিন্ন জলজ অপতৃণ যেনে-মেটেকা,এৰালি,দলঘাঁহ,পনী,ভেঁট,পদুম আদি আঁতৰাব লাগে।অপতৃণ নিৰ্মুল কৰিবলৈ পৰাপক্ষত কায়িক শ্ৰম কৰা উচিত।যদিও ৰাসায়নিক ঔষধ প্ৰয়োগেৰে অপতৃণ নিৰ্মুল কৰিব পাৰি,তথাপি পৰাপক্ষত ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰা উচিত নহয়।পুখুৰীটো অপতৃণমুক্ত হোৱাৰ পাছত বানপানীৰ সময়ত সোমোৱা বিভিন্ন অবাঞ্জিত মাছ যেনে-শ’ল,শাল,বৰালি,গৰৈ,চেং,কাৱৈ আদি উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে।পুখুৰীত পালন কৰা সংগত প্ৰজাতিৰ মাছসমুহৰ বাদে আন সকলোবোৰ মাছ মীনপালনৰ পৰিপ্ৰেক্ষিতত অবাঞ্জিত মাছ।ঘন টনা জালেৰে এইসমুহ উঠাই পেলোৱাটোৱে উত্তম।এই মাছসমুহ তলৰ বোকা আদিত সোমাই থাকিব পাৰে।সেয়েহে কেইবাবাৰো জাল মাৰি এইসমুহ উঠাই পেলোৱা শ্ৰেয়।ৰাসায়নিক দ্ৰব্যৰ ভিতৰত ব্লিছিং পাউডাৰ প্ৰয়োগ কৰি অবাঞ্জিত মাছসমুহ অনায়াসে মাৰিব পাৰি।এনেদৰে মৰা মাছ খোৱাৰ বাবেও অতি উপযোগী।প্ৰতি হেক্টৰ জলকালিত ২৫০-৩০০ কেজি ব্লিছিং পাউডাৰ ভালদৰে প্ৰয়োগ কৰি ঘোদালি দিলে ৪ -৫ ঘণ্টাৰ ভিতৰত মাছবোৰ মৰি ওপঙি থাকিব।আধা মৰা মাছবোৰো পানীৰ ঊৰ্ধ্বস্তৰলৈ ওলাই আহে।তেতিয়া সকলোখিনি মাছ ধৰি পেলাব পাৰি।যদিও ব্লিছিং পাউডাৰ প্ৰয়োগ কৰি মৰা মাছ ভক্ষণৰ উপযোগী তথাপি পুখুৰীটোত বিষক্ৰিয়া ৭-১০ দিনমাহলৈ থাকে।এই সময়ছোৱাত যাতে নতুনকৈ কোনো মাছ,পোনা মেলা নহয়,তাৰ প্ৰতি নজৰ ৰাখিব লাগিব।

ব্লিছিং পাউদাৰৰ বিষক্ৰিয়া শেষ হোৱাৰ পাছত পুখুৰীটোত চুণ প্ৰয়োগ কৰিব লাগে।ব্লিছিং পাউডাৰ প্ৰয়োগ নকৰিলে অবাঞ্জিত মাছ নিৰ্মুল কৰাৰ পিছদিনাই পুখুৰীত চুণ প্ৰয়োগ কৰিব পাৰি।পৰাপক্ষত খোৱা চুণ বা কুইক লাইম প্ৰয়োগ কৰা উচিত।কেলচিয়াম অক্সাইড নামে পৰিচিত এইবিধ চুণ হেক্টৰে প্ৰতি ১০০ কেজি হিচাপত প্ৰয়োগ কৰিব লাগে।তাৰ ৭-১০ দিন পাছত পুখুৰীত পোনা মেলিব লাগে।পোনা মেলাৰ পৰৱৰ্তী মাহসমুহৰ নিৰ্দিষ্ট তাৰিখত প্ৰথমতে প্ৰয়োগ কৰা হিচাপত চুণ প্ৰয়োগ কৰা হয়।মনত ৰাখিব লাগিব যাতে চুণ প্ৰতিমাহৰ নিৰ্দিষ্ট তাৰিখ আৰু সময়ত নিৰ্দিষ্ট নিৰিখতহে প্ৰয়োগ কৰিব লাগে।চু =ণখিনি ভালকৈ গলাই ঠাণ্ডা হোৱাৰ পাছত পুখুৰীৰ উপৰিভাগত ছটিয়াই সমভাৱে মিহলাই দিব লাগে।

মনত ৰখা উচিত যে পুখুৰীত ১০-১৫ চে:মি: গড় দৈৰ্ঘ্য আৰু ২০-২৫ গ্ৰাম গড় ওজনৰ পোনাহে মেলিব লাগে।আগষ্ট/ছেপ্টেম্বৰ মাহত এই জোখৰ পোনা পোৱা বৰ অসুবিধা নহয়।পোনা বিঘাইপ্ৰতি ৮০০ টা হিচাপত দিব।দ্ৰকাৰ হ’লে হিচাপটো কমাই দিব,কিন্তু নবঢ়াব।পৰাপক্ষত বানপানীৰ পাছৰ পালনত বাহু মাছৰ পোনা নেমেলিব।এইক্ষেত্ৰত ছিলভাৰ কাৰ্প (৩০ শতাংশ)গ্ৰাছ কাৰ্প (২০ শতাংশ)ৰৌ (১৫ শতাংশ)মিৰিকা (২০ শতাংশ)আৰু কমন কাৰ্প (১৫ শতাংশ)পোনা মেলিব।বাহু মাছৰ পোনা মেলিব খুজিলে হিচাপটো বেলেগ হ’ব।তেতিয়া বাহু (১৫ শতাংশ)ৰৌ (১৫ শতাংশ)কমন কাৰ্প (১০ শতাংশ)ছিলভাৰ কাৰ্প (২৫ শতাংশ)মিৰিকা (২৫ শতাংশ)আৰু গ্ৰাছ কাৰ্প (১০ শতাংশ)মেলিব পাৰে।

পোনা মেলাৰ ২-৩ দিন পাছৰ পৰা মাছক খাদ্য দিব লাগে।পৰিপুৰক বিভিন্ন খাদ্য বজাৰত পোৱা যায় যদিও সহজতে উপলভ্য চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সমঅনুপাতত (১:১) মিহলাই পুখুৰীত থকা মাছৰ মুঠ ওজনৰ ৪-৫ শতাংশ হিচাপত পুখুৰীত যোগান ধৰিলে উৎকৃষ্ট পৰিপুৰক খাদ্যৰ যোগান নিশ্চিত কৰিব পাৰি।সৰিয়হৰ খলিহৈখিনি ৰাতি তিয়াই থৈ পিছদিনা সমপৰিমাণৰ চাউলৰ মল মিহলাই লাডু কৰি ডলা বা খৰাহিৰ সহায়ত তিনিটা তৰপত দিব পৰাটো উত্তম।বস্তাত ফুটা কৰিও তিনিটা বেলেগ বেলেগ তৰপত খাদ্যসহ বস্তাকেইটা ডুবাই মাছক খাদ্য দিব পাৰি।বানপানীৰ লগত যথেষ্ট জৈৱিক পদাৰ্থ আৰু পোষক দ্ৰব্য পুখুৰীত জমা হয় বাবে সাধাৰণতে বেছি সাৰ প্ৰয়োগৰ বিশেষ দৰকাৰ নহয়গৈ।যদিহে পুখুৰেটোত শেলাইৰ অতিচাৰ নাথাকে তেন্তে নৱেম্বৰ,ডিচেম্বৰ,জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত বিঘাই পতি ৭০ কি:গ্ৰা:হাৰত কেঁচা গোবৰ (জৈৱিক সাৰ)আৰু অজৈৱিক সাৰৰ ভিতৰত ছিংগল ছুপাৰ ফছফেট ২ কেজিকৈ আৰু ইউৰিয়া ১.৫ কেজিকৈ প্ৰয়োগ কৰিব লাগে।কেঁচা গোবৰ ছিংগল ছুপাৰ ফছফেট আৰু ইউৰিয়াৰ প্ৰয়োগ বিধি সংমিশ্ৰিত মীনপালনৰ লগত একে।এইখিনিতে এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে বানপানীৰ পাছত বা বানাক্ৰান্ত অঞ্চলৰ মীনপালনত প্ৰয়োগ কৰিবলগীয়া সামগ্ৰীৰ হিচাপ-নিকাচসমুহ নিৰ্দিষ্টকৈ নিদান দিয়া অসুবিধা।সেই নিৰ্দিষ্ট পুখুৰীটোৰ জলবায়ৱীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তথা বিভিন্ন কাৰকৰ গুণাগুণ অনুযায়ীহে প্ৰয়োগিত সামগ্ৰীৰ নিৰিখ ঠিক কৰা হয়।বানপানীৰ পাছৰ মীনপালনত কিন্তু মাছৰ স্বাস্থ্য সততে পৰীক্ষা কৰাটো অতি দৰকাৰী।কিবা বিসংগতি দেখিলে তৎক্ষণাত মীন বিশেষজ্ঞৰ লগত যোগাযোগ বাঞ্জনীয়।এইদৰে বানাক্ৰান্ত অঞ্চলৰ মীনপালকসকল আগবাঢ়ি আহিলে বানপানীৰ ফলত সন্মুখীন হোৱা ক্ষতিৰ কিছু হ’লেও জোৰা মাৰিব পাৰিব বুলি আমি নিশ্চিত।

বানপানীয়ে দীঘলীয়া সময়ৰ বাবে প্লাৱিত কৰি ৰখা অঞ্চলসমুহত অপৰম্পৰাগত পদ্ধতিৰে সজা সাজি মীন পালন কৰিব পাৰি।বানপানীৰ সম্ভাৱনা থকা অঞ্চলত সমন্বিত ধান আৰু মীন পালন অতি উত্তম কৌশল।এনে অঞ্চলৰ মীনপালকে পুখুৰীটো নিৰ্মাণ কৰাৰ আগতে যথেষ্ট সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয়।এইক্ষেত্ৰত পুখুৰীৰ পাৰৰ উচ্চতা সেই অঞ্চলৰ বানপানীৰ উচ্চতম সীমাৰেখাৰ পৰা কমেও ১-১.৫ মিটাৰ বেছি হ’ব লাগে।পুখুৰীৰ পৰা প্ৰয়োজন সাপেক্ষে পানী উলিয়াই দিয়া আৰু পানী সুমুৱাব পৰাকৈ আগম আৰু নিৰ্গম নলীৰ ব্যৱস্থা থাকিব লাগে।

সংশ্লিষ্ট সকলোৱে মীন সম্পৰ্কীয় যিকোনো সমস্যাৰ সমিধানসুচক নিদান আৰু যাৱতীয় দিহা-পৰামৰ্শৰ বাবে সংশ্লিষ্ট মীন সম্প্ৰসাৰণ বিষয়া,মীন প্ৰদৰ্শক বা মীন বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।বিশেষ অভিজ্ঞ পৰামৰ্শদাতাৰ পৰা ৯৮৩৫০-০৯৫৬৮ নম্বৰত ফোন কৰি অধিক তথ্য আৰু বিশদ দিহা আহৰণ কৰিব পাৰে।ক্ষতিগ্ৰস্ত মীনপালকসকলক যাৱতীয় কাৰিকৰী দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত যোগাযোগ কৰিবলৈ মীন বিভাগৰ যুটীয়া মীনসঞ্চালক সত্যজিত শৰ্মাই (৯৪৩৫১-৬০৪১৪)বিশেষ অনুৰোধ জনাইছে।যুটীয়া সঞ্চালকগৰাকীয়ে বানে গৰকা মীনপালকক হাত সাবটি বহি নাথাকি ন উদ্যমেৰে মীনপালন আৰম্ভ কৰিবলৈ আহ্বান জনায়।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top