মূল পৃষ্ঠা / কৃষি / মীণ পালন / বান্ধ পদ্ধতিৰে কাৰ্প মাছৰ প্ৰজননঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বান্ধ পদ্ধতিৰে কাৰ্প মাছৰ প্ৰজননঃ

বান্ধ পদ্ধতিৰে কাৰ্প মাছৰ প্ৰজনন কেনেকৈ কৰা হয় লিখা হৈছে

বান্ধ পদ্ধতিৰে কাৰ্প মাছৰ প্ৰজনন কেনেকৈ কৰা হয়-

 

বান্ধ প্ৰজনন দুই ৰকমৰ যেনেঃ আৰ্দ্ৰ বান্ধ প্ৰজনন আৰু শুকান বান্ধ প্ৰজনন। আৰ্দ্ৰ বান্ধত এটা প্ৰজননকাৰী মাছৰ বাবে পুখুৰী থাকে আৰু তাত বছৰৰ বাৰ মাহে পানী থাকে। প্ৰজননকাৰী মাছবোৰক ইয়াত খুৱাই-বুৱাই ৰাখি বাৰিষা যেতিয়া বৰষুণ আৰম্ভ হয়, তেতিয়া গোটেই অঞ্চলৰ ওখ ঠাইখিনিৰ জমা হোৱা পানীখিনি এই পুখুৰীৰ মাজেৰে যাব পৰা ব্যৱস্থা কৰি দিয়া হয়। পুখুৰীৰ দুইফালে অন্তৰ্দ্বাৰ আৰু বহিৰ্দ্বাৰৰ ব্যৱস্থা থাকে। কিনকিনীয়া বৰষুণ দি থকা ঠাণ্ডা বতৰত বিশেষকৈ শুক্লপক্ষত প্ৰজননকাৰী মাছবোৰ বহিৰ্দ্বাৰৰ ওচৰৰ মুকলি এঢলীয়া ঠাইত মিলিত হৈ কণী পাৰে।

শুকান বান্ধ প্ৰজননত খৰালি পানী নাথাকে। ০.১ হেক্টৰৰ পৰা ২.০ হেক্টৰ আকাৰৰ শুকান পুখুৰীত অন্তৰ্দ্বাৰৰ ব্যৱস্থা কৰা থাকে। যেতিয়া বৰষুণ দিয়ে ওপৰৰ অঞ্চলৰ পৰা বৰষুণৰ পানী সোঁতঢল নমাদি এই পুখুৰীৰ মাজেৰে বয়। তেতিয়া ওচৰৰ প্ৰজননকাৰী মাছ ৰখা পুখুৰীৰ পৰা মাছ আনি এই পুখুৰীত মেলিব লাগে। সম ওজনৰ এজনী মাইকী মাছৰ বিপৰীতে দুটা মতা মাছ এৰিব লাগে। এনেদৰে মেলাৰ এদিনৰ পৰা তিনিদিনৰ ভিতৰত মাছে কাষৰ এঢলীয়া ঠাইত মিলিত হৈ কণী পাৰে। কণী পৰাৰ পাছত পানীৰ সোঁত বন্ধ কৰি দি কণীবোৰ ঘন জালেৰে তুলি ওচৰতে সাজি ৰখা মাটিৰ গাঁতৰ একে ঠাইৰ পানীৰে পূৰ্ণ কৰি কণীবোৰ পোনা উৎপাদনৰ বাবে দিয়া হয়।

ঢল সৃষ্টি কৰিব পৰাকৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি উত্তোলিত জলধাৰাত পানী জমা কৰি লৈ তাৰ পৰা পাইপৰ সহায়ত প্ৰজনন পুখুৰীত কৃত্ৰিম সোঁতৰ সৃষ্টি কৰিও মাছৰ কণী পৰোৱা হয়। এনে প্ৰজননকাৰী পুখুৰীবোৰ ১০ মিটাৰ x ৬ মিটাৰ আকাৰৰ কৰি পকা কৰি ল'লে সুবিধা হয়।

 

মিনি বান্ধ প্ৰজননঃ

 

আশীৰ দশকত এই পদ্ধতি পশ্চিমবংগত মীন পোনা উৎপাদকসকলৰ মাজতে অতি জনপ্ৰিয় হৈ উঠে। ইয়াত এটা ৭৫ x ২৫ ফুট জোখৰ চিমেণ্টৰ পুখুৰী থাকে য’ত কাষৰ ঢালটো প্ৰায় ১∶১। পুখুৰীটোৰ তলৰ অংশটি পকা আৰু দুভাগত বিভক্ত। প্ৰথম পাৰ্শ্বীয় অংশটি ৫০ৰ পৰা ক্ৰমাৎ হেলনীয়া হৈ গভীৰ অংশটি ২৫ হয়গৈ। পুখুৰীটো এনেকৈ তৈয়াৰ কৰা হয় যাতে পাৰ্শ্বীয় অংশটিত এক মিটাৰ আৰু গভীৰ অংশটিত দুই মিটাৰ পানী থাকে। বান্ধটিৰ তলৰ অংশটি ৬ ইঞ্চি বালিৰে আবৃত। এবাৰত ৪০ৰ পৰা ৫০ কেজি মাইকী মাছ ইয়াত প্ৰজনন কৰিব পাৰি।

পিটুইটাৰী গ্ৰন্থি সংগ্ৰহঃ

 

পিটুইটাৰী গ্ৰন্থি সংগ্ৰহ কৰিব খোজা মাছটো উবুৰি কৰি লৈ মূৰৰ ওপৰফালৰ টান খোলাটো এখন কছাইৰ দা নাইবা বাটলীৰে চুকীয়াকৈ কাটি উলিয়াই দিব লাগে। ইয়াৰ পাছত তুলাৰ সহায়ত চৰ্বিখিনি আঁতৰাই দিলে মগজুটো দেখা যায়। লাহে লাহে মগজুৰ ওপৰপিনৰ দুডাল শিৰ আৰু তলৰ পিনৰ এডাল শিৰ কাটি মগজুটো আনি গাঁতটোত গোট খোৱা তেজ চৰ্বি আদি চাফা কৰি উলিয়াই দিলেই এটা ভেণ্ডিৰ গুটিৰ আকৃতিৰ গ্ৰন্থি দেখা যাব। খুব সাৱধানে নভঙাকৈ উলিয়াই আনি প্ৰথমে ব্লটিং পেপাৰত থৈ তাত লাগি থকা তেজ, পানী আদি শুকুৱাই পেলাব লাগে। কিয়নো পানী থাকিলেই এই গ্ৰন্থি গেলি যায়। এই গ্ৰন্থিটোৱেই পিটুইটাৰী গ্ৰন্থি। এই পিটুইটাৰী গ্ৰন্থিবোৰ সৰু ডাঠ বটলত এলকহলত ডুবাই ৰাখিব লাগে। ২৪ ঘণ্টাৰ পাছত এলকহলখিনি আকৌ বদলাই দিব লাগে। ইয়াৰ পাছত গ্ৰন্থিবোৰ এটা এটাকৈ জুখি ওজনৰ ক্ৰম অনুসাৰে ৰঙচুৱা বটলত ভৰাই শুকান ঠাইত নাইবা ৰেফ্ৰিজাৰেটৰত ভৰাই থ’ব লাগে। ভালকৈ সংৰক্ষণ কৰা পিটুইটাৰী গ্ৰন্থি দুই-তিনি বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি।

মৃত মাছ অথবা বৰফত সংৰক্ষণ কৰা মাছৰো পিটুইটাৰী গ্ৰন্থি সংগ্ৰহ কৰিব পাৰি। আনকি বিক্ৰীৰ বীবে ৰখা কটা মাছৰ মূৰৰ পৰাও পিটুইটাৰী গ্ৰন্থি উলিয়াব পাৰি। পিটুইটাৰী গ্ৰন্থি যিকোনো মাছৰে প্ৰয়োগ কৰিব পাৰি। কিন্তু ৰৌ, বাহু, মিৰিকা আদি মাছৰ পিটুইটাৰী গ্ৰন্থি বেছ ফলদায়ক হিচাপে চিহ্নিত হৈছে। পিটুইটাৰী গ্ৰন্থি প্ৰয়োগ কৰিবলৈ প্ৰতি কিলোগ্ৰাম ওজনৰ মাছৰ বাবে ২০৩ মিলিগ্ৰামকৈ পিটুইটাৰী গ্ৰন্থি লৈ ব্লটিং কাগজ এখনত ল’ব আৰু পেষণ যন্ত্ৰত ভৰাই গুৰি কৰিব লাগে। গুৰি কৰোতে শতকৰা তিনিভাগ নিমখযুক্ত পানী মিহলাই ল’ব লাগে। এনেদৰে দ্ৰব বনাওতে চাব লাগে যাতে এজনী মাছত ১ মিলিলিটাৰৰ বেছি দ্ৰব দিয়া নহয়। এনে ধৰণৰ দ্ৰব প্ৰস্তুত কৰি কেন্দ্ৰ বহিঃ মুখী ঘূৰোৱা যন্ত্ৰত কাঁচৰ নলটো দি এক মিনিটমান সময় ঘূৰাব লাগে। এইদৰে গেদখিনি তলত পৰে আৰু ওপৰৰ পৰা পৰিষ্কাৰ দ্ৰব বেজীৰে শুহি আনিবলৈ সুবিধা হয়।

যদি পোনা উৎপাদনকাৰীসকলে পিটুইটাৰী গ্ৰন্থি সংগ্ৰহত অসুবিধা পায় তেন্তে বজাৰৰ পৰা ভাল গ্ৰন্থি সংগ্ৰহ কৰিও মাছৰ আৱিষ্ট প্ৰজনন কৰিব পাৰি।

 

(উৎসঃ অসমীয়া খবৰ, ড ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

2.95348837209
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top