মূল পৃষ্ঠা / কৃষি / মীণ পালন / বায়ুশ্বাসী মাছপালনঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বায়ুশ্বাসী মাছপালনঃ

 

বায়ুশ্বাসী মাছে পানীৰ বাহিৰতো বায়ুমণ্ডলৰ পৰা অক্সিজেন আহৰণ কৰি বহু সময়লৈকে জীয়াই থাকিব পাৰে-

 

এই মাছে পৰিৱেশৰ লগত নিজকে অতি সহজে খাপ খুৱাই ল’ব পাৰে। আমাৰ ৰাজ্যত সহজলভ্য বায়ুশ্বাসী মাছসমূহ হ’ল- নটপটেৰিডে গোত্ৰৰ চিতল আৰু কান্ধুলি, ক্লেৰিডে গোত্ৰৰ মাগুৰ, হেটৰনিউছটিডে গোত্ৰৰ শিঙি আৰু চান্নিডে গোত্ৰৰ শাল, শল, গৰৈ আৰু চেঙেলি ইত্যাদি।

বায়ুশ্বাসী মাছ পালনৰ বাবে অতি উপযোগী। ইহঁতে কম পানীত জীয়াই থকাৰ উপৰি পানীৰ উষ্ণতা, কাৰ্বন-ডাই-অক্সাইড আৰু পি এইচ আদিৰ অধিক তাৰতম্য সহ্য কৰিব পাৰে। কাৰ্পজাতীয় মাছপালন কৰিব নোৱাৰা পৰিৱেশতো বায়ুশ্বাসী মাছপালন কৰা সম্ভৱ। তদুপৰি এইবোৰ মাছে অইন মাছৰ নিচিনাকৈ পানীত দ্ৰবীভূত অক্সিজেনৰ ওপৰত নিৰ্ভৰ নকৰে বাবে অধিক ঘনত্বত পালন কৰিব পাৰি।

কাৱৈ, মাগুৰ আৰু শিঙি মাছ পালনঃ

 

এই তিনি প্ৰজাতিৰ মাছ বিভিন্ন স্থানত পালন কৰিব পাৰি। কাৰ্পজাতীয় মাছৰ পোনা ডাঙৰ হোৱাৰ পাছত নাৰ্ছাৰী বা ৰিয়াৰিং পুখুৰীত এনেধৰণৰ মাছপালন কৰিব পাৰি। কাৱৈ, মাগুৰ, শিঙি আদি মাছ পানীৰ নিম্নস্তৰতে থাকে আৰু প্ৰয়োজনসাপেক্ষে বায়ুমণ্ডলৰ পৰা অক্সিজেন সংগ্ৰহ কৰিব আহিলে বেছি দ’ পুখুৰী হ’লে ইহঁতৰ বেছি শক্তিৰ অপচয় হয়। ফলস্বৰূপে মাছসমূহ ক্ষীণাই যোৱাৰ সম্ভাৱনা থাকে। সেই হেতু এক-ডেৰ গভীৰতাৰ এক-দুই কঠাৰ পুখুৰী এই তিনি প্ৰজাতি মাছ পালনৰ বাবে উপযোগী। কিন্তু এই তিনি প্ৰজাতিৰ মাছ সদায় পুখুৰীৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা থাকে। সেই হেতু এই মাছপালন কৰা পুখুৰীৰ চাৰিওফালে প্ৰায় দুফুট ওখকৈ নেটৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে পুখুৰীটো বাঁহৰ বানাৰে বা পকী দেৱালেৰেও আবৃত্ত কৰি এই মাছপালন কৰিব পাৰি।

বাঁহৰ বানাৰে বিলৰ কাষৰীয়া অঞ্চল ঘেৰি লৈ আৱেষ্টনী সাজি অথবা বিল নাইবা কম সোঁত থকা নদীতো কাৱৈ, মাগুৰ, শিঙি আদি বায়ুশ্বাসী মাছপালন কৰিব পাৰি। পালনৰ সুবিধাৰ বাবে আৱেষ্টনীবোৰ ০.১ হেক্টৰ আৰু সজাবোৰ ১৫০ ছেঃ মিঃ x ৭৫ ছেঃ মিঃ x ৭৫ ছেঃ মিঃ আকাৰৰ হ’ব লাগে। প্ৰতি ০.১ হেক্টৰ আকাৰৰ আৱেষ্টনীত কাৱৈ, মাগুৰ আৰু শিঙি ২:২:১ অনুপাতত ৪,০০০-৫,০০০ হাৰত মেলিব লাগে আৰু সজাত প্ৰতি বৰ্গমিটাৰত ১০০-২০০টা উক্ত অনুপাতত পোনা পালন কৰিব পাৰি।

কাৱৈ, মাগুৰ আৰু শিঙি মাছপালনৰ বাবে সৰু সৰু জলাহ (Swamp) উপযুক্ত। যিহেতু এইবোৰ মাছ পালন কৰিবলৈ পানীত যথেষ্ট পৰিমাণে জৈৱিক পদাৰ্থ থকা উচিত আৰু জলাহবোৰত যথেষ্ট জৈৱিক পদাৰ্থ সঞ্চিত হৈ থাকে। জলাহবোৰৰ পৰা পানী আঁতৰাই প্ৰতি হেক্টৰত ৩০০ কিঃ গ্ৰাঃ হাৰত চূণ প্ৰয়োগ কৰিব লাগে আৰু প্ৰতি হেক্টৰত সৰিয়হৰ খলিহৈ ৩০০ কিলোগ্ৰাম হাৰত প্ৰয়োগ কৰিব লাগে। খলিহৈবোৰ মাছৰ খাদ্য আৰু সাৰ হিচাপে ব্যৱহৃত হয়।

পোনা মেলাৰ আগতে পোনাখিনি ২০ পি পি এ ফ’ৰমেলিন দ্ৰৱত ২০ ছেকেণ্ডৰ বাবে নিমৰ্জন চিকিৎসা প্ৰদান কৰিব লাগে। ইয়াৰ উপৰি মাছৰ দেহত আঘাতৰ চিন থাকিলে ০.৩ এক্ৰিফ্লেবিন দ্ৰৱত পাঁচ মিনিটৰ বাবে নিমৰ্জন চিকিৎসা প্ৰয়োগ কৰা উচিত।

ওখ পাৰ থকা আৰু কম গভীৰতাৰ মিশ্ৰিত মীনপালন পুখুৰীতো কাৱৈ, মাগুৰ আৰু শিঙি আদি মাছপালন কৰিব পাৰি। তদুপৰি সুবিধাজনক ধাননি পথাৰ আৰু পকাৰে নিৰ্মিত চৌব্বাচাটো এই তিনি প্ৰজাতিৰ মাছপালন কৰিব পাৰি। যিহেতু ৫-৬ মাহ পালন কৰিলেই এই প্ৰজাতিৰ মাছসমূহ বজাৰৰ উপযোগী হৈ উঠে, নিৰ্দিষ্ট পৰিমাণৰ যেনে- পকী চৌব্বাচাত প্ৰতি বৰ্গমিটাৰত ১০০-২০০টা পোনা অনায়াসে পালন কৰিব পাৰি। ধাননি পথাৰত আগতীয়াকৈ মতা আৰু মাইকী গাভিনী মাছ মেলি দিব পাৰিলে ইহঁতে প্ৰাকৃতিক পৰিৱেশতে কণী পাৰি পোনা জগায়।

বায়ুশ্বাসী কাৱৈ, মাগুৰ আৰু শিঙি মাছৰ খাদ্যৰ বাবে সৰিয়হৰ খলিহৈ, চাউলৰ মিহি মল আৰু কচাইখানাৰ অৱশিষ্ট ১:১:১ অনুপাতত মিহলি কৰি উল্লিখিত হাৰত যোগান ধৰিব লাগে। তদুপৰি খলিহৈ, চাউলৰ মল আৰু গোবৰ গেছৰ পৰা নিৰ্গত মল সমানুপাতত মিহলাই খাদ্য হিচাপে যোগান ধৰিব পাৰি। প্ৰতি ৫,০০০ পোনাৰ বাবে প্ৰতিদিনে দিবলগীয়া খাদ্যৰ পৰিমাণ হল- ১ম মাহ ১.২ কিঃগ্ৰাঃ, ২য় মাহ ২.৪ কিঃগ্ৰাঃ, ৩য় মাহ ৪.০ কিঃগ্ৰাঃ, ৪ৰ্থ মাহ ৮.০ কিঃগ্ৰাঃ আৰু ৫ম মাহ ৬ কিঃগ্ৰাঃ। এনেদৰে পাঁচ মাহলৈকে খাদ্যৰ যোগান ধৰি ষষ্ঠ মাহত মাছ ধৰাৰ ব্যৱস্থা কৰা হয়। এই খাদ্যৰ উপৰি মুৰ্গীৰ নাড়ী-ভূৰু, শুকান পাটপলুৰ লেটা, শামুকৰ মাংস, কেঁচু, শুকান মাছৰ গুড়ি, পাকঘৰৰ এৰেহা খাদ্য আদিও খাদ্য হিচাপে যোগান ধৰিব লাগে। সুবিধাজনক ঠাইত আন্ধাৰ ৰাতি বা সন্ধিয়া সময়ত চাকি অথবা বিজুলি বাতি জ্বলাই ৰাখিলে পোক-পৰুৱা আদি ইয়াত আকৰ্ষিত হয় আৰু এটা সময়ত এইবোৰ জাহ গৈ পানীত পৰি বায়ুশ্বাসী মাছৰ খাদ্য হয়।

(উৎসঃ খবৰ)।

2.92307692308
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top