মূল পৃষ্ঠা / কৃষি / মীণ পালন / বিলুপ্ত হ’ব নেকি অসমৰ থলুৱা মাছবোৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলুপ্ত হ’ব নেকি অসমৰ থলুৱা মাছবোৰ :

বিলুপ্ত হ’ব নেকি অসমৰ থলুৱা মাছবোৰ, সেই বিষয়ে লিখা হৈছে ।

 

নৈ, জান, জুৰি, খাল, বিলেৰে পৰিপূৰ্ণ অসমখন সৌসিদিনালৈকে থলুৱা মাছেৰে উভৈনদী হৈ আছিল। মাছৰ প্ৰাচুৰ্যৰ বাবেই এসময়ত খাল-বিল আদিত ৰাজহুৱাভাৱে মাছ মৰা প্ৰথাৰ প্ৰচলন আছিল। বাৰিষাকালত অসমৰ নদীবোৰত খলকনি তুলি মাছৰ উজান আহিছিল। বাৰিষা যেতিয়া বৰষুণৰ পানীয়ে খাল-বিল-পথাৰ একাকাৰ কৰি তোলে, তেতিয়া হাতে হাতে জাল, পল, জাকৈ, খালৈ লৈ গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো মাছলৈ বুলি ওলাই আহে।

অসমৰ গ্ৰামাঞ্চলত বোঁৱতী সুঁতিৰ মুখত চেপা পতা, চোৰোহা পতা, ৰাতি জোঁত লৈ পানী যুৱলিত বা পথাৰৰ মাজত মাছ কটা, লাঙি জাল, টঙি জাল আদিৰে মাছ মৰা, বৰশী বোৱা আদি প্ৰথাৰ ব্যাপক প্ৰচলন আছিল। মাছক কেন্দ্ৰ কৰি লোকগীত আৰু প্ৰবচনো আছে। শেহতীয়াকৈ অসমত থলুৱা মাছৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে। হিন্দু শাস্ত্ৰত উল্লেখ আছে কলি কালত হেনো ‘শস্য টুটিব, মৎস টুটিব, টুটিব বিৰিখৰ গুটি। সাধু মহন্তৰো কথা লৰিব, লৰিব ধৰমৰ খুঁটি’। অসমখনত আজি যেন এই কথাষাৰেই ফলিয়াবলৈ ধৰিছে।

অসমৰ প্ৰাকৃতিক জলাশয়সমূহত ১৯৮৭ চনমানলৈকে যথেষ্ট পৰিমাণৰ মাছৰ উৎপাদন হৈছিল। কিন্তু ইয়াৰ পাছৰ পৰা ক্ৰমান্বয়ে মাছৰ সংখ্যা কমি আহিব ধৰিছে। বিভিন্ন প্ৰাকৃতিক তথা পাৰিপাৰ্শ্বিক আৰু মানৱ সৃষ্ট ভাবুকিৰ বাবে আজি বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ বিলুপ্তিৰ গৰাহত পৰিছে।

এসময়ত অসমৰ খাল-বিল, জলাহ, পিটনি, নদ-নদীত উভৈনদী হৈ থকা মোৱা, খলিহনা, ডঁৰিকনা, পুঠি, বৰদোৱা, বতিয়া, তোৰা, বামি, গৰৈ, চেঙেলি, নাৰ, কৰতী, শিলঘৰীয়া, শিঙৰা, ভেচেলী, গেদগেদী, কাৱৈ, ককিলা, শিঙি, মাগুৰ, পানীমুতুৰা, কুঢ়ি, চেনিপুঠি, এলেং, চন্দা, বৰালি, ৰৌ, বাহু, চিতল, আঁৰি, খৰিয়াস, গাগল, পাভ, কান্ধুলী, শাল, শ’ল, চেঙা, মিৰিকা, গৰুৱা, পিঠীয়া, ভকুৱা আদি থলুৱা মাছবোৰ চকুৰ আগতে হেৰাই যাবলৈ ধৰিছে।

১৯৫০ চনৰ ভূইকঁপ, সঘনে বোৱা বানপানী, অপৰিকল্পিতভাৱে নিৰ্মিত মথাউৰিসমূহ, নদীৰ গতিপথ সলনি, ৰাসায়নিক পদাৰ্থৰ নিঃসৰণ, প্ৰাকৃতিক জলাশয়সমূহত অপতৃণৰ বিস্তৃত, ৰাসায়নিক আৱৰ্জনা আদিবোৰ হ’ল প্ৰধান পাৰিপাৰ্শ্বিক ভাবুকি। প্ৰাকৃতিক জলাশয়সমূহত মানুহে অত্যধিক পৰিমাণে আৰু জধে-মধে মাছ ধৰে যদিও জলাশয়সমূহতেই হওক বা নদীভাগতেই হওক, মাছৰ পোনা মেলাৰ কোনো ব্যৱস্থা নকৰে। ইফালে মাছৰ প্ৰজনন বা কণী পৰাৰ উপযুক্ত ক্ষেত্ৰসমূহ কমি অহাটোও থলুৱা মাছৰ বিলুপ্তিৰ এক প্ৰধান কাৰণ।

সেইদৰে অপৰিকল্পিতভাৱে মথাউৰিসমূহ নিৰ্মাণ কৰাৰ ফলত মাছৰ স্বাভাৱিক চলাচনলত বাধাৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলস্বৰূপে প্ৰজননতো প্ৰতিবন্ধকতা আহি পৰিছে। থলুৱা মাছৰ বংশ ৰক্ষা কৰিবলৈ হ’লে জলাশয় আৰু নদীসমূহত বছৰেকত এক নিৰ্দিষ্ট পৰিমাণৰ পোনা মেলি দিব লাগিব আৰু এই প্ৰচেষ্টা ধাৰাবাহিকভাৱে অব্যাহত থাকিব লাগিব। থলুৱা মাছৰ অস্বিত্বৰ সংকটে দেখা দিয়াৰ আন এক কাৰণ হ’ল কীটনাশকৰ প্ৰভাৱ, কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, আৱৰ্জনা আদি মানৱসৃষ্ট ভাবুকি।

ৰাসায়নিক পদাৰ্থৰ নিঃসৰণ বা ৰাসায়নিক আৱৰ্জনা আদিয়ে প্ৰাকৃতিক জলাশয়সমূহ বিষাক্ত কৰি পেলাইছে। এনে ভয়ংকৰ প্ৰদূষণৰ ফলত অসমত মাছৰ বিভিন্ন প্ৰজাতিৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। জলাশয়সমূহক নগৰীয়া, কৃষিজাত, ঔদ্যোগিক প্ৰদূষণৰ পৰা মুক্ত কৰি ৰাখিব পাৰিলেহে থলুৱা মাছৰ অস্বিত্ব ৰক্ষা সম্ভৱ হ’ব।

অসমত থলুৱা মাছৰ সংখ্যা দ্ৰূতগতিত হ্ৰাস পোৱাৰ বিভিন্ন কাৰণ নিৰ্ণিত হৈছে। কেতবোৰ প্ৰধান কাৰণ হ’ল-

ক)বানপানীয়ে দ’ জলাহভূমিত মাছৰ আশ্ৰয়স্থলসমূহৰ ক্ষতিসাধন কৰিছে

খ)মাজে মাজে হৈ থকা মাছৰ বেমাৰে মাছৰ ক্ষতি কৰিছে

গ)নৈৰ তলিভাগ ক্ৰমান্বয়ে বাম হৈ আহিছে

ঘ)চৰকাৰীভাৱে মাছৰ আশ্ৰয়স্থলবোৰ বছৰেকীয়া হিচাপত বিক্ৰী কৰা হৈছে।

অন্যান্য কাৰণৰ ভিতৰত মীন আইনৰ প্ৰয়োগ, মাছৰ সুৰক্ষা, সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসচেতনতাৰ অভাৱো অন্যতম। উল্লেখ্য যে মাছৰ প্ৰজনন ঋতুৰ সময়ত মাছ ধৰাৰ ফলত প্ৰজাতিৰ জলাশয়সমূহত থলুৱা প্ৰজাতিৰ মাছবোৰ ধ্বংস হোৱাৰ উপক্ৰম হোৱালৈ চাই আমাৰ ৰাজ্যত অসম মীন আইন-১৯৫৩ প্ৰণয়ন কৰা হৈছিল। এই প্ৰজননৰ কালছোৱাত মাছ মৰা কাৰ্য আৰু জাল আদি বিভিন্ন মাছ মৰা যতনৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু বাধা-নিষেধ আৰোপ কৰা হৈছে।

এই আইনৰ ২৩ নং ধাৰা অনুসৰি ১ এপ্ৰিলৰ পৰা ১৪ জুলাইলৈ ৭ চেন্টিমিটাৰ বাৰ, ১৪ চেন্টিমিটাৰতকৈ কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা আন যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। সেইদৰে ১ চেন্টিমিটাৰ বা ২ চেন্টিমিটাৰতকৈ কম পাহিৰ আঁঠুৱা জাল গোটেই বছৰজুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ। ধাৰা ২৩(ক)ৰ মতে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠীয়া, ঘৰীয়া আৰু কুঢ়ি আদি জাতৰ কণীযুক্ত মাছ মীন মহলত ধৰা নিষেধ। তেনেদৰে ধাৰা ২৪ অনুসৰি ১ আগষ্টৰ পৰা ৩১ অক্টোবৰলৈ ৰৌ, বাহু, মিৰিকা, চিতল, খৰিয়া, পিঠীয়া, ঘৰীয়া আদিৰ মাছৰ ২৩ চেন্টিমিটাৰ আৰু কুঢ়ি, ভাঙোন মাছৰ ১০ চেন্টিমিটাৰ দৈৰ্ঘ্যতকৈ সৰু মাছ খোৱা বা বিক্ৰীৰ বাবে ধৰিব বা মাৰিব নোৱাৰিব।

মীন আইনৰ ৪১ নং ধাৰা অনুসৰি এই বাধা-নিষেধ অমান্যকাৰীসকলক জৰিমনা বিহাৰো বিধান আছে। কিন্তু ইমানখিনি আইন কঠোৰতাৰ পিছতো অসমত প্ৰজনন ঋতুৰ সময়ত মাছ মৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব পৰা হোৱা নাই। জধে-মধে মাছ ধৰাৰ বাবেই অসমত দ্ৰুতগতিত থলুৱা মাছবোৰ হেৰাই যাবলৈ ধৰিছে। কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষেত্ৰ গৱেষনা প্ৰতিষ্ঠানৰ (CIFRI)ৰ CAMP REPORT 1998 নেচনেল ব্যুৰ’ অৱ ফিছ জেনেটিক ৰিছাৰ্চ আদিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত ইতিমধ্যে জোঙাপিঠীয়া, পিঠীয়া, পাভ, কছ, বটিয়া আদি কেইবিধমান মাছ অতিশয় সংকটাপন্ন অৱস্থাত উপনীত হৈছে।

বিলুপ্তিৰ গৰাহত পৰাৰ উপক্ৰম হোৱা মাছৰ ভিতৰত গেদগেদি, বৰদৈয়া, গঙাটোপ, চেলকনা, ৰিথা, শাল, শ’ল, ডঁৰিকনা, ৰঙাপুঠি, গাগল, বামী, ককিলা, টোৰা, এলেঙী, চিতল, আঁৰি আদি প্ৰধান। সেইদৰে অদূৰ ভৱিষ্যতে সংকটৰ সন্মুখীন হোৱাৰ প্ৰবল সম্ভাৱনা থকা কেইবিধমান মাছ হ’ল- ভকুৱা, শিলঘৰীয়া, নেৰিয়া, গৰুৱা, পাহাৰী মাগুৰ, নাৰ, লাচিত ভাঙোন, চেঙেলী, চেনিপুঠি, কাৱৈ, মাগুৰ, বাঁহপতীয়া, শিঙি, কোৰাং ইত্যাদি।

অসমত উৎপাদিত মাছেৰে ৰাজ্যখনৰ চাহিদা পূৰণ নোহোৱাৰ বাবে অসমে বহিঃৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ মাছ আমদানি কৰিব লগা হৈছে। অথচ বিভিন্ন প্ৰজাতিৰ মাছেৰে উভৈনদী ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনৈসমূহ, পাহাৰী নিজৰাসমূহ, আৱদ্ধ আৰু মুকলি পানীৰ জলাশয়সমূহত মাছ উৎপাদনৰ বিপুল সম্ভাৱনা আছে। অসমত মাছত উৎপাদন আশানুৰূপ ধৰণে বৃদ্ধি কৰিবলৈ হ’লে কেতবোৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে।

যেনে-

ক)অসমৰ নদ-নদী, জলাশয়বোৰত এপ্ৰিল-মে’ৰ সময়ছোৱাত গাভিনী মাছ মৰাটো বন্ধ কৰিব লাগিব।

খ)থলুৱা মাছৰ বংশবৃদ্ধিৰ বাবে ৰাইজৰ মজত সচেতনতা বৃদ্ধি কৰিব লাগিব।

গ)ধাননি পথাৰত মাছ পোহা পদ্ধতি বৈজ্ঞানিকভাৱে গ্ৰহণ কৰিব লাগে।

ঘ)ৰাজহুৱা অনুষ্ঠানৰ অধীনত থকা পুখুৰী-জলাশয় আদিত সমন্বিত মীনপালন সংস্কৃতি গঢ়ি তুলিব লাগিব।

ঙ)অসমত মাছৰ খাদ্য প্ৰস্তুত কৰা প্ৰকল্প স্থাপন কৰি মাছৰ খাদ্য যোগান নিশ্চিত কৰিব লাগিব।

চ)নদী, বিল, জলাহ আৰু পথাৰৰ মাজত প্ৰাকৃতিকভাৱে জল সঞ্চালন প্ৰক্ৰিয়া মুকলি কৰিব লাগিব।

ছ)বিশেষকৈ কণীযুক্ত মাছ মৰাটো বন্ধ কৰা আৰু মীন নীতি সঠিকভাৱে কাৰ্যকৰী কৰাৰ প্ৰতি মীন বিভাগে বিশেষ তৎপৰতা ল’ব লাগিব।

দেখা যায় ব্যৱসায়িক ভিত্তিত মাছ উৎপাদনৰ ক্ষেত্ৰত সাধাৰণতে থলুৱা মাছবোৰক এলাগী কৰি ৰখা হয়। অথচ অসমৰ থলুৱা মাছবিলাকৰ ভিতৰত ১০০ বিধতকৈ অধিক প্ৰজাতিৰ মাছেই আলংকাৰিক মাছ হিচাপে বাণিজ্যিকভাৱে মূল্যৱান। আলংকাৰিক মাছৰ বজাৰ সংগঠিত নোহোৱা বাবে অসমৰ মূল্যৱান থলুৱা মাছবোৰ আন ৰাজ্যলৈ আনকি বিদেশী ৰাষ্ট্ৰলৈও অবৈধভাৱে সৰবৰাহ কৰা হয়। এই পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিলে এটা সময়ত আমি এই প্ৰজাতিসমূহৰ আন্তঃৰাষ্ট্ৰীয় মালিকীস্বত্ব হেৰুৱাই পেলাম। বিলুপ্ত হ’বলৈ ধৰা মাছসমূহ সংৰক্ষণৰ বাবে আৰু বাণিজ্যিক গুৰুত্ব থকা মাছৰ In Vitro fertilization আৰু Cryo Preservation এই মাছবোৰৰ কণী কৰাটো হ’ব এক অতি ফলপ্ৰসূ কাৰ্যসূচী।

লেখক: লক্ষ্যজ্যোতি নাথ(নিয়মীয়া বাৰ্তা)

3.25
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top