মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাঘ বিহু আৰু মাছ পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাঘ বিহু আৰু মাছ পালন

ভোগৰ বিহু ভোগালীলৈ আৰু বেছি দিন নাই।আমাৰ মীনপালকসকলৰ হাতত সময় নাই।জাৰকালিৰ এই সময়ছোৱত মীনপালকসকলৰ বিভিন্ন কৰ্ম ব্যস্ততা থাকে।তাতে আকৌ মাঘ বিহুৰ বাবে মাছে-ভাতে এসাঁজ খোৱাৰ মন এটা থাকে

 

ভোগৰ বিহু ভোগালীলৈ আৰু বেছি দিন নাই।আমাৰ মীনপালকসকলৰ হাতত সময় নাই।জাৰকালিৰ এই সময়ছোৱত মীনপালকসকলৰ বিভিন্ন কৰ্ম ব্যস্ততা থাকে।তাতে আকৌ মাঘ বিহুৰ বাবে মাছে-ভাতে এসাঁজ খোৱাৰ মন এটা থাকে।অসমীয়াৰ বাপতি সাহোন এই মাঘ বিহুৰ উৰুকাৰ দিনা অসমীয়া ডেকা-গাভৰু,বুঢ়া-বুঢ়ী সকলোৱে লগ লাগি এসাঁজ খায়।সেয়ে আমাৰ মীনপালকসকলেও মাঘ মাহৰ এই বিহুতে তেওঁলোকৰ পুখুৰীত ডাঙৰ হৈ থকা 850 গ্ৰাম ওজনৰ ওপৰৰ মাছবোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰে।মাছ বিক্ৰী কৰাৰ সমান্তৰালকৈ নতুনকৈ পুখুৰীৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰাৰো এয়া উপযুক্ত সময়।খৰালিৰ এই সময়খিনিত পুখুৰীৰ পানীৰ পৰিমাণ কমি আহে,সেয়ে মীনপালকসকলে যদি কেইবা বছৰ ধৰি পুখুৰী সিঁচা নাই তেনেহ’লে পুখুৰী সিঁচি মাছ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব লাগে।যদি এবছৰ বা দুবছৰ আগেয়ে পুখুৰীৰ পানী শুকুইছিল,তেনেহ’লে এইবছৰ জাল মাৰি ডাঙৰ মাছবোৰ উঠাই বিহুৰ বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে।জাল মৰাৰ পিছত ৰৈ যোৱা মাছবোৰক উষ্ণতা নিম্নগামী হোৱা বাবে তাৰ বাবে যাতে কোনো বেমাৰে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

ব্যৱস্থাসমূহ হ’ল-

 

  • এৰি দিয়া মাছবোৰ পটাচ পানীত ডুবাই পুখুৰীত দিব লাগে বা
  • পুখুৰীত চূণৰ লগত হালধী গুড়ি মিহলাই ছটিওৱাৰ ব্যৱস্থা কৰিব লাগে।(এক বিঘা পানী কালিৰ বাবে 10 কিলোগ্ৰাম চূণৰ লগত 1 কিলোগ্ৰাম হালধী গুড়ি মিহলি কৰিব লাগে)বা
  • 1 বিঘা পানীকালিৰ বাবে 100 মিলি লিটাৰ চিফেক্স পুখুৰীৰ পানীত দিব লাগে।মনত ৰখা উচিত-চিফেক্স দিয়াৰ সময়ত যাতে অন্তত: তিনি দিন(72 ঘন্টা) গৰু,ছাগলী,ম’হ,হাঁহ,কুকুৰা,মানুহ আদিয়ে সেই পুখুৰীৰ পানী নাখায়।বা
  • 1 বিঘা পানীকালিৰ বাবে 500 মিলি লিটাৰ এক্সোৰিণা পুখুৰীৰ পানীত চটিয়াই দিব লাগে।ব
  • 1 বিঘা পানীকালিৰ বাবে 200 মিলি লিটাৰ চুক্ৰেনা ডব্লিউ এছ পুখুৰীৰ পানীত ছটিয়াই দিব লাগে।

ওপৰত বৰ্ণনা কৰা ব্যৱস্থাসমূহৰ যিকোনো এটা ব্যৱস্থা জাৰকালি মাছ মৰাৰ পিছত পুখুৰীত অৱলম্বন কৰিলে মাছৰ ৰোগ হোৱাৰ প্ৰাবল্য কমি আহে আৰু মাছৰ স্বাস্থ্য ভালে থাকে।

মাছৰ খেতি যিহেতু এবছৰীয়া খেতি,গতিকে আমি জাল মাৰি যিমান সংখ্যক মাছ বিক্ৰী কৰিলো সমসংখ্যক মাছ পুনৰ পুখুৰীত মেলাৰ ব্যৱস্থা কৰিব লাগে।পুখুৰী পৰিচালনাৰ বাকী কামখিনি নতুনকৈ আৰম্ভ কৰিব লাগে।যদি পুখুৰী সিঁচি দিয়া হয়,তেনেহ’লে তলিখন ৰ’দত শুকাব লাগে।15-20 দিন ৰ’দত শুকোৱাৰ পিছত এক ফুত মাটি উঠাই পুখুৰীৰ পাৰ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে।তলিৰ বোকা অপসাৰণৰ পিছত নিৰিখমতে চূণ,7-10 দিন পিছত গোবৰ,7-10 দিন পিছত ইউৰিয়া আৰু ছিংগল ছুপাৰ ফছফেট দি পিছত 15 দিনৰ মূৰত পুখুৰীত মাছ পোনা মেলাৰ ব্যৱস্থা কৰিব লাগে।

যদি পুখুৰীৰ পাৰত উপযুক্ত পৰিমাণৰ ঠাই থাকে,তেনেহ’লে সেই ঠাইৰ ব্যৱহাৰ কৰি আমি উৎপাদন কৰিব পাৰোঁ।জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ খেতি মাটি তথা বসতিৰ স্থান কমি আহিছে।সেয়েহে আমি একেডৰা মাটিৰপৰা একে সময়তে কেইবাটাও শস্য পাবৰ বাবে খেতি আৰম্ভ কৰিবৰ সময় হ’ল।এই নিবন্ধত সমন্বিত পদ্ধতিত হাঁহ আৰু মাছ পালন সম্বন্ধে ব্যক্ত কৰিম।

হাঁহ আৰু মাছ পালন পদ্ধতিত হাঁহৰ মল আৰু এৰেহা খাদ্য পুখুৰীত প্ৰয়োগ কৰি মাছ উৎপাদন কৰা হয়।হাঁহৰ মলত 0.91 শতাংশ নাইট্ৰ’জেন আৰু 0.38 শতাংশ ফছফৰাছ থাকে।উপযুক্ত নিৰিখত হাঁহৰ মল প্ৰয়োগ কৰিলে পুখুৰীত সাৰ আৰু পৰিপূৰক খাদ্য যোগান ধৰাৰ প্ৰয়োজন নাথাকে।

এই পদ্ধতিৰ সুবিধাসমূহ হ’ল-

 

  • একে ঠাইৰ পৰা একে সময়তে কণী,মাছ আৰু মাংস উৎপাদন হয়।
  • হাঁহৰ বাবে প্ৰয়োজনীয় পানী পুখুৰীৰপৰা পোৱা যায়।
  • হাঁহে প্ৰায় 50 শতাংশ খাদ্য পুখুৰীৰপৰা সংগ্ৰহ কৰে।আনহাতে,হাঁহক যোগান ধৰা খাদ্যৰ ৰৈ যোৱা ভাগ আৰু লগতে হাঁহৰ মলো মাছে খাদ্য হিচাপে গ্ৰহণ কৰে।
  • হাঁহৰ মল পুখুৰীত প্ৰয়োগৰ ফলস্বৰূপে পৰিপূৰক খাদ্য আৰু সাৰ প্ৰয়োগৰ প্ৰয়োজন নাথাকে,যাৰ বাবে মাছৰ উৎপাদন ব্যয় হ্ৰাস হয়।
  • হাঁহে পানীত সাঁতুৰি থকা বাবে পানীত দ্ৰ্ৱীভূত অম্লজানৰ বৃদ্ধি হয়,ইয়ে মাছৰ বৃদ্ধি দ্ৰুত কৰি তোলে।

হাঁহৰ লগত মাছ পালন দুই পদ্ধতিৰে কৰা হয়-স্থিৰ পদ্ধতি আৰু ভাঁসমান পদ্ধতি।

স্থিৰ পদ্ধতি:

 

এই পদ্ধতিত এক সুবিধাজনক ঠাইত ছিদ্ৰযুক্ত মজিয়াৰ গঁৰালটো স্থিৰ হৈ থকা বাবে হাঁহৰ মল নিৰ্দিষ্ট ঠাইত পৰে।

ভাঁসমান পদ্ধতি:

 

এই পদ্ধতিত পুখুৰীৰ যিকোনো স্থানলৈ নিব পৰাকৈ ছিদ্ৰযুক্ত মজিয়াৰ ভাঁসমান গঁৰালত হাঁহ পালন কৰা হয়।ইয়াৰ ফলত হাঁহৰ মল বিভিন্ন ঠাইত পেলাব পাৰি।

হাঁহৰ লগত মাছ পালন পদ্ধতি অৱলম্বনৰ বাবে তলত উল্লেখ কৰা বিষয়সমূহত গুৰুত্ব দিব লাগে।

মাটিকালি:-

 

এই পদ্ধতিৰ বাবে পুখুৰীৰ নিম্নতম পানীকালি 0.045 হেক্টৰ(প্ৰায় ডেৰ কঠা)হ’ব লাগে।

মাটিৰ ভৌতিক গুণ:-

 

এই পুখুৰীত বছৰৰ বাৰ মাহে পানী থকা দৰকাৰ।পুখুৰীত গোটেই বছৰ ধৰি 1.5 মিটাৰতকৈ বেছি পানী থাকিব লাগে।

মাটিৰ ৰাসায়নিক গুণাগুণ:-

 

অত্যধিক মাত্ৰাত নাইট্ৰ’জেন আৰু জৈৱিক এঙাৰ থকা পুৰণি পুখুৰী,হোলা,ডোবা,মৰা বিল ইয়াৰ বাবে উপযোগী নহয়।

অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা:-

 

কম দূৰত্বত হাঁহ,হাঁহৰ খাদ্য আৰু ঔষধ,মাছৰ পোনা আদি পোৱা ঠাই হ’লে ভাল।পামৰ ওচৰত পশু চিকিৎসালয় থাকিলে ভাল।

হাঁহৰ গৰাল নিৰ্মাণ:সৰু পুখুৰীৰ বাবে স্থিৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে।এই পদ্ধতিত পুখুৰীৰ যিকোনো অংশত হাঁহৰ গঁৰালটো নিৰ্মাণ কৰা হয়।যদি পুখুৰীৰ পানীকালি 2 বিঘাতকৈ বেছি হয়,তেনেহ’লে গঁৰালটো তেলৰ খালী বেৰলৰ ওপ্ৰত প্ৰয়োজন অনুসাৰে ইফালে-সিফালে টানি নিব পৰাকৈ নিৰ্মাণ কৰা হয়।

গঁৰালৰ মজিয়া হিচাপে 0.5 বৰ্গ ছেন্টিমিটাৰ আকৰৰ ছিদ্ৰযুক্ত এখন চাং বাঁহৰ মিহি কামিৰে বনোৱা হয়।কামিৰ মিহিফালটো ওপৰমুৱাকৈ ৰাখিব লাগে,যাতে হাঁহ মল সহজে তললৈ পৰে আৰু হাঁহৰ পতাত ঘাঁ নালাগে।এজনী হাঁহৰ বাবে 0.30-0.50 বৰ্গ মিটাৰ হিচাপত চাংখন তৈয়াৰ কৰা হয়।হাঁহৰ গঁৰালটো পকী হ’লে বাঁহৰ চাঙৰ সলনি লোৰ জালিকা ব্যৱহাৰ কৰিব পাৰি।বাঁহৰ চাং বা লোৰ জালিকাখন পানীৰ সৰ্বোচ্চ সীমাৰপৰা 1.0-1.2 মিটাৰ(3-4 ফুট)উচ্চতাত স্থাপন কৰিব লাগে। মজিয়াৰ পৰা মূধচলৈ 1.5 মিটাৰ উচ্চতা ৰাখি ঘৰটো নিৰ্মাণ কৰিব লাগে।চালখন খেৰ নাইবা এছবেষ্টচৰ দ্বাৰা তৈয়াৰ কৰিব লাগে।পোহৰৰ প্ৰৱেশ আৰু বতাহ চলাচলৰ সু-ব্যৱস্থা ৰাখি গঁৰালৰ চাৰিওফালে বেৰ দিয়া হয়।বেৰৰ ওপৰত এক তৃতীয়াংশত বাঁহৰ নাইবা মোটা তাঁৰৰ জালিকা ব্যৱহাৰ কৰিব লাগে।তৰল দুই-তৃতীয়াংশত বাঁহৰ গাধৈ,তক্তা নাইবা পকী বেৰ দিয়া হয়।গঁৰালত মানুহ সোমাব পৰাকৈ এখন আহল-বহল দুৱাৰ ৰাখিব লাগে।গঁৰালৰপৰা হাঁহ অহা-যোৱাৰ সুবিধাৰ বাবে দুখন দলঙৰ ব্যৱস্থা কৰিব লাগে-এখন দলং গঁৰালৰপৰা পাৰলৈ আৰু আনখন পাৰৰপৰা পানীলৈ যোৱা।ভাঁসমান গঁৰালৰ ক্ষেত্ৰত গঁৰালৰপৰা পানীলৈ এখন দলঙৰ মাজৰপৰা পাৰলৈ চপাই আনিব পৰাকৈ ৰছীৰে বান্ধি ৰখা হয়।

জেওৰা:

 

সমন্বিত হাঁহ আৰু মাছ পালন পদ্ধতিত যিহেতু হাঁহৰ মল পুখুৰীত মাছৰ সাৰ আৰু খাদ্য হিচাপে ব্যৱহাৰ হয়,সেয়ে হাঁহ বাহিৰলৈ যাতে ওলাই যাব নোৱাৰে,তাৰ বাবে চাৰিওফালে ঘন জেওৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

হাঁহৰ জাত:

 

নাগেশ্বৰী,চিলেট মেটী আৰু খাকী কেম্পবেল জাতৰ হাঁহ সমন্বিত মাছ আৰু হাঁহ পালনত ব্যৱহাৰ কৰা হয়।অসমৰ জলবায়ৱীয় পৰিৱেশত,মতা খাকী কেম্পবেল আৰু মাইকী পাতী হাঁহৰ সংকৰণ কৰি উৎপাদন কৰা বৰ্ণ সংকৰ হাঁহ এই পদ্ধতিৰ বাবে উপযোগী।এইবিধ হাঁহৰ বেমাৰ-আজাৰ কম আৰু কণী পৰাৰ ক্ষমতাও অধিক।সাত-আঠ মাহ বয়সৰপৰা ইহঁতে কণী পাৰিবলৈ আৰম্ভ কৰে আৰু বছৰি প্ৰায় 90-100 টা কণী পাৰে।

খাকী কেম্পবেল আৰু পাতিহাঁহৰ বৰ্ণ সংকৰ্ পোৱালি সহজলভ্য নহয়।সেয়েহে সমন্বিত হাঁহ আৰু মাছ পালন কৰিবলৈ হ’লে ঘৰতে সংকৰণ কৰি হাঁহ পোৱালি উৎপাদনৰ ব্যৱস্থা কৰিব লাগে।

বৰ্ণ সংকৰ পোৱালি উৎপাদনৰ পদ্ধতি: এবছৰ বয়সত সুস্থ,সৱল আৰু নিৰোগী হাঁহ প্ৰজননৰ বাবে বাছি লোৱা হয়।প্ৰতি পাঁচজনী পাতি হাঁহৰ লগত এটা মতা খাকী কেম্পবেল ৰখা হয়।প্ৰজননৰ বাবে ৰখা হাঁহখিনি অন্য হাঁহৰপৰা আঁতৰাই সুকীয়াভাৱে পালন কৰা হয়।এনেদৰে ৰখা হাঁহৰপৰা পোৱা নিষিক্ত কণী উমনি দি বৰ্ণ সংকৰ জাতৰ হাঁহৰ পোৱালি উৎপাদন কৰা হয়।

বয়স:

 

দুই-চাৰিমাহ বয়সৰ হাঁহ পোৱালি পুখুৰীৰ গঁৰাললৈ অনা হয়।হাঁহে 7 মাহ বয়সৰপৰা 18 মাহ পৰ্যন্ত কণী পাৰে।18 মাহ পিছত নতুন এবাহ হাঁহ গঁৰাললৈ আনিব লাগে।

সংখ্যা:

 

প্ৰতি হেক্টৰ পানীকালিৰ বাবে 300 হাঁহ (40 বিঘা) পালন কৰা হয়।হাঁহৰ জাকটোত এটা মতা হাঁহৰ লগত পাঁচজনী মাইকী হাঁহ ৰাখিব লাগে(1.5)।

মাছৰ প্ৰজাতি,আকাৰ আৰু স্ংখ্যা: সমন্বিত হাঁহ আৰু মাছ পালন পদ্ধতিত 6 প্ৰজাতিৰ মাছ পালন কৰিব পাৰি।মাছৰ আকাৰ ফিংগাৰলিং আকাৰৰ হ’ব লাগে।অন্যথা হাঁহে তাক খাই পেলাব।এক হেক্টৰ পানী কালিৰ এটা পুখুৰীত 6000 টা মাছৰ পোৱালি মেলিব লাগে।

হাঁহৰ খাদ্য:

 

হাঁহে পুখুৰীৰপৰা 50 শতাংশ খাদ্য সংগ্ৰহ কৰে।বাকীখিনি সুষম খাদ্য যোগান ধৰিব লাগে।প্ৰতিজনী হাঁহক দৈনিক 100 গ্ৰাম সুষম খাদ্য যোগান ধৰিব লাগে।ভেঁকুৰা খাদ্য হাঁহক যোগান ধৰিব নালাগে।

ৰোগ প্ৰতিষেধক ব্যৱস্থা: ডাক প্লেগ,ডাক কলেৰা,ডাক ভাইৰাচ,হেপাটাইটিচ,কক চি ডিঅ’চিচ,বিভিন্ন কৃমিজনিত ৰোগ,পেৰ’চিচ,বটুলিজম আৰু পুষ্টিজনিত নানা ৰোগে হাঁহ পালনত বিস্তৰ ক্ষতি কৰে।উপযুক্ত প্ৰতিষেধক ব্যৱস্থা গ্ৰহণ কৰি এই ৰোগৰপৰা হাত সাৰিব পাৰি।মাজে মাজে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

কণী সংগ্ৰহ:

 

হাঁহে কণী পাৰিবৰ বাবে গঁৰালৰ এচুকত খেৰ পাৰি দিব লাগে।হাঁহে সাধাৰণতে পুৱতি নিশাৰপৰা পুৱা 9 বজাৰ ভিতৰত কণী পাৰে।9 বজাৰ পিছত কণী সংগ্ৰহ কৰিব লাগে।

পুখুৰীত হাঁহ মেলাৰ নিয়ম: পুৱা 9 বজাৰ পিছত হাঁহখিনি গঁৰালৰপৰা উলিয়াই পুখুৰীত মেলা হয়।খাদ্য যোগানৰ সময়ত হাঁহ গঁৰাললৈ আহিব।পিছত তাক পুনৰ পুখুৰীলৈ যাবলৈ দিয়া উচিত।

মাছ পালন:

 

গঁৰাললৈ হাঁহ অনাৰ এমাহ পিছত পুখুৰীত পোনা মেলা হয়।মাছ পালনৰ বাবে চূণ প্ৰয়োগ,গ্ৰাছ কাৰ্পৰ খাদ্য যোগান,মাছৰ খাদ্য যোগান আদি নিয়মিত কৰিব লাগে।

হাঁহৰ মলৰ ব্যৱহাৰিক মূল্য: সমন্বিত হাঁহ আৰু মাছ পালন পদ্ধতিত,হাঁহৰ পদ্ধতিত,হাঁহৰ মলেই মাছ উৎপাদনৰ প্ৰধান প্ৰধান উপাদান।প্ৰ্তি পূৰ্ণবয়ষ্ক বৰ্ণ সংকৰ হাঁহে দিনে 120-135 গ্ৰাম মল ত্যাগ কৰে।অৰ্থাৎ এক হেক্টৰ পানীকালিৰ অনুপাতে পালন কৰা 300 হাঁহে বছৰি 13,140-16,973 কিলোগ্ৰাম মল পুখুৰীলৈ প্ৰবাহিত কৰে।হাঁহৰ মল ব্যৱহাৰ কৰাৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি 40,000-50,000 টকা ৰাহি হয়।

উৎপাদন আৰু অৰ্থনীতি:

 

প্ৰতি হেক্টৰ পানীকালিৰ পুখুৰীত 6000 কাৰ্পৰ সমন্বয়ত 300 হাঁহ পালন কৰি বছৰি কমেও 4,500 কিলোগ্ৰাম মাছ,25,000 টা কণী আৰু গড়ে 250 কিলোগ্ৰাম(33.3 কিলোগ্ৰাম/বিঘা)হাঁহৰ মাংস পোৱা যায়।প্তৰি কিলোগ্ৰাম মাছ উৎপাদন কৰোঁতে হোৱা খৰচ আৰু বিনিয়োগ কৰা সঞ্চালন ব্যয়ৰ ওপৰত প্ৰায় 30-40 শতাংশ লাভ পোৱা যায়।

এই পদ্ধতিত লাভৰ পৰিমাণ বাকী সমন্বিত পদ্ধতিৰ তুলনাত কম যদিও সামাজিক বাধা নথকাৰ বাবে এই পদ্ধতিৰ সম্প্ৰসাৰণৰ সম্ভৱনা যথেষ্ট উজ্জ্বল।আমাৰ ঘৰত থকা পুখুৰীবিলাকত হাঁহৰ লগত মাছ খেতি কৰি আমি আমাৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰিব পাৰোঁ।ইয়ে নিবনুৱা সমস্যা সমাধানত এক সুন্দৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব।

উৎস: দৈনিক অসম

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top