মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছ উৎপাদনত ল’বলগীয়া সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছ উৎপাদনত ল’বলগীয়া সাৱধানতা

মাছ উৎপাদনত ল’বলগীয়া সাৱধানতা সমুহ-

মাছ উৎপাদনত ল’বলগীয়া সাৱধানতা সমুহ-

 

বৰ্তমান মাছৰ কণী পৰা সময়। মাছে বোৱতী সুতিত কণী পাৰে। সেয়েহে নৈ, জান, জুৰি বা আন জলাশয়ৰপৰা পুৰণি কালত মাছপোনা সংগ্ৰহ কৰিব লগা হৈছিল। উপযুক্ত সময়ত উচিত পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে মাছ পোনা সংগ্ৰহত জটিলতা আহে। ঠিক সেইদৰে নৈ, বিল আদিৰপৰা প্ৰজননক্ষম মাছসমূহ উঠাই বিক্ৰী কৰাৰ ফলত মাছপোনাৰ সংখ্যা প্ৰাকৃতিক জলাশয়ত কমি আহিব ধৰিছে। মাছে প্ৰাকৃতিক জলাশয়ত কণী পৰাৰ পিছত উপযুক্ত পৰিৱেশৰ অভাৱৰ বাবে বহু কণী নষ্টও হয়। ভেকুলী, সাপ আদিয়ে জলপৃষ্ঠত প্ৰৱেশ কৰাৰ ফলত মাছপোনাসমূহ অকালতে মৃত্যুমুখত পৰে। এনে এক সন্ধিক্ষণত আমাৰ মীন বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষাৰ অন্তত ঠাঁৱৰ কৰিলে যে কৃত্ৰিমভাৱে বৰষুণ, নৈৰ পানীৰ সোত আৰু মাছৰ বেজী দি মাছপোনা সৃষ্টি কৰিব পৰা যায়। বিভিন্নধৰণৰ হৰমন ব্যৱহাৰ কৰি বেজী দি মাছপোনা সৃষ্টি কৰা পদ্ধতিটোক হাইপোফাইজেচন বোলে। এই পদ্ধতিত প্ৰজননক্ষম মাছসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট হাৰত হৰমন মাছত প্ৰয়োগ কৰি মাছপোনা সৃষ্টি কৰা হয়। কৃত্ৰিমভাৱে মাছপোনা উৎপাদন কৰিবলৈ আমি বান্ধ প্ৰস্তুত কৰিব পাৰো নাইবা হেচ্ছাৰীৰ জৰিয়তে উৎপাদন কৰিব পাৰোঁ। বান্ধৰপৰা পোনা সংগ্ৰহ কৰা পদ্ধতিটো হ’ল আৰ্দ্ধপ্ৰাকৃতিক। ইয়াত বান্ধ দি পুখুৰী বা খাল খন্দা হয়। বান্ধৰ উচ্চভূমিত অন্তৰ্গমন নলী আৰু নিম্নভূমিত নিৰ্গমন নলী থাকে, যাতে বান্ধটোত পানীৰ এক মৃদু সোঁতৰ সৃষ্টি হয়। পুখুৰীত পালন কৰা কাৰ্পজাতীয় মাছসমূহে এপ্ৰিল-জুন মাহত কণী উত্ৰাৱল হৈ থাকে। এনে এক পৰিস্থিতিত যেতিয়া বৰষুণ আহে, তেতিয়া প্ৰজননক্ষম মাছৰ মতা-মাইকীক বেজী দি তাত মেলিব লাগে। ধাৰাসাৰ বৰষুণ, ডাৱৰীয়া বতৰ, ধুমুহা বতাহ আদিয়ে মাছৰ প্ৰজননত যথেষ্ট প্ৰভাৱ পেলায়। এই পদ্ধতিত আমি কিছু পৰিমাণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। বৰষুণ আদি নহ’লে মাছৰ চৰম প্ৰজনন ঋতুত হয়তো আমি মাছপোনা সংগ্ৰহ কৰিবলৈ সক্ষম নহ’বও পাৰোঁ। এই সকলো কথাৰ ওপৰত গুৰুত্ব দি বিজ্ঞানীসকলে এটা নতুন কৌশল উদ্ভাৱন কৰিলে- য’ত কৃত্ৰিম সোঁত, বৰষুণ আদি সৃষ্টি কৰিব পৰা ব্যৱস্থা সন্নিহিত থাকে, সেইটোৱে হ’ল হেচ্ছাৰী। হেচ্ছাৰী হ’ল চিমোন্টেৰে বনোৱা ঘূৰণীয়া আকৃতিৰ পুখুৰী। প্ৰথমতে চীনৰ এইপদ্ধতি আৱিষ্কাৰ হৈছিল বাবে ইয়াক চাইনীজ হেচ্ছাৰী বোলা হয়। ইয়াত প্ৰধানকৈ এটা বৃত্তাকাৰ পুখুৰী(৮ মিটাৰ ব্যাস, তলীখন কেন্দ্ৰৰফালে হেলনীয়া), কণী সংৰক্ষক পুখুৰী, হেচ্ছিং পুখুৰী(ই দুতৰপীয়া, বাহিৰৰ পুলটোৰ ব্যাস ৩-৪ মিটাৰ আৰু ভিতৰৰ পুলৰ ব্যাস ১-২ মিটাৰ) আৰু অভাৰ হেড টেংকী(পানী ধাৰণ ক্ষমতা অতি কমেও ৩০-৭০ হাজাৰ লিটাৰ হ’ব লাগে) থাকে। এই হেচ্ছাৰীত একে সময়তে ৭০ কিলোগ্ৰাম পৰ্যন্ত মাছপোনা উৎপাদন কৰিব পাৰি। প্ৰজননক্ষম মাছসমূহ বেজী দিয়াৰ পিছত প্ৰজনন পুখুৰীত মেলিব লাগে। পুখুৰীত মেলাৰ ৪-৬ ঘন্টা পিছত মাছে কণী এৰি দিব। এই কণীসমূহ পিছত কণী সংৰক্ষক পুখুৰীলৈ স্থানান্তৰ কৰা হয়। কণী সংৰক্ষক পুখুৰীৰপৰা হেচ্ছিং পুখুৰীত কণী ৰখা হয় আৰু ২৪-৭২ ঘন্টাৰ ভিতৰত হেচ্ছাৰীত মাছৰ পোনা উৎপাদনৰ গোটেই প্ৰক্ৰিয়াটো সমাপ্ত হয়।

মাছক প্ৰজনন কৰাৰ বাবে চিৰিঞ্জত বিভিন্ন প্ৰকাৰৰ হৰমন ব্যৱহাৰ কৰিব পাৰি। তাৰ ভিতৰত পিটুইটেৰী গ্ৰন্থীৰপৰা প্ৰস্তুত কৰা প্ৰৰস, এইচ চি জি অভাপ্ৰীম, আভাটাইড আদি। আগেয়ে পিটুইটেৰী গ্ৰন্থী মাৰ প্ৰজননৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল। এই গ্ৰন্থীসমূহ মাছৰ মূৰৰপৰা সংগ্ৰহ কৰা হয় আৰু বেজী দিয়াৰ আগমুহূৰ্তত পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয়। কিন্তু আজিকালি বজাৰত জুলীয়া অৱস্থাত অভাগ্ৰীম, অভাইটড আদি হৰমন পোৱা যায়। আমাৰ বহুতো মীন পালকে বৰ্তমান অভাৰপ্ৰীম, অভাটাইড আদি ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ বহু সুবিধা আছে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল- ইয়াক পনীয়া অৱস্থাত পোৱা যায়, কোঠাৰ উষ্ণতাত ইয়াক সংৰক্ষণ কৰিব পাৰি, বহু দিনলৈ নষ্ট নোহোৱাকৈ থাকে। ইয়াক ব্যৱহাৰ কৰিলে মতা আৰু মাইকী মাছক একে সময়তে এটা বেজী দিলে হয়। কিন্তু পিটুইটেৰী প্ৰৰসৰ ক্ষেত্ৰত প্ৰথমতে মাইকী মাছক প্ৰথমটো বেজী দিব লাগে। প্ৰথম বেজী দিয়াৰ ছঘন্টা পিছত মাইকী মাছৰ দ্বিতীয়টো বেজী দিয়া হয়। মাইকী মাছক দ্বিতীয়টো বেজী দিয়াৰ সময়ত মতা মাছকো বেজী দিব লাগে। ইয়াত মাইকী মাছৰ দুটা বেজী দিয়া বাবে তাক বেছিকৈ হাতেৰে স্পৰ্শ কৰিব লগা হয়, কিন্তু অভাপ্ৰীমৰ ক্ষেত্ৰত এই অসুবিধাটো নহয়। পিটুইটেৰী কিম্বা চিন্থেটিক হ’ৰমন, যিয়েই নিদিয়ক কিয়? উপযুক্ত ধৰণে কামখিনি সমাধা কৰিলে মাছে কণী পাৰিব, এইখিনিতে প্ৰশ্ন হয়- মাছক ক’ত বেজী দিব, কেনেকুৱা মাছবেজী দিয়াৰ বা সংগ্ৰহ কৰিব? প্ৰজননৰ বাবে সাধাৰণতে ২-৩ বছৰীয়া মাছ হ’ব লাগে। প্ৰজননৰ বাবে অনা মাছটো তলপেটত চুই দিলেই শুক্ৰাণু বা কণী নিৰ্গত হ’লে বুজিব লাগিব মাছপোনা উৎপাদনৰ বাবে এই মাছটো উৎকৃষ্ট। সেয়েহে প্ৰজনন কৰাৰ আগেয়ে মাছ ভালদৰে পৰীক্ষা কৰি লোৱা উচিত।

প্ৰজননক্ষম মাছসমূহক দুই ধৰণে বেজী দিয়া হয়-

 

ক)ইনট্ৰা মাছকুলা(Intra mascular), খ)ইনট্ৰা পেৰিটনিয়েল(Intra peritonial)।

প্ৰথম পদ্ধতিত মাছৰ ঠিক বাকলিৰ তলত আন্ত:পেশীত পায়ুপাখিৰ ওচৰত পাৰ্শ্বীয় ৰেখাৰ ঠিক ওচৰত মাছৰ দেহৰ সমান্তৰালভাৱে নিডলটো সুমুৱাই লৈ ৪৫° কোনত চিৰিঞ্জৰপৰা হৰমন শৰীৰত প্ৰৱেশ কৰিবলৈ দিব লাগে। তাৰ পিছত বেজী দিয়া ঠাইডোখৰ আঙুলীৰে ভালদৰে মোহাৰি দিব লাগে, যাতে হৰমনখিনি সমপৰিমাণত শৰীৰত প্ৰৱেশ কৰে।

দ্বিতীয় পদ্ধতি মতে, মাছৰ পাৰ্শ্বীয় আৰু বক্ষীয় পাখিৰ মাজত বেজী দিয়া হয়। এই পদ্ধতিটো বৰ জটিল। ইয়াত বেজী দিয়াত অলপ হীন-ডেড়ি হ’লে মাছৰ বিভিন্ন অংগ-প্ৰতংগ নষ্ট হোৱাৰ থল থাকে। সেয়েহে আমি প্ৰথম পদ্ধতিৰে মাছক বেজী দিয়া উচিত। মাছক বেজী দিওতে ল’বলগীয়া সাৱধানতাসমূহ-

  • বেজী দিবলৈ অনা মাছটোৱে যাতে আঘাত নাপায়, সেই কথাত গুৰুত্ব দিব লাগে।
  • খালী হাতেৰে মাছ স্পৰ্শ কৰিব নালাগে, হেণ্ডনেটৰ ভিতৰত মাছটো সোমাই ল’ব লাগে।
  • মাছটো তিতা কুচনৰ ওপৰত ৰাখিব লাগে।
  • নিডলটো বাকলিৰ তলেৰে মাংসপেশীত খুব সাৱধানে সুমুৱাই দিব লাগে আৰু নিডলটো উলিয়াই অনাৰ পিছত তাক মোহাৰি দিব লাগে।
  • বেজী দিয়াৰ সময়ত মাছটোৰ পেটত হেঁচা দিব নালাগে।
  • একেখিনি মাছকে বাৰে বাৰে বেজী দিব নালাগে।
  • বেজী দিয়াৰ পিছত মাছটো খুব সাৱধানে প্ৰজনন পুলত কণী এৰিবলৈ মেলি দিব লাগে।
  • মাছৰ ওজন ভালদৰে লৈ জোখমতে হৰমন দেহত প্ৰয়োগ কৰিব লাগে।

বেজী দিয়াৰ পিছত মাইকী মাছে কণী এৰে আৰু মতা মাছে তাৰ ওপৰত শুক্ৰাণ্য ত্যাগ কৰে। এই নিষ্ক্ৰিয় কণীসমূহৰপৰা নিৰ্দিষ্ট সময়ৰ মূৰত পোৱালিৰ সৃষ্টি হয়। কণী বা শুক্ৰাণু এৰি দিয়াৰ পিছত বেজী দিয়া মাছসমূহৰ শৰীৰৰ অৱস্থা পৰীক্ষা কৰি লৈ তাক বিক্ৰী বা পুখুৰীত মেলিব লাগে। যদি মাছটো দুৰ্বল দেখা যায়, তেন্তে তাক বিক্ৰী কৰিব লাগে। সবল মাছখিনি পটাছ পানীত তিয়াই পুখুৰীত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ বহুতো মানুহে বেজী দিয়াৰ পিছত মাছটো খাবলৈ ভয় কৰে। আচলতে তাত ভয় কৰিব লগা একো নাই। এই মাছ খোৱাৰ ফলত মানুহৰ শৰীৰত একো ক্ৰিয়া নহয়। অৱশ্যে কণী এৰাৰ পিছত কিছু পৰিমাণে মাছৰ সোৱাদ কমে।

ব্যৱসায়িক ভিত্তিত মাছ উৎপাদন কৰিব পাৰিলে আমি লাভান্বিত হ’ব পাৰোঁ। অসমত মাছপোনা উৎপাদন হয় যদিও বৰ্তমানেও বাহিৰৰপৰা মাছপোনা অসমলৈ আহি থাকে। গতিকে ভাল মাছৰ পোনাৰ চাহিদা অসমত পোৱাটো বৰ কঠিন। কিয়নো আমাৰ বহুতো অসৎ প্ৰকৃতিৰ ব্যৱসায়ীয়েই কম সময়ত বেছি লাভৰ বাবে পৰিপক্ক নোহোৱা মাছকে কৃত্ৰিমভাৱে বেজী দি মাছৰ পোনা সৃষ্টি কৰে, যিবিলাকৰ গুণাগুণ যথেষ্ট কম হয়। সেয়েহে উপযুক্ত ধৰণে আমাৰ মীনপালকসকলে মাছপোনা সৃষ্টি পকৰি নিজৰ পুখুৰীত পালন কৰাৰ উপৰি অন্য পালকসকলকো বিক্ৰী কৰিব পাৰে। মাছপোনা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা প্ৰজননক্ষম মাছসমূহ নিজৰ পামৰপৰা বাৰে বাৰে প্ৰয়োগ নকৰি মাজে মাজে বাহিৰৰপৰা(নৈ, বিল আদিৰপৰা) সংগ্ৰহ কৰি উৎপাদন কৰিব পাৰিলে ভাল জাতৰ গুণসম্পন্ন পোনা পাবলৈ সক্ষম হোৱা যায়। সৰু সৰু মাছবিলাক বেজী দি উত্তেজিত কৰি পোনা উৎপাদন নকৰি পৰিপক্ক গাভিনী মাছ ব্যৱহাৰ কৰিলে ‘কোৱালিটী ছীড’ পোৱা সম্ভৱ হ’ব। মীন ক্ষেত্ৰৰ প্ৰকৃত উন্নয়নৰ বাবে সাৰ, পানী, খাদ্যৰ যেনেদৰে প্ৰয়োজন তেনেদৰে কোৱালিটী ছীডৰো প্ৰয়োজন আছে। সকলোখিনিৰ সমন্বয়তহে মাছৰ উৎপাদন বৃদ্ধি হ’ব, অসমৰ মানুহেও এসাঁজ মাছেৰে জুতি লগাই খাব পাৰিব।

লেখক:প্ৰতুল ডেকা(দৈনিক অসম)

3.16279069767
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top