মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছ পালনত জানিবলগীয়া কিছু কথা-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছ পালনত জানিবলগীয়া কিছু কথা-

মাছ পালনত জানিবলগীয়া কিছু কথা লিখা হৈছে

মাছৰ হাকোটা পেলু লগা ৰোগঃ

 

এই ৰোগটো সাধাৰণতে আলংকাৰিক মাছৰ ক্ষেত্ৰত দেখা যায় যদিও কাৰ্পজাতীয় মাছ ভাৰতবৰ্ষৰ দাক্ষিণাত্যৰ ৰাজ্যসমূহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। এই ৰোগ বিশেষকৈ বাহু মাছত দেখা যায়। মাইকী পেলুটোহে সাধাৰণতে পৰজীৱী, ইয়াক অতি সহজে পিছপিনে কণীৰ সৰু টোপোলা দুটাসহ লাগি থকা দেখা যায়।

লক্ষণঃ ই মাছৰ মূৰভাগৰ পৰা অথবা জলক্লোমৰ পৰা হুক লগাৰ নিচিনাকৈ ওলমি থাকে। এই পৰজীৱীটো দেখাত বগা ৰঙৰ আৰু খালী চকুৰে সহজতে দেখা যায়। মাছৰ গা-অংশত ঘাৰ নিচিনা যেন দেখি।

নিয়ন্ত্ৰণঃ ২-৩ শতাংশ নিমখ পানী তৈয়াৰ কৰি ৰুগীয়া মাছক ডুবাই তৎক্ষাণাত উঠাই আনি পুখুৰীত এৰিব লাগে আৰু চাৰি মিলিগ্ৰাম পটাছ প্ৰতিলিটাৰ পানী হিচাপত পুখুৰীত প্ৰয়োগ কৰিব লাগে অথবা এক গ্ৰাম হাইটেক পাউডাৰ এক কিলোগ্ৰাম খাদ্যত মিহলি কৰি সাত দিনলৈকে মাছক খাবলৈ দিব লাগে।

 

মাছৰ পোনা উন্নতমানৰ হয় নে নহয় কেনেদৰে গম পাব পাৰি ?

 

মীনপালন পদ্ধতিৰ ওপৰত গুণগত মানৰ মীনপোনা প্ৰয়োজন হয় নে নহয় সেইটো নিৰ্ভৰ কৰে। যদি পালন পদ্ধতি বছৰেকীয়া হয়, তেন্তে গুণগত মানৰ মীনপোনা অবিহনে মীনপালনৰ পৰা অধিক উৎপাদন আশা কৰিব নোৱাৰি। অৱশ্যে যদি প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে মাছ উঠাই বিক্ৰী কৰা হয় আৰু বিক্ৰীযোগ্য মাছখিনি ৫০-১০০ গ্ৰাম ওজনপ্ৰাপ্ত হ’লেই হয়, তেন্তে মীনপোনাৰ গুণগত দিশতকৈ মাছক পৰিপূৰক খাদ্য যোগানতহে বেছি গুৰুত্ব দিব লাগে।

বাহ্যিক দৃষ্টিত এটা মীনপোনা উন্নত মানৰ হয় নে নহয় সেইটো নিৰূপণ কৰিব নোৱাৰি। গুণগত মানৰ মীনপোনাৰ বাবে গাভিনী মাছখিনি হৃষ্ট-পুষ্ট আৰু ডাঙৰ আকৃতিৰ হোৱা উচিত। মীনপোনা উৎপাদন কেন্দ্ৰ (হেচ্ছাৰী)-ত অন্ততঃ ২-৩টা গাভিনী মাছ পালন কৰা পুখুৰী থকা নিতান্তই প্ৰয়োজন। একেখিনি গাভিনী মাছ বছৰি ব্যৱহাৰ কৰাতকৈ সময়ে সময়ে সেইবোৰ সলনি কৰিব লাগে। একেটা ব্ৰিডিং পুলত এটা জাতিৰ মাছহে প্ৰজনন কৰিব লাগে যাতে তাত In-breeding হোৱাৰ সম্ভাৱনা নাথাকে।

গতিকে বছৰেকীয়া মীনপালন পদ্ধতিত গুণগত মানৰ মীনপোনা নিশ্চিত কৰিবলৈ ওচৰ-চুবুৰীয়া অথবা জনা-শুনা উৎপাদন কেন্দ্ৰৰ পৰাহে উৎপাদিত মীনপোনা পুখুৰীত মেলিব লাগে।

মীন পালনৰ পৰা অধিক উৎপাদন পাবলৈ মীনপালকসকলে বছৰেকীয়া মীনপোনা (আগৰ বছৰত মজুত কৰি ৰখা)হে পুখুৰীত মেলিব লাগে। মাছৰ পোনা মেলাৰ পিছৰে পৰা পুখুৰীত নিয়মীয়াকৈ পৰিপূৰক খাদ্য যোগান ধৰিব লাগে। মীনপালনৰ ব্যয় সংকোচন কৰিবলৈ পশু-পক্ষী অথবা জীৱ-জন্তুৰ সমন্বয়ত মীনপালনত গুৰুত্ব দিয়া উচিত।

বিলত আৱেষ্টনী পদ্ধতিত মাছ পালনঃ

 

ভাৰতবৰ্ষৰ পূব আৰু উত্তৰ-পূব অঞ্চলত প্ৰায় ২ লাখ হেক্টৰ মাটিকালি সামৰি বিভিন্ন জলাশয়, বিল আদি আছে। এই জলাশয়বোৰ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ অৱবাহিকাত বিস্তৃত হৈ আছে। অসমৰ বিলসমূহ মাছ উৎপাদনৰ সৰ্ব্বোত্তম আহিলা কিয়নো প্ৰায় ১ লাখ হেক্টৰ মাটিকালি ই আৱৰি আছে আৰু প্ৰতি হেক্টৰত প্ৰতি বছৰে ১০০০ৰ পৰা ১৫০০কিলোগ্ৰাম মাছ উৎপাদনৰ সম্ভাৱনা আছে। আনহাতে, প্ৰতি হেক্টৰ মাটিকালিৰ বিল এটাত বছৰত গড়ে ১৭৩ কিলোগ্ৰাম মাছহে উৎপাদিত হয়। এই পৰিসংখ্যা নিতান্তই নিকৃষ্ট। ইমান কম পৰিমাণৰ উৎপাদনৰ কাৰণবোৰ হ’ল নদীৰ গতিৰোধ, বিস্তৰ পলস আৰু অত্যধিক মাছ মৰা কাৰ্য। মূল নদীৰ সোঁতৰ পৰা বিচ্ছিন্ন হৈ বন্ধ হোৱা আৰু বাৰিষাকালত নদীৰ সংলগ্ন বিলসমূহত উন্নত প্ৰজাতিৰ (১০-১৫ ছেঃমিঃ) মাছ পোনা মেলি দি মাছৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। অৱশ্যে এনে উন্নতজাতৰ মাছপোনা এই বিলসমূহত যথেষ্ট পৰিমাণে পোৱা নাযায়। এই অভাৱ দূৰ কৰিবলৈ বিলত গঁৰাল দি মাছপোনা ডাঙৰ কৰিবলগীয়া হ’ব। এই গঁৰালবোৰকেই পিছলৈ খাদ্য উপযোগী মাছ পোহাৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়। এই পদ্ধতি বিশেষকৈ ঘাঁহ-বনেৰে আবৃত্ত বিলবোৰৰ বাবে উপযুক্ত, কিয়নো এনে বিলত ডাঙৰ হ’বলৈ এৰি দিয়া মাছপোনাসমূহ পুনৰ সম্পূৰ্ণৰূপে ধৰিব নোৱাৰি। চি আই এফ আৰ আয়ে বিল অঞ্চলত বানাৰ সহায়েৰে গঁৰাল সজাই মাছ পোহাৰ এটি সহজ আৰু কম খৰচৰ উপায় উদ্ভাৱন কৰিছে। এই পদ্ধতিৰ বিষয়ে তলত চমু বৰ্ণনা কৰা হ’ল-

স্থান নিৰ্বাচনঃ

গঁৰাল পদ্ধতিৰে মাছ পালনৰ সাফল্যৰ বাবে প্ৰয়োজন উপযুক্ত স্থান নিৰ্বাচনৰ। নিৰ্বাচিত ঠাইখিনি সামান্য এঢলীয়া আৰু অতি কমেও ৪ মাহ পৰ্যন্ত ১-২ মিটাৰ গভীৰতাৰ পানী মজুত থকা হ’ব লাগিব। পানীভাগত সামান্য সোঁত থাকিলে ভাল। অৱশ্য নিৰ্বাচিত অঞ্চলটিত বেছি বতাহ আৰু ঢৌ থাকিব নালাগে। নিৰ্বাচিত ঠাইখিনিত বেছি গছ-গছনি, ঘাঁহ-বন থাকিব নালাগে কিয়নো গছৰ পাত আদি পচি মাটি আৰু পানীখিনি দূষিত হ’ব পাৰে। নিৰ্মাণৰ সহজলভ্য সামগ্ৰী, সস্তীয়া বনুৱা, ভাল যাতায়ত ব্যৱস্থা আৰু সুস্থ সামাজিক বাতাবৰণ (চোৰাং মাছ মৰাৰ ভয় নথকা) আদি পদ্ধতিৰে মাছ পালন কৰাৰ স্থান নিৰ্বাচনৰ ক্ষেত্ৰত লক্ষণীয় বিষয়।

মাছ পালনৰ সময়ঃ

বৰ্ষাকাল আৰু বেছি শীতল মাহকেইটা এই পদ্ধতিৰে মাছ পালনৰ বাবে ঠিক সময় নহয়। অসমৰ বাবে গঁৰাল পদ্ধতিৰে মাছ পালনৰ বাবে (১) ছেপ্তেম্বৰ-ডিচেম্বৰ আৰু (২) ফেব্ৰুৱাৰী-মে’ এই দুয়োটা সময় উপযুক্ত।

গঁৰালৰ পৰিমাণ আৰু আকৃতিঃ

সৰু গঁৰাল চোৱা-চিতা কৰিবলৈ সহজ আৰু খৰচো কম। অৱশ্যে ডাঙৰ আকাৰৰ গঁৰাল মাছ বৃদ্ধিৰ বাবে ভাল আৰু খৰচো কম। সাধাৰণতে ৫০০ বৰ্গ মিঃ কালিৰ গঁৰাল পুখুৰী খৰচ আৰু প্ৰতিপালন দুয়ো দিশৰ পৰাই উপযুক্ত বিবেচনা কৰা হয়।

গঁৰাল নিৰ্মাণঃ

- ৫০০ বৰ্গ মিঃ আয়তনৰ উপযুক্ত স্থানডোখৰ ৫-৮ ছেঃমিঃ ব্যাসৰ বাঁহৰ খুটা ১.৫-২ মিঃ দূৰত্বত পুতি আৱৰি লোৱা হয়। পানীৰ ওপৰফালে প্ৰতিটো খুঁটাৰ ৫০ ছেঃ মিঃ ওলাই থাকিব লাগে।

-  গঁৰালৰ খুঁটাবোৰ আধাফলা বা গোটা বাঁহৰ (৫ ছেঃ মিঃ ব্যাসাৰ্ধ) সহায়ত বান্ধি সংলগ্ন কৰি দিব লাগে।

-  এতিয়া গঁৰালৰ চাৰিওটা দিশ ৪-১০ মিঃ মিঃ ডাঠ বাঁহৰ কামী, নাৰিকলৰ ৰছীৰে বান্ধি বনোৱা বানাৰ সহায়ত আৱৰি লোৱা হয়।

-  গৰালৰ ভিতৰৰ পৰা মাছ বাহিৰলৈ ওলাব নোৱাৰাকৈ সস্তীয়া পলিথিনৰ জাল বানাৰ ভিতৰৰ ফালে চিলাই কৰি দিয়া হয়।

- এতিয়া এই বানাবোৰ খুঁটাৰে আৱৰি ৰখা অৱয়ৱটোৰ ভিতৰৰফালে পানীত ডুবাই দিয়া হয়। এই বানাবোৰ বাঁহৰ কামী আৰু ৰছীৰ সহায়ত খুঁটাৰ লগত বান্ধি ৰখা হয়।

-  জোৰকৈ বতাহ বলি থকা বা পানীৰ সোঁত বেছি থকা বা বানাবোৰ ২ মিটাৰতকৈ ওখকৈ দিব লগা হ’লে ওপৰঞ্চি খুঁটা দিব লাগিব। এই সহায়কাৰী খুঁটাবোৰ গঁৰালটোৰ বাহিৰৰ পৰা ৪৫ ডিগ্ৰী হেলনীয়কৈ বা দুফাল কৰা বাঁহৰ কামিৰে ‘X’ আকৃতি হোৱাকৈ আগতে পোতা খুঁটাত বান্ধি দিব লাগে।

 

মাছপোনা দিয়াৰ আগৰ ব্যৱস্থাঃ

 

-  উন্নত জাতৰ মাছৰ পোনা মেলি দিয়াৰ আগতে ভক্ষণকাৰী পোক-পতংগ, ভেঁকুলী আদি জাল মাৰি বা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি নোহোৱা কৰি ল’ব লাগে।

- ভক্ষণকাৰী আৰু অলাগতিয়াল মাছবোৰ সৰু সৰু ফুটা থকা জাল মাৰি আঁতৰ কৰিব লাগে।

-  মাটিৰ অম্লতা কমাবলৈ আৰু পানী পৰিষ্কাৰ কৰিবলৈ হেক্টৰে প্ৰতি ৫০০-৬৫০ কিঃ গ্ৰাঃ হিচাপত চূণ প্ৰয়োগ কৰিব লাগে।

জানিবলগীয়া কথা-

পুখুৰীৰ পৰা আশানুৰূপ উৎপাদন পাবলৈ হ’লে নিম্নোক্ত কামখিনি সময়মতে কৰাটো নিতান্তই প্ৰয়োজনীয়-

-  পুখুৰীটো আগতীয়াকৈ প্ৰস্তুত কৰি প্ৰয়োজনসাপেক্ষে অন্য উৎসৰ পৰা পানী দি হ’লেও মাৰ্চ-এপ্ৰিল মাহতে নিৰ্দিষ্ট নিৰিখত (প্ৰতিবিঘা পানীকালিৰ পুখুৰীত সৰ্বোচ্চ ১০০০টা) মাছপোনা মেলিব লাগে। আগৰ বছৰতে মজুত কৰি ৰখা মীনপোনা পুখুৰীত মেলিব পাৰিলে মাছৰ বৃদ্ধি আশানুৰূপ হয়।

-  মাছপোনা মেলাৰ পিছদিনাখনৰ পৰাই পুখুৰীত পৰিপূৰক খাদ্য যোগান নিশ্চিত কৰিব লাগে। চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ সমানুপাতত মিহলাই অথবা বজাৰত উপলব্ধ মাছৰ পৰিপূৰক খাদ্য নিয়মিতভাৱে পুখুৰীত প্ৰয়োগ কৰিব লাগে।

-  পুখুৰীত মাহিলি চূণ প্ৰয়োগ (৫ কিঃ গ্ৰাঃ/বিঘা) আৰু জৈৱিক সাৰ (গৰুৰ গোবৰ, হাঁহ-কুকুৰাৰ মল) প্ৰয়োগ নিশ্চিত কৰিব লাগে।

যিহেতু আপোনাৰ তিনিটা পুখুৰী আছে, ইয়াৰে এটা পোনা প্ৰতিপালনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। মীনপোনা প্ৰতিপালন মীন পালনতকৈ অধিক লাভজনক। একবিঘাৰ পানীকালিৰ পুখুৰীত মীনপোনা প্ৰতিপালন কৰি বছৰি প্ৰায় এক লাখ টকা আয় কৰিব পাৰি। তাৰ উপৰি এটা পুখুৰীত বহুবাৰ পোনা মেলি বহুবাৰ মাছধৰা পদ্ধতিত মান পালন কৰিব পাৰে। এনে পদ্ধতিত সৰহকৈ মীনপোনা মেলি পানীৰ গুণাগুণ অনুকূল পৰিসৰত ৰাখি মাছক নিয়মীয়াকৈ খাদ্যৰ যোগান ধৰিব লাগে। একো একোটা মাছ ৫০-১০০ গ্ৰাম হ’লে সেইবোৰ বিক্ৰীৰ ব্যৱস্থা কৰি পুনৰ সৰু আকৃতিৰ পোনা মেলাৰ ব্যৱস্থা কৰিব লাগে। বছৰেকত ৩-৪ বাৰ মাছ বিক্ৰীৰ ব্যৱস্থা কৰি ছেপ্তেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে মাছপোনা প্ৰতিপালন কৰিব পাৰে, যিটো বছৰেকীয়া মীনপোনা হিচাপে বিক্ৰী কৰি লাভৱান হ’ব পাৰি।

এনেদৰে আপোনাৰ তিনিওটা পুখুৰীটে এটাও মীনপোনা প্ৰতিপালন, এটাত বহুবাৰ পোনা মেলি বহুবাৰ মাছধৰা আৰু এটাত বছৰেকীয়া মাছপালন কৰিলে আপুনি নিশ্চয়কৈ লাভৱান হ’ব। তাৰ উপৰি পুখুৰীৰ পাৰবিলাক এনেয়ে পেলাই নথৈ সেইবোৰত বিভিন্ন উদ্যান শস্যৰ খেতি আৰু শাক-পাচলিৰ খেতি কৰিব পাৰে। গ্ৰাছকাৰ্পক নিয়মিতভাৱে যোগান ধৰিবলৈ পুখুৰীৰ পাৰত কলগছৰ খেতি আৰু উন্নত জাতৰ ঘাঁহ (পাৰা ঘাঁহ, নেপিয়াৰ) আদি ৰোপণ কৰিব লাগে।

এনেদৰে বিজ্ঞানসন্মতভাৱে আপোনাৰ পুখুৰী তিনিটাত মীন পালন কৰিলে বছৰি সকলো খৰচ বাদ দি দুই লাখ টকা আয় কৰিব পাৰে।

 

(উৎসঃ অসমীয়া খবৰ)।

2.93023255814
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top