মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছপোনা উৎপাদন তথা থলুৱা মাছৰ সংৰক্ষণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিধি বিধান:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছপোনা উৎপাদন তথা থলুৱা মাছৰ সংৰক্ষণ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিধি বিধান:

মীন পাম এখনৰ উৎপাদন তথা সামগ্ৰিক আয় বৃদ্ধিৰ ক্ষেত্ৰত গুণগত মানৰ মাছ পোনাৰ গুৰুত্ব অপৰিসীম।

 

মীন পাম এখনৰ উৎপাদন তথা সামগ্ৰিক আয় বৃদ্ধিৰ ক্ষেত্ৰত গুণগত মানৰ মাছ পোনাৰ গুৰুত্ব অপৰিসীম।সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে উপযুক্ত বয়স আৰু সঠিক ওজনৰ মাছৰ পৰা পোনা উৎপাদন কৰিলে,তেনে পোনাৰ দৈহিক বৃদ্ধি ত্বৰান্বিত হয়।সীমিত কাৰিকৰী জ্ঞান আৰু সীমিত আন্ত:গাঁথনিৰে জধেমধে পোনা উৎপাদন কৰিলে,তেনে পোনা নিম্নমানৰ হয় আৰু মীন পামৰ সামগ্ৰিক উৎপাদন কমি যায়।গুণগত মানৰ মাছ পোনা উৎপাদন আৰু থলুৱা মাছৰ সংৰক্ষণৰ বাবে অসম চৰকাৰে অসম মীন নীতি 1953 আৰু অসম মীন পোনা আইন 2005 ৰ সফল ৰূপায়নত গুৰুত্ব আৰোপ কৰি আহিছে।মীন পোনা আইন,2005ৰ আধাৰত অসম মীন পোনা নীতি 2010 ও ইতিমধ্যে গৃহীত কৰা হৈছে।গুণগত মাছপোনা উৎপাদনৰ ক্ষেত্ৰত এনে ধৰণৰ প্ৰচেষ্টা দেশৰ ভিতৰতেই প্ৰথম বুলি পৰিগণিত হৈছে।মীন ক্ষেত্ৰখনৰ লগত জড়িত সমূহ ব্যক্তি তথা সৰ্বসাধাৰণ ৰাইজৰ সচেতনা ও সহযোগিতা অবিহনে এই আইনৰ সফল ৰূপায়ন সম্ভৱ নহয়।

মাছ পোনা উৎপাদন্ত ব্যৱহাৰ কৰা প্ৰজননক্ষম মাছৰ নুন্যতম ওজন ভকুৱা,ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্পৰ ক্ষেত্ৰত 3 কেজি,ৰৌ,মিৰিকা মাছৰ ক্ষেত্ৰত 1.5 কেজি,কমনকাৰ্পৰ ক্ষেত্ৰত 1 কেজি আৰু কুঢ়ি মাছৰ ক্ষেত্ৰত 500 গ্ৰাম হোৱাটো বাধ্যতামূলক।তদুপৰি এনেবোৰ মাছৰ নুন্যতম বয়স 2 বছৰ হ’ব লাগিব।

অসম মীন পোনা আইন আৰু নীতি :

 

  • কোনো ব্যক্তি বা সংগঠনে বিভগীয় অনুজ্ঞাপত্ৰ অবিহনে মাছপোনাৰ উপাদান,প্ৰতিপালন আৰু পৰিবহন কৰাটো আইনমতে দণ্ডনীয়।এই আইন প্ৰযোজ্য হোৱাৰ আগৰ পৰা পোনা উৎপাদন,প্ৰতিপালন আৰু পোনা ব্যৱসায় কৰি থকা সকলেও অনুজ্ঞাপত্ৰ গ্ৰহণ কৰাটো বাধ্যতামূলক।
  • মীন পোনা উৎপাদনৰ বাবে ইচ্ছুক সকলে অনুজ্ঞাপত্ৰৰ বাবে নিৰ্দিষ্ট প্ৰ-পত্ৰত প্ৰতি বছৰৰ 31 জানুৱাৰীৰ ভিতৰত জিলা মীন উন্নয়ন বিষয়াক আবেদন কৰিব লাগিব আৰু জিলা মীন উন্নয়ন বিষয়াই চৰজমিন তদন্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।

[থাইলেণ্ড মাগুৰ(Clarias gariepinus)জাপানী কাৱৈ/টিলাপিয়া(Oreochromis spp)বিগহেডকাৰ্প(Aristichthys nobilis)আদি মাছৰ পোনা উৎপাদন তথা প্ৰতিপালন কৰাটো আইনমতে দণ্ডনীয়।]

  • মীন পোনা উৎপাদনকাৰীয়ে বিভাগীয় বিধি-বিধানৰ আওতাৰ ভিতৰত পোনা উৎপাদন কৰিব লাদিব আৰু প্ৰয়োজন সাপেক্ষে বিভাগে প্ৰদান কৰা সংশ্লিষ্ট বিষয়ক প্ৰশিক্ষণ গ্ৰহণ কৰাটো বাধ্যতামূলক।
  • অনুজ্ঞাপত্ৰ এবছৰৰ বাবে প্ৰদান কৰা হয় আৰু পৰৱৰ্তী বৰ্ষসমূহত নিৰ্দ্ধাৰিত সময়ত ইয়াৰ নবীকৰণ কৰাটো বাধ্যতামূলক।
  • মীন পোনা উৎপাদন কেন্দ্ৰটিত বিজ্ঞানসন্মত নুন্যতম আন্ত:গাঁথনি থকাটো বাধ্যতামূলক।ইয়াৰ অবিহনে বিভাগীয় অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে।
  • অনুমোদিত আৰু নিৰ্দিষ্ট ওজনৰ মাছৰহে প্ৰজনন তথা পোনা উৎপাদন কৰিব লাগে।
  • পোনা উৎপাদনৰ বাবে ব্যৱহাৰ হ’বলগীয়া মাছৰ কমেও 30% অন্য পোনা উৎপাদনকাৰীৰ সতে সলনি কৰি ল’ব লাগে।এই ব্যৱস্থাৰে স্ব-বংশীয় প্ৰজনন(Inbreeding)হ্ৰাস কৰিব পৰা যায়।প্ৰাকৃতিক উৎস যেনে-নদী,বিল আদিৰ পৰা সংগ্ৰহ কৰা মাছৰ পৰা পোনা উৎপাদন কৰিলে পোনাৰ গুণগত মান উন্নত হয়।
  • একেটা উৎপাদন কক্ষতে (Breeding pool)একে সময়তে একাধিক প্ৰজাতিৰ মাছৰ প্ৰজনন কৰিব নালাগে।এনে কৰিলে বৰ্ণসংকৰ প্ৰজনন(Cross breeding) হ’ব পাৰে,ফলত উৎপাদিত পোনাৰ আনুবংশিক পৰিবৰ্তন হোৱাৰ লগতে গুণগত মান হ্ৰাস হোৱাৰ আশংকা থাকে।
  • মাছ পোনা উৎপাদনকাৰী,মাছ পোনা প্ৰতিপালক তথা মাছপোনা ব্যৱসায়ীসকলে পঞ্জীকৰণ তথা অনুজ্ঞাপত্ৰ(Licence)পাবৰ বাবে সংশ্লিষ্ট জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ত যোগাযোগ কৰিব লাগিব।

অনুজ্ঞাপত্ৰ পঞ্জীকৰণৰ মাচুলৰ নিৰিখ:

 

শ্ৰেণী

উৎপাদন ক্ষমতা/পানীকালি

মাচুলৰ পৰিমাণ(টকা)

পোনা উৎপাদনকাৰী

ক)প্ৰতিবছৰে 5 নিযুতলৈকে স্প’ন

খ)প্ৰতিবছৰে 5-50 নিযুতলৈকে স্প’ন

গ)প্ৰতিবছৰে 50 নিযুতৰ ওপৰত স্প’ন

1000.00

3000.00

5000.00

পোনা প্ৰতিপালনকাৰী

ক)পানীকালি 1 হেক্টৰলৈকে

খ)পানীকালি 1 হেক্টৰৰ ওপৰত

500.00

1000.00

পোনা ব্যৱসায়ী

ক)হাণ্ডীৱালা

খ)পাইকাৰী বিক্ৰেতা/পোনা বিক্ৰি বজাৰৰ মালিক

গ)পোনা আমদানীকাৰী

ঘ)পোনা ৰপ্তানীকাৰী

50.00

5000.00

5000.00

2500.00

  • অনুজ্ঞাপত্ৰ নৱীকৰণৰ বাবে মাচুলৰ নিৰিখ হ’ল পঞ্জীকৰণ মাচুলৰ 10%(দহ শতাংশ)

অসম মীন নীতি,1953(সংশোধিত 2005)অনুসৰি প্ৰাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ,বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰজনন কালছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান বাধা নিষেধ জাৰি কৰা হৈছে।এই সমূহ থোৰতে এনে ধৰণৰ-

  • লিজত বা ডাকত লোৱা মীন মহলৰ কোনো মহলদাৰে পানী সিচি মীন মহল শুকাই পেলাব নোৱাৰিব আৰু লিজত লোৱা মীন মহল মেটেকা,জলজ উদ্ভিদ আদিৰ পৰা চাফা কৰি ৰাখিব লাগিব।
  • কোনো ঘোষিত মীন মহলত মহলদাৰ বা অন্য কোনোৱে মৰাপাট গোৰাৱ নোৱাৰিব।
  • 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ 7 ছে:মি: বাৰ/14 ছে:মি: তকৈ কম পাহিৰ বেৰজাল,মহাজাল,ফাঁচিজাল বা অন্য যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ।
  • 1 ছে:মি: বা/2 ছে:মি: তকৈ কম পাহিৰ আঠুৱাজাল গোটেই বছৰজুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ।
  • 1 মে’ৰ পৰা 15 জুলাইলৈ মাছৰ পজনন ঋতুৰ সময়ত ৰৌ,বাহু,মিৰিকা,মালি(কলিয়াজাৰ) চিতল,খৰিয়া,পিঠিয়আ,ঘৰীয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী বা শুক্ৰ থকা গাভিনী মাছ ঘোষিত মীন মহলত মাৰিব নোৱাৰিব।
  • 1 আগষ্টৰ পৰা 31 অক্টোবৰলৈ ৰৌ,বাহু,মিৰিকা,চিতল,খৰীয়া,পিঠিয়া,ঘৰীয়া আদি মাছৰ 23 ছে:মি: দৈৰ্ঘ্যতকৈ তলৰ আৰু মালি (কলিয়াজাৰ),ভাঙোন,কুঢ়ি মাছৰ 10 ছ:মি: দৈৰ্ঘ্যতকৈ সৰু মাছ,খোৱা বা বেচাৰ বাবে ধৰিব অথবা মাৰিব নোৱাৰিব।সৰু মাছৰ ক্ষেত্ৰত উক্ত বাধা নিষেধ মীন বিভাগৰ অনুমতি সাপেক্ষে কেবল ‘মীন পালন’ৰ বাবে শিথিলকৰণ হ’ব পাৰে।
  • যদি মাছ ধৰাৰ সময়ত তেনে মাছ জালত পৰে,তেনেহ’লে জীয়াই জীয়াই উক্ত মীনমহলত এৰিব লাগিব নাইবা মীন বিভাগে সময়ে সময়ে নিৰ্দ্ধাৰিত কৰি দিয়া মূল্যত মীন বিভাগক যোগান ধৰিব লাগিব।
  • 1 মে’ৰ পৰা 15 জুলাইলৈ কোনো নদী,ডোবা,বিল বা মীন মহলত 7 বৰ্গ ছে:মি:তকৈ সৰু ফাঁকৰ অস্থাবৰ ‘বানা’(বাঁহেৰে তৈয়াৰী মাছ ধৰা সজুঁলি)মাছ ধাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।

ওপৰত উল্লেখ কৰা নিষেধাজ্ঞা সমূহ বা আইনৰ অন্যান্য বিধি ভঙ্গ কৰিলে অসম মীন আইনৰ 22 নং আৰু 41 নং ধাৰা অনুসৰি আইন ভঙ্গকাৰী সকলক সৰ্বনিম্ন 1000 টকাৰ পৰা 5000 টকালৈকে জৰিমনা বিহা হ’ব পাৰে।যদিহে এবাৰ জৰিমনা ভৰাৰ পিছত পুনৰবাৰ ভঙ্গ কৰে তেনেহ’লে প্ৰথমবাৰ ভঙ্গ কৰা দিনৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে 100 টকাকৈ জৰিমনা ভৰিব লাগিব।

আনহাতে উক্ত জৰিমনা ভৰাৰ উপৰিও তেনে কামৰ বাবে ব্যৱহাৰ হোৱা জাল,অন্যান্য মাছ ধৰা সজুঁলি আদি বাজেয়াপ্ত কৰিব পাৰে।লেচী বা মহলদাৰে এনে আইন ভঙ্গ কৰিলে মীন মহলত বন্দোবস্তী নাকচ হ’ব পাৰে আৰু আমানত ধনো বাজেয়াপ্ত কৰা হ’ব পাৰে।

ভাৰতীয় মীন আইন 1897ৰ 7(1)ধাৰা আৰু মীন আইন 1953 চনৰ 27 নং ধাৰা অনুসৰি উক্ত আইন ভঙ্গকাৰী সকলক দণ্ডাধীশ,আৰক্ষী বিষয়া তথা মীন বিভাগৰ সম্প্ৰসাৰণ বিষয়া বা তাতকৈ উচ্চ পৰ্যায়ৰ যিকোনো বিষয়াই গ্ৰেপ্তাৰ কৰাৰ উপৰিও বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

উৎস:মীন বিভাগ,অসম চৰকাৰ

2.9756097561
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top