মানুহ বা জন্তুৰ ৰোগ নিৰাময়ত অতীজৰেপৰা বন দৰব ব্যৱহাৰ হৈ আহিছে। কিন্তু মাছৰ ৰোগ নিৰাময়ত ইয়াৰ ব্যৱহাৰ খুবেই নতুন।
ভাৰতবৰ্ষত মীন বিজ্ঞানীসকলে বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত মত পোষণ কৰিছিল যে অন্য জীৱৰ দৰে মাছৰ ৰোগ নিৰাময়তো বনৌষধ ব্যৱহাৰ কৰিব পাৰি।
আমাৰ চাৰিওফালে অতি সহজতে পোৱা বনৌষধ-
এই ৰোগবোৰ নিৰ্মূলকৰণৰ বাবে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ১৯৯০ চনত কলকাতাত অৱস্থিত ভাৰতীয় কৃষি অনুষদৰ অধীনত থকা চিফা(CIFA)ৰ মীন বিজ্ঞানীসকলে কেইবালানি পৰীক্ষা চলাইছিল।
এই পৰীক্ষাৰ অন্তত তেওঁলোকে ব্যক্ত কৰিছিল যে-
ক)বনৌষধৰ ব্যৱহাৰৰদ্বাৰা পানীৰ গুণাগুণ নষ্ট নহয়।
খ)অইন ৰাসায়নিক দ্ৰব্যৰ তুলনাত বনৌষধৰ খৰচৰ মাত্ৰা কম।
গ)ইয়াৰ ব্যৱহাৰ পুখুৰীত কৰাৰ ফলত কোনো বিপৰীত ক্ৰিয়া পৰিলক্ষিত নহয়।
ঘ)মাছৰ ৰোগবোৰ অতি কম দিনৰ ভিতৰত সম্পূৰ্ণৰূপে নিৰ্মূল হয়।
ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মাছৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে বনৌষধৰ ব্যৱহাৰ হৈছে যদিও ইয়াৰ প্ৰচাৰ বহুলভাৱে নোহোৱা বাবে ই মীনপালকৰ বাবে এতিয়াও নতুন হৈ আছে।
এই নিবন্ধত মাছৰ দেহত দেখা দিয়া ৰোগ নিৰাময়ৰ বাবে বন দৰবৰ ব্যৱহাৰ সম্পৰ্কে আলোকপাত কৰিম-
ক)মাছৰ ঘা মহামাৰী(ই ইউ এছ) ৰোগবিধ শীতকালত হয়। এই ৰোগ পুখুৰীত দেখা দিলে একে সময়তে একেলগে একে প্ৰজাতিৰ সকলো মাছ মৃত্যুমুখত পৰে।
পুখুৰীত এই ৰোগত মাছ আক্ৰান্ত হোৱা মানেই হ’ল মীনপালকজন লোকচানৰ সন্মুখীন হোৱা।
এই ৰোগে দেখা দিলে প্ৰথমে মাছৰ দেহত ৰঙা চিহ্ন পৰে, পিছত ই ঘালৈ ৰূপান্তৰিত হয় আৰু মাছৰ মৃত্যু হয়।
এই ৰোগবিধ পুখুৰীত হোৱাৰ পিছত চিকিৎসা কৰাতকৈ তাক কেনেকৈ নোহোৱা কৰি ৰাখিব পাৰি, তাত গুৰুত্ব দিব লাগে।
পুখুৰীত সময়মতে চূণ, সাৰ, খাদ্য আদি দি থকাৰ উপৰি পানীৰ গুণাগুণ পৰীক্ষা কৰি থাকি ওচৰত থকা মীন উন্নয়ন বিষয়াৰপৰা পৰামৰ্শ লৈ আগবাঢ়িলে এই ৰোগবিধ হোৱাৰ প্ৰাৱল্য যথেষ্ট কম হয়।
যিহেতু শীতকালি এই ৰোগবিধ হোৱাৰ প্ৰৱণতা বেছি, সেয়েহে এই সময়ছোৱাত পুখুৰীত সঘনাই জাল মাৰিব নালাগে।
জাল মাৰিলে জালখন পটাছিয়াম পাৰমাংগানেট দ্ৰৱনত ডুবাই শোধন কৰাৰ পিছত পুখুৰীয় ব্যৱহাৰ কৰিব লাগে।
মাছৰ অত্যধিক ভয়াৱহ এই ৰোগবিধ বনৌষধ ব্যৱহাৰ কৰি নিৰাময় কৰিব পাৰি।
বনৌষধ:
হালধি গুড়ি।
মিশ্ৰণ:
এক হেক্টৰ পানীকালিৰ বাবে ১০ কিলোগ্ৰাম হালধি গুড়ি+১০০ কিলোগ্ৰাম চূণ।
জোখমতে চূণ লৈ পানীত গুলি ল’ব লাগে। চূণ-পানী মিশ্ৰণখিনি ঠাণ্ডা হোৱাৰ পিছত তাত হালধি গুড়ি মিহলি কৰি ভালদৰে লৰাব লাগে।
এনেদৰে এনিশা ৰাখি পিছদিনা পুখুৰীৰ পানীত ছটিয়াই দিব লাগে।
মিশ্ৰণটো দুটা সমভাগত ভগাই এটা ভাগ দিয়াৰ ৫-৭ দিনৰ অন্তৰত আনটো ভাগ পুখুৰীত দিব লাগে।
খ)মিক্স’ব’লিঅ’চিছ:
মিক্স’ব’লাছ নামৰ এবিধ আদ্যপ্ৰাণীৰ আক্ৰমণৰ বাবে দেখা দিয়া ৰোগবিধ হ’ল মিক্স’ব’লিঅ’চিছ। এই ৰোগবিধ প্ৰধানকৈ বাহু মাছৰ ফ্ৰাই আৰু ফিংগাৰলিঙত হোৱা দেখা যায়।
ই-
জলক্লোমত গঠন হোৱা দেখা যায়।
ই জলক্লোম, ছাল, পাখি, বৃক্ক আদিত ‘চিষ্ট’ গঠন কৰে। জলক্লোমত গঠন হোৱা চিষ্টৰ বাবে মাছে উশাহ-নিশাহত পোৱা বাধাৰ বাবে বনৌষধ ব্যৱহাৰ কৰিব পাৰি-
বনৌষধ:
নহৰু।
মিশ্ৰণ:
এক হেক্টৰ পানীকালিৰ বাবে ১০ কিলোগ্ৰাম নহৰু+১০০ কিলোগ্ৰাম নিমখ।
প্ৰস্তুতি:
জোখমতে নহৰু পিহি তাক নিমখ পানীত মিহলাই পুখুৰীত ছটিয়াই দিব লাগে।
প্ৰয়োগ:
গোটেইখিনি মিশ্ৰণ এবাৰতে পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। ১৫-২০ দিনৰ ভিতৰত ৰোগবিধ নিয়ন্ত্ৰিত হোৱা দেখা যায়।
গ)আৰ্গুল’চিছ:
আৰ্গুলাছ নামৰ এবিধ ওকনিৰ বাবে এইবিধ ৰোগ হয়। মাছৰ দেহত খালী চকুৰে পৰিলক্ষিত এই ওকনিৰ বাবে মাছৰ বাকলি সৰে, প্ৰথমতে ৰঙা দাগ পৰে আৰু পিছলৈ ইয়ে ঘালৈ ৰূপান্তৰিত হৈ মাছৰ মৃত্যু ঘটাব পাৰে।
ৰৌ মাছত খুব বেছিকৈ এই ৰোগ দেখা যায়। এই ৰোগবিধ নিৰাময়ৰ পদ্ধতি হ’ল এনেধৰণৰ-
বনৌষধ:
পিঁয়াজ।
মিশ্ৰণ প্ৰস্তুতি:
৩ শতাংশ হাৰত পিঁয়াজ পিচি তাক নিমখৰ দ্ৰবত মিহলাই আক্ৰান্ত মাছ ২-৩ মিনিট ডুবাই পুনৰ পুখুৰীত মেলি ল’ব লাগে।
এনেদৰে ইয়াক পুখুৰীৰ পানীতো প্ৰয়োগ কৰিব পাৰি।
ঘ)ট্ৰাইক’ডিন’চিছ:
ই এবিধ আদ্যপ্ৰাণীজনিত ৰোগ। এইবিধ ৰোগৰ বাবে-
এই ৰোগবিধ নিৰ্মূলৰ পদ্ধতি এনেধৰণৰ-
বনৌষধ:
নহৰু।
১ পি পি এম নহৰু আৰু ১০ পি পি এম ছডিয়াম ক্ল’ৰাইড মিহলি কৰি পুখুৰীত দিলে সুফল পোৱা যায়।
ঙ)গাইৰ’ডেকটাইলাছ:
ই কৃমিজনিত ৰোগ। ইয়াৰ বাবে মাছৰ গা শেতা পৰে, জলক্লোমৰ ৰং মটীয়া হয়, জলক্লোম পিছত খহি পৰে আৰু গাত ঘা হয়।
এই ৰোগবিধ আমাৰ জলাশয়ত কম দেখা যায় যদিও ই এবিধ মাৰাত্মক ৰোগ, ইয়াৰ প্ৰতিকাৰৰ পদ্ধতি হ’ল-
বনৌষধ:
নহৰু।
মিশ্ৰণ প্ৰস্তুতি:
০.৪ পি পি এম নহৰু আৰু ১০ পি পি এম হাৰত ছডিয়াম ক্ল’ৰাইড মিহলাই চিকিৎসা কৰিলে সুফল পোৱা যায়।
মাছৰ ৰোগ চিনাক্তকৰণৰ জৰিয়তে বনৌষধ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
আমাৰ মীনপালকসকলে ওচৰৰ মীন বিভাগৰ বিষয়াৰ লগত যোগাযোগ কৰি মাছৰ ৰোগ চিনাক্ত কৰি ওপৰত আলোচনা কৰা ধৰণে যদি বনৌষধ ব্যৱহাৰ কৰে, তেনেহ’লে অতি কম খৰচত মাছৰ ৰোগ নিৰাময় কৰিবলৈ সক্ষম হয়।
পুখুৰীত ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰৰ ফলত পানীত পাৰ্শ্বক্ৰিয়া হ’ব পাৰে, কিন্তু বনৌষধ ব্যৱহাৰ কৰাৰ ফলত বিপৰীত ক্ৰিয়া নহয় আৰু পানীৰ গুণাগুণ নষ্ট নহয়।
আমি যদি ৰাসায়নিক ঔষধ পুখুৰীত ব্যৱহাৰ কৰোঁ, তেনেহ’লে তাৰ জোখ-মাফত যদি হীন-ডেঢ়ি হয়, তেনেহ’লে মাছৰ দেহত ক্ৰিয়া কৰিব পাৰে, কিন্তু বনৌষধৰ ব্যৱহাৰত অলপ পৰিমাণৰ খেলিমেলি হ’লেও পানীৰ গুণাগুণ নষ্ট নহয়।
সেয়েহে আমাৰ মীনপালকসকলে মাছ পালন কৰা পুখুৰীত যিমান পাৰি সিমান কমকৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে।
মনত ৰখা উচিত যে ৰাসায়নিক দ্ৰব্যৰ ক্ৰিয়া আমাৰ শৰীৰতো হ’ব পাৰে। গতিকে আমাৰ মীনপালকসকলে পুখুৰীত মাছৰ ৰোগ নোহোৱাকৈ ৰাখিবৰ বাবে যত্ন কৰিব লাগে আৰু সহজলভ্য বন দৰবৰ উচিত ব্যৱহাৰৰ জৰিয়তে পুখুৰীত দেখা দিয়া মাছৰ ৰোগ নিৰ্মূল কৰাৰ বাবে আগবাঢ়ি আহিব লাগে।
লেখক: প্ৰতুল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/21/2020