মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছৰ পোনা উৎপাদন-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছৰ পোনা উৎপাদন-

অসমত বছৰি প্ৰায় ৩৫০ কোটি ফ্ৰাই মীন পোনা উৎপাদন হয় আৰু সিংহভাগেই উৎপাদন হয় ইক’ হেচ্ছাৰীৰ জৰিয়তে।

 

হেচ্ছাৰীত ল’বলগীয়া ব্যৱস্থাঃ

 

অসমত বছৰি প্ৰায় ৩৫০ কোটি ফ্ৰাই মীন পোনা উৎপাদন হয় আৰু সিংহভাগেই উৎপাদন হয় ইক’ হেচ্ছাৰীৰ জৰিয়তে। কৃত্ৰিমভাৱে মাছ পোনা উৎপাদনৰ বাবে ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত প্ৰায় দুই শতাধিক ইক’ হেচ্ছাৰী আছে। মীন পোনা উৎপাদনকাৰীসকলৰ আন্তঃগাঁথনি হেচ্ছাৰীবিলাক পূৰ্ণ পৰ্যায়ৰ আৰু মিনি হেচ্ছাৰী আদি ভাগত ভগোৱা হয়। ৰাজ্যখনত উপলব্ধ হেচ্ছাৰীসমূহৰ ভিতৰত মিনি হেচ্ছাৰীৰ সংখ্যাই সৰহ। মীন পোনা উৎপাদনকাৰীসকলে পোনাৰ গুণগত মানৰ ওপৰত গুৰুত্ব প্ৰদানৰ সময় আহি পৰিছে। গুণগত মানৰ পোনা উৎপাদনৰ বাবে হৃষ্ট-পুষ্ট গাভিনী মাছ বাছি উলিয়াব লাগে। পোনা জন্ম দিয়াৰ ২-৩ মাহ আগতে তেনে গাভিনী মতা আৰু মাইকী মাছক পৃথক পৃথক কৰি ৰাখিব লাগে আৰু উপযুক্ত খাদ্য খুৱাই প্ৰজননৰ বাবে উপযুক্ত ব্যৱস্থা কৰি তুলিব লাগে। একেটা ব্ৰিডিং পুলতে একে সময়তে বেলেগ বেলেগ প্ৰজাতিৰ মাছৰ প্ৰজনন কৰিলে ইয়াত উৎপাদিত পোনাবোৰৰ বহুসংখ্যকৰ নিজস্ব মান বিলুপ্ত হয়। তদুপৰি বছৰি একেখিনি মাছকে প্ৰজননৰ বাবে ব্যৱহাৰ নকৰি এইবোৰ মাজে মাজে সলনি কৰাৰ ব্যৱস্থা কৰিব লাগে। যিহেতু আগতীয়া মীন পোনাৰ বজাৰ চাহিদা সৰ্বাধিক, সেয়েহে মীন পোনা উৎপাদনকাৰীসকলে মাৰ্চ মাহতে বিদেশী মূলৰ প্ৰজাতি যেনে- গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প আৰু ভাৰতীয় মূলৰ প্ৰজাতিৰ ৰৌ, বাহু, মিৰিকা আদি মাছৰ পোনা উৎপাদন কৰিবলৈ যত্ন কৰিব লাগে। আগতীয়াকৈ মীন পোনা উৎপাদন কৰিবলৈ নিম্নোক্ত ব্যৱস্থাসমূহ ল’ব পাৰি।

প্ৰজনন-

 

প্ৰজননৰ বাবে উপযুক্ত মাছখিনি ৰখা পুখুৰীটোত পানীৰ গুণাগুণ অনুকূলতম পৰিসৰত ৰাখিব লাগে। ওচৰত জান, জুৰি বা জলসিঞ্চনৰ ব্যৱস্থা থাকিলে ইয়াৰ পানী ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এনে পানীত আইৰণৰ পৰিমাণ কম থাকে আৰু পানীৰ মুঠ ক্ষাৰকতা আৰু মুঠ কঠিনতা অনুকূল পৰুসৰত থাকে। প্ৰজননৰ বাবে পানীৰ অনুকূলতম উষ্ণতা হোৱাৰ লগে লগে পলম নকৰি জলসিঞ্চনৰ সুবিধা নথকা এলেকাতো পাম্পৰ জৰিয়তে তলিৰ পৰা পানী উঠোৱা পুখুৰীৰ পানী মাছৰ প্ৰজননৰ বাবে উপযুক্ত কৰি তুলিব পাৰি। মাছ পোনা উৎপাদনকাৰীসকলে পানীৰ তলিৰ পৰা পানী উঠাই মীন পোনা উৎপাদনৰ বাবে ব্যৱহাৰ কৰে। এনে কৰোতে পানীখিনি বালি ফিল্টাৰ কৰিহে ব্যৱহাৰ কৰিব লাগে। মাছৰ আৱিষ্ট প্ৰজননৰ বাবে উপলভ্য হৰম’ন যেনে- অভাপ্ৰিম, অভাটাইড অথবা অ’পাডেল ব্যৱহাৰ কৰা হয়। কিন্তু পোনা উৎপাদনৰ আৰম্ভণী সময়ত হৰমন ব্যৱহাৰ কৰাতকৈ পিটুইটাৰী গ্ৰন্থিৰ ব্যৱহাৰহে অধিক ফলপ্ৰসূ বুলি চিহ্নিত হৈছে। এই গ্ৰন্থি ব্যৱহাৰ কৰিলে উৎপাদন ব্যয় হ্ৰাস হয় আৰু মাইকী মাছজনীয়ে অকল পুষ্ঠ কণী কৰ্মীহে এৰে বাবে উৎপাদিত মাছৰ পোনাৰ মৃত্যুৰ হাৰ কম। প্ৰজনন ব্যৱহৃত পানীৰ উৎস পুখুৰীত যদি প্ৰৱকৰ পৰিমাণ অধিক থাকে, তেন্তে পোনা উৎপাদন বাধাপ্ৰাপ্ত হব পাৰে। সেইকাৰণে জলধাৰাত পানীখিনি বালি ফিল্টাৰত ভালকৈ পৰিষ্কাৰ কৰিব পাৰিলে ভাল।

ৰাজ্যখনত মাছ পোনা উৎপাদনৰ বাবে ১৯৮২-৮৩ চনতে নগাঁৱ জিলাৰ হোজাই মহকুমাৰ অন্তৰ্গত নীলবাগান আৰু মোৰাঝাৰত প্ৰথম ইক হেচ্ছাৰী নিৰ্মাণ কৰা হৈছিল আৰু এই হেচ্ছাৰীৰ জৰিয়তে ১৯৮৪ চনৰ পৰা বাণিজ্যিকভাৱে মাছ পোনা উৎপাদন সম্ভৱ হয়। এতিয়া এই অঞ্চলত অৰ্ধ শতাধিক পোনা উৎপাদন কেন্দ্ৰত পাঁচ শতাধিক লোক মীন পোনা উৎপাদনৰ লগত আৰু প্ৰায় দহ সহস্ৰাধিক লোক মীন পোনা প্ৰতিপালনৰ লগত জড়িত হৈ আছে।

নীলবাগান আৰু মোৰাঝাৰৰ সাফল্যৰ দহ বছৰমানৰ পাছত নগাঁৱ জিলাৰ টুকটুকী অঞ্চলত মীন পোনা উৎপাদনৰ হেচ্ছাৰী স্থাপন কৰা হয়। বৰ্তমান এই অঞ্চলত অৰ্ধ শতাধিক হেচ্ছাৰীত বিভিন্ন প্ৰজাতিৰ মাছ পোনা উৎপাদিত হৈ আছে।

তাৎপৰ্যপূৰ্ণ কথা যে একো একোটা অঞ্চলত ইমানবোৰ পোনা উৎপাদন কেন্দ্ৰ সম্পূৰ্ণ সক্ৰিয় হৈ থকাৰ মূলতে হল ইয়াত উৎপাদিত মীন পোনাৰ গুণগত মান তথা উৎপাদনকাৰীসকলে লোৱা সময়োপযোগী ব্যৱস্থাৱলী। দুৰ্ভাগ্যবশতঃ ৰাজ্যখনত বহুতো মীন পোনা উৎপাদন হেচ্ছাৰী কাৰ্যক্ষম নহয়। ইয়াৰ কাৰণ হিচাপে পোনা উৎপাদনকাৰীসকলৰ কাৰিকৰী জ্ঞানৰ অভাৱ তথা উপযুক্ত বজাৰ আদি গঢ়ি তোলাৰ অপাৰগতা। মীন পোনাৰ উপযুক্ত বজাৰ নাথাকিলে পোনা উৎপাদন হেচ্ছাৰী কেতিয়াও ব্যৱসায়িক দিশত সফল হ’ব নোৱাৰে।

(উৎসঃ অসমীয়া খবৰ, ড সঞ্জয় শৰ্মা)।

2.91111111111
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top