অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাছৰ ৰোগ চিনাক্তকৰণ আৰু নিৰাময়

মাছৰ ৰোগ চিনাক্তকৰণ আৰু নিৰাময়

চমু বিৱৰণ

মীন পাম এখনৰ সফলতাৰ হাৰ নিৰ্ভৰ কৰে পামখন পৰিচালনাৰ ওপৰত| উপযুকিত সময়ত উপযুক্ত ব্যৱস্থা গ্ৰ্হণ নকৰিলে পামৰ পৰা হ’ব লগা লাভৰ তাৰতম্য ঘটে| আনহাতে, সময়ৰ লগত খোজ মিলাই সম্পূৰ্ণ বৈজ্ঞানিক কৌশলেৰে মাছ পালন কৰিলে আমি ভবামতেই লাভ পাব পাৰো| কেতিয়াবা আমি আমাৰ মীন পাম পৰিচালনাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবে লোকচান ভৰিব লগা হয়| মাছ পালনত মন কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মাছৰ বেমাৰ| শীতকাল হৈছে মাছৰ বেমাৰৰ আচল সময়| বাৰিষা যোৱাৰ লগে লগে শীতকালত উষ্ণতা কমি আহে আৰু আমাৰ পামত মাছৰ ৰোগ দেখা দিয়াৰ প্ৰাবল্য বাঢ়ি যায়| সেয়ে এই সময়ছোৱাত আমাৰ মীনপালক সকলে অতি মনোযোগ দিয়া দৰকাৰ| মাছৰ বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰি তাক ভাল কৰাতকৈ পুখুৰীত বা মীন পামখনত বেমাৰ নোহোৱাকৈ কেনেদৰে ৰাখিব পাৰি তাৰ ওপৰত গুৰুত্ব দিব লাগে| শীতকালি পুখুৰীত মাছে যাতে বেমাৰৰ সম্মুখীন নহয়, তাৰ বাবে ছেপ্তেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত পুখুৰীত মাহেকীয়া কিস্তিৰ চূণৰ লগত হালধী গুড়ি মিহলি কৰি পানীত ছটিয়াই দিব লাগে| আজিকালি বিভিন্ন ৰাসায়নিক ঔষধ বজাৰত পোৱা যায়| সেয়ে তেনেধৰণৰ ঔষধ আনি ঠাণ্ডাৰ মাহকেইটাত প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰিব লাগে| ৰাসায়নিক ঔষধৰ ক্ষেত্ৰত মীন সম্প্ৰসাৰণ বিষয়াৰ পৰামৰ্শ লোৱা দৰকাৰ|

মাছৰ বেমাৰ চিনাক্তকৰণ, সম্ভাব্য কাৰণ আদি জনাটো যদিও সহজ নহয়, তথাপি মাছৰ আচৰণ লক্ষ্য কৰি আমাৰ মীনপালক সকলে মাছৰ বেমাৰ সম্পৰ্কত এক ধাৰণা পাব পাৰে| বিজ্ঞানী সকলে উৎপত্তিৰ কাৰণৰ ওপৰত নিৰ্ভৰ কৰি মাছৰ ৰোগসমুহক প্ৰধানকৈ পাঁচটা ভাগত ভাগ কৰিছে-

১) পাৰিপাৰ্শ্বিকতাজনিত ৰোগ,

২) ৰোগদজনিত ৰোগ,

৩) পুষ্টিজনিত ৰোগ,

৪) জন্মাবধি ৰোগ,

৫) পৰিচালনজনিত ৰোগ|

পাৰিপাৰ্শ্বিকতাজনিত ৰোগ:-

এই ৰোগৰ মুল কাৰণ হ’ল মাটি আৰু পানীৰ ভৌত-ৰাসায়নিক গুণৰ প্ৰতিকূল অৱস্থা| ইয়াৰ ফলত মাছৰ ছালৰ তলত দেখা দিয়া গেছ বাবল, মাছে পানীৰ উপৰিভাগলৈ আহি কাপ কাপ কৰা, মাছৰ দেহৰ পৰা শ্লেষ্মা অতিৰিক্তভাৱে নি:সৰণ হোৱা আদি বিভিন্ন ৰোগ হয় আৰু মাছ মৃত্যু মুখত পৰে| এই ৰোগৰ মূল কাৰক সমুহৰ ভিতৰত দ্ৰৱীভূত অম্লজান, নাইট্ৰ’জেন, এঙাৰ গেছ, হাইড্ৰ’জেন ছালফাইড আদি গেছৰ পৰিমাণ নিয়মীয়া লেভেলতকৈ বেছি হোৱা, দ্ৰৱীভূত অম্লজানৰ নাটনি হোৱা, পানীৰ উষ্ণতা বৃদ্ধি, শেলাইৰ অতিচাৰ বৃদ্ধি, এম’নিয়া গেছৰ বৃদ্ধি আদিয়ে প্ৰধান|

ৰোগদজনিত ৰোগ:-

বেক্টেৰিয়া, ভাইৰাচ, ভেঁকুৰ, কৃমি, আদ্যপ্ৰাণী, বলয়ীপ্ৰাণী আদি বিভিন্ন পৰজীৱিৰ আক্ৰমণৰ ফলত যি ৰোগ সৃষ্টি হয় সেইবোৰ ৰোগকে বিজ্ঞানী সকলে এই ভাগত অন্তৰ্ভুক্ত কৰিছে| ইয়াৰ ভিতৰত ড্ৰ’পচী, বাহুমাছৰ ঘাঁ লগা ৰোগ, বেক্টেৰিয়েল চেপ্তিচেমিয়া, বহু মাছৰ চকুৰ ৰোগ, ক’লুমনাৰিছ, পাখি পচা ৰোগ, স্প্ৰে’লেগনিয়াচ্ছি, ব্ৰেংকিঅ’মাইচিছ, কষ্টিয়াচিছ, ইকথিঅ’ফথিৰিয়াচিছ, মিক্স’স্পৰিডিঅ’চিছ, ট্ৰাইক’ডিন’চিছ, ককচিডিঅ’চিছ, লাৰ্ণিঅ’চিছ, এৰ্গাচিল’চিছ আদিয়ে প্ৰধান|

পুষ্টিজনিত ৰোগ:-

মানুহৰ শৰীৰ বৃদ্ধি কিম্বা স্বাস্থ্য ভালে ৰখাৰ বাবে যেনেকৈ শৰ্কৰা, স্নেহ পদাৰ্থ, প্ৰ’টিন, ভিতামিন আদিৰ প্ৰয়োজন হয়, তেনেদৰে মাছকো এইবোৰ বস্তুৰ প্ৰয়োজন হয়| পুষ্টিহীনতাৰ বাবে মাছ প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰোগত পৰিব পাৰে| মাছৰ খাদ্যত বিভিন্ন উপাদানৰ অভাৱৰ বাবে হোৱা ৰোগ সমুহৰ ভিতৰত খাদ্যৰ অভাৱৰ বাবে শীৰ্ণতা, ভিটামিন খ, গ, ঙৰ অভাৱত ৰক্তহীনতা, এনাৰেক্সিলায়, ভিটামিন ক, খ, গৰ অভাৱত  এনাৰেক্সিয়া, ভিটামিন ‘খ’ৰ অভাৱত স্নায়ু দুৰ্বলতা, জলক্লোমৰ ক্ষয়ৰোগ, মাংসপেশীৰ ক্ষয়ৰোগ, জলক্লোমৰ ক্লাবিং, ঘনশ্বাস, চৰ্মৰোগ আদি হোৱা পৰিলক্ষিত হয়|

জন্মাবধি ৰোগ:-

মানুহৰ যেনেদৰে জন্মসূত্ৰে কিছুমান বেমাৰ হয়, তেনেদৰে মাছৰো জন্মগত কাৰণত কিছুমান ৰোগে দেখা দিয়ে| মাছৰ হনু, মূৰ, প্ৰচ্ছদ, জলক্লোম, চকু, পাখি আদিৰ জন্মগত কাৰণত বিকৃতি ঘটিব পাৰে| এই ৰোগ নিয়ন্ত্ৰণৰ বাবে যদি আমি প্ৰজননৰ সময়ত সুস্থ, সবল, নিৰোগী মাছ ব্যৱহাৰ কৰো, তেনেহ’লে এই সমস্যাৰ পৰা হাত সাৰিব পাৰি|

পৰিচালনজনিত ৰোগ:-

পৰিচালনাৰ ভুলৰ বাবে পুখুৰীত মাছৰ বেমাৰ হ’ব পাৰে| উপযুক্তভাৱে মীন পাম পৰিচালনা কৰিলে পুখুৰীত বেমাৰে দেখা নিদিয়ে| সময়মতে পানী পৰীক্ষা কৰা, উপযুক্ত হাৰত চূণ, সাৰ, খাদ্য যোগান ধৰা, জধেমধে জাল মৰা বন্ধ কৰা, জধেমধে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰা আদি কথাবোৰ কাৰ্যকৰী কৰিলে এনেধৰণৰ ৰোগৰ পৰা মাছক ৰক্ষা কৰিব পাৰি|

মাছৰ কেইবিধমান ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ

বাহু মাছৰ ঘাঁ লগা ৰোগ:- এইবিধ ৰোগ এৰ’ম’নাছ গোত্ৰৰ এবিধ বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত হয়| এই ৰোগবিধ হ’লে মূৰ আৰু প্ৰচ্ছদত ঘাঁ হয়, পিছলৈ ই গভীৰ হৈ মূৰলৈকে বিয়পে আৰু মস্তিষ্ক ওলাই পৰে| এই ৰোগ নিয়ন্ত্ৰণ কিম্বা নিৰ্মূলৰ বাবে ৫০০-১০০০ পি পি এম পটাছিয়াম পাৰমেংগানেট দ্ৰৱণত আক্ৰান্ত মাছ খন্তেকৰ বাবে ডুবাই পুখুৰীত মেলিব লাগে| অন্যথা ১.৮-২.০ মিলিগ্ৰাম ষ্ট্ৰেপ্ট’মাইচিন দৰব প্ৰতি কিলোগ্ৰাম খাদ্যৰ লগত মিহলি কৰি আক্ৰান্ত মাছক সাত দিনৰ বাবে খুৱাব লাগে|

বাহু মাছৰ চকুৰ ৰোগ:-

এইবিধ ৰোগ এৰ’ম’নাছ গোত্ৰৰ এবিধ বেক্টেৰিয়াৰ আক্ৰমণৰ ফলত হয়| আক্ৰান্ত মাছৰ চকু ৰঙা পৰে আৰু লাহে লাহে চকুত প্ৰপাত পৰে| এই ৰোগ নিৰাময়ৰ বাবে ০.১ পি পি এম পটাছিয়াম পাৰমাংগেনেট নাইবা ৩০০ পি পি এম চূণ পুখুৰীত দিব লাগে| অন্যথা ৮-১০ পি পি এম ক্ল’ৰ’মাইচেটিন দ্ৰৱণত আক্ৰান্ত মাছক ১ ঘণ্টাতকৈ ২-৩ দিন ডুবাই পুখুৰীত মেলিব লাগে|

ক’লুমনাৰিছ:-

কেতিয়াবা মাছৰ মূৰত মটীয়া বৰণৰ দাগ পৰে, লাহে লাহে ই ঘাঁলৈ ৰুপান্তৰিত হৈ শৰীৰত বিয়পি পৰে আৰু ওঁঠ ওফন্দে| বেছিকৈ হ’লে মাছ মৃত্যুমুখত পৰে| ফ্লেক্সিবেক্টাৰ নামৰ এবিধ বেক্টেৰিয়াৰ বাবে এই ৰোগ হয়| ইয়াক নিৰাময়ৰ বাবে বাহু মাছৰ ঘাঁ লগা ৰোগৰ নিচিনা চিকিৎসা কৰিলেই হয়|

পাখি পঁচা ৰোগ:-

কেতিয়াবা মাছৰ পাখিত বগা ৰেখা দেখা যায় আৰু লাহে লাহে পাখি পচিব ধৰে| পিছলৈ পাখি ছিঙি যোৱা পৰিলক্ষিত হয়| এইবিধ ৰোগ মিক্স’বেক্টাৰ আৰু এৰ’ম’নাছ গোত্ৰৰ এবিধ বেক্টেৰিয়াৰ বাবে হয়| এই ৰোগবিধ নিয়ন্ত্ৰণৰ বাবে ১.২০০০ কপাৰ ছালফেট দ্ৰৱণত ১-২ মিনিটৰ বাবে আক্ৰান্ত মাছ ডুবাই পুনৰ পুখুৰীত মেলিব লাগে|

ব্ৰেংকিঅ’মাইক’চিছ:-

এবিধ ভেঁকুৰৰ আক্ৰমণৰ বাবে এই ৰোগ হয়| ইয়াক জলক্লোম পচা ৰোগ বুলিও কোৱা হয়| প্ৰথমতে মাছৰ জলক্লোম মুগা হয়| লগে লগে পচিব ধৰে আৰু পিছত সৰি পৰে| আক্ৰান্ত মাছ পানীত উপৰিভাগলৈ আহি কমাব ধৰে| ব্ৰেংকিঅ’মাইক’চিছ গোত্ৰৰ ভেঁকুৰৰ বাবে এই ৰোগ হয়| এই ৰোগ নিৰাময়ৰ বাবে প্ৰতি হেক্টৰ পানীকালিৰ পুখুৰীত ১৫০ কিলোগ্ৰাম চূণ প্ৰয়োগ কৰিব লাগে অথবা আক্ৰান্ত মাছ ৩-৫ মিনিটৰ বাবে ৩-৪ শতাংশ নিমখ পানীত ডুবাই পুখুৰীত মেলিব লাগে| নিমখৰ সলনি ৫ পি পি এম পটাছিয়াম পাৰমেংগানেট দ্ৰৱণত ৫-১০ মিনিটৰ বাবে ডুবাই ৰাখি পুখুৰীত আক্ৰান্ত মাছ মেলি দিলেও ভাল ফল আশা কৰিব পাৰি|

ইক্‌থিঅ’ফ্‌থিৰিয়াচিছ:-

এইবিধ ৰোগ ইক্‌থিঅ’ফ্‌থিৰিয়াচিছ মালচিফিলিছ নামৰ আদ্য প্ৰাণীৰ বাবে হয়| এই ৰোগ হ’লে মাছে অস্থিৰ আচৰণ কৰে, য’তে-ত’তে গা ঘহায় আৰু পাখি, চাল, জলক্লোমত বগা দাগ পৰে| এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ১ গ্ৰাম কুইনাইন ২০ লিটাৰ পানীত মিহলাই প্ৰতিদিনে কিছু সময়ৰ বাবে ৩-৪ দিনৰ বাবে আক্ৰান্ত মাছ ডুবাই ৰাখিব লাগে| নাইবা ২ শতাংশ শক্তিযুক্ত নিমখ পানীত ৭-১০ দিনৰ বাবে চিকিৎসা কৰিলে ৰোগবিধ নিৰাময় হয়|

ট্ৰাইক’ডিনাচিছ:-

এই ৰোগ হ’লে মাছৰ পাখি ছিগে, মাছৰ দেহত ফুটফুটীয়া মুগা দাগ দেখা যায়, মাছ অস্থিৰ আৰু পৃষ্ঠত কমাব ধৰে| ট্ৰাইক’ডিনাচিছ গোত্ৰৰ আদ্যপ্ৰাণীৰ বাবে এই ৰোগ হয়| এই ৰোগ নিৰাময়ৰ বাবে ১:৫০,০০০ কুইনাইন হাইড্ৰ’ক্লৰাইড দ্ৰৱণত ২৪-৪৮ ঘণ্টাৰ বাবে মাছক ডুবাই ৰাখিব লাগে|

গাইৰ’ডেক্টাইল’চিছ:-

গাইৰ’ডেক্টাইল’চিছ নামৰ এবিধ কৃমিৰ বাবে এই ৰোগ হয়| এইৰোগ হ’লে গাৰ ৰং শেতা পৰে, বাকলি সৰে, জলক্লোমৰ ৰং মটীয়া হয় আৰু পিছত জলক্লোম সৰে, ফিছাৰে আছাৰ মাৰে| ইয়াক নিৰাময়ৰ বাবে ২০০-২৪০ পি পি এ ফৰমেনডিহাইডত আক্ৰান্ত মাছ ৩-৪ মিনিটৰ বাবে ৰাখিব লাগে অথবা ৫-১০ পি পি এম পটাছিয়াম পাৰমেংগানেট দ্ৰ্ৱণত ১-২ ঘণ্টাৰ বাবে আক্ৰান্ত মাছ ৰাখিব লাগে|

আৰ্গুল’চিছ:-

আৰ্গুল’চিছ গোত্ৰৰ ওকণীৰ বাবে এই ৰোগ হয়| এই ওকণীৰ আক্ৰমণৰ বাবে আক্ৰান্ত মাছৰ গাত ৰঙা দাগ বা ফোহা দেখা যায়, খালী চকুৰে গাত ওকণী দেখা যায়| ওকণীৰ আক্ৰমণৰ বাবে এই ফোহাবোৰ পিছলৈ ঘাঁলৈ ৰুপান্তৰিত হয়, মাছে গা ঘহায়, বাকলি সৰে, ফিছাৰে আছাৰ মাৰে| বেছিকৈ হ’লে মাছ মৃত্যু মুখত পৰে| পুখুৰীত ০.২৫-০.৫ পি পি এম মেলাথিয়ন অথবা ২ পি পি এম হিচাপৰ গেমেক্সিন প্ৰয়োগ কৰি এই ওকণী বিলাক নিয়ন্ত্ৰণ কৰিব পাৰি| অথবা ১ শতাংশ মেলাথিয়ন অথবা নেগুডন দ্ৰ্ৱনত কিছু সময় আক্ৰান্ত মাছ ডুবাই ৰাখি নিৰাময় কৰিব পাৰি অথবা ২.৫ শতাংশ শক্তিযুক্ত নিমখ পানীত ৩০ মিনিটৰ বাবে ডুবাই বেমাৰ নিয়ন্ত্ৰণ কৰিব পাৰি|

লাৰ্নিঅ’চিছ:-

লাৰ্নিয়া গোত্ৰৰ ওকণীৰ বাবে এই ৰোগ হয়| ইয়াৰ ফলত গাত ঘাঁ হয়, ঘাঁৰ পৰা তেজ ওলায়, গাত মিহি বগা সূতাৰ দৰে ওকণী হোৱা দেখা যায়| নিৰাময়ৰ বাবে আৰ্গুল’চিছ ৰোগৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা পদ্ধতি অৱলম্বন কৰিলেই হ’ল|

এৰ্গাচিল’চিছ:-

এৰ্গাচিলাছ নামৰ ওকণীৰ বাবে এই ৰোগ হয়| এই ৰোগ হ’লে জলক্লোমত উজ্জ্বল বগা ওকণী দেখা যায়| জলক্লোমৰ পৰা ৰক্তক্ষৰণ হয়, পিছলৈ গাত ঘাঁ হয়| এই ৰোগ নিৰাময়ৰ বাবে আৰ্গুল’চিছ ৰোগত ব্যৱহাৰ কৰা ব্যৱস্থা গ্ৰহণ কৰিলেই হ’ল|

বলয়ী প্ৰাণীজনিত ৰোগ:-

পিচিক’লা আৰু হেমিক্লেপচিছ গোত্ৰৰ জোকৰ আক্ৰমণৰ বাবে এইবিধ ৰোগ হয়| এই ৰোগবিধক বলয়ী প্ৰাণীজনিত ৰোগ বোলে| এই ৰোগবিধ হ’লে মাছৰ দেহত জোক হয়, মাছৰ দেহত তেজ নাইকিয়া হয় আৰু দুৰ্বল হয়| এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ২ শতাংশ শক্তিযুক্ত চূণৰ পানীত অথবা ১:৫০,০০০ লাইচলত (লাইচল ৫০ শতাংশ ক্ৰিছল আৰু ৫০ শতাংশ চাবোন) আক্ৰান্ত মাছ ডুবাই পুখুৰীত মেলিব লাগে| অথবা ১ শতাংশ শক্তিযুক্ত নিমখ পানীত ৩০ মিনিটৰ বাবে আক্ৰান্ত মাছ ডুবাই ৰাখি পুখুৰীত মেলিব লাগে|

ড্ৰ’পছী:-

এৰ’ম’নাছ গোত্ৰৰ বেক্টেৰিয়াৰ বাবে এই ৰোগ হয়| এই ৰোগ হ’লে পেট ওফন্দে, বাকলিৰ গুৰিত পানী জমা হয়, হেঁচা দিলে পেটৰ পৰা হালধীয়া বা ৰঙচুৱা পানী ওলায়| এই ৰোগ নিৰাময়ৰ বাবে ১ পি পি এম হাৰত পটাছিয়াম পাৰমাংগেনেট পুখুৰীত প্ৰয়োগ কৰিব লাগে অথবা ২.৫ শতাংশ শক্তিযুক্ত নিমখত ১৫-৩০ মিনিটৰ বাবে অথবা ৫ পি পি এম পটাছিয়াম পাৰমেংগানেট দ্ৰৱনত ডুবাই মাছ পুখুৰীত মেলিব লাগে|

লেখক:- প্ৰতুল ডেকা

উৎস:- দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate