মূল পৃষ্ঠা / কৃষি / মীণ পালন / মাছৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাছৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থা :

মাছৰ ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ বিষয়ে লিখা হৈছে ।

 

‘প্ৰতিকাৰতকৈ প্ৰতিৰোধেই শ্ৰেয়’- স্বাস্থ্যবান মাছ পালনৰ ক্ষেত্ৰত ই এক যথোচিত বাস্তৱ ধাৰণা। মাছ সাধাৰণতে গোট হিচাপে থাকে আৰু অকলশৰীয়াকৈ লক্ষ্য কৰা কঠিন। গতিকে পানীত থকা কোনো ৰোগক্ৰান্ত মাছক ধৰি আনি ৰোগ প্ৰতিকাৰ কৰাটো এক জটিল সমস্যা। সেয়ে মীন পালনৰ ক্ষেত্ৰত মাছৰ ইৰোগ প্ৰতিৰোধী ব্যৱস্থা লোৱাৰ বাহিৰে গত্যন্তৰ নাই। ৰোগ প্ৰতিৰোধ কৰিবলৈ কিছুমান আগতীয়া ব্যৱস্থা তথা সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়।

পুখুৰীৰ নিৰ্মাণ কাৰ্যত ল’ব লগা ব্যৱস্থাপনা -

পুখুৰী নিৰ্মাণৰ সময়ত কিছুমান সাধাৰণ ব্যৱস্থা গ্ৰহণ কৰি পুখুৰীৰ প্ৰাথমিক পৰিৱেশ দূষিত নোহোৱাকৈ ৰাখিব পাৰি। স্বাস্থ্যবান পৰিৱেশত মাছৰ শ্ৰীবৃদ্ধি ভাল হয় আৰু ৰোগে সাধাৰণতে আক্ৰমণ কৰিব নোৱাৰে। পুখুৰী নিৰ্মাণৰ সময়ত, পুখুৰীৰ পাৰসমূহ সুন্দৰকৈ বান্ধি পুখুৰীৰ তলিখন এফালে এঢলীয়া কৰি সমানকৈ কাটি ল’ব লাগে। পুৰণি পুখুৰীৰ ক্ষেত্ৰত তলিৰ গেদ বা বোকা আঁতৰাই শুকুৱাই ল’ব লাগে। দ্বিতীয়তে পুখুৰীৰ তলিত আৰু পাৰত চূণ ছটিয়াই ৰোগ সৃষ্টিকাৰী বীজাণুসমূহ ধ্বংস কৰি লোৱাটো এক গুৰুত্বপূৰ্ণ আৰু এৰাব নোৱাৰা পদক্ষেপ।

পালনৰত অৱস্থাত ল’ব লগা ব্যৱস্থাপনা -

সফল মীন পালনৰ বাবে মীন পামখনৰ দৈনিক চোৱা-চিতা কৰাটো অপৰিহাৰ্য। এগৰাকী ব্যৱহাৰিক জ্ঞান সম্পন্ন ব্যক্তিয়ে সময়ে সময়ে পুখুৰীত মাছ ঘনত্ব, খাদ্য খোৱাৰ প্ৰৱণতা, বেমাৰৰ প্ৰকোপ ইত্যাদি নিৰিক্ষণ কৰিব লাগে। লগতে পানীৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণসমূহ সময় অনুযায়ী পৰীক্ষা কৰা উচিত।

মাছৰ পোনাৰ বীজাণু শুদ্ধীকৰণ -

পোনা পৰিবহণৰ সময়ত অথবা পুখুৰীত মেলাৰ আগে আগে মাছৰ পোনাৰ বীজাণু শুদ্ধীকৰণ কৰাটো প্ৰয়োজন। এই পদক্ষেপ গ্ৰহণ কৰিলে বীজাণুমুক্ত পোনাৰপৰা ভৱিষ্যতলৈ বেমাৰৰ উৎপত্তি হোৱাৰ সম্ভাৱনা নাথাকে।

খাদ্য, খাদ্য যোগানধৰা দলিচা আৰু অনান্য সঁজুলিৰ বীজাণু মুক্তিকৰণ -

বীজাণুযুক্ত অথবা গেলি যোৱা খাদ্যই বেমাৰৰ বাহক ৰূপে কাম কৰিব পাৰে। ৰৈ যোৱা খাদ্য গেলি-পচি গ’লে তাত বেমাৰৰ বীজাণুৰ উৎপত্তি আৰু বংশ বৃদ্ধি কৰিব পাৰে। সেমেকা খাদ্য বীজাণুৰ উৎপত্তি আৰু বংশ বৃদ্ধিৰ বাবে অনুকূল স্থল। সেয়ে মাছৰ খাদ্য সদায় শুকান পৰিৱেশত সংৰক্ষণ কৰি ৰাখিব লাগে। তদুপৰি মীন পালনত ব্যৱহৃত অনান্য সামগ্ৰীসমূহ যেনে- জাল, খাদ্য যোগান ধৰা দলিচা ইত্যাদি মাজে সময়ে ধুই বীজাণুমুক্ত কৰি ৰাখিব লাগে।

পুখুৰীৰ যতন -

মীন পোনা মেলাৰ আগে আগে পুখুৰীটো সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰি ১ মিলি গ্ৰাম প্ৰতি লিটাৰ পানী হিচাপত পটাছ প্ৰয়োগ কৰিব লাগে। পুখুৰীৰ পানীৰ গুণাগুণ নষ্ট হোৱা যেন পৰিলক্ষিত হ’লে তৎক্ষণাত চূণ প্ৰয়োগ কৰা উচিত। প্ৰয়োগ কৰা চূণ পানীৰ সৈতে মিহলি কৰি ঠাণ্ডা হোৱাৰ পাছত পানীৰ উপৰিভাগত ছটিয়াই দিব লাগে।

মাছৰ স্বাস্থ্য নিৰীক্ষণ -

সুবিধা অনুযায়ী পষেক বা মাহেকৰ মূৰত মাছৰ স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰয়োজনীয়। পুখুৰীৰ বিভিন্ন অংশত ঘোকোটা জালেৰে মাছ টানি, মাছবোৰত খালী চকুৰে ঘাঁ বা পৰজীৱীৰ উপস্থিতি লক্ষ্য কৰা উচিত। পৰীক্ষাৰ বাবে জীৱিত অৱস্থাত বা অতি কম সময়ৰ ভিতৰত মৃত্যু ঘটা মাছহে উপযোগী। সংগ্ৰহীত মাছৰ নমুনা পুখুৰীৰপৰা উঠাই চাফা পানীৰে ধোৱাটো অনূচিত। মাছৰ মূৰ, চকু, জলক্লোম, বাকলি, পাখি আদি ভালদৰে নিৰীক্ষণ কৰি বেমাৰৰ সম্ভাৱনীয়তা ধৰিব পাৰি।

মাছৰ দেহত কোনো ধৰণৰ বীজাণু বা পৰজীৱীৰ উপস্থিতিৰ উমান পালে মাছৰ নমুনা পৰীক্ষাগাৰলৈ পঠিয়াব লাগে। দৈনিক নিৰীক্ষণৰ সময়ত মাছৰ চাল-চলন ভালদৰে লক্ষ্য কৰিলেও মাছৰ স্বাস্থ্যৰ এক ধাৰণা কৰিব পৰা যায়। অস্বাভাৱিক চাল-চলন পানীৰ উপৰিভাগলৈ আহি কপকপাই থকা, পুখুৰীৰ পাৰত গা ঘঁহাই থকা ইত্যাদি হ’ল বেমাৰৰ জাননী।

মাছৰ যিকোনো ধৰণৰ বেমাৰৰ ক্ষেত্ৰত মীন পালকসকলে ৰহাস্থিত মীন মহাবিদ্যালয়ত চলি থকা ‘জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্প’ৰ অধীনত কাৰিকৰী জ্ঞানৰ সুবিধা গ্ৰহণ কৰিব পাৰে। জনসাধাৰণক প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাছৰ বিভিন্ন ৰোগৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লগতে ইয়াৰ প্ৰতিকাৰ আৰু নিৰাময় ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় মৎস্য আনুবংশিক সংসাধন সংস্থা, লক্ষ্ণৌৰ উদ্যোগত তথা বিভিন্ন ৰাজ্যৰ সহযোগত সৰ্বভাৰতীয় পৰ্যায়ত এই আঁচনিখন ৰূপায়িত হৈ আছে। এই আঁচনিখনে ভাৰতবৰ্ষত মুঠ ১৬ খন ৰাজ্য তথা ২৪ খন প্ৰতিষ্ঠানৰ সহযোগত কাৰ্য ৰূপায়িত কৰি আহিছে। ইয়াৰ অধীনত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মীন মহাবিদ্যালয়, ৰহাৰ উদ্যোগত ৫ খন জিলা ক্ৰমে মৰিগাওঁ, নগাঁও, গোলাঘাট, শোণিতপুৰ আৰু লক্ষীমপুৰক সামৰি মাছৰ বিভিন্ন ৰোগৰ ওপৰত অধ্যয়ন, পৰ্যবেক্ষণ তথা প্ৰতিৰোধ আৰু প্ৰতিকাৰৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰি অহা হৈছে। ২০১৩-১৪ বৰ্ষৰ পৰা শুভাৰম্ভ হোৱা এই আঁচনিখন পাঁচ বছৰৰ অৰ্থাৎ ২০১৮-১৯ বৰ্ষলৈ ৰূপায়িত হৈ থাকিলে। ইয়াৰ অন্তৰ্গত উল্লেখিত ৫ খন জিলাৰ মীন পালকসকলে প্ৰত্যক্ষভাৱে তথ্য বাকী জিলাসমূহেও পৰোক্ষভাৱে উপকৃত হ’ব পাৰিব। ইয়াৰ অধীনত মীন পালকসকলে মাছৰ বিভিন্ন বেমাৰ-আজাৰ সম্পৰ্কে অৱগত হোৱাৰ লগে লগে এই প্ৰকল্পৰ মুখ্য পৰিদৰ্শক তথা মীন মহাবিদ্যালয়ৰ অধ্যাপক ড° বিনোদ কলিতা, দূৰভাষ +91 9864244477ৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰি সবিশেষ জানিব পাৰিব আৰু উপকৃত হ’ব পাৰিব। প্ৰয়োজন সাপেক্ষে মীন পালকসকলে বেমাৰ বহনকাৰী মাছ মীন মহাবিদ্যালয়, ৰহাৰ পৰীক্ষাগাৰলৈ লৈ আহিও উপযুক্ত নিৰাময় ব্যৱস্থা গ্ৰ্হণ কৰিব পাৰিব। ইয়াৰ বাবে তেখেতসকলৰ নুন্যতম যাৱতীয় পৰিবহনৰ খৰছো বিভাগীয় কৰ্তৃপক্ষই বহন কৰিব।

ৰাষ্ট্ৰীয় মৎস্য আনুবংশিক সংসাধন সংস্থা, লক্ষ্ণৌৰ উদ্যোগত তথাৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ, হায়দৰাবাদৰ আৰ্থিক সাহায্যত ‘জলজ প্ৰাণীৰ ৰোগ নিৰীক্ষণৰ ৰাষ্ট্ৰীয় প্ৰকল্প’।

উৎস: মীন মহাবিদ্যালয়(ৰহা, নগাঁও, অসম)

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top