মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন পোনা মজুতকৰণ আৰু বছৰেকীয়া মীন পোনা উৎপাদন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন পোনা মজুতকৰণ আৰু বছৰেকীয়া মীন পোনা উৎপাদন :

মীন পোনা মজুতকৰণ আৰু বছৰেকীয়া মীন পোনা উৎপাদনৰ বিষয়ে লিখা হৈছে ।

ইতিমধ্যে উল্লেখ কৰা হৈছে যে অসমত উপযুক্ত সময়ত সঠিক জোখৰ মাছ পোনাৰ অভাৱ হয়। ৰাজ্যখনত পুখুৰীত মেলাৰ বাবে উপযুক্ত মাছৰ পোনা জুন-জুলাই মাহতহে উভৈনদী হয়। কিন্তু জুন-জুলাই মাহত মেলা মাছ পোনাৰ পৰা আশানুৰূপ উৎপাদন পোৱা নাযায়, কিয়নো মাছ বৃদ্ধিৰ বাবে পানীৰ অনুকূল উষ্ণতা ২৬-৩২ ডিগ্ৰী ছেলচিয়াছ। আমাৰ ৰাজ্যখনৰ জলবায়বীয় পৰিৱেশত মাৰ্চ-এপ্ৰিল মাহৰ পৰা অক্টোবৰ-নৱেম্বৰ মাহলৈকে এই সময়ছোৱাই হৈছে মাছ বাঢ়নৰ উপযুক্ত সময়। গতিকে মাৰ্চ-এপ্ৰিল মাহত গড়ে ২৫ গ্ৰাম ওজনৰ মীন পোন জলাশয়ত মেলিবলৈ আগৰ বছৰৰ জুন-জুলাই মাহত উভৈনদী হোৱা ভ্ৰূণ পোনাবোৰ একেটা বছৰেৰে আগষ্ট-ছেপ্টেম্বৰ মাহত পোনাবোৰ একেটা বছৰেৰে আগষ্ট-ছেপ্টেম্বৰ মাহত পৰৱৰ্তী বছৰৰ বাবে মজুত কৰি থোৱাৰ উপযুক্ত সময়। বিল আদি ডাঙৰ জলাশয়ত পোনা প্ৰতিপালনৰ বাবে বাঁহৰ আবেষ্টনী অথবা সজা তৈয়াৰ কৰি লোৱা হয়। বিলৰ সুবিধাজনক ঠাইত পোনা যায়। পুখুৰীটো ভালদৰে প্ৰস্তুত কৰি লৈ আগৰ বছৰৰ পোনা পিছৰ বছৰলৈ প্ৰতিপালনৰ বাবে পোনা সংমিশ্ৰণৰ হাৰ হ’ল-

 

প্ৰজাতি সংখ্যা

শতকৰা হাৰ

প্ৰতিবিঘা জলকালিত

বাহু(ভকুৱা)

২৫ শতাংশ

৭৫০০

ৰৌ

২৫ শতাংশ

৭৫০০

মিৰিকা

৩৩ শতাংশ

৯৯০০

গ্ৰাছকাৰ্প

১৭ শতাংশ

৫১০০

মুঠ

৩০,০০০ টা

 

চাহিদা অনুযায়ী দুটা কুঢ়ি আৰু মালি মাছৰ পোনা এটা মিৰিকা মাছৰ পোনাৰ বিপৰীতে প্ৰতিপালন কৰিব পাৰি। দুই বিঘা পানী কালিৰ পালন পুখুৰীৰ পাম এখনত এক কাঠৰ এটা পোনা প্ৰতিপালন পুখুৰী থকাটো নিতান্তই প্ৰয়োজনীয়। প্ৰতিবছৰে আগতীয়াকৈ পোনা মেলিবৰ বাবে আগৰ বছৰৰ আগষ্ট-ছেপ্টেম্বৰ মাহতে পুখুৰী প্ৰস্তুত কৰি মীন পোনা মজুত কৰিব লাগে আৰু খৰালি পুখুৰীত পানী কমি গ’লেও যাতে বাহিৰা উৎসৰ পৰা পানী যোগান ধৰিব পাৰি সেইটো নিশ্চিত হ’ব লাগে। অন্যথা পানী কমি যোৱাৰ লগে লগে উপযুক্ত পানীৰ অভাৱত বহু পোনাৰ মৃত্যু হ’ব পাৰে আৰু তেতিয়া লাভৰ পৰিমাণো কমি যায়।

সাধাৰণতে ১০ শতাংশ পোনা অতিৰিক্তকৈ মেলা হয় আৰু ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ পালন কৰা এই পোনাখিনি গড়ে ২৫ গ্ৰাম ওজন প্ৰাপ্ত হয় আৰু পালনৰ উপযোগী হয়।

বাঁহৰ সজাত মাছ পোনা প্ৰতিপালন -

সাধাৰণতে বিল অথবা ডাঙৰ জলাশয় আদিত আৱশ্যক অনুযায়ী মাছ পোনা উপলভ্য নহয়। তদুপৰি উৎপাদনথলীৰ পৰা বিললৈ পোনা কঢ়িয়াই অনাৰ অসুবিধাৰ লগতে যথেষ্ট ব্যয়বহুল হৈ পৰে। এনেকুৱা পটভূমিত বিলৰ ওচৰতেই প্ৰয়োজনীয় জোখৰ পোনা তৈয়াৰ কৰি ল’ব পৰাটো উত্তম ব্যৱস্থা। এনেক্ষেত্ৰত কম খৰচী সহজ কৌশল এটা হৈছে বাঁহৰ সজাত মাছ পোনা প্ৰতিপালন পদ্ধতি।

বাঁহৰ সজাত মাছ পোনা প্ৰতিপালনৰ সুবিধাসমূহ -

১)থলুৱাভাৱে সহজলভ্য পূৰঠ জাতি বাঁহৰ লগতে নাইলন ৰছী, নাইলন কাপোৰ আদি ব্যৱহাৰ কৰি কম খৰচতে বাঁহৰ সজা নিৰ্মাণ কৰিব পাৰি। সাধাৰণতে এটা আদৰ্শ সজাৰ আকাৰ হ’ল ৪ মিটাৰ দীঘল, ২.০ মিটাৰ বহল আৰু ১.৫ মিটাৰ গভীৰ(১২ ঘনমিটাৰ আয়তনৰ)।

২)সজা নিৰ্মাণৰ বাহিৰে পালনৰ সময়ছোৱাত কোনোধৰণৰ অধিক শ্ৰম আৰু উপৰুৱা সময়ৰ আৱশ্যক নহয়, দিনটোত মাত্ৰ এবাৰ মাছখিনিৰ বাবে খাদ্যৰ যোগান ধৰাৰ লগতে ইহঁতৰ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰখা উচিত।

৩)বানপানী অথবা খৰাং সদৃশ পৰিস্থিতিৰ মাজতো কোনো প্ৰতিকূলতাৰ সন্মুখীন নোহোৱাকৈ এই সজাবিলাকত মাছ পোনা প্ৰতিপালন কৰিব পাৰি।

৪)পোনা প্ৰতিপালনৰ সময়ছোৱাত মাছৰ যিকোনো ৰোগ সজাত সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

সজা স্থাপন কৰা স্থানৰ উপযুক্ত জল পৰিৱেশ আৰু দৈনিক সুষম আহাৰৰ যোগানে মাছবিলাকক ৪৫ দিন সময়ৰ ভিতৰতেই ২.০-৩.০ ছেঃমিঃ দৈৰ্ঘ্যৰ পৰা ১০.০-১৫.০ ছেঃমিঃ দৈৰ্ঘ্যলৈ অথবা তাতোকৈ দৈৰ্ঘ্যপ্ৰাপ্ত কৰি তোলে যিটো নাৰ্ছাৰী পুখুৰীত সাধাৰণতে সম্ভৱপৰ নহয়।

স্থিৰ পদ্ধতিৰ সজাত মাছ পালনৰ বাবে আন আকৃতিৰ সজাতকৈ আয়তাকাৰ সজা বেছ ফলপ্ৰসূ। ১২ ঘনমিটাৰ আকৃতিৰ সজা এটা ৪ জন মানুহে সহজে দাঙি ইফালে-সিফাল কৰিব পাৰে। প্ৰথমে গোটা আৰু ফলা বাঁহেৰে সজাৰ ফ্ৰেমটো মজবুতকৈ বনাই লোৱা হয় আৰু সজাটোৰ ভিতৰত চাৰিওফালে আৰু তলফালেও মিহি বাঁহৰ কামিৰে বনোৱা আন এখন কম ঘন ৰোৱা বেৰা দি সজাটো সুৰক্ষিত কৰা হয়। সজাটোৰ ওপৰৰ ফালটো ঘনকৈ বাঁহৰ বানা বৈ সহজে খোলা-মেলা কৰিব পৰাকৈ বান্ধি থোৱা হয়। বাঁহৰ সজাটোৰ ভিতৰত এনে আকৃতিৰ নাইলন আঁঠুৱা কাপোৰেৰে বনোৱা আন এটা সজা(হাপা) তলে-ওপৰে ফিটফিটীয়াকৈ বান্ধি ৰখা হয়। এই নাইলন সজাটোৰ এটা মুখত এখন চুঙা আকৃতিৰ মুখ থাকে, যাৰ দ্বাৰা সজাটোৰ ভিতৰত মাছৰ পোনা মেলা, খাদ্য দিয়া, মাছৰ স্বাস্থ্য নিৰীক্ষণ কৰা আদি কাম-কাজ সমাপন কৰিব পাৰি।

জলাশয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জলজ অপতৃণ সম্পূৰ্ণকৈ চাফা কৰি চাৰিটাকৈ ভলুকা বাঁহৰ খুঁটাত এই সজাবিলাক ইটোৰ পৰা সিটোৰ মাজত প্ৰায় দুই মিটাৰ ব্যৱধান ৰাখি নাইলনৰ মোটা ৰছীৰে দীঘলে দীঘলে বান্ধি ৰখা হয়। এইটো লক্ষ্য ৰাখিব লাগে যাতে সজাকেইটাৰ পানীৰ মাজেদিও পানীৰ সোঁত সহজে বৈ যাব পাৰে আৰু সজাকেইটা পৰ্যাপ্ত পৰিমাণে সূৰ্যৰ পোহৰ পৰা সুৰক্ষিত ঠাইতহে স্থাপন কৰা হয়। সজাটো পানীৰ ওপৰফালৰ পৰা আধা মিটাৰমান ওলাই থকাকৈ আৰু তলফালে পানীত বোকা অথবা পলসৰ পৰা আধা মিটাৰ ওপৰত থকাকৈ বান্ধটো প্ৰয়োজনীয়।

মাছপোনাৰ প্ৰতিপালন -

উন্নত কাৰ্প মীন পোনা যেনে-

*ভকুৱা(৩০ শতাংশ),

*ৰৌ(২০ শতাংশ,

*মিৰিকা(১০ শতাংশ),

*ছিলভাৰ কাৰ্প(৩০ শতাংশ),

*গ্ৰাছ কাৰ্প(১০ শতাংশ)।

প্ৰতি ঘনমিটাৰ হিচাপত ২.০-৩.০ ছেঃ মিঃ দৈৰ্ঘ্যৰ পোনা ৩৫০ টা, ৩.০-৪.০ ছেঃ মিঃ দৈৰ্ঘ্যৰ পোনা ২৫০ টা, ৪.০-৫.০ ছেঃ মিঃ দৈৰ্ঘ্যৰ পোনা ২০০ টা পটাছ পানীত কিছু সময় ডুবাই সজাত মেলা হয়।

৪৫ দিনীয়া পোনা প্ৰতিপালনৰ সময়ত প্ৰথম ১৫ দিনত মুঠ মাছৰ ওজনৰ ৩ শতাংশতকৈ আৰু দ্বিতীয় ৩০ দিনত মুঠ মাছৰ ওজনৰ ৫ শতাংশ খলিহৈ আৰু চাউলৰ মল সমানুপাতিক হিচাপত মিহলাই লাডু বনাই খাদ্য দিয়া থালিত যোগান ধৰিব লাগে। এগ্ৰিমিন মুঠ মাছৰ ওজনৰ ০.৩ শতাংশকৈ উপৰি উক্ত খাদ্যৰ লগত মিহলাই যোগান ধৰিলে অতি ভাল ফল পোৱা যায়। সজাৰ উপযুক্ত পৰিৱেশ আৰু দৈনিক সুফল খাদ্যৰ যোগানে এই পোনাখিনিক ৪৫ দিন সময়ৰ ভিতৰতেই ৪-৫ গুণ অধিক দৈৰ্ঘ্যৰ আৰু তজবজীয়া কৰি তুলিব। সজাত মীনপোনা প্ৰতিপালন কৰি ৮০-৯০ শতাংশলৈকে মাছ পাব পৰা যায়। এবাৰ মাছ পোনা বিক্ৰী কৰি বাঁহৰ সজাটো ভিতৰফালে ভালকৈ ঝাড়ু মাৰি পৰিষ্কাৰ কৰাৰ লগতে ভিতৰৰ নাইলন সজাটো খুলি ভালকৈ ধুই, ৰ’দত শুকুৱাই দ্বিতীয়বাৰ অনুৰূপভাৱে পোনা প্ৰতিপালন কৰিব পাৰি।

একেধৰণেই তৃতীয়, চতুৰ্থ আৰু পঞ্চমবাৰলৈকে সজাত মাছ পালনৰ যোগেদি জলাশয়ৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলে নিজকে আত্মসংস্থাপিত কৰি তুলিব পাৰে। বাঁহৰ সজাৰ উপৰি বিল, মৰা নৈ আদিত মাছ পালন কৰা এটা পদ্ধতি হ’ল আবেষ্টন পদ্ধতি। বাঁহৰ অষ্টেনী সাজি মীন পালন কৰি যথেষ্ট লাভৱান হ’ব পাৰি।

অৱশ্যে পোনা প্ৰতিপালন, বছৰেকীয়া পোনা উৎপাদন, বাঁহৰ সজাত পোনা প্ৰতিপালন এই সকলোখিনি কাম যথেষ্ট কাৰিকৰী আৰু সেয়েহে সংশ্লিষ্ট বিশেষজ্ঞৰ দিহা-পৰামৰ্শ লৈ বিজ্ঞানসন্মত বিধি অনুযায়ী ৰূপায়ণ কৰা দৰকাৰ।

এইক্ষেত্ৰত প্ৰয়োগ বিধি আৰু পালন প্ৰযুক্তিত হেৰফেৰ হ’লে ইপসিত ফল পোৱাটো সম্ভৱ নহয়। মীন পালন সম্পৰ্কীয় যিকোনো কাৰিকৰী দিহা-পৰামৰ্শ আৰু মত বিনিময়ৰ বাবে ৯৪৩৫৩-০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক: ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)

 

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top