মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন পালকৰ বাবে জলজ অপতৃণ আৰু ইয়াৰ নিয়ন্ত্ৰণ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন পালকৰ বাবে জলজ অপতৃণ আৰু ইয়াৰ নিয়ন্ত্ৰণ:

মীন পালকৰ বাবে জলজ অপতৃণ আৰু ইয়াৰ নিয়ন্ত্ৰণ লিখা হৈছে

 

পুখুৰীত বা যিকোনো জলাশয়ত স্বাভাৱিকতে কেতবোৰ অনাৱশ্যক উদ্ভিদ দেখা যায়। এইসমূহক মীনপালনৰ দৃষ্টিভংগীৰে পুখুৰীৰ উৎপাদকতাৰ দিশৰ পৰা জলজ অপতৃণ বোলা হয়। এইসমূহে পানীৰ ঢৌত ৰাসায়নিক গুণাগুণ বিনষ্ট কৰি মাছৰ প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত বাধাৰ সৃষ্টি কৰে আৰু ফলত আশানুৰূপ মৎস উৎপাদনত যতি পৰে।

জলজ অপতৃণে পুখুৰীত সৃষ্টি কৰা প্ৰতিকূল অৱস্থাসমূহ এনেধৰণৰ-

১)জলভাগত দ্ৰৱীভূত অম্লজানৰ ভাৰসাম্য নষ্ট হয় আৰু মাছৰ শ্ৰীবৃদ্ধি বাধাপ্ৰাপ্ত হয়।

২)অপতৃণে জলাশয়ৰ পুষ্টিদ্ৰব্য শোষণ কৰে আৰু মাছৰ প্ৰাকৃতিক খাদ্যৰ উপলভ্যতাত বিৰূপ প্ৰভাৱ পেলায়।

৩)মাছৰ ৰোগ সৃষ্টিকাৰক বহুতো বেমাৰৰ বীজাণু অপতৃণৰ আশ্ৰয়ত জলাশয়ত থাকে।

৪)অপতৃণই মাছৰ চলাচলত অসুবিধাৰ সৃষ্টি কৰে।

৫)মাছ ধৰাত অসুবিধা হয়।

৬)জলাশয়ৰ পানী সোনকালে শুকায়।

৭)বহুতো অপতৃণ মাছৰ ফুলত জমা হৈ মাছৰ শ্বাস-প্ৰশ্বাসত বাধা জন্মায়।

৮)কিছুমান শেলাই জাতীয় অপতৃণে হাইড্ৰ’ক্সিলেমাইন নামৰ বিহজাতীয় পদাৰ্থ নিৰ্গত কৰি মাছৰ বাবে অসুবিধাৰ সৃষ্টি কৰে।

অপতৃণৰ শ্ৰেনী বিভাজন-

উদ্ভিদ কাণ্ডৰ কোমলতা আৰু কঠিনতাৰ ওপৰত ভিত্তি কৰি হিকলিং(১৯৬২) নামৰ বিজ্ঞানী এজনে জলজ উদ্ভিদবোৰক তলত দিয়া পাঁচটা ভাগত বিভক্ত কৰিছে।

ক)মুক্ত ভাসমান:

এইবোৰ অপতৃণ পানীত ওপঙি থাকে। যেনে- মেটেকা, বৰপুণী, সৰুপুণী আদি।

খ)শিপাযুক্ত অৰ্ধ নিমজ্জিত:

যিবোৰ উদ্ভিদ শিপাৰে সৈতে এছোৱা পানীৰ তলত থাকে আৰু পাত-ফুলেৰে এছোৱা পানীৰ ওপৰত থাকে। এনে উদ্ভিদৰ দেহকাণ্ড দীঘল আৰু ফোঁপোলা হয়। যেনে- ভেঁট, পদুম আদি।

গ)নিমজ্জিত:

এইবোৰ সম্পূৰ্ণৰূপে পানীৰ তলত নিমজ্জিত হৈ থাকে। যেনে- হাইড্ৰিলা, নাজা(খাৰবন), চেৰাটফাইলাম, ইউট্ৰিকুলেৰিয়া আদি।

ঘ)প্ৰান্তিক:

এইবোৰ জলাশয়ৰ কাষৰ প্ৰান্তীয় অঞ্চলত গজে। যেনে- কচু, কলমৌ, ট্ৰাইফা ইত্যাদি।

ঙ)শেলুৱৈ:

জলাশয়ৰ ক্ষুদ্ৰতম উদ্ভিদ। শেলুৱৈৱে পানী গাঢ় সেউজীয়া বা গেৰুৱা ৰঙৰ কৰে।

অপতৃণ নিবাৰণ:

অপতৃণ নিবাৰণৰ বাবে প্ৰথমে এক জৰীপ কৰি পুখুৰীত থকা সকলো উদ্ভিদ চিনাক্ত কৰি কি কি উদ্ভিদ কেনে ঘনত্বত আছে তাক নিৰ্ধাৰণ কৰা হয়।

জলজ অপতৃণসমূহ তিনিটা পদ্ধতিৰে নিবাৰণ কৰিব পাৰি-

ক)দৈহিক বা যান্ত্ৰিক পদ্ধতি:

এই পদ্ধতিত বিভিন্ন প্ৰকাৰৰ সঁজুলি যেনে- দা, কাচি, হাঁকোটা, শিকলি নতুবা হাতেৰে উভালি অৰ্থাৎ কায়িক শ্ৰম কৰি অপতৃণ নিবাৰণ কৰা হয়। অৱশ্যে বৃহৎ জলাশয়ৰ পৰা এইদৰে নিয়ন্ত্ৰ্ণ কিছু অসুবিধাজনক। অৱশ্যে বৃহৎ জলাশয়ৰ পৰা গুৰুপত্ৰী তথা নিমজ্জিত আৰু অৰ্ধ নিমজ্জিত অপতৃণ নিবাৰণৰ বাবে বিভিন্ন যন্ত্ৰপাতি পোৱা যায়।

খ)জৈৱিক পদ্ধতি:

উদ্ভিদ আৰু বিভিন্ন প্ৰাণীৰ সহায়ত জৈৱিকভাৱেও অপতৃণ নিবাৰণ কৰিব পাৰি। ইয়াত কোনো ধৰণৰ সঁজুলি বা ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা নহয়। কেতবোৰ তৃণভোজী মাছ যেনে- গ্ৰাছকাৰ্প, জাভা পুঠি আৰু কিছুমান শামুকেও জলজ উদ্ভিদ নিয়ন্ত্ৰণত সহায় কৰে। আমাৰ অসমত পোৱা পাইলা গ্লোবেছা নামৰ শামুক প্ৰজাতিটো এইক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ। হাঁহেও সৰুপুণী আদি ভক্ষণ কৰি তাৰ নিয়ন্ত্ৰণত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে ৫৮ প্ৰকাৰৰ বিভিন্ন পতংগই জলজ উদ্ভিদ ভক্ষণ কৰি সিহঁতৰ নিয়ন্ত্ৰণত সহায় কৰে। খাৰবন বেছিকৈ থকা পুখুৰীত ভাসমান অপতৃণসমূহ আঁতৰাই পেলোৱাৰ পাছত ৩০০ গ্ৰাম বা তাতকৈ বেছি ওজনৰ গ্ৰাছ কাৰ্প পুখুৰীত মেলা হয়। কম দিনৰ ভিতৰতে ই খাৰবন সমূলি নিৰ্মূল কৰে।

গ)ৰাসায়নিক পদ্ধতি:

এই পদ্ধতিত ৰাসায়নিক দৰব ব্যৱহাৰ কৰি কম খৰচতে জলজ অপতৃণ নিবাৰণ কৰা হয়। অৱশ্যে মাছ থকা পুখুৰীত ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰি অপতৃণ নিয়ন্ত্ৰণ নকৰাই ভাল। কিয়নো এনে দৰবৰ বিষক্ৰিয়া বহুত দিনলৈ থাকে আৰু এইবোৰ জলাশয়ৰ পানীত অম্লজানৰ পৰিমাণ কমোৱাৰ উপৰি মাছৰ প্ৰাকৃতিক খাদ্য উৎপাদনত বাধাৰ সৃষ্টি কৰে। তদুপৰি দৰবৰ মাত্ৰা বেছি হ’লে মাছ মৰিব পাৰে আৰু এনে মাছ খালে মানৱ দেহৰ অপকাৰ হোৱাৰ আশংকা থাকে।

তৎসত্ত্বেতো ঔষধ প্ৰয়োগ কৰিবলগীয়া হ’লে ফৰকাল বতৰতহে যেন প্ৰয়োগ কৰা হয়।

অৱশ্যে সকলো জলজ উদ্ভিদেই যে সকলো মাছৰ বাবে সমানেই ক্ষতিকাৰক তেনে নহয়। কিছুমান জলজ উদ্ভিদ মাছৰ খাদ্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰি ই মাছক ছাঁ দিয়ে। বহুতো সময়ত জলজ উদ্ভিদসমূহ আধাৰ হিচাপে ব্যৱহাৰ হৈ মাছক কণী পৰাত সহায় কৰে।

জলজ উদ্ভিদ নিবাৰণত কোনটো পদ্ধতি গ্ৰহণ কৰিব বা কোনটো পদ্ধতি প্ৰয়োগ কৰিলে ভাল ফল পোৱা যাব সেইটো নিৰ্ভৰ কৰিব জলাশয়টোৰ আকৃতি, জলজ উদ্ভিদৰ ঘনত্ব আদি বিভিন্ন কাৰকৰ ওপৰত। প্ৰয়োজন সাপেক্ষে কেতিয়াবা তাৎক্ষণিক ফলাফলৰ বাবে একাধিক পদ্ধতি একেলগে প্ৰয়োগ কৰা হয়। জলজ অপতৃণ ৰাসায়নিক ব্যৱস্থাৰে নিৰ্মূল কৰিব বিচাৰিলে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰাটো একান্তই বাঞ্ছনীয়। কিয়নো এইক্ষেত্ৰত সেই দিনটোৰ বায়ুমণ্ডলৰ উষ্ণতা আৰু অধিক আনুষংগিক কাৰকৰ ওপৰত ভিত্তি কৰি দৰবৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়। ৰাসায়নিক পদ্ধতি প্ৰয়োগৰ হীন-ডেঢ়ি হ’লে পৰৱৰ্তী সময়ত বিভিন্ন অবাঞ্ছিত সমস্যাক আমন্ত্ৰণ কৰা হ’ব। এই দিশসমূহ সম্পৰ্কে বিশদভাৱে জানিবলৈ তথা মীনপালন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ইচ্ছুকসকলে ৯৪৩৫০-০৯৫৬৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top