মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন পালন কৰ্মপঞ্জী আৰম্ভ কৰাৰ আগেয়ে বিজ্ঞানসন্মত দৃষ্টিকোণ জানি লওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন পালন কৰ্মপঞ্জী আৰম্ভ কৰাৰ আগেয়ে বিজ্ঞানসন্মত দৃষ্টিকোণ জানি লওক :

মীন পালন কৰ্মপঞ্জী বিজ্ঞানসন্মত দৃষ্টিকোণৰ বিষয়ে লিখা হৈছে ।

আৰু কিছুদিন পিছতেই আৰম্ভ হ’ব মীন পালন কৰ্মপঞ্জী। মীন পালন প্ৰযুক্তি অতি সৰল, কিন্তু পৰিক্ৰমা শৃংখলাবদ্ধ। সেয়েহে আশানুৰুপ তথা ঈনষিত ফল প্ৰাপ্তিৰ বাবে বিজ্ঞানসন্মত দৃষ্টিকোণৰ আৰু দৃষ্টিভংগী অতি প্ৰয়োজন। এইক্ষেত্ৰত ঊনৈশ-বিশ ঘটিলে প্ৰাপ্তিৰ পথত হেঙাৰ সৃষ্টি হয়। গতিকে মীন পালনৰ পৰা আশানুৰুপ ফল পাবলৈ সকলোখিনিক কাম-কাজ বিধিগতভাৱে কৰাটো একান্তই বাঞ্চনীয়।

উল্লেখ্য যে অসমৰ মাটি, পানী, জলবায়ু, ভৌগালিক অৱয়ব আদি সকলোখিনি মীন পালনৰ বাবে অতি উপযোগী। মীন পালনৰ অতি সৰল প্ৰযুক্তি অৱলম্বন কৰি বিনিয়োগ কৰা প্ৰতিটো টকাৰ বিপৰীতে অসমত ৭০ পইচা লাভ পাব পাৰি। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ওড়িশা আদি যিবোৰ ৰাজ্যই মীন পালনৰে গ্ৰামীণ অৰ্থনীতিৰ আমুল পৰিৱৰ্তন সুচল কৰিছে, সেই সমুহত এই হিচাপটো মাত্ৰ ৪০ পইচাহে। তদুপৰি ইয়াত তুলনামুলকভাৱে লাভ বেছি, কষ্ট কম। অধিক আৰ্থিক লাভ প্ৰদানৰ ক্ষমতাৰ বাবে ভুমিভিত্তিক মীন পালনে ভুমিভিত্তিক কৃষিক দেশৰ বিভিন্ন অংশত অপসাৰিত কৰিছে।

অসমত সাধাৰণতে এপ্ৰিল মাহত দ্বিতীয় পষেক মানত পোনা মেলিব লাগে। কিয়নো ২৬°-৩২° চেলচিয়াছ উষ্ণতাসম্পন্ন পানীতহে খৰতকীয়াভাৱে মাছৰ দৈহিক বৃদ্ধি হয়। অসমত মাৰ্চ মাহৰ পৰা অক্টোবৰ মাহ মানলৈ পানীত এনে অনুকুল উষ্ণতা থাকে। পৰৱৰ্তী সময়ত পানীৰ উষ্ণতা মাছৰ দৈহিক বৃদ্ধিৰ বাবে প্ৰতিকুল হৈ পৰে। সেয়ে যথাসম্ভৱ মাৰ্চৰ শেষত বা এপ্ৰিলৰ আৰম্ভণিতে পুখুৰীত পোনা মেলাটো একান্তই বাঞ্চনীয়।

আনহাতে, পোনা ১০-১৫ ছেণ্টিমিটাৰ গড় দৈৰ্ঘ্য আৰু ২০-২৫ গ্ৰাম গড় ওজনবিশিষ্ট হ’ব লাগে। এনে হিচাপৰ আঙুলি জোখৰ পোনাহে পুখুৰীত মেলিব লাগে। অসমৰ জলবায়বীয় পৰিবেশৰ পটভুমিত এই জোখৰ পোনা এপ্ৰিল মাহত পোৱাটো অসুবিধাজনক। সেইবাবে অসমৰ পটভুমিত আগৰ বছৰৰ মজুত কৰি ৰখা পোনা অৰ্থাৎ বছৰেকীয়া পোনা অতি প্ৰাসংগিক। আগৰ বছৰৰ আগষ্ট- ছেপ্টেম্বৰ মাহৰ পোনা বিশেষ কৌশলেৰে অধিক ঘনত্বত ৰাখি পৰৱৰ্তী বৰ্ষৰ বাবে বছৰেকীয়া পোনা প্ৰস্তুত কৰা হয়। এনে পোনাৰ বাঢ়ন খৰতকীয়া হয়। এই পোনাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু বেছি আৰু সামগ্ৰিক দৃষ্টিভংগীত মীনপালকৰ বাবে অতি লাভজনক। এইখিনিতে গুৰুত্বপুৰ্ণ কথাটো হ’ল পোনা সদায় যেন নিৰ্ভৰযোগ্য স্থল আৰু উৎসৰপৰাহে সংগ্ৰহ কৰা হয়। তদুপৰি পোনা ক্ৰয় কৰাৰ আগেয়ে মীন বিভাগৰ পঞ্জীয়ন আৰু গুণগত মান নিশ্চিতিৰ প্ৰমাণ-পত্ৰ চাই লোৱা হয় যেন। এই কথাখিনি অৱজ্ঞা কৰিলে ঈন্সিত ফলপ্ৰাপ্তি সম্ভৱ নহয়।

পুখুৰীত পোনা মেলোতে প্ৰজাতি সংমিশ্ৰণ আন এটা গুৰুত্বপুৰ্ণ কথা। আমাৰ মীনপালকৰ বাবে অনায়াসে গ্ৰহণ কৰিব পৰা কৌশলটো হৈছে সংমিশ্ৰিত মীন পালন। ষাঠিৰ দশকত উদ্ভাসিত এই প্ৰযুক্তি সকলো দিশৰপৰাই অতি প্ৰাসংগিক। এই পদ্ধতিত খাদ্য অভ্যাস আৰু নিৱাসতাৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ প্ৰজাতিৰ মাছ একেলগে পালন কৰি পুখুৰীৰ ঊৰ্দ্ধ, মধ্য আৰু নিম্নস্তৰৰ প্ৰাকৃতিক খাদ্য-সম্ভাৰৰ যথোচিত ব্যৱহাৰৰ লগতে অধিক মাছ উৎপাদন কৰিব পাৰি। প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্য আৰু খাদ্যাভ্যাস অনুসৰি মাছে জলস্তৰৰ বিভিন্ন স্তৰত অৱস্থান কৰে। উদাহৰণস্বৰুপে বাহু, ছিলভাৰ কাৰ্প আদি মাছে জলস্তম্ভৰ ঊৰ্দ্ধস্তৰত; ৰৌ আদি মাছে মধ্যস্তৰত আৰু কমন কাৰ্প, মিৰিকা, কুঢ়ি, মালী আদি মাছে নিম্নস্তৰত অৱস্থান কৰে। সাধাৰণতে ভাৰতীয় মুলৰ ৰৌ, বাহু, মিৰিকা আৰু বিদেশী মুলৰ ছিলভাৰ কাৰ্প, গ্ৰাছ কাৰ্প, কমন কাৰ্প আদি ছয় প্ৰজাতিৰ সংমিশ্ৰণ অতি উত্তম বুলি বিবেচিত হৈছে। অৱশ্যে, তিনি প্ৰজাতি, চাৰি-প্ৰজাতি, ছয় প্ৰজাতি, সাত প্ৰজাতিৰ সংমিশ্ৰণো ফলপ্ৰসু। এক হেক্টৰ জলকালিৰ বাবে মুঠ ৬০০০ টা আঙুলি জোখৰ বছৰেকীয়া পোনা মেলিব লাগে। অতি অনুকুল ক্ষেত্ৰত সৰ্বাধিক ৮০০০ টা পোনা মেলিব পাৰি। বহুতে ভবাৰ দৰে অত্যধিক পোনা মেলিলেই অধিক উৎপাদন প্ৰশস্ত নহয়। বৰ্ং ই বহু অবাঞ্চিত সমস্যাকহে আমন্ত্ৰণ কৰে আৰু সামগ্ৰিক উৎপাদনত নেতিবাচক প্ৰভাৱ পেলায়। সাধাৰণতে ৪:৩:৩ অনুপাতত ঊৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ মাছ পোনা মেলিব লাগে।

এটা আদৰ্শ মীন পালনৰত পুখুৰীত জলগভীৰতা গড়ে ১.৫ মিটাৰমান হ’ব লাগে। বছৰৰ কোনো সময়ত ইয়াৰ হীন-ডেঢ়ি হ’লে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়।

পুখুৰীত নিৰ্দিষ্ট হিচাপ, বিধি আৰু প্ৰয়োগৰ নিয়ম অনুসৰি সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। চুণ, জৈৱিক আৰু অজৈৱিক সাৰ, পৰিপুৰক খাদ্য আদি এইক্ষেত্ৰত বিশেষভাৱে প্ৰণিধানযোগ্য। পুখুৰীত শেলাইৰ অতিচাৰ বা যিকোনো বৈসাদৃশ্য দৃষ্টিগোচৰ হ’লে তুৰন্তে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। প্ৰতিদিনে পুৱা খাদ্য প্ৰয়োগৰ সময়ত মাছসমুহ পৰ্যবেক্ষণ কৰাটো প্ৰয়োজনীয়। মাজে-সময়ে পৰীক্ষামুলক জাল মাৰিও মাছৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে। এইক্ষেত্ৰত কিছু বিসংগতি দেখিলে তুৰন্তে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। যিহেতু গ্ৰাছকাৰ্পৰ বাবে যথেষ্ট পৰিমাণে কলপাত, ঘাঁহ, পাচলিৰ কোমল পাত আদি খাদ্য হিচাপে দিব লাগে, সেয়ে এই প্ৰস্তুতি পোনা মেলাৰ আগৰপৰাই কৰা উচিত।

পুখুৰীত মেলা পোনাখিনি সুস্থ, সবল, নিৰোগী আৰু গুণগত মানৰ হ’ব লাগে। পোনা সদায় নিৰ্ভৰযোগ্য স্থল আৰু উৎসৰ পৰাহে সংগ্ৰহ কৰিব লাগে। পোনা পৰিবহনৰ সময়ত যাতে কোনো প্ৰতিচাপ হ’ব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখিব লাগে। পোনে পোনে পুখুৰীত এৰি দিয়া উচিত নহয়। পোনাখিনি কিছু সময় পটাছ পানীত বুৰাই ৰাখি পোনা ৰখা পাত্ৰটো লাহে লাহে পানীত ডুবাই হেলনীয়া কৰি নিজে নিজে ওলাই যোৱাৰ সুবিধা কৰি দিব লাগে। পুখুৰীৰ পানী আৰু পোনা ৰখা পাত্ৰৰ পানীৰ উষ্ণতা একে সমান হ’লে পোনা নিজে নিজে ওলাই যায়। পাত্ৰৰ পৰা পোনা বলেৰে উলিয়াই দিয়া অনুচিত। পলিথিনৰ বেগত পৰিবহন কৰা পোনাও পোনে পোনে পুখুৰীত এৰি দিব নালাগে। পোনাসহ বেগটো কিছু সময়ৰ বাবে পুখুৰীত থৈ দিব লাগে। পুখুৰীৰ পানীৰ উষ্ণতাৰ লগত বেগৰ ভিতৰৰ পানীৰ উষ্ণতা একে হ’লে মাছ পোনাবোৰ লাহে লাহে বাহিৰলৈ ওলাই যোৱাৰ প্ৰৱণতা পৰিলক্ষিত হ’ব। পোনাৰ তেনে আচৰণ লক্ষ্য কৰিলে বান্ধ খুলি বেগৰ মুখখন হেলনীয়াকৈ পানীত ডুবাই ৰাখি মাছবোৰ নিজে নিজে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে।

উচ্চ বাঢ়ন ক্ষমতা নব্য সংযোজিত শেহতীয়া উপলব্ধ পোনা মেলি অধিক উৎপাদন প্ৰশস্ত কৰিব পাৰি। উদাহৰণস্বৰুপে, সচৰাচৰ ৰৌৰ পৰিৱৰ্তে উচ্চ বাঢ়ন ক্ষমতাসম্পন্ন জয়ন্তী ৰৌ, সচৰাচৰ উপলব্ধ কমন কাৰ্পৰ পৰিৱৰ্তে আমুৰ কমন কাৰ্প আদি পোনা মেলা যুগুত। জয়ন্তী ৰৌ কেন্দ্ৰীয় অৱলৱণীয় জলসংবৰ্দ্ধণ প্ৰতিষ্ঠানৰ (ভুৱনেশ্বৰৰ )নিৰ্বাচিত প্ৰজননৰ জৰিয়তে সৃষ্ট গৱেষণালব্ধ উৎপাদন। সংস্থাটোৱে জয়ন্তী ৰৌৰ পোনা উৎপাদনৰ বাবে নলবাৰীৰ ঘগ্ৰাপাৰৰ দেৱজিৎ বৰ্মণ (৯৯৫৭৬৩৬৩৩৮), হাতীঘুলীৰ টাটা মীন প্ৰতিষ্ঠান (৯৪৩৫৫৭৫৬৮৬), সোণাপুৰৰ বগীবাৰীৰ ‘কলং-কপিলী’(৯৮৫৯৩৩৩৩২০) ক অনুমোদন কৰিছে। ইচ্ছুকসকলে উক্ত প্ৰতিষ্ঠানসমুহৰ পৰা জয়ন্তী ৰৌৰ লগতে আমুৰ কাৰ্পৰ পোনাও আহৰণ কৰিব পাৰি। এই দুই প্ৰজাতিৰ পালন আৰু উপলব্ধতা সম্পৰ্কে আৰু অধিক জানিব বিচাৰিলে সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞৰ লগত ৯৪৩৫৩-০৯৫৬৮) যোগাযোগ কৰিব পাৰিব। শেহতীয়াকৈ দেখা গৈছে যে প্ৰতি হেক্টৰ জলকালিত কাৰ্পৰ পোনা মেলাৰ ২-৩ মাহমান পিছত চিতল মাছৰ পোনা (১০ ছেণ্টিমিটাৰ দৈৰ্ঘ্য) ১৫০ টা মান উপৰঞ্চি হিচাপে মেলিলে অধিক লাভ পোৱা যায়। কিয়নো চিতলে পুখুৰীত কাৰ্প মাছৰ বাবে আহুকালৰ সৃষ্টি কৰা অলাগতিয়াল জীৱ সমষ্টি নিৰ্মুল কৰাত সহায় কৰাৰ মাধ্যমেৰে নিজৰ খাদ্য নিজে যোগাৰ কৰে আৰু আন মাছৰ চাল-চলনত সহায় কৰি বাঢ়নত ইতিবাচক ভুমিকা পালন কৰে।

আগন্তুক এপ্ৰিল মাহত আৰম্ভ হ’বলগীয়া মীন পালন কৰ্মপঞ্জীৰ আগেয়ে এই দিশসমুহ গুৰুত্বসহকাৰে বিবেচনা কৰি কৰ্মত আগবাঢ়িলে আশানুৰুপ ফলপ্ৰাপ্তি ঘটাটো খাটাং।

মীনপালকক থোৰতে এটি আভাস দিবলৈ নিন্মোক্ত সংমিশ্ৰিত হিচাপৰ এটি ধাৰণা দিয়া হ’ল -

তিনি প্ৰজাতিৰ সংমিশ্ৰণ

চাৰি প্ৰজাতিৰ সংমিশ্ৰণ

ছয় প্ৰজাতিৰ সংমিশ্ৰণ

সাত প্ৰজাতিৰ সংমিশ্ৰণ

বাহু ৪০%

বাহু ৩৫%

বাহু ২০-৩০%

বাহু ১৪%

ৰৌ ৩০%

ৰৌ ২৫%

ছিলভাৰ কাৰ্প ১০-১৫%

ৰৌ ১৪%

মিৰিকা ৩০%

মিৰিকা ২০%

ৰৌ ১৫-২০%

মিৰিকা ১৮%

 

কমন কাৰ্প ২০%

গ্ৰাছ কাৰ্প ৫-১৫%

ছিলভাৰ কাৰ্প ১৮%

 

 

মিৰিকা ১৫-১০%

গ্ৰাৰ্ছ কাৰ্প ৯%

 

 

কমন কাৰ্প ২০-২৫%

কমন কাৰ্প ১৮%

 

 

 

জাভা পুঠি ৯%

 

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

 

3.07407407407
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top