অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মীন পালন সম্পৰ্কীয় আইন আৰু যৎকিঞ্চিৎ

মীন পালন সম্পৰ্কীয় আইন আৰু যৎকিঞ্চিৎ

 

ৰাজ্যত সামগ্ৰিকভাৱে মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে অসম নীতি, ১৯৫৩ আৰু অসম মীন পোনা আইন, ২০০৫ অতি সফলভাৱে বলৱৎ কৰি থকা হৈছে। উল্লেখ্য যে মীন পোনা আইন, ২০০৫ৰ আধাৰত অসম মীন পোনা নীতি, ২০১০ ইতিমধ্যে গৃহীত হৈছে। দেশৰ ভিতৰত এনেধৰণৰ এয়া প্ৰথম প্ৰচেষ্টা।

ৰাজ্যত আশানুৰূপ মীন উৎপাদন বৃদ্ধি আৰু গুণগত মানৰ মীন পোনাৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এই আইনসমূহে সামৰি লোৱা দিশসমূহ আমি জানি লৈ কাৰ্যত পৰিণত কৰা একান্তই বাঞ্ছনীয়।

এই সকলোখিনি জানি লৈ বাস্তৱায়িত কৰাত সহযোগিতা আগবঢ়োৱাটো এজন সচেতন নাগৰিক হিচাপে আমাৰ কেৱল কৰ্তব্যই নহয় দায়িত্বও।

অসম মীন নীতি, ১৯৫৩(সংশোধিত ২০০৫) মৰ্মে প্ৰাকৃতিক জলাশয়ত মাছৰ সংৰক্ষণ, বংশবৃদ্ধি আৰু উৎপাদন বৃদ্ধিৰ বাবে প্ৰজনন কালছোৱাৰ লগতে বছৰটোৰ বাবে মাছ ধৰা আৰু জাল আদি ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ জাৰি কৰা হৈছে। এইসমূহ থোৰতে এনেধৰণৰ-

ক)এক এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ ৭ চেঃমিঃ বাৰ/১৪ চেঃমিঃতকৈ(২.৭ ইঞ্চি/বা ৫.৫ ইঞ্চি) কম পাহিৰ বেৰজাল, মহাজাল, ফাঁচিজাল বা আন যিকোনো জাল ঘোষিত মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (ধাৰা ২৩(১))।

খ)এক চেঃমিঃ বাৰ/২ চেঃমিঃতকৈ পাহিৰ আঁঠুৱা জাল গোটেই বছৰজুৰি মীন মহলত ব্যৱহাৰ কৰা নিষেধ। (ধাৰা ২৩(২))।

গ)১ মে’ৰ পৰা ১৫ জুলাইলৈ মাছৰ প্ৰজনন ঋতুৰ সময়ত ৰৌ, বাহু, মিৰিকা, মালি, কলিয়াজাৰ, চিতল, পিঠিয়া, ঘৰিয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী বা শুক্ৰ থকা গাভিনী মাছ ঘোষিত মীন মহলত ধৰিব নোৱাৰিব(ধাৰা ২৩(ক)১)।

ঘ)১ আগষ্টৰ ৩১ অক্টোবৰলৈ ৰৌ, বাহু, মিৰিকা, চিতল, পিঠিয়া, শিলঘৰিয়া মাছৰ ২৩ চেঃমিঃ(৯ ইঞ্চি) দীৰ্ঘ্যতকৈ তলৰ আৰু কলিয়াজাৰ, মালি, কুঢ়ি, ভাঙোন মাছৰ ১০ চেঃমিঃ(৩.৯ ইঞ্চি) দৈৰ্ঘ্যতকৈ সৰু মাছ খোৱা বা বিক্ৰীৰ বাবে ধৰিব বা মাৰিব নোৱাৰিব।

সৰু মাছৰ ক্ষেত্ৰত উক্ত বাধা-নিষেধ মীন বিভাগৰ অনুমতিসাপেক্ষে কেৱল মীন পালনৰ বাবে শিথিল হ’ব পাৰে।

যদি মাছ ধৰাৰ সময়ত তেনে মাছ জালত পৰে, তেন্তে জীয়াই জীয়াই উক্ত মীন মহলত এৰিব লাগিব নাইবা মীন বিভাগে সময়ে সময়ে নিৰ্ধাৰিত কৰি দিয়া মূল্যত মীন বিভাগক যোগান ধৰিব লাগিব(ধাৰা ২৩(ক)২)।

ঙ)১ মে’ৰ পৰা ১৫ জুলাইলৈ কোনো নদী, ডোবা, বিল বা মীন মহলত ৭ বৰ্গ চেঃমিঃতকৈ(২.৭ বৰ্গ ইঞ্চি) সৰু ফাঁকৰ অস্থাৱৰ বানা(বাঁহেৰে তৈয়াৰী মাছ ধৰা সঁজুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিলে। (ধাৰা ২৪)।

চ)লিজত বা ডাকত লোৱা মীন মহল কোনো মহলদাৰে পানী সিঁচি শুকুৱাই পেলাব নোৱাৰিব(বিধি ১৮) আৰু মীন মহলখন মেটেকা, জলজ উদ্ভিদ আদিৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। (বিধি ১৯)।

ছ)কোনো ঘোষিত মীন মহলত মহলদাৰ বা আন কোনোৱে মৰাপাট গোৰাব নোৱাৰিব। (বিধি ২১)।

আকৌ উপযুক্ত মানৰ মীন পোনাৰ যোগান নিশ্চিত কৰিবলৈ অসম মীন পোনা আইন, ২০০৫ মৰ্মে নিম্নলিখিত বিধিসমূহ মানি চলাটো বাঞ্ছনীয়। এজন মীন পোনা উৎপাদকে জানিবলগীয়া কথা এনেধৰণৰ-

কোনো ব্যক্তি বা সংগঠনে বিভাগীয় অনুজ্ঞাপত্ৰ ব্যতিৰেকে অনুমোদিত মাছ পোনাৰ উৎপাদন, প্ৰতিপালন আৰু পৰিবহণ কৰিব নোৱাৰিব। (দফা ৬)।

মীন পোনা উৎপাদনৰ বাবে ইচ্ছুকসকলে অনুজ্ঞাপত্ৰৰ বাবে নিৰ্দিষ্ট প-প্ৰত্ৰত ৩১ জানুৱাৰীৰ ভিতৰত জিলা মীন বিষয়াক আবেদন কৰিব লাগিব।

জিলা মীন উন্নয়ন বিষয়াই চৰজমিন তদস্ত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। (দফা ৭(১) আৰু ৭(২))।

এই আইন প্ৰযোজ্য হোৱাৰ আগৰ পৰা পোনা উৎপাদন, প্ৰতিপালন আৰু ব্যৱসায় কৰি থকাসকলেও অনুজ্ঞাপত্ৰ লোৱাটো বাধ্যতামূলক।

মীন পোনা উৎপাদনকাৰীয়ে বিভাগীয় বিধি-বাধকতাৰ আওঁতাৰ ভিতৰত পোনা উৎপাদন কৰিব লাগিব আৰু সময়ে সময়ে বিভাগে প্ৰদান কৰা প্ৰশিক্ষণ গ্ৰহণ কৰাটো বাধ্যতামূলক(দফা ৭(৪))।

অনুজ্ঞাপত্ৰ এবছৰৰ বাবে দিয়া হয় আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত পুনৰ পঞ্জীকৰণ কৰাটো বাধ্যতামূলক। (দফা ৮)।

অসম মীন পোনা আইন, ২০০৫ৰ বিধি-বিধান আৰু নীতি-নিয়ম অনুযায়ীহে মীন পোনা উৎপাদন, প্ৰতিপালন, বিতৰণ, পৰিবহণ, ৰপ্তানি আৰু আমদানি কৰিব পাৰি।

মীন পোনা উৎপাদকসকলে অসম মীন পোনা আইন, ২০০৫ মৰ্মে নিম্নলিখিত কথাসমূহ জমা উচিত-

মীন পোনা উৎপাদন কেন্দ্ৰটিত বিজ্ঞানসন্মত ন্যূনতম আন্তঃগাঁথনি থকাটো বাধ্যতামূলক।

অনুমোদিত আৰু নিৰ্দিষ্ট ওজনৰ মাছৰহে প্ৰজনন কৰিব পাৰি।

মীন পামৰ অনুমোদিত প্ৰজাতিৰ গাভিনী মাছৰ ৩০ শতাংশ প্ৰতিবছৰে গাভিনী মাছৰ ভঁৰালৰ পৰা স্থানান্তৰ কৰিব লাগে।

কেৱল জীৱিত অৱস্থাতহে মাছ পোনাৰ ব্যৱসায় কৰা প্ৰজননক্ষম মাছৰ ন্যূনতম ওজনৰ ক্ষেত্ৰতো অসম মীন পোনা নীতিৰ দফা নং ১১(৬)ত নিৰ্দিষ্টভাৱে উল্লেখ কৰা হৈছে।

এইক্ষেত্ৰত ভকুৱা, ছিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্পৰ ক্ষেত্ৰত কেজি, ৰৌ আৰু মিৰিকা মাছৰ ক্ষেত্ৰত ১.৫ কেজি, কমন কাৰ্পৰ ক্ষেত্ৰত ১ কেজি আৰু কুঢ়ি মাছৰ ক্ষেত্ৰত ৫০০ গ্ৰাম হোৱাটো বাধ্যতামূলক। তদুপৰি এনেবোৰ মাছৰ বয়স কমেও দুবছৰ হ’ব লাগে।

আনহাতে, দফা নং ১১(৮) মৰ্মে কেইবিধমান মাছৰ পালন, পোনা উৎপাদন, ব্যৱসায়, পৰিবহণ, বিক্ৰী আদি বাৰণ কৰা হৈছে। থাইলেণ্ড মাগুৰ(Clarias gariepinus), টিলাপিয়া বা জাপানী কাৱৈ(Oreochromis spp), বিগহেড কাৰ্প(Aristichthys nobilis) আদি এনেধৰণৰ মাছ। এইসমূহৰ উৎপাদন আৰু পালন আইনবিৰুদ্ধ তথা আইনমতে দণ্ডনীয়।

মাছৰ পোনা বিক্ৰী, পৰিবহণ, ব্যৱসায় আদি কৰিবলৈ জিলা মীন উন্নয়ন বিষয়া বা তেওঁৰ কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ মাছৰ পোনাৰ গুণগত মান নিশ্চিতিৰ প্ৰমাণ-পত্ৰ একান্তই বাছনীয়।

অসম মীন আইনৰ নিষেধাজ্ঞাসমূহ বা আইনৰ অন্যান্য বিধি ভংগ কৰিলে মীন আইনৰ ২২ নং আৰু ৪১ নং ধাৰা অনুসৰি আইন ভংগকাৰীসকলৰ সৰ্বনিম্ন ১০০০ টকাৰ পৰা ৫০০০ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে আৰু যদিহে এবাৰ ভৰাৰ পিছত পুনৰবাৰ বিধি ভংগ কৰে, তেন্তে প্ৰথম ভংগ কৰা দিনৰ পৰা আৰ কৰি প্ৰতিদিনে ১০০ টকাকৈ পুনৰ জৰিমনা ভৰিব লাগিব।

আনহাতে, এই জৰিমনা ভৰাৰ উপৰি সেই কামৰ বাবে ব্যৱহাৰ হোৱা জাল, অন্যান্য মাছ ধৰা সঁজুলি সকলোবোৰ বাজেয়াপ্ত হ’ব পাৰে।

লেচী বা মহলদাৰে এনে আইন ভংগ কৰিলে মীন মহল বন্দৱস্তি নাকচ হ’ব পাৰে আৰু আমানত ধনো বাজেয়াপ্ত কৰা হ’ব পাৰে।

ভাৰতীয় মীন আইন ১৮৯৭ৰ ৭(১) ধাৰা মীন আইন ১৯৫৩ চনৰ ২৭ নং ধাৰা অনুসৰি উক্ত আইন ভংগকাৰীসকলক দণ্ডাধীশ, আৰক্ষী বিষয়া, মীন বিভাগৰ সম্প্ৰসাৰণ বিষয়া বা তাতোকৈ উচ্চ পৰ্যায়ৰ যিকোনো বিষয়াই গ্ৰেপ্তাৰ কৰাৰ উপৰি বিধি অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

উক্ত আইন তথা বিধিসমূহ কাৰ্যক্ষেত্ৰত বাস্তৱায়িত কৰি ঈপসিত লক্ষ্যত উপনীত হ’বলৈ জনসাধাৰণৰ সহযোগিতা অবিহনে এইক্ষেত্ৰত কেৱল চৰকাৰী পদক্ষেপেই সমুচিত বা পৰ্যাপ্ত নহয়।

আমাৰ বিশাল মীন সম্পদ যাতে দুষ্কৃতিকাৰীয়ে হানি কৰিব নোৱাৰে তাৰ প্ৰতি আমি সতৰ্ক দৃষ্টি ৰাখিব লাগিব।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 4/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate