মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন পালনত চূণ আৰু সাৰৰ প্ৰয়োগ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন পালনত চূণ আৰু সাৰৰ প্ৰয়োগ:

মীন পালনত চূণ আৰু সাৰৰ প্ৰয়োগৰ বিষয়ে লিখা হৈছে

মীন পালনত চূণ আৰু সাৰৰ প্ৰয়োগৰ বিষয়ে-

 

মাছৰ পুখুৰী প্ৰস্তুত কৰি তোলাৰ পিছত মাছৰ আশানুৰূপ উৎপাদন লাভ কৰিবলৈ মাটি আৰু পানী পৰিচালনা অতীৱ প্ৰয়োজন। চূণ আৰু সাৰে পানীৰ প্ৰাথমিক উৎপাদকতা বৃদ্ধি কৰি মাছৰ বাবে প্ৰাকৃতিক খাদ্যসম্ভাৰ বঢ়াই তোলে। ফলত জলজ প্ৰাণীবোৰে আৱশ্যকীয় পুষ্টিদ্ৰব্য আহৰণ কৰি পুখুৰীটোৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। এই উৰ্বৰতা শক্তিৰ ওপৰতেই মাছৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰে।

পুখুৰীত চূণ প্ৰয়োগ কৰাৰ কাৰণ হ’ল-

 

পানীৰ আম্লিকতা কমোৱা, পি এইচ মাত্ৰা নিয়ন্ত্ৰণ কৰা, পানী কঠিন কৰা, ফছফৰাছ আৰু নাইট্ৰ’জেন সাৰৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা, পানী বীজাণুমুক্ত কৰা আদি। সেয়ে চূণ প্ৰয়োগ নকৰি কেতিয়াও মীন পালন কৰিবলৈ যোৱাটো উচিত নহয়। পুখুৰীত থকা গেদ অথবা বহু বছৰ ধৰি নিসিঁচাকৈ থকা পুখুৰীত চূণ প্ৰয়োগ কৰাটো বাধ্যতামূলক হিচাপেই গ্ৰহণ কৰিব লাগে।

সাধাৰণতে পুখুৰী প্ৰস্তুত কৰাৰ সময়তে তলিখন পানী সিচিঁ বা শুকুৱাই লৈ পোৰা চূণ-কুইক লাইম(Cao) সমভাৱে ছটিয়াই প্ৰতি হেক্টৰ পানীকালিত ২০০-২৫০ কিলোগ্ৰাম হাৰে প্ৰতি বছৰে প্ৰয়োগ কৰিব লাগে। পুখুৰীৰ তলিখন হাল বাই দিব পাৰিলে অতি উত্তম হয়। পানী নিসিঁচা পুখুৰীৰ বাবে পোৰা চূণ এটাপাত্ৰত গুলি লৈ পুৱাৰ ভাগতে পানীৰ উপৰিভাগত সমভাৱে ছটিয়াই দিব লাগে।

সাধাৰণতে বজাৰত ৩ বিধ চূণ উপলব্ধ- ১)কৃষিত ব্যৱহৃত চূণক কোৱা হয় কেলচাইট(Caco3) আৰু দল’মাইট(CaMg(Co3)2), ২)সেমেকা চূণ- চেলকড লাইম(CaOH2) আৰু ৩)পোৰাচূণ-কুইক লাইম(Cao)। এই তিনিওবিধ চূণৰ ভিতৰত পোৰাচূণ() পুখুৰীৰ বাবে উপযোগী। মাটিৰ পি এইচ অনুযায়ী চূণৰ পৰিমাণৰো তাৰতম্য ঘটে। তালিকাত সেই পৰিমান দেখুওৱা হ’ল।

তালিকাত উল্লিখিত পৰিমাণৰ চূণ কিস্তি হিচাপত প্ৰথম কিস্তিত এক তৃতীয়াংশ আৰু বাকী অংশ সমানে ১০ ভাগত ভগাই প্ৰতিমাহে প্ৰয়োগ কৰিব লাগে। আচলতে মাছৰ অধিক উৎপাদনৰ বাবে পানীৰ পি এইচ পৰীক্ষা কৰি নিৰপেক্ষ বা ঈষৎ ক্ষাৰকীয় মাধ্যমলৈ পৰিৱৰ্তন কৰি ল’ব লাগে। কিয়নো অতি আম্লিক আৰু অতি ক্ষাৰকীয় মাধ্যমত মাছ সাধাৰণতে নাবাঢ়ে।

সাৰ প্ৰয়োগ: পুখুৰীত সাৰ হিচাপে জৈৱিক আৰু ৰাসায়নিক দুয়োবিধ সাৰেই ব্যৱহাৰ কৰিব পাৰি। পুখুৰীৰ উৰ্বৰতা বৃদ্ধিৰ বাবে তথা মাছৰ অধিক বাঢ়নৰ বাবে সাৰ প্ৰয়োগ কৰাটো বাঞ্ছনীয়। পানীত পুষ্টি দ্ৰব্যৰ পৰিমাণ, বিশেষকৈ নাইট্ৰ’জেন, ফছফৰাছ আৰু জৈৱিক এঙাৰৰ পৰিমাণ বৃদ্ধি কৰাৰ উদ্দেশ্যে সাৰ প্ৰয়োগ কৰা হয়। জৈৱিক সাৰ হিচাপে জীৱদেহৰপৰা পোৱা মলকেই ব্যৱহাৰ কৰা হয়। গৰুৰ গোবৰ, গাহৰি, হাঁহ-কুকুৰা আদিৰ মল ঘাইকৈ ব্যৱহাৰ কৰিব পাৰি। এইবিলাকত যথেষ্ট পৰিমাণে এঙাৰ থাকে আৰু ই এক নিৰ্দিষ্ট অনুপাতত থাকে আৰু সেয়ে ই পুখুৰীৰ বাবে অতিশয় উপযোগী।

সঠিক হাৰত অকল জৈৱিক সাৰ প্ৰয়োগ কৰিয়েই মাছৰ উৎপাদন বঢ়াব পাৰি। প্ৰতি হেক্টৰ পানীকালিৰ বাবে বছৰি ১৬-২২ টন গোবৰ বা প্ৰতি বিঘাত ২০০০ কিলোগ্ৰাম প্ৰতি বছৰে প্ৰয়োগ কৰিব লাগে। ইয়াৰে প্ৰথম কিস্তিত ৬৫০ কিলোগ্ৰাম ব্যৱহাৰ কৰি বাকীখিনি সমানে মাহিলি হিচাপত ব্যৱহাৰ কৰিব লাগে।

সেইদৰে ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া, এম’নিয়াম ছালফেট আৰু কেলচিয়াম, এমনিয়াম নাইট্ৰেট ছিংগল ছুপাৰ ফছফেট বা ট্ৰিপল ছুপাৰ ফছফেট ব্যৱহাৰৰ বাবে উপযোগী।

১)ইউৰিয়া: প্ৰতি হেক্টৰত ১৮০ কিলোগ্ৰাম বা প্ৰতি বিঘাত ২৮ কিলোগ্ৰাম অৰ্থাৎ প্ৰতি মাহে ২ কিলোগ্ৰামকৈ ব্যৱহাৰ কৰিব লাগে।

২)ছিংগল ছুপাৰ ফছফেট: প্ৰতি হেক্টৰত ৩০০ কিলোগ্ৰাম বা প্ৰতি বিঘাত ৮০ কিলোগ্ৰাম(প্ৰতি মাহত ৩ কিলোগ্ৰামকৈ)প্ৰয়োগ কৰিব লাগে।

প্ৰয়োগ পদ্ধতি: চূণ প্ৰয়োগৰ ৭-১৫ দিন পিছত জৈৱিক/অজৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে। এইবোৰৰ সু-প্ৰয়োগ ঘটিব যেতিয়া পুখুৰীটোৰ অপতৃণ আদি বৰ্জনীয় সামগ্ৰী নাথাকে। ৰাসায়নিক সাৰসমূহ বেলেগে পানীত দ্ৰৱীভূত কৰি পুখুৰীৰ পানীত সমভাৱে ছটিয়াই দিব লাগে। মুঠতে জৈৱিক আৰু ৰাসায়নিক সাৰৰ সংমিশ্ৰিত প্ৰয়োগে পুখুৰীৰ পুষ্টি দ্ৰব্যৰ মাত্ৰা বৃদ্ধি কৰে। ফলত মাছৰ শ্ৰীবৃদ্ধিৰ অনুকূল পৰিৱেশ এটাৰ সৃষ্টি হয়। মনত ৰাখিব লাগে চূণ প্ৰয়োগৰ ৭ দিনৰ পিছত গোবৰ বা জৈৱিক সাৰ আৰু ইয়াৰ ৭-১০ দিনৰ পিছত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব লাগে। ইয়াৰ এসপ্তাহ বা ১০ দিনৰ পিছতহে মাছৰ পোনা মেলিব পৰা হয়।

পি এইচ

অম্লতা/ক্ষাৰকতা

অম্লতা/ক্ষাৰকতা(কি.গ্ৰা. প্ৰতি বছৰৰ হিচাপত)

প্ৰ্তি হেক্টৰ

প্ৰতি বিঘাত

৭.০-৬.৪

নিৰপেক্ষ

৪০০

৫৪

৬.৫-৬.০

ঈষৎ আম্লিক

১০০০

১৩৪

৬.০-৫.০

আম্লিক

১২০০

১৬০

৫.০-৪.০

অতি আম্লিক

২০০০

 

২৬৭

 

লেখক: দুলু কুমাৰ বৈদ্য(দৈনিক অসম)

2.86842105263
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top