মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন পালনৰ জৰিয়তে লাভৱান হ’বলৈ-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন পালনৰ জৰিয়তে লাভৱান হ’বলৈ-

পানীত মাছৰ প্ৰাকৃতিক খাদ্য উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱকৰ পৰিমাণ বঢ়াবলৈ জৈৱিক আৰু অজৈৱিক সাৰ প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজনীয়। কিন্তু মাছৰ আশানুৰূপ বৃদ্ধি পাবলৈ পৰিপূৰক খাদ্য প্ৰয়োগৰ প্ৰয়োজন অধিক। মীন পোনা প্ৰতিপালন পুখুৰীয়েই হওক অথবা পালন পুখুৰীয়েই হওক নিয়মিত পৰিপূৰক খাদ্য যোগান নিতান্তই প্ৰয়োজনীয়। সাধাৰণতে পুখুৰীত চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ১∶১ অনুপাতত মিহলাই পুখুৰীত প্ৰয়োগ কৰিব লাগে।

 

পুখুৰীত পৰিপূৰক খাদ্যৰ যোগানঃ

পানীত মাছৰ প্ৰাকৃতিক খাদ্য উদ্ভিদ প্লৱক আৰু প্ৰাণী প্লৱকৰ পৰিমাণ বঢ়াবলৈ জৈৱিক আৰু অজৈৱিক সাৰ প্ৰয়োগ কৰা নিতান্তই প্ৰয়োজনীয়। কিন্তু মাছৰ আশানুৰূপ বৃদ্ধি পাবলৈ পৰিপূৰক খাদ্য প্ৰয়োগৰ প্ৰয়োজন অধিক। মীন পোনা প্ৰতিপালন পুখুৰীয়েই হওক অথবা পালন পুখুৰীয়েই হওক নিয়মিত পৰিপূৰক খাদ্য যোগান নিতান্তই প্ৰয়োজনীয়। সাধাৰণতে পুখুৰীত চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ১∶১ অনুপাতত মিহলাই পুখুৰীত প্ৰয়োগ কৰিব লাগে।

আজিকালি বজাৰত চাউলৰ মল, সৰিয়হৰ খলিহৈ, শুকান মাছৰ গুড়ি, খাদ্যপ্ৰাণ, মাকৈৰ গুড়ি, ভিটামিন আৰু মণিক মিহলাই সুষম খাদ্য প্ৰস্তুত কৰা হৈছে। মাছৰ নিয়মীয়া দৈহিক বৃদ্ধি সুনিশ্চিত কৰিবলৈ পোনাখিনি মেলাৰ প্ৰথম অৱস্থাত দৈনিক ৩-৪ শতাংশ হাৰত আৰু পাছলৈ ক্ৰমাৎ ১-২ শতাংশ হাৰত পৰিপূৰক খাদ্য যোগান ধৰিব লাগে।

মুঠতে সংমিশ্ৰিত মীন পালনত পুখুৰীত প্ৰয়োগ কৰিবলগীয়া খাদ্যত ২৫-৩০ শতাংশ প্ৰ’টিন, ৩০-৪০ শতাংশ শৰ্কৰা আৰু ৫-১০ শতাংশ স্নেহ পদাৰ্থ আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰাণ আৰু মণিক থাকিব লাগে।

প্ৰতিবিঘা পানীৰ পুখুৰীত নিয়মিত মাছক প্ৰয়োগ কৰিবলগীয়া খাদ্যৰ পৰিমাণঃ

মাহ

খাদ্যৰ পৰিমাণ (প্ৰতিদিন)

১ম মাহ

১.০০ কিঃ গ্ৰাঃ

২য় মাহ

২.০০ কিঃ গ্ৰাঃ

৩য় মাহ

২.৫০ কিঃ গ্ৰাঃ

৪ৰ্থ মাহ

৩.২৫ কিঃ গ্ৰাঃ

৫ম মাহ

৪.০০ কিঃ গ্ৰাঃ

৬ষ্ঠ মাহ

৪.৭৫ কিঃ গ্ৰাঃ

৭ম মাহ

৫.২৫ কিঃ গ্ৰাঃ

৮ম মাহ

৬.০০ কিঃ গ্ৰাঃ

৯ম মাহ

৬.৭৫ কিঃ গ্ৰাঃ

১০ম মাহ

৭.৫০ কিঃ গ্ৰাঃ

খাদ্য যোগান পদ্ধতিঃ সংমিশ্ৰিত মীন পালনত পুখুৰীত মেলা মাছসমূহৰ কিছুমানে ঊৰ্ধস্তৰত, কিছুমানে নিম্নস্তৰত আৰু কিছুমানে মধ্যস্তৰত খাদ্য গ্ৰহণ কৰে। গতিকে পৰিপূৰক খাদ্যখিনি এনেকৈ দিব লাগে যাতে তিনিওটা স্তৰতে সমানে যোগান ধৰা হয়। তিনিটা খৰাহি বা তিনিখন ডলা বাঁহৰ খুঁটি অথবা এখনৰ লগত আনখনৰ ব্যৱধান ৰাখি বান্ধি লৈ খাদ্য যোগানৰ আহিলা প্ৰস্তুত কৰি ল’ব পাৰি। কোনো এক নিৰ্দিষ্ট ঠাইত পানীৰ গভীৰতাৰ জোখ লৈ পাত্ৰ তিনিটাৰ এটা পানীৰ পৰা ৩০-৪০ ছেণ্টিমিটাৰ তলত, শেষৰটো তলীৰ পৰা ১০-১৫ ছেণ্টিমিটাৰ ওপৰত আৰু আনটো দুয়োটাৰ মাজত ৰাখি ৰছীৰে আৰু বাঁহৰ খুঁটাৰ লগত বান্ধি দিব লাগে। ডাঙৰ পুখুৰীৰ ক্ষেত্ৰত এনেধৰণৰ কেইবাটাও আহিলাৰ ব্যৱস্থা কৰিব লাগে। ফুটা থকা বস্তাতো খাদ্য ভৰাই পানীৰ নিৰ্দিষ্ট গভীৰতাত এই বস্তাসমূহ ওপৰৰ পৰা নিম্নস্তৰলৈ ৰাখি খাদ্য যোগান ধৰিব পাৰি। মুঠতে এইটো নিৰীক্ষণ কৰিব লাগে যাতে খাদ্যখিনি পুখুৰীৰ বিভিন্ন অংশত খাদ্যগ্ৰহণ কৰা সকলোখিনি মাছৰ বাবে সহজতে গ্ৰহণীয় হয়।

দুৰ্ভাগ্যবশতঃ ৰাজ্যখনৰ বহুতো মীনপালকে পুখুৰীত পৰিপূৰক খাদ্য প্ৰয়োগ নকৰে। ফলস্বৰূপে পুখুৰীৰ পৰা আশানুৰূপ উৎপাদন নাপায়। যিহেতু সকলো জীৱকে বাঢ়নৰ বাবে খাদ্যৰ প্ৰয়োজন হয়, অকল প্ৰাকৃতিক খাদ্যৰ ওপৰতে নিৰ্ভৰশীল নহৈ মাছ পালন পুখুৰীত পৰিপূৰক খাদ্য যোগান নিশ্চিত কৰিব লাগে।

অগৰুঃ

 

বাণিজ্যিক উদ্দেশ্য আগত ৰাখি বিস্তৃত হাৰত ৰোপণ কৰিব পৰা এইবিধ গছ হ’ল সাঁচি গছ। অত্যন্ত মূল্যৱান এই সাঁচি গছক আগৰ গছ বুলিও কোৱা হয়। সাঁচি গছৰ পৰা উৎপাদিত সুগন্ধীৰ তুলনা পাবলৈ নাই। বিভিন্ন ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত সাঁচি গছৰ ভিতৰ অংশত সৃষ্টি হোৱা তেল এক বিশেষ পদ্ধতিৰে উলিওৱা হয়। সেই তেলৰ পৰাই সুগন্ধী প্ৰস্তুত কৰা হয়। সাঁচি বা আগৰ গছৰ পৰা তেল পাবলৈ হ’লে গছজোপাৰ ভিতৰ অংশত ‘আগৰ উড’ বা অগৰু সৃষ্টি হ’ব লাগিব। কেতবোৰ লক্ষণৰ ভিত্তিত সাঁচি গছত আগৰ উড বা অগৰু হোৱা বুলি নিশ্চিত হ’ব পৰা যায়।

অগৰু হোৱাৰ লক্ষণসমূহঃ

 

আগৰ গছত ভেঁকুৰৰ আক্ৰমণৰ ফলত বেমাৰ হোৱাটো অতি প্ৰয়োজন। এই বেমাৰ হোৱা অংশই হ’ল ‘আগৰ উড’ বা অগৰু। সাধাৰণতে কেইবাবিধো ভেঁকুৰৰ সন্মিলিত আক্ৰমণৰ ফলতে ৰাসায়নিক বিক্ৰিয়া ঘটি আক্ৰমণ হোৱা অংশত ৰেজিন প্ৰস্তুত হয়। এই আক্ৰমণৰ ফলত গছজোপা কেতিয়াও সম্পূৰ্ণকৈ মৰি নাযায়। সাঁচি গছত এই ৰেজিনযুক্ত কাঠ প্ৰস্তুত বা সৃষ্টি বহু জৈৱিক আৰু পৰিৱেশজনিত কাৰকৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে বিভিন্ন কাৰণত ডাল ভাঙি পৰি যোৱা অংশত আৰু কেইবাবিধো মজাখোৱা পোকৰ আক্ৰমণৰ ফলতেই প্ৰাকৃতিকভাৱে ৰেজিনৰ সৃষ্টি হয়। ভেঁকুৰৰ আক্ৰমণৰ ২০-২৫ বছৰৰ পাছতহে উৎকৃষ্ট আগৰ উড উৎপন্ন হয়। এই অগৰু বা আগৰ উডৰ পৰিমাণ ৫০-৬০ বছৰ বয়সৰ গছত বেছিকৈ পোৱা যায়।

যিহেতু আগৰ বা ভেঁকুৰে আক্ৰমণ কৰা অংশসমূহ গছজোপাৰ ভিতৰভাগত থাকে, সেয়েহে ইয়াক চিনাক্ত কৰা সাধাৰণতে সহজ নহয়। কিছুমান বাহ্যিক গঠনৰ দ্বাৰা ইয়াক চিনাক্ত কৰিব পাৰি। দুৰ্বল বা টান টেমুনাৰ গঠন, কাণ্ড ফুলি উঠা বা ভিতৰলৈ সোমাই যোৱা, গছত ফাট মেলা, গছৰ ওপৰভাগৰ পৰা শুকাই অহা বা মৰি অহা লক্ষণ, পাতৰ গঠন সৰু হৈ যোৱা, কাঠৰ বৰণ হালধীয়া বা ক’লা হোৱা আদিৰ দ্বাৰাই ইয়াক চিনাক্ত কৰিব পাৰি।

শস্য চপোৱাঃ

 

সাধাৰণতে আগৰ গছ বয়স বা শাৰীৰিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি চপাব পৰা নাযায়। কিন্তু আজিকালি বিভিন্ন কৃত্ৰিম উপায়েৰে গছত ভেঁকুৰৰ আক্ৰমণ ঘটাই ৭-১০ বছৰৰ পৰাই আগৰ গছ বাণিজ্যিকভাৱে চপোৱা যায়। সাধাৰণতে গছত ভেঁকুৰৰ আক্ৰমণৰ কোনো নিৰ্দিষ্ট বয়স নাই। পাঁচ বছৰ বা তাতকৈ আগতেও গছত পোকে বিন্ধা কৰাৰ লগে লগে ভেঁকুৰৰ আক্ৰমণ হোৱা দেখা যায়। এই ভেঁকুৰৰ আক্ৰমণ ৩০-৩৫ বছৰ বা তাতোকৈ বেছি দিনলৈ চলি থাকে। যিমান সংক্ৰমণৰ বয়স বেছি হয়, সিমানেই ৰেজিনৰ গুণগতো মানো বেছি হয়। কৃত্ৰিমভাৱে এজোপা গছৰ পৰা বেছি পৰিমাণৰ আগৰ কাঠ পাবলৈ হ’লে ৫ বছৰমান বয়সৰ পৰা গছজোপাত নিৰ্দিষ্ট ব্যৱধানত দাৰে ঘাপ দিব লাগে। ঘাপ সদায় বাৰিষা বা বাৰিষাৰ আগে আগে দিয়া উচিত। তেতিয়া ঘাপ দিয়া অংশত ভেঁকুৰে আক্ৰমণ কৰিবলৈ সুবিধা হয়। সাধাৰণতে মাটিৰ পৰা ৫০ ছেঃ মিঃ ওপৰত প্ৰথমবাৰ গছ কাটিলে মূঢ়াটোৰ পৰা পোখা মেলি আকৌ গছ হয়। তেনে গছ ৮-১০ বছৰৰ পাছত পুনৰ কাটিব পাৰি। এনেদৰে এবাৰ ৰুই তিনিবাৰলৈকে আগৰ কাঠ সংগ্ৰহ কৰিব পাৰি।

শস্য চপোৱাৰ সময়ঃ

 

সাধাৰণতে গোটেই বছৰ ধৰি ইয়াক চপাব পাৰি যদিও উপযুক্ত সময় হ’ল ডিচেম্বৰ মাহৰ পৰা মে’ মাহলৈ। শুকান বতৰত চপোৱা গছে তেল সাধাৰণতে বেছি দিয়ে আৰু ইয়াৰ সুগন্ধও তুলনামূলকভাৱে বেছি হয়।

উৎপাদনঃ

 

আগৰ গছৰ বাণিজ্যিক উৎপাদন সকলো গছ বা সকলো ঠাইৰ পৰা সমানভাৱে পোৱা নাযায়। গছৰ বয়স পাঁচ বছৰ হোৱাৰ পাছৰ পৰা যদি ভেঁকুৰৰ আক্ৰমণৰ বাবে কৃত্ৰিম পদ্ধতিসমূহ অৱলম্বণ কৰা হয় তেন্তে প্ৰত্যেকজোপা গছৰ পৰাই ১০ বছৰত ৩০-৪০ কেজি ‘ডোম’ বা ‘কলাগছি’ নামৰ ভেঁকুৰে আক্ৰমণ কৰা অংশ পোৱা যায়, যিখিনিৰ পৰা আগৰ তেল নিষ্কাশন কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ)।

2.89743589744
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top