মূল পৃষ্ঠা / কৃষি / মীণ পালন / মীন প্ৰযুক্তি কৌশল আৰু অসমত ইয়াৰ সম্ভাৱনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীন প্ৰযুক্তি কৌশল আৰু অসমত ইয়াৰ সম্ভাৱনীয়তা

মীন প্ৰযুক্তি কৌশল আৰু অসমত ইয়াৰ সম্ভাৱনীয়তা

আমাৰ দেশত অতীজৰে পৰা পৰম্পৰাগতভাৱে চলি অহা মাছ পালন বা মাছৰ লগত সম্বন্ধীয় বিভিন্ন দিশবোৰৰ, পালন প্ৰায় ৭০ দশক মানৰ পৰাহে বাণিজ্যিক ভিত্তিত এক অতি ফলপ্ৰসূ ঔদ্যোগিক পাম হিচাপে স্বীকৃত হৈ, অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে। প্ৰাকৃতিকভাৱে অতি চহকী জলসম্পদ ৰাশিৰ উচিত ব্যৱহাৰৰ দ্বাৰা মাছৰ উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে ই নিবনুৱা সমস্যাটো কিছু পৰিমাণে লাঘৱ কৰিছে। অসমত নদ-নদী, বিল, জলাশয়, পুখুৰী আদি সামৰি প্ৰায় ৩,৯৮,০০০ হেক্টৰ পানীকালি আছে। তৎসত্বেও ইয়াত চাহিদা অনুযায়ী মাছৰ উৎপাদন ইমান সন্তোষজনক নহয়। অঞ্চলটোৰ প্ৰায় ৭৫ শতাংশ লোকে মাছক আহাৰ হিচাপে গ্ৰহণ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিজন মাছ খোৱা নাগৰিকক, সম্পূৰ্ণ পৰিপুষ্টিৰ বাবে বছৰি নূন্যতম ১১ কেজি মাছৰ প্ৰয়োজন। সেই হিচাপত অসমত বছৰি মাছৰ প্ৰয়োজন হয় ৩,৬০,০০০ মেট্ৰিক টন। কিন্তু মাছৰ উৎপাদন বিগত ২০১২-২০১৩ বৰ্ষত ২,৫৫,০০০ মেট্ৰিক টন। সেইবাবে প্ৰয়োজনীয় প্ৰায় ১,০০,০০০ মেট্ৰিক টন মাছ বছৰি বিভিন্ন ৰাজ্যৰ পৰা আমদানি কৰি অহা হৈছে। ইয়াত উপলভ্য জলসম্পদৰাশিৰ উপযুক্ত ব্যৱস্থাপনাৰে প্ৰয়োজনীয় মাছখিনি সহজতেই উৎপাদন কৰিব পৰা যায়। উৎপাদন কমি থকাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে, উপযুক্ত প্ৰযুক্তি কৌশলসমূহৰ সঠিক সম্প্ৰসাৰণ আৰু তাক গ্ৰহণ নকৰাটোৱেই প্ৰধান কাৰক। তদুপৰি এই অঞ্চলৰ জলবায়বীয় পৰিৱেশ, মাটি আৰু পানীৰ গুণাগুণেও উৎপাদনত যথেষ্ট প্ৰভাৱ পেলাই আহিছে।

 

এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠাৰে পৰা অহৰহ প্ৰচেষ্টা আগবঢ়াই আহিছে। অসমৰ প্ৰায় কেইটা গৱেষণা কেন্দ্ৰতে মৎস্য পালনৰ ওপৰত বিভিন্ন গৱেষণা চলাই আহিছে। তাৰোপৰি মীন পালনৰ শিক্ষা প্ৰদানেৰে স্নাতক ডিগ্ৰী সৃষ্টিৰ লক্ষ্যৰে ১৯৮৮ চনত ৰহা, নগাওঁত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মীন মহাবিদ্যালয় স্থাপন কৰে। মহাবিদ্যালয়খনে জন্ম লগ্নৰে পৰা শিক্ষা, গৱেষণা আৰু প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বাবে বিভিন্ন কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে অসমৰ জলবায়বীয় পৰিৱেশত খাপ-খোৱাকৈ কেইবাটাও মীন পালন প্ৰযুক্তি অসম কৃষি বিশ্ববিদ্যালয়ে মানকৃত কৰি কৃষক ৰাইজৰ বাবে আগবঢ়াইছে। এই প্ৰযুক্তিসমূহৰ জৰিয়তে মাছ উৎপাদন অধিক হোৱাৰ লগতে পামখনৰ পৰা সামগ্ৰিক আয় যথেষ্ট হয়। অসমত জলসম্পদৰাশিৰ উচিত ব্যৱহাৰেৰে মাছ উৎপাদনত স্বাৱলম্বী হ’ব পৰাকৈ লোৱা উল্লেখনীয় পদক্ষেপ কেইটা হ’ল-
• প্ৰতিষ্ঠা কালৰে পৰা মীন পালকসকললৈ উপযুক্ত মাছ পোনা সময়ত যোগান ধৰি আহিছে। বতৰৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানে ‘সেউজ গৃহত’ মাছৰ প্ৰজনন আৰু পোনা প্ৰতিপালনেৰে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে।
• মাছৰ খাদ্য: মাছ উৎপাদন ঘাইকৈ নিৰ্ভৰ কৰে প্ৰতিপালিত পোনা মাছক যোগান ধৰা পুষ্টিজনিত পৰিপূৰক খাদ্যৰ ওপৰত। ইতিমধ্যে বিশ্ববিদ্যালয়খনে কেইবাটাও মাছৰ খাদ্য প্ৰস্তুত কৰি মীন পালকসকলৰ বাবে আগবঢ়াইছে।
• সমন্বিত পশু-পক্ষী, কৃষি আৰু মাছ পালন: অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল অঞ্চলত যথেষ্ট সম্ভাৱনা থকা বিভিন্ন সমন্বিত পাম পদ্ধতিসমূহ হ’ল- সমন্বিত গাহৰি আৰু মাছ পালন, সমন্বিত তিনি খলপীয়া কুকুৰা আৰু মাছ পালন, সমন্বিত হাঁহ আৰু মাছ পালন, সমন্বিত ছাগলী আৰু মাছ পালন, সমন্বিত গৰু আৰু মাছ পালন, সমন্বিত ধান আৰু মাছ পালন, সমন্বিত উদ্যান শস্য আৰু মাছ পালন ইত্যাদি।
• প্ৰাকৃতিক জলৰাশিত মাছ পালন: ইয়াৰ ভিতৰত বানপানীৰ পিছত ৰৈ যোৱা পানীত মাছ পালন, বিলৰ দাতি কাষৰীয়া ঠাইত বাঁহৰ বানাৰে আবেষ্টনী পদ্ধতিত মাছ পালন আৰি দ ঠাইত বাঁহৰ সঁজাত মাছ পালন উল্লেখনীয়।
• অসমৰ থলুৱা মাছৰ প্ৰজনন আৰু প্ৰতিপালন: ইয়াৰ ভিতৰত মাগুৰ, শিঙি, কাৱৈ, শ’ল, চিতল, আঁৰি, কান্ধুলী, চেনীপুঠি, মিছামাছ, কুচীয়া আদি অন্যতম।

ইয়াৰোপৰি গহণ(Intensive) পদ্ধতিত মাছ পালনৰ বাবে পানীত অম্লজানৰ যোগান ধৰিব পৰা বাতন যন্ত্ৰ, থলুৱা আলংকাৰিক মাছৰ প্ৰজনন আৰু প্ৰতিপালন তথা বজাৰ, আত্মসহায়ক গোটৰ বাবে মাছৰ বাবে আচাৰ, শুকান মাছ আদি মূল্য সংযোজন প্ৰযুক্তি ইতিমধ্যেই সকলোৱে আঁকোৱালি লৈছে।

অসমত সকলোতকৈ সম্ভাৱনীয়তা থকা প্ৰযুক্তিটোৱেই হ’ল সমন্বিত ধান আৰু মাছ পালন। অসমত প্ৰায় ২.৬ নিযুত হেক্টৰ এনে দ মাটি আছে য’ত ধান খেতি হয় আৰু পানী ৪ ৰ পৰা ৬ মাহলৈ থাকে। ধান খেতিৰ লগতে এই পানীভাগক উপযুক্ত ব্যৱস্থাপনাৰে মাছ উৎপাদনত ব্যৱহাৰ কৰিলে অতি কম মূলধন ব্যয়ৰে অধিক আয় কৰিব পৰা যায়। বৰ্ত্তমানে নগাওঁ জিলাৰ জুৰীয়া আৰু ইয়াৰ দাঁতি কাষৰীয়া দ অঞ্চল সমূহত বৰো ধান আৰু তাৰ পিছত কৰা মাছ খেতিয়ে ইতিমধ্যে অঞ্চলটোত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। ঘনাই পোনা মেলা আৰু মাছ ধৰা পদ্ধতিৰে এই অঞ্চলৰ লোক যথেষ্ট লাভবান হৈছে।অসমৰ ওপৰত চাহিদা অনুপাতে যোগানৰ চাপ যথেষ্ট আছে, কিয়নো উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যই কম বেছি পৰিমাণে অসমৰ ওপৰতেই মাছ যোগানৰ ওপৰতে নিৰ্ভৰ কৰে। সেইহে প্ৰচুৰ সম্ভাৱনা এই ৰাজ্যত সমূহ মীনপালক, উদ্যোগী লোক, বেচৰকাৰী সংস্থা বিভাগ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত অদূৰ ভৱিষ্যতে আৰু আগুৱাই নিয়াৰ প্ৰয়াস নিশ্চয় সফল কাম হ’ব।

লিখকঃ ধীৰেন নাথ, কৃষি বিজ্ঞান কেন্দ্ৰ, নগাওঁ

2.99047619048
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
মনেশ মাদক, উত্তৰ লক্ষীমপুৰ Dec 04, 2019 10:58 PM

ছাৰ, আপোনাৰ লিখনি সমূহ পঢ়ি ভাল লাগিল। আৰু আগলৈও পাই থাকিম বুলি আশা ৰাখিলো।

Mamata Tiwari Aug 11, 2016 03:12 PM

ভাৰত্ৱৰ্ষ এখন কৃষি ভিত্তিক দেশ। প্ৰায় ৭০% লোক গাঁৱত বসবাস কৰে। আমি আশা কৰো যাতে এই বিকাশপেদিআই গাওঁৱাসীক সহায় কৰিৱ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top