অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৎস্য কুল

মৎস্য কুল

নাৰ, বাট, পাভ মাছ/ আৰু এটা কাছ/ বাৰ টকাত কিনি আনি/ কিয় বাৰু নাচ। প্ৰাথমিক বিদ্যালয়ৰ সাহিত্যৰ পাঠ্যপুথিত থকা কবিতাটোৱে শিশুৰ সমৱেত কণ্ঠত অপূৰ্ব সুৰৰ সৃষ্টি কৰিছিল যদিও বৰ্তমান ২০০-৩০০ টকাতো থলুৱা মাছবোৰ পাবলৈ নাইকিয়া হৈছে। যোৱা এটা দশকৰ ভিতৰত কৰতী, লাওপাতি, ভেদেঙী, গগৰা, চেঙা, গেঁঠু, চেলেকনা, লাচিম, চন্দা, খলিহনা, উখুৱাগলা, এলেং, আদি মাছ ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে। তথ্য অনুসৰি, অসমৰপৰা একেবাৰে লুপ্ত হোৱা মাছবিধ হ’ল পানীবিবৰা। অসমত বৰ্তমানলৈ পোৱা মাছৰ ১০ টা বৰ্গ, ৩৭ টা গোত্ৰ, ১০৪ টা গণৰ অধীনত ২১৭ টা প্ৰজাতি নথিভূক্ত কৰা হৈছে। প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই দিয়া ‘ৰেড লিষ্ট’ৰপৰা আৰু ১৯৯৭ চনলৈ পোৱা তথ্য-পাতিৰ আধাৰত উত্তৰ-পূৰ্বাঞ্চলত পোৱা মাছৰ  ২৬৭ টা প্ৰজাতিৰ ভিতৰত ৬ টা প্ৰজাতি গুৰুতৰভাৱে সংকটাপন্ন আৰু ৩১ টা প্ৰজাতি সংকটাপন্ন বুলি ঠাৱৰ কৰা হৈছে। ব’হাগ-জেঠ মাহত পথাৰত অহা মাছৰ উজান আজিৰ প্ৰজন্মই দেখিবলৈ নাপায়। সাধাৰণ পানীত খেলি ফুৰা ডঁৰিকনা, মোৱা, পুঠি, ভেদেলী আদি আলংকাৰিক মাছবোৰো লাহে লাহে নিঃশেষ হ’বলৈ ধৰিছে। বজাৰত দুই-এক থলুৱা মাছ ওলায় যদিও তাৰো জুই-ছাই দাম। চাহিদা অনুসৰি থলুৱা মাছ পাবলৈ নাই বাবেই অন্ধ্ৰপ্ৰদেশ, হাৰিয়ানা, পশ্চিমবংগ আদিৰপৰা চালানী মাছ আমদানি কৰিবলগীয়া হৈছে। মীন বিভাগৰ সুত্ৰৰ মতে, অসমলৈ বছৰি প্ৰায় চাৰে তিনি লাখ মেট্ৰিক টন মাছ আমদানি কৰিবলগীয়া হয়। ফলত বছৰি কেইবাকোটি টকা ৰাজ্যখনৰ বাহিৰলৈ ওলাই যায়। তাৎপৰ্যপূৰ্ণ যে অসমত মুঠ  জলাশয়ৰ পৰিমাণ হৈছে ৩.৪৭ লাখ হেক্টৰ। ইয়াৰে বিল ১ লাখ হেক্টৰ, নদী ২ লাখ ৫ হাজাৰ হেক্টৰ, বন সংৰক্ষিত মীন মহল প্ৰায় ৫ হাজাৰ ১৫ হেক্টৰ, জলাহ বা পিটনি ৩০ হাজাৰ হেক্টৰ, ব্যক্তিগত বা ৰজহুৱা পুখুৰী ৩১ হাজাৰ ২৩২ হেক্টৰ, হ্ৰদ জাতীয় মীনক্ষেত্ৰ ১ হাজাৰ ৭০০ হেক্টৰ। এই মীনক্ষেত্ৰ্সমূহকে ধৰি বিভিন্ন উৎসৰপৰা অসমত মুঠ মাছ উৎপাদন হয় প্ৰায় ১.৯০ লাখ টন। স্বাভাৱিকতে চাহিদা পূৰাবলৈ অসমত উৎপাদিত মাছৰ সংখ্যাতকৈ দুগুন মাছ আমদানি কৰিবলগীয়া হয়। উল্লেখ্য, অসমত ইমনসংখ্যক জলাশয় থকাৰ পিছতো মৎস্য উৎপাদনৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰপৰা কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰক্ষিততে মৎস্য উৎপাদন কমি আহিছে। লক্ষনীয় যে আশীৰ দশকমানলৈ পৰ্যাপ্ত পৰিমাণে প্ৰাকৃতিক জলাশয়সমূহে মাছৰ অভাৱ পূৰাব পাৰিছিল। কিন্ত আশীৰ দশকৰ পিছত এনে জলাশায়সমূহত মাছৰ পৰিমাণ হ্ৰাস পাবলৈ ল’লে। অসমত মাছ পালন ব্যৱস্থাৰ ওপৰত স্থানীয় সমস্যাক লৈ অধ্যয়ন কৰি উলিওৱা সঠিক কাৰীকৰি কৌশলৰ ব্যৱস্থাৱলী নাই বুলিবই পাৰি। ৰাজ্যৰ অধিক সংখ্যক মৎস্য পালন ক্ষেত্ৰ তথ্য অবিহনেই চলি অছে। তদুপৰি কণী পৰাৰ সময়তে কণী লগা মাছবোৰ ধৰাৰ ফলতো থলুৱা মাছৰ বংশবৃদ্ধি ক্ৰমশঃ হ্ৰাস পাইছে। স্মৰ্তব্য যে অসম মীন আইন, ১৯৫৩ আৰু অসম মীন পোনা আইন ২০০৫ৰ জৰিয়তে মীন পোনাৰ গুণগত উপলব্ধতা নিশ্চিত কৰিবলৈ মীন বিভাগে যথেষ্ট চেষ্টা কৰিছে যদিও সেয়া ফলপ্ৰসূ হোৱা নাই। ৰাজ্যখনৰ বেচৰকাৰী খণ্ডত ২২৭ টা আৰু চৰকাৰী খণ্ডত ৭ টা মীন উৎপাদন কেন্দ্ৰ আছে যদিও ই যথেষ্ট নহয়। তদুপৰি অসমত ৬ টা মাছৰ খাদ্য প্ৰস্ত্ততকৰণ গোট আছে যদিও এয়া এপাচি শাকত এটা জলকীয়াৰ দৰেহে। উল্লেখ্য, ২০০২ চনৰপৰা ২০০৭ চনৰ ভিতৰত অসমৰ মীন উদ্যোগৰ বাবে ৬২.৭ কোটি টকা আগবঢ়োৱা হৈছিল। এই ধনেৰে ৯০০০ টা অনুসূচিত জাতিৰ পৰিয়াল, ৩০০০ টা জনজাতি পৰিয়াল আৰু ৬,৬৬৭ টা দুখীয়া পৰিয়ালক উপকৃত কৰিব পৰাকৈ আঁচনি নিৰ্দ্ধাৰণ কৰা হৈছিল। কিন্ত কেৱল মাছ মৰা জাল, মাছ কঢ়িওৱা এলুমিনিয়ামৰ বাচন, চাইকেল আদি বিতৰণ কৰিয়েই আবণ্টিত ধনৰ সিংহভাগ মীন বিভাগৰ একংশ বিষয়া-কৰ্মচাৰীয়ে লুন্ঠন কৰাৰ অভিযোগ উঠিছিল। লক্ষণীয় কথা যে ৭.৫ লাখ মৎস্যজীৱীৰে পূৰ্ণ ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ২.৪২ শতাংশ ৰাজ্যৰ মীন খণ্ডইবৰঙণি যোগাই আহিছে। অসমত প্ৰায় ৩৫৬ খন মীন সমবায় সমিতিকে ধৰি প্ৰায় ২.৭৯ লাখজন মীনপালক আছে। তৎসত্ত্বেও অসমে আশানুৰুপ সফলতা লাভ কৰিব পৰা নাই। অসমত উন্নতমানৰ মাছৰ খাদ্য প্ৰস্তুত কৰা কাৰখানাও নাই। স্থানীয়ভাৱে উপলব্ধ মাছৰ খাদ্যতো বহু বিসংগতি আছে। স্থানীয় উঅপকৰণৰ সহায়ত সুলভ মূল্যত উচ্চমানৰ মাছৰ খাদ্য প্ৰস্তুত কৰিব পাৰিলেহে মাছ উৎপাদনত ইতিবাচক ফল পোৱা যাব। আনহাতে, হেৰাই যাব খোজা মৎস্যকুলক ৰক্ষা কৰিবৰ বাবে দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত। ইয়াৰ বাবে চৰকাৰে প্ৰতিখন জিলাতে আদৰ্শমূলক মীন পাম গঢ়ি তোলা উচিত।

লিখক: চন্দনজ্যোতি বৰা।

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate