অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰিগাঁৱৰ থেকেৰা বিলত সজাত মীনপালন পদ্ধতিৰ সফলতা

মৰিগাঁৱৰ থেকেৰা বিলত সজাত মীনপালন পদ্ধতিৰ সফলতা

সলনি হৈছে পৰম্পৰাগত পদ্ধতিৰ মীনপালন ব্যৱস্থা। কৃষকৰ এবিঘা মাটিত ৮-১০ মোন ধান উৎপাদনৰ পিছত কৃষি বিভাগে শ্ৰীপদ্ধতিৰ জৰিয়তে ৪০-৪১ মোন ধান উৎপাদনৰ ব্যৱস্থা কৰিছে। এইক্ষেত্ৰত কিছু সফলতাও আহিছে। সেইদৰে পুৰণি পুখুৰী, বিল, জলাশয়ত স্থানীয় আৰু আলংকৰিক মাছৰ উৎপাদনতেই সন্তুষ্ট থকা মীনপালকে আধুনিক বিজ্ঞানসন্মতভাৱে পুখুৰী খান্দি ৰিয়েৰিং, হেটচাৰিং পুখুৰীত নতুন প্ৰযুক্তিৰ সহায়ত মাছৰ খেতি কৰি অৰ্থৰ ক্ষেত্ৰত অধিক লাভৱান হ’বলৈ সক্ষম হৈছে। এতিয়া এবিঘা মাটিত বছৰেকত ১ লাখ ২০ হাজাৰ টকা পৰ্য্যন্ত আয় কৰিব পৰা পদ্ধতিকো চেৰ পেলাই ৰহা মীন মহাবিদ্যালৰ অধ্যাপকে প্ৰস্তুত কৰি উলিয়াইছে। এক নতুন পদ্ধতিৰ ‘সজাত মীন পালন’ৰ কৌশল। দ-গভীৰ বিল অথবা কম বোৱঁতী নদীত বাঁহেৰে প্ৰস্তুত কৰা এক সজাত ৪৫ দিন মাছৰ পোনা মেলি ৫ ইঞ্চি পৰ্য্যন্ত দীঘল সতেজ মাছৰ পোৱালী উৎপাদনৰ জৰিয়তে এবিঘা মাটিতেই কেইবালাখো টকা আয় কৰিবলৈ সক্ষম হ’ব অসমৰ মীনপালক। এটা সজাত (৪মিটাৰ×২মিটাৰ×১.৫ মিটাৰ)প্ৰায় ১৮,২২০ টকা ব্যয় কৰি ৪৬,৭২০ টকা আয় কৰিবলৈ সক্ষম হ’ব অসমৰ মীনপালক। এটা সজাত (৪মিটাৰ×২মিটাৰ×১.৫মিটাৰ)প্ৰায় ১৮,২২০ টকা ব্যয় কৰি ৪৬,৭২০ টকা আয় কৰিবলৈ সক্ষম হ’ব মীনপালকে। বছৰেকত ৬ বাৰকৈ ‘সজা’ পদ্ধতিৰে মাছপালনৰ জৰিয়তে যে ২ লাখ ৮০ হাজাৰ ৩২০ টকা পৰ্য্যন্ত লাভ কৰিব পাৰি, সেই কথা পৰীক্ষামূলকভাৱে হাতে-কামে দেখুৱালে মৰিগাঁও জিলা মীন বিভাগে। মৰিগাঁও জিলা মীন বিভাগৰ উদ্যোগত আৰু জিলা বেচৰকাৰী সংস্থা এছ আৰ ডি চি আৰু ৰহা সমবায় সমিতিৰ জৰিয়তে বাঁহৰ সজাত মীনপালন কৰি ৪৫ দিনৰ ভিতৰতে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যোৱা ১৭ জুলাইত থেকেৰাগুৰি বিলত সজা পদ্ধতিৰে মাছ পালন কৰি ৪-৫ ইঞ্চি দীঘল হোৱা বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা বিলখনত মুকলি কৰে। বিশ্ববেংকৰ অধীনস্থ অসম কৃষি সামৰ্থবন্ধন প্ৰকল্পৰ সঞ্চালক হেমন্ত নাৰ্জাৰী, মীন বিভাগৰ সঞ্চালক মনোজ কুমাৰ ডেকা, মৰিগাঁও জিলাৰ ৰাকেশ কুমাৰে সজাত ডাঙৰ হোৱা মাছৰ পোনা আনুষ্ঠানিকভাৱে বিলখনত এৰি দিয়ে। বিলৰ পাৰতেই অনুষ্ঠিত এক ৰাজহুৱা সভাত মীন বিভাগৰ সঞ্চালক মনোজ কুমাৰ ডেকাই অহা বছৰৰ পৰা অসমৰ বিলসমূহ ব্যক্তিগত লোকক লীজলৈ দিয়া ব্যৱস্থাৰ বিলুপ্তি ঘটাই সমূহীয়াকৈ আৰু সমবায়ভিত্তিত মাছ পালনৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰি কৰে। তেওঁ থেকেৰাগুৰি বিলক আদৰ্শ মীনপালন গাঁও ৰূপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰি অচিৰেই বিলখনৰ উন্নয়নৰ বাবে ৩০ লাখ টকা সাহাৰ্য্য দিয়া হ’ব বুলিও জানিবলৈ দিয়ে। মীন বিভাগৰ উপ-সঞ্চালক সিদ্ধাৰ্থ পুৰুকায়স্থই আঁত ধৰা সভাত অংশগ্ৰহণ কৰি এ এ চি পি (অসম কৃষি সামৰ্থবৰ্দ্ধন প্ৰকল্প) ৰ সঞ্চালক হেমন্ত নাৰ্জাৰীয়ে মীনপালক তথা মাছমৰীয়া লোকসকলক নিজকে দুখীয়া বুলি ভবাৰ মনোভাৱ পৰিহাৰ কৰি মনত উদ্যম লৈ মাছ পালন, হাঁহ, গাহৰি, ছাগলী আদি সমবায়ভিত্তিত পালনেৰে অৰ্থনৈতিকভাৱে সবল আৰু আত্মসংস্থাপনৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ উপায়ুক্ত ৰাকেশ কুমাৰে অতি শীঘ্ৰে গাঁওখনলৈ হস্ত-তাঁত আৰু বস্ত্ৰ বিভাগৰ বিষয়াৰ দল পঠিয়াই গাঁওখনৰ মহিলাসকলক বোৱা-কটাৰ সুবিধা আৰু সঁজুলি দিয়াৰ ব্যৱস্থা কৰিব বুলিও ঘোষণা কৰে।

লিখক: বুলন চন্দ্ৰ নাথ, ৰহা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/7/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate