মূল পৃষ্ঠা / কৃষি / মীণ পালন / শীতকালত পুখুৰীৰ যতন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালত পুখুৰীৰ যতন

শীতকালত পুখুৰীৰ পানী কমি যোৱাৰ সময়তে মাছৰ এবিধ মহামাৰী ৰোগ হোৱা দেখা যায়|

চমু বিৱৰণি

শীতকালত পুখুৰীৰ পানী কমি যোৱাৰ সময়তে মাছৰ এবিধ মহামাৰী ৰোগ হোৱা দেখা যায়| এই সংক্ৰামক ৰোগবিধত বিশেষকৈ ৰৌ, কমনকাৰ্প, মিৰিকা, শিঙি, মাগুৰ, কাৱৈ, শ’ল আদি মাছ আক্ৰান্ত হোৱা দেখা যায়| এই ৰোগ আক্ৰান্ত হোৱাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতে পুখুৰীৰ অধিকাংশ মাছৰে মৃত্যু হয়| শীতৰ সময়ছোৱাত পুখুৰীৰ পানীৰ গভীৰতা কমাৰ উপৰি, পানীৰ উষ্ণতা

হ্ৰাস পায়, পানী ঘোলা হয় তথা পানীৰ গভীৰতাৰ তুলনাত মাছৰ সংখ্যা বাঢ়ি যায়| এনে প্ৰতিকূল পৰিস্থিতিৰ উপৰি পুখুৰীত নিয়মীয়াকৈ চূণ প্ৰয়োগ নকৰাৰ ফলতো মাছৰ মহামাৰী ৰোগ হ’ব পাৰে| এই ৰোগ হোৱাৰ পাছত প্ৰতিকাৰ কৰা সহজ নহয়| এই ৰোগ প্ৰতিৰোধৰ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰাটোহে গুৰুত্বপূৰ্ণ কথা| সেইবাবে কেতবোৰ দিশত মীনপালকসকলে গুৰুত্ব দিব লাগে|

মীনপালকসকলে গুৰুত্ব দিব লগা কেতবোৰ দিশ

# প্ৰতিবিঘা পানীকালিৰ একোটা পুখুৰীত ৩০-৪০ কিলোগ্ৰাম পোৰা চূণ তিনিটা সমান কিষ্টিত প্ৰয়োগ কৰিব|

# প্ৰতিবিঘা পানীকালিৰ হিচাপত ৩০০-৫০০ গ্ৰাম পটাছ প্ৰয়োগ কৰিব|

# প্ৰতিলিটাৰ পানীত পাঁচ গ্ৰাম হিচাপত নিমখ মিহলাই প্ৰস্তুত কৰা মিশ্ৰণত আক্ৰান্ত মাছবোৰ আধা ঘণ্টা ডুবাই ৰাখি পুনৰ পুখুৰীত এৰি দিব|

# প্ৰতিবিঘা পানীকালি পুখুৰীৰ বাবে ১০ কিলোগ্ৰাম পোৰা চূণ আৰু এক কিলোগ্ৰাম হালধি গুড়িৰ মিশ্ৰণ কৰি তিনিভাগ কৰি ল’ব| এদিনৰ ব্যৱধানত এভাগকৈ পুখুৰীত প্ৰয়োগ কৰিব|

# মাছৰ প্ৰতি কিলোগ্ৰাম খাদ্যৰ সৈতে এক গ্ৰাম টেট্ৰা চাইক্লিন মিহলাই সাতদিন খাবলৈ দিব|

# প্ৰতিবিঘা পানীকালিৰ বাবে ১২০ গ্ৰাম চিফেক্স প্ৰয়োগ কৰিব পাৰে|

ওপৰত উল্লিখিত প্ৰতিষেধক ব্যৱস্থাবোৰৰ ভিতৰৰে যিকোনো এটা গ্ৰহণ কৰিলেই মাছবোৰ ৰোগমুক্ত হৈ থাকিব| অৱশ্যে এই ক্ষেত্ৰত স্থানীয় মীন বিষয়াৰ পৰামৰ্শ লৈহে কামত আগবাঢ়িব|

লেখক:- ডাঃ কুল প্ৰসাদ কলিতা

উৎস:- অসমীয়া খবৰ

3.05405405405
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top