অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালীন মাছৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

শীতকালীন মাছৰ ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

 

মীন পালনৰ আশানুৰূপ উৎপাদনত পুখুৰীৰ বৈজ্ঞানিকভাৱে কৰা পৰিচালনাৰ লগতে মাছৰ সু-স্বাস্থ্যও এক গুৰুত্বপূর্ণ বিষয়। শেহতীয়া এক সমীক্ষাৰ পৰা দেখা গৈছে যে মাছৰ অধিক উৎপাদন নোপোৱাৰ ক্ষেত্ৰত মাছৰ ৰোগে প্রায় ৭০ শতাংশ বৰঙনি যোগায়। অন্য জীৱ-জন্তু বা মানুহৰ দৰে মাছৰ ক্ষেত্ৰতো ৰোগ প্ৰতিৰোধৰ নিজস্ব ক্ষমতা আছে। কিন্তু এই ৰোগ প্ৰতিৰোধ ক্ষমতা বিভিন্ন পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়। সাধাৰণতে দেখা যায় যে শীতকালে মাছৰ দেহৰ প্ৰাকৃতিক ৰোগ প্রতিৰোধৰ ক্ষেত্ৰত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। সুস্থিৰ পৰিৱেশত মাছে পুখুৰী এটাত বিভিন্ন ৰোগৰ সাধাৰণ বাহক হিচাপে কাম কৰে। কিন্তু যেতিয়াই পুখুৰীৰ সুস্থিৰ পৰিৱেশ বিনষ্ট হৈ প্রতিকূল অৱস্থাৰ সৃষ্টি হয় তেতিয়াই বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিয়া পৰিলক্ষিত হয়। বিভিন্ন বীজাণু যিয়ে মাছৰ ৰোগৰ কাৰক হিচাপে কাম কৰে সেইবোৰ হ’ল অনুবীক্ষণিক অনুজীৱ (বেক্টেৰিয়া / ভাইৰাছ), ভেঁকুৰ, পৰজীৱী ইত্যাদি।

মাছ এবিধ শীতলৰক্তী প্রাণী হোৱা হেতুকে শীতকাল আৰম্ভ হোৱাৰ লগে লগে পানীৰ উষ্ণতা হ্রাস পোৱাৰ ফলত মাছৰ দেহৰ বিপাক প্রক্রিয়াও ক্ৰমান্বয়ে লেহেমীয়া হৈ পৰে। ইয়াৰ লগতে পুখুৰীত পানীৰ উচ্চতাও হ্রাস হ’বলৈ ধৰে। যিবোৰ পুখুৰীত মাছবোৰ বেছি ঘনত্বত ৰখা হয় সেইবোৰ পুখুৰীত এনেকুৱা অৱস্থাত পানীৰ পৰিৱেশ অতি সোনকালে হোৱা দেখা যায়। এনে পৰিৱেশত ৰোগৰ কাৰকসমূহে ৰোগ সৃষ্টি সুবিধা লাভ কৰাৰ ফলত মাছবোৰ বিভিন্ন ৰোগত আক্রান্ত হৈ পৰে।

মাছৰ ৰোগৰ ক্ষেত্ৰত তিনিটা সম্পৰ্কীয় কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। এই কাৰক তিনিটা হ’ল— পোষক (মাছ), বীজাণু (ৰোগ সৃষ্টিকাৰী অনুজীৱ, পৰজীৱী ইত্যাদি) আৰু পৰিৱেশ। এই তিনিটা কাৰকৰ ভিতৰত যিকোনো এটাৰ বিসংগতিৰ ফলত মাছৰ ৰোগ সৃষ্টিকাৰী কাৰকবোৰ সক্রিয় হৈ পৰে আৰু ৰোগৰ উপসৰ্গই দেখা দিয়ে। অসমৰ জলবায়ুত সচৰাচৰ শীতকালত দেখা পোৱা ৰোগ হ’ল মাছৰ ঘা লগা ৰোগ। ঘা লগা ৰোগবিধ সাধাৰণতে বেক্টেৰিয়াজনিত বা ভেঁকুৰজনিত হয়। সেয়েহে মীনপালক এজনে ঘা লগা ৰোগৰ প্ৰতিকাৰৰ ক্ষেত্ৰত পোন প্রথমে ৰোগৰ সঠিক কাৰকটো চিনাক্ত কৰা অতি দৰকাৰ। যিবোৰ তেতিয়া সেইবিধ বেক্টেৰিয়াজনিত ৰোগ বুলি গণ্য কৰা হয়। এনে ৰোগৰ ক্ষেত্ৰত মাছৰ পাখি আৰু নেজ ঘাৰ দ্বাৰা আক্রান্ত হ’ব পাৰে। বেক্টেৰিয়াজনিত ঘা লগা ৰোগৰ প্ৰতিকাৰৰ বাবে বজাৰত উপলব্ধ পটাছ গুড়ি ৫ মিঃ গ্ৰাঃ প্রতিলিটাৰ পানী হিচাপত লৈ পুখুৰীত প্রয়োগ কৰা দৰকাৰ। ইয়াৰ উপৰি মাছৰ খাদ্যৰ লগত ছালফাডিয়াজাইন সমৃদ্ধ ঔষধ ১০০ মিঃ গ্ৰাঃ প্রতি কিঃগ্ৰাঃ খাদ্যৰ লগত মিহলি কৰি ১০-১২ দিনলৈ খুৱাব লাগে। ইয়াৰ উপৰি বেক্টেৰিয়াজনিত উক্ত ঘা লগা ৰোগৰ ক্ষেত্ৰত টেৰামাইচিন সমৃদ্ধ ঔষধ ৭৫-৮০ মিঃ গ্ৰাঃ প্রতি কিঃগ্ৰাঃ খাদ্যৰ লগত মিহলি কৰি ১০-১২ দিনলৈ খুৱালে সুফল লাভ কৰিব পাৰি। শীতকালি ঘা লগা ৰোগৰ আন এবিধ হ’ল ভেঁকুৰজনিত মহামাৰী ঘা লগা ৰোগ। এই ৰোগৰ ক্ষেত্ৰত মাছৰ দেহৰ ঘা লগা অংশটো গভীৰ হৈ পৰে আৰু অতি আক্রান্ত মাছৰ ক্ষেত্ৰত সেই অংশটো ছিঙি যোৱাও পৰিলক্ষিত হয়। যিবোৰ পুখুৰীত পূৰ্বতে এই ৰোগৰ উপদ্ৰৱ চলিছিল। সেইবোৰ পুখুৰীত এই ৰোগে পুনৰাই উপদ্ৰৱ চলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এই ৰোগৰ ক্ষেত্ৰত সেয়েহে মীনপালক এজন সাৱধান হোৱা উচিত। প্রথম অৱস্থাত মাছৰ দেহত ৰঙচুৱা দাগ দেখাৰ লগে লগেই খোৱা চুণ পানীৰ লগত মিহলি কৰি ২০ কিঃ গ্ৰাঃ প্রতিবিঘা হিচাপত পুখুৰীত প্রয়োগ কৰিব পাৰি। এই ৰোগৰ ক্ষেত্ৰত আন এবিধ অতি উপযোগী প্রতিকাৰক হ’ল চিফাক্স (CIFAX) দ্ৰৱণ। এই দৰৱবিধ বজাৰত সহজতে উপলব্ধ আৰু ইয়াৰ প্রয়োগৰ নিৰিখ হ’ল ১ লিটাৰ প্ৰতি হেক্টৰ (৭.৫ বিঘা)। ইয়াৰ উপৰি ভেঁকুৰজনিত ঘা লগা ৰোগৰ প্ৰতিকাৰক হিচাপে হালধি গুড়ি আৰু চূণ ১:১০ অনুপাতত মিহলি কৰি ২৫ কিঃ গ্ৰাঃ প্রতিবিঘা হিচাপত প্রয়োগ কৰিও সুফল পোৱা গৈছে। শেহতীয়া এক পৰীক্ষাৰ পৰা চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত পাহাৰী লতা আৰু কেঁচা হালধিৰ গুড়িৰ মিশ্রণেও এক ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। উপৰিউক্ত ৰোগৰ উপৰি শীতকালীন পুখুৰী এটাত পৰজীৱীৰ দ্বাৰা হোৱা ওকণী ৰোগৰো প্ৰাদুৰ্ভাৱ কিছু কিছু ক্ষেত্ৰত দেখা যায়। এই ৰোগত আক্রান্ত মাছবোৰৰ চলনফুৰণ অস্বাভাৱিক হয় আৰু দেহত ওকণী দেখা যায়। এই ৰোগৰ প্ৰতিকাৰ হিচাপে আক্রান্ত মাছবোৰক ৩-৫ গ্রাঃ নিমখ প্রতি ১০০ মিঃ লিঃ, পানীত লৈ ১–২ মিনিট ডুবাই ৰাখি পুনৰ পুখুৰীত মেলি দিয়া দৰকাৰ। ইয়াৰ লগতে গেমক্সিন নামৰ দৰৱবিধ ১ মিঃ লিঃ প্রতিলিটাৰ পানী হিচাপত লৈ পুখুৰীত প্রয়োগ কৰিলে অধিক সুফল লাভ কৰিব পাৰি। ইয়াৰ উপৰি পটাছগুড়ি ৪ মিঃ গ্ৰাঃ প্রতিলিটাৰ পানী হিচাপে লৈ পুখুৰীত প্রয়োগ কৰিব পাৰি।

শীতকালীন মাছৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে মাছবোৰক সময়ে সময়ে পৰীক্ষা কৰা উচিত। মাছৰ দেহৰ কোমল অংশ যেনে— পাখিৰ গুৰি, বুকু অংশ, চকু, ফুল ইত্যাদি ভালদৰে নিৰীক্ষণ কৰা দৰকাৰ। যিবোৰ পুখুৰীত বিগত বৰ্ষত ৰোগৰ উপদ্ৰৱ ঘটিছিল, সেইবোৰ পুখুৰীত শীতকাল আৰম্ভ হোৱাৰ লগে লগে চুণ প্রয়োগ কৰা উচিত। ইয়াৰ উপৰি শীতকাল আৰম্ভ হোৱাৰ লগে লগে পুখুৰীত মাছৰ ঘনত্বও কমাই দিব লাগে। এনে ধৰণেৰে মীন পালক এজনে বৈজ্ঞানিকভাৱে পৰিচালনা কৰা পুখুৰী এটাৰ পৰা আশানুৰূপ উৎপাদন লাভ কৰিবলৈ সক্ষম হয়।

লিখক: বিৰাজ বিকাশ শৰ্মা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate