মূল পৃষ্ঠা / কৃষি / মীণ পালন / শীতকালীন মাছৰ ৰোগ আৰু প্ৰতিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতকালীন মাছৰ ৰোগ আৰু প্ৰতিকাৰ :

শীতকালীন মাছৰ ৰোগ আৰু প্ৰতিকাৰৰ বিষয়ে লিখা হৈছে ।

 

ব্যৱসায় ভিত্তিত মীন পালনৰ সফলতা, কৃতকার্যতা আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ ভিতৰত মাছৰ স্বাস্থ্য অন্যতম বুলি গণ্য কৰা হৈছে। মাছৰ ৰোগ হ’লে মাছৰ নিজস্ব সাধাৰণ প্রতিৰোধৰ ক্ষমতাৰ ফলত বহু ক্ষেত্ৰত ৰোগ নিজে নিজে আৰোগ্য হোৱা দেখা যায়। কিছুমান ৰোগত মাছ নমৰে যদিও দেহত কেতবোৰ বিকৃতি ঘটে। আনহাতে গুৰুতৰভাৱে অসুস্থ হ’লে বা মহামাৰী জাতীয় ৰোগত আক্রান্ত হ’লে মাছৰ মৃত্যু হয়। ৰোগৰ ফলত মাছৰ মৃত্যু হ’লে সমগ্ৰ উৎপাদন প্ৰক্ৰিয়াই বিকল হৈ পৰে আৰু মীন পালকসকলে অযথা লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এনে নহ’বৰ বাবে এজন মীনপালকে উন্নত মীন পালন প্রযুক্তিত মাছৰ ৰোগ নিবাৰণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা উচিত। মাছ যিহেতু পানীত থাকে, সেয়েহে আন স্থলচৰ জীৱ-জন্তুৰ তুলনাত মাছৰ ৰোগ চিনাক্তকৰণ আৰু চিকিৎসা খুবেই কঠিন। দূষিত পৰিৱেশ, খাদ্যাভাস আৰু অধিক ঘনত্বত মাছ পালন ইত্যাদিয়েই সাধাৰণতে প্রকৃত ৰোগৰ কাৰক। এনেবোৰ কাৰণৰ বাবে পুখুৰীত মজুত থকা মাছসমূহ সদায় এক প্রতিচাপত থাকে, যি মাছৰ ৰোগৰ সম্ভাৱনীয়তা বহুগুণে বঢ়ায়। মাছ ৰোগাক্রান্ত হোৱাৰ আগতে কিছুমান আচৰণ দেখুৱায়। এনে আচৰণ বা লক্ষণ পৰিলক্ষিত হ’লে এজন মীন পালকে সততে সাৱধান হোৱা উচিত।

মাছ ৰোগাক্রান্ত হোৱাৰ আচৰণ বা লক্ষণ সমূহ হৈছে -

১ | মাছবোৰৰ খাদ্য হোৱাৰ প্ৰৱণতা কমে।

২। পানীৰ পৃষ্ঠভাগলৈ আহি মাছবোৰে জাক পাতি কমায়।

৩। মাছে স্বাভাৱিক ভাৰসাম্যতা হেৰুৱায় আৰু যেনি-তেনি সাঁতুৰি ফুৰে।

৪। পুখুৰীৰ কাষত বা কোনো কঠিন বস্তুত গা ঘঁহায়।

৫। মাছবোৰে পানীত খুব লাহে লাহে সাঁতোৰে বা পানী-যুঁৱলিত ৰৈ থাকে।

৬। মাছৰ দেহৰ বৰণ সলনি হয়।

৭। মাছৰ দেহত বা ফুলত অত্যধিক পৰিমাণে এক বীজলুৱা চামনি নির্গত হয়।

৮। পেট ওফন্দে আৰু দেহত ওকণি হোৱা দেখা যায়। এনে যিকোনো আচৰণ বা শাৰীৰিক বিসংগতি দেখিলে মাছৰ ৰোগ হোৱা বুলি ঠাৱৰ কৰিব পাৰি।

মাছৰ নানা ধৰণৰ ৰোগৰ ভিতৰত বর্তমান পৰিস্থিতিত আমাৰ ৰাজ্যত পৰিলক্ষিত হোৱা বিভিন্ন ৰোগৰ ভিতৰত হৈছে -

১। পৰিৱেশজনিত ৰোগ।

২। পুষ্টিজনিত ৰোগ।

৩। মাছৰ ঘা মহামাৰী।

মাছ পোহা পুখুৰীৰ পাৰিপার্শ্বিক ভৌত-ৰাসায়নিক গুণসমূহৰ পৰিৱর্তনে মাছৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। এই গুণসমূহৰ তাৰতম্য অধিক অসহনীয় হ’লে মাছৰ মৃত্যু হয়। পৰিৱেশজনিত ৰোগ নিৰাময়ৰ বাবে পানীৰ গুণাগুণ অক্ষুন্ন ৰখাত অধিক গুৰুত্ব আৰোপ কৰা উচিত। যেনে পানীৰ অম্লজানৰ পৰিমাণ হ্রাস হৈ মাছৰ অস্বাভাৱিক আচৰণ পৰিলক্ষিত হ’লে লগে লগে অম্লজানৰ নাটনিৰ ফলত যাতে মাছৰ মৃত্যু নহয়, তাৰ বাবে লক্ষ্য ৰাখিব লাগে৷ পুখুৰীৰ পানীত দ্রৱীভূত অম্লজানৰ নাটনি হ’লে, মাছে পানীৰ পৃষ্ঠভাগলৈ আহি কমাবলৈ ধৰে আৰু যদিহে এনে পৰিস্থিতি বহু সময় ধৰি অব্যাহত থাকে, মাছৰ মৃত্যুও হ’ব পাৰে। অম্লজানৰ অভাৱত মৃত্যু হোৱা মাছসমূহৰ মুখমণ্ডল খোল খাই থাকে। পানীত অম্লজানৰ পৰিমাণ হ্রাস হৈ মাছৰ অস্বাভাৱিক আচৰণ পৰিলক্ষিত হ’লে পুখুৰীলৈ নতুন পানী ভৰাই অথবা পাম্পৰ সহায়ত পুখুৰীত বৰষুণৰ দৰে পানী সিঁচৰতি কৰি পুখুৰীত অম্লজানৰ পৰিমাণ বঢ়োৱা ব্যৱস্থা কৰিব লাগে।

মাছৰ অম্লজান হ্রাস পোৱাৰ নানান কাৰণ হ’ব পাৰে, ইয়াৰ ভিতৰত অন্যতম কাৰণবোৰ হৈছে-

১। পুখুৰীত যদিহে জোখতকৈ বেছি মাছ মেলিছে।

২। যদিহে বহু গেদযুক্ত পুৰণা পুখুৰীত মাছ পালন কৰিছে।

৩। যদিহে পুখুৰীত প্লাবকৰ উৎপাদন বহু বৃদ্ধি পাইছে।

ইয়াৰে যিকোনো কাৰণত পুখুৰীত অম্লজানৰ পৰিমাণ কমিব পাৰে। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে লগে লগে পুখুৰীৰ মাছৰ সংখ্যা কমোৱাৰ লগতে সাৰ আৰু মাছৰ ওপৰঞ্চি খাদ্য সাময়িকভাৱে বন্ধ ৰখা উচিত। বহুবছৰ একেৰাহে এটা পুখুৰীত মাছ পালন কৰাৰ ফলত অত্যধিক গেদ জমা হয়। এই গেদত নানা ধৰণৰ বিষাক্ত গেছ জমা হয় যি মাছৰ বাবে অনিষ্টকাৰী। গতিকে পৰাপক্ষত পুখুৰীৰ গেদবোৰ আঁতৰাই পুনৰ পুখুৰীৰ পৰিৱেশ উন্নত কৰি মাছ পালন কৰিলে বহুদিনলৈ অম্লজানৰ নাটনি নহয়। পুষ্টিজনিত কাৰণত মাছ অতি সহজতে ৰোগাক্ৰান্ত মাছৰ তুলনামূলকভাৱে দেহতকৈ যথেষ্ট ডাঙৰ হয়। ভিটামিনৰ অভাৱ হ’লে মাছৰ দৈহিক শ্ৰীবৃদ্ধি বাধাগ্রস্ত হয়, খাদ্য গ্ৰহণৰ ক্ষমতা কমি যায়, ভাৰসাম্য হেৰুৱাই আৰু মাছৰ উজ্জ্বল ৰং শেঁতা পৰে।

মাছৰ ঘা মহামাৰী ৰোগ (ই ইউ এছ) -

মাছৰ বিভিন্ন ৰোগৰ ভিতৰত বর্তমান সময়ত ই ইউ এছ নামৰ ঘা মহামাৰীয়েই আটাইতকৈ বেছি ভয়াৱহ। এইবিধ ৰোগ বিভিন্ন প্রজাতিৰ বেক্টেৰিয়া অথবা ভাইৰাছৰ দ্বাৰা বিয়পে বুলি অনুমান কৰা হৈছে যদিও শেহতীয়াকৈ এবিধ ভেঁকুৰৰ দ্বাৰাহে এই ৰোগবিধ বিয়পে বুলি ঠাৱৰ কৰিছে। প্রাকৃতিক জলাশয়ত এই ৰোগৰ প্ৰভাৱ কমিছে যদিও পালন পুখুৰীত আজি পর্যন্ত মাছৰ মহামাৰী ৰোগবিধ সম্পূর্ণ নিৰ্মূল হোৱা নাই। প্রতিকূল পাৰিপার্শ্বিকতাই যে এই ৰোগত ইন্ধন যোগায় তাত কোনো সন্দেহ নাই।

 

 

মাছৰ ইউ এছ ৰোগৰ বৈশিষ্ট্য -

বাৰিষা শেষ হোৱাৰ পিছত শীতকাল (অক্টোবৰ-নৱেম্বৰ) আৰম্ভ হোৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই ৰোগে দেখা দিয়ে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত (ডিচেম্বৰ-জানুৱাৰী) মাহছোৱাত ৰোগৰ ব্যাপকতা মহামাৰী হিচাপে দেখা দিয়ে।

পুখুৰীৰ তলি ভাগত বাস কৰা মাছক সহজতে ই ইউ এছে আক্রমণ কৰে।

আক্রান্ত মাছবোৰে জাক পাতি পানীৰ উপৰিভাগলৈ আহি মূৰটো উলিয়াই কাপ কাপকৈ সাঁতুৰিবলৈ ধৰে। প্রথম অৱস্থাত দেহত সৰু সৰু ৰঙা ফুটফুটীয়া স্বচ্ছ দাগ দেখা পোৱা যায়। এই সৰু সৰু দাগবোৰ ক্ৰমান্বয়ে ডাঙৰ ঘালৈ ৰূপান্তৰ হৈ দেহৰ আনভাগলৈ বিয়পে। অন্তিম অৱস্থাত ঘাবোৰ একোটা দ গাঁত হৈ দেহৰ কাঁইট ওলাই ফিচা, পাখি আদি পচিবলৈ ধৰে আৰু সদৌ শেষত মাছবোৰ মৰিবলৈ ধৰে।

অতি কম দিনৰ ভিতৰতে যথোচিত ব্যৱস্থা গ্রহণ নকৰিলে পুখুৰীৰ আটাইবোৰ মাছ এই ৰোগৰ দ্বাৰা সংক্রামিত হৈ নিধন হ’ব পাৰে। সেয়ে এই ৰোগক মাছৰ ‘মহামাৰী ঘা লগা ৰোগ’ বুলি কোৱা হয়।

ইতিমধ্যে এইটো প্রমাণিত হৈছে যে সাময়িকভাৱে পানী থকা পুখুৰীতকৈ গোটেই বছৰ ধৰি পানী থকা পুখুৰীত এনে ৰোগৰ সম্ভাৱনা বহুগুণে বেছি।

বানপানীৰ দ্বাৰা আক্রান্ত জলাশয় বা নৈ জান-জুৰিৰ লগত সংযোগ থকা পুখুৰীত এই ৰোগৰ প্ৰভাৱ বহু বেছি।

 

মাছৰ ইউ এছ ৰোগৰ প্ৰতিকাৰৰ উপায় -

বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰা পুখুৰীটো মাছৰ ঘা মহামাৰীৰ প্ৰভাৱ নথকা নহয়। সেয়ে ৰোগৰ সম্ভাৱ্য কাৰণসমূহৰ পৰা হাত সাৰিবলৈ প্রকৃত ব্যৱস্থা লোৱাৰ প্ৰয়োজন।

মীন পালকসকলে পুখুৰীৰ পৰা অলাগতিয়াল মাছসমূহ আঁতৰাই কেৱল পালন উপযোগী মাছহে পুহিব লাগে।

ৰোগে দেখা দিয়াৰ লগে লগে পুখুৰীত জাল মাৰি আক্রান্ত মাছবোৰক ৫০০ পি পি এম পটাচিয়াম পাৰমাংগানেট দ্রৱণত খন্তেকৰ বাবে ডুবাই চিকিৎসা কৰিব লাগে।

বেছিকৈ ঘা লগা মাছবোৰ চিকিৎসা নকৰি উঠাই পুতি থ’ব লাগে।

শীতকাল আৰম্ভৰ আগে আগে পুখুৰীৰ পানী ক্ষাৰকীয় অৱস্থাত ৰাখিব লাগে। ক্ষাৰকীয় পানীত ই ইউ এছ আক্রান্ত মাছৰ মৃত্যুৰ হাৰ কিছু পৰিমাণে কমে। সেয়ে শীতকালত বিশেষকৈ (অক্টোবৰৰ পৰা জানুৱাৰী) মাহত প্রতিবিঘা পুখুৰীৰ বাবে ৬-৮ কিল’গ্ৰামকৈ চুণ প্রয়োগে এই ৰোগৰ প্ৰভাৱ কমাব পাৰে।

পুখুৰীত এনে মহামাৰীৰ উদ্ভৱ হ’লে পৰাপক্ষত সম্পূৰ্ণৰূপে সিঁচি, ৰ’দত শুকুৱাই বৈজ্ঞানিক পদ্ধতিত পুখুৰী প্রস্তুতকৰণৰ ব্যৱস্থা কৰিহে পুনৰ মাছৰ খেতি কৰিব লাগে।

প্ৰতিষেধক ব্যৱস্থাৱলী: শীতকালত বায়ুমণ্ডলৰ উষ্ণতা হ্রাস পোৱাৰ লগে লগে পানীৰো উষ্ণতা কমে। আনহাতে, বৰষুণৰ অভাৱৰ ফলত শীতকালত পুখুৰীৰ পানীৰ গভীৰতা লাহে লাহে কমিবলৈ ধৰে। আনকি প্রচণ্ড শীতত মাছৰ খাদ্যৰ প্রতি অনিহা হয়। গতিকে এই সময়ছোৱাত মীন পালকসকল অধিক সচেতন হোৱা উচিত।

শীতকালত পুখুৰীৰ পানীৰ পি এইচ অনুকূল পৰিসৰত ৰাখিবৰ বাবে প্রতি মাহে চুণ প্রয়োগ কৰিব লাগে।

শীতকালত পৰাপক্ষত পুখুৰীত জাল মৰাটো কমাব লাগে। জাল মাৰিলেও পুখুৰীত পুনৰ এৰিব লগীয়া মাছ পটাছিয়াম পাৰমাংগানেট দ্ৰৱণত জুবুৰিয়াইহে পুনৰ পুখুৰীত মেলিব লাগে৷

পুখুৰীত (প্ৰতিবিঘা) সর্বাধিক ১০০০ তকৈ অধিক মাছ মেলিব নালাগে।

পুখুৰীতকৈ জোখতকৈ অধিক সাৰ তথা অধিক খাদ্য প্রয়োগ কৰিব নালাগে। পানীৰ পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰে আৰু ৰোগৰ সম্ভাৱনীয়তা বঢ়ায়।

পুখুৰীত প্রতি মাহে প্রয়োগ কৰিবলগীয়া চূণৰ লগত প্রতিবিঘা পুখুৰীত ১–২ কিল’গ্ৰাম হালধি বিশেষকৈ শীতকালছোৱাত একেলগে মিহলাই প্রয়োগ কৰিলেও এই মহামাৰী ৰোগৰ পৰা কিছু উপশম পাব পাৰি।

লিখক: পবিত্ৰ কুমাৰ চহৰীয়া, দৈনিক জনমভূমি।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top