মূল পৃষ্ঠা / কৃষি / মীণ পালন / শীতল পানীৰ মৎস্য পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শীতল পানীৰ মৎস্য পালন

শীতল পানীৰ মৎস্য পালনৰ বিষয়ে লিখা হৈছে

অসমত মীন পালনৰ আন শিতানবোৰৰ দৰে শীতল পানীৰ মৎস্য পালন আৰু মীন ভিত্তিক পৰিৱেশানুকুল পৰ্যটনৰো যথেষ্ট সুযোগ আছে।আমাৰ ৰাজ্যখনত উপলভ্য ২১৬ টা মৎস্য প্ৰজাতিৰ ভিতৰত ৩৮ টা প্ৰজাতি শীতল পানীৰ জল উৎসত পোৱা যায়।ব্ৰহ্মপুত্ৰৰ উপনৈ জীয়াভৰালী,মানাহ,কপিলী,লোহিত,কুলসী,বৰগাং আদি উল্লেখযোগ্য শীতল পানীৰ মৎস্য উৎস।মুখ্যত: ১০° ৰ পৰা ১২° চেলছিয়াছ জল উষ্ণতাত বাস কৰা মাছসমুহকে শীতল পানীৰ মাছ বুলি কোৱা হয় যদিও বৃহৎ পৰিসৰত এই উষ্ণতা ২০° ৰ পৰা ২২° চেলছিয়াছলৈ সামৰি ল’ব পাৰি।পৰিপুষ্টিৰ যোগান,মীন ভিত্তিক পৰ্যটন,মীন বিনোদন আৰু মীন ক্ৰীড়াৰ বাবে শীতল পানীৰ মাছৰ গুৰুত্ব অতি বেছি।অসমৰ এক বিস্তৃত অঞ্চলৰ জলবায়বীয় পৰিৱেশ আৰু ভৌগোলিক অৱয়ৱ শীতল পানীৰ মৎস্য পালনৰ বাবে অতি উত্তম।শোণিতপুৰ জিলাৰ জীয়াভৰালী আৰু বৰগাং প্ৰৱাহ,লখিমপুৰ জিলাৰ ৰঙানদী প্ৰৱাহ,বৰপেটা জিলাৰ বেঁকী আৰু মানাহ প্ৰৱাহ,কাৰ্বি আংলং জিলাৰ কপিলী প্ৰৱাহ আদি শীতল পানীৰ মৎস্যৰ উত্তম উৎস।উক্ত প্ৰৱাহসমুহত সততে উপলভ্য শীতল পানীৰ মৎস্য প্ৰজাতিসমুহ হ’ল-পিঠিয়া প্ৰজাতিৰ বোকা পিঠিয়া,চকলেট পিঠিয়া,সোণালী পিঠিয়া,জোঙা পিঠিয়া আৰু বিভিন্ন প্ৰজাতিৰ শিলঘৰীয়া।এই মাছবোৰ অত্যন্ত সুস্বাদু আৰু পুষ্টিকাৰক।তদুপৰি এই উৎস্যসমুহত বহুতো আলংকৰিক মৎস্য প্ৰজাতিও উপলভ্য।এইসমুহৰ আন্ত:ৰাষ্ট্ৰীয় মৎস্য বজৰত যথেষ্ট চাহিদা আছে। পৰিপুষ্টিৰ উপৰি ক্ৰীড়া মাছ হিচাপে এইসমুহ প্ৰজাতিৰ গুৰুত্ব সৰ্বাধিক।শীতল পানীৰ মৎস্যকুলক লৈ গঢ়ি উঠিছে বিশ্বৰ কেইবাখনো উল্লেখযোগ্য মীনভিত্তিক পৰিৱেশানুকুল পৰ্যটন ক্ষেত্ৰ।উত্তৰ-পুৰ্বাঞ্চলৰ একমাত্ৰ মীন ভিত্তিক পৰিৱেশানুকুল পৰ্যটন কেন্দ্ৰ নগাঁৱৰ ‘জাছিংফা’এনে এক পটভুমিতেই ঠন ধৰি উঠিছে।মীন বিনোদন আৰু মীন ভিত্তিক পৰিৱেশানুকুল পৰ্যটন কেন্দ্ৰসমুহৰ জৰিয়তে এক বুজন সংখ্যক শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ নিয়োগৰ সম্ভাৱনীয়তা সৃষ্টি হৈছে।কিয়নো মানৱ সভ্যতাৰ পাতনিৰেপৰা মাছ আৰু মানুহৰ সম্পৰ্ক অতি নিবিড়।খাদ্য হিচাপে ব্যৱহাৰ কৰাৰ উপৰি মানুহে মাছ চাই ভাল পায়,মাছ ধৰি ভাল পায় আৰু মাছৰ লগত খেলি ভাল পায়।দেহ মন প্ৰফুল্লিত কৰি মানসিক তৃপ্তি আহৰণ কৰিবলৈ এইটো অতি উত্তম সমল।শীতল পানীৰ মাছবোৰৰ গঠন,খাদ্যাভ্যাস,চাল-চলন,অভিলক্ষণ কিছু সুকীয়া।সেয়েহে এই মাছবোৰ হৈ পৰে মাছটিক কোৱা হয় জলক্ৰীড়াৰ অধিপতি।বিশেষকৈ বৰশী বাই আনন্দ উপভোগ কৰা লোকসকলৰ বাবে এই মাছটি দুৰ্বাৰ আকৰ্ষণৰ কেন্দ্ৰ।শীতল পানীৰ এইবিধ মাছ সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। অসমতো নামেৰী অভয়াৰণ্যত জীয়াভৰালী নৈক কেন্দ্ৰ কৰি গঢ়ি উঠিছে নামেৰী মীন পৰিৱেশানুকুল পৰ্যটন।অনুৰুপ দৃষ্টিভংগীৰে উচ্চ শিক্ষিত প্ৰকৃতিপ্ৰেমী যুৱক নৱকুমাৰ গগৈৰ (৯৪৩৫০-৬১৮১৮)নেতৃত্বত নগাঁৱৰ ডিমৰুগুৰিৰ সমীপত গঢ়ি উঠিছে জাছিংফা মীন ভিত্তিক পৰিৱেশানুকুল পৰ্যটন কেন্দ্ৰ।দেশ-বিদেশৰ ভালেমান প্ৰকৃতিপ্ৰেমীয়ে মাছৰ কলকলনিৰ মাজত কেইদিনমান কটাই আনন্দ উপভোগ কৰিবলৈ ইয়ালৈ আহে।এই ধাৰণাটিৰ আধাৰতেই গঢ়ি উঠিছে প্ৰাকৃতিক পৰিৱেশত থকাৰ ব্যৱস্থা,বিভিন্নধৰণৰ মৎস্য দৰ্শনৰ ব্যৱস্থা,ভেল চালনা,মৎস্যক্ৰীড়া ইত্যাদি ।মীন বিনোদন পৰ্যটনৰ জৰিয়তে বহুতেই প্ৰশস্ত কৰে নিয়োগৰ ব্যৱস্থা।উল্লেখ্য যে ‘জাছিংফা’ত পোনপটীয়াকৈ জড়িত হৈ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক উচ্চ শিক্ষিত যুৱক-যুৱতী। অসমত নিশ্চিতভাৱে শীতল পানীৰ মৎস্য পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে।শীতল পানীৰ জল উৎস্য তুলনামুলকভাৱে কম প্ৰদুষিত ,নিকা আৰু স্বচ্ছ ।সেয়েহে এনে পানীত জলক্ৰীড়া আৰু মীন বিনোদন অতি সুচল।যিহেতু শীতল পানীৰ মৎস্যকুলৰ প্ৰজনন যথেষ্ট কম পৰিসৰত হয়,সেয়েহে উপযুক্ত সংৰক্ষণৰ অভাৱত এনে মাছৰ সংখ্যা ক্ৰমাৎ কমি আহিছে।প্ৰাকৃতিক উৎস্যত এনে মাছ ধৰা বা বিক্ৰী বাৰণ কৰা আছে।এই দিশসমুহলৈ আমি গুৰুত্ব দিব লাগিব। দেশত শীতল পানীৰ মৎস্য পালনৰ বিকাশ আৰু আনুসংগিক দিশসমুহ সংবৰ্দ্ধনৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদে ১৯৮৭ চনত উত্তৰাখণ্ডৰ ভীমতালত স্থাপন কৰিছে ‘শীতল পানীৰ মৎস্য গৱেষণা সঞ্চালকালয়’।এই প্ৰতিষ্ঠানটিয়ে দেশত শীতল পানীৰ মৎস্য পালনৰ বিকাশ,সংশ্লিষ্ট বিষয়ক গৱেষণা আৰু বিষয়টো জনপ্ৰিয়কৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।সুখৰ বিষয় যে প্ৰতিষ্ঠানটোৰ প্ৰধান বিজ্ঞানী ড° দেৱজিৎ শৰ্মা (৮০৫৭৯১২৭০৭/৮০৭৭৬০৬৯১০)আৰু অন্যতম বিজ্ঞানী ড° দীপজ্যোতি বৰুৱা অসমৰে সন্তান।বিজ্ঞানীদ্বয়ে ৰাজ্যখনত এই খণ্ডটিৰ বিকাশৰ বাবে যৎপৰোনাস্তি সহযোগিতা অব্যাহত ৰাখিছে।সংস্থাটিয়ে নামেৰীত অসম ভৰলী এঞ্জালিং এণ্ড কনজাৰভেচনৰ সহযোগত এটি মহাছিৰ পোনা উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে আৰু উৎপাদিত পোনাখিনি জীয়া ভৰলীত মেলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। শীতল পানীত মৎস্য পালন অপেক্ষাকৃত এক নব্য সংযোজন।মৎস্য উৎপাদন বৃদ্ধিৰ লগতে ইয়াৰ জৰিয়তে জলজ পৰ্যটন গঢ়ি তুলিবও পাৰি।এই উৎস্যলানিৰ সফল ব্যৱহাৰৰে অদুৰ ভৱিষ্যতে ৰাজ্যখনৰ অৰ্থনীতি সুদৃঢ় কৰি তোলাটো তেনেই সম্ভৱ।শীতল পানীৰ মৎস্য পালন,মীন ভিত্তিক পৰিৱেশানুকুল পৰ্যটন,মীন বিনোদন আদি সম্পৰ্কে অধিক জানিবলৈ তথা এই সম্পৰ্কে দিহা-পৰামৰ্শ,সহযোগিতা,মতামত আদি পাবলৈ শীতল পানীৰ মৎস্য গৱেষণা সঞ্চালকালয়ৰ প্ৰধান বিজ্ঞানী ড° দেৱজিৎ শৰ্মাৰ (৮০৫৭৯১২৭০৭/৮০৭৭৬০৬৯১০)লগত যোগাযোগ বাঞ্চনীয়।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (দৈনিক অসম)

2.76923076923
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top