অসমত উপাদেয় আহাৰ হিচাবে মাছৰ জনপ্ৰিয়তাৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ শতকৰা নব্বৈ ভাগৰ অধিকলোকে মাছ খায়। সহজে হজম কৰিব পৰা প্ৰ’টিন হিচাপে মাছৰ পুষ্টিকাৰক গুণো মাংস আদিতকৈ উত্তম।
অসমৰ জনসাধাৰণ সাধাৰণতে মাছৰ প্ৰতি আগ্ৰহী হ’লেও তেখেতসকলৰ সেই আগ্ৰহ কেঁচা মাছৰ মাজতে সীমাৱদ্ধ বুলিব পাৰি। শুকান মাছৰ প্ৰতি অসমৰ থলুৱা লোকৰ আগ্ৰহ কম। টিন ফিছ বা টেমাত ভৰাই সংৰক্ষণ কৰি বিক্ৰী কৰা মাছো তেওঁলোকে আগ্ৰহেৰে গ্ৰহণ কৰা দেখা নাযায়।
পিছে আশ্বৰ্য্যজনক কথা হ’ল অসমৰ স্থানীয় ৰাইজৰ মাজত শুকান মাহৰ জনপ্ৰিয়তা কম হোৱা সত্বেও এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ খন স্থাপিত হৈছে অসমৰেই জাগীৰোড নামৰ উদ্যোগকেন্দ্ৰিক চহৰখনত। এই জাগীৰোডৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ বাকী ছখন ৰাজ্যলৈ শুকান মাছৰ ৰপ্তানি হয়।
পাহাৰীয়া ৰাজ্যকেইখনৰ জনজাতীয় লোকসকলৰ মাজত শুকান মাছৰ জনপ্ৰিয়তা যথেষ্ট। ইয়াৰ প্ৰধান কাৰণ হ’ল এই ঠাইবোৰত মাছৰ উৎপাদন কম, আনহাতে ঠাইবোৰ কিছু দুৰ্গম হোৱাৰ বাবে অন্যঠাইৰ পৰা কেঁচামাছৰ আমদানি ইয়ালৈ তেনেদৰে হ’ব নোৱাৰে। এই পাহাৰীয়া লোকসকলে শুকানমাছ মেলেৰীয়া ৰোগৰ প্ৰতিষেধক বুলিও বিশ্বাস কৰে। এই বিশ্বাসৰ সৈতে বৈজ্ঞানিক সত্যও হয়তো নিহিত হৈ আছে। মূলতঃ এইসকল লোকৰ মাজত শুকান মাছৰ চাহিদা থকা বাবেই অসমৰ জাগীৰোডত এনে এখন বৃহৎ শুকান মাছৰ বজাৰ চলি থকাতো সম্ভৱপৰ হৈ পৰিছে।
শুকান মাছ মূলতঃ দুই প্ৰকাৰৰ। এবিধ হ’ল মিঠা পানীৰ(Fresh Water) শুকান মাছ আৰু আনবিধ হ’ল সাগৰীয় পানীৰ(Marine Water) শুকান মাছ। সাধাৰণতে মিঠা পানীৰ শুকান মাছৰ দাম অলপ বেছি, কাৰণ এই বিধ মাছৰ উৎপাদন কম।
আনহাতে, সাগৰীয় মাছৰ উৎপাদন যথেষ্ট। সেয়েহে সাগৰীয় মাছ শুকাই সংৰক্ষণ কৰি বিক্ৰি কৰা হয়। ভাৰতৰ উপকূলীয় অঞ্চল যেনে- কন্যাকুমাৰী, কোচিন, মাঙ্গালোৰ, বোম্বাই আদি উপকূলবোৰত বিঘাৰ পিছত বিঘা জুৰি সাগৰীয় মাছ শুকাবলৈ দিয়া হয়। এইক্ষেত্ৰত প্ৰায়বোৰ মাছতেই নিমখ ছটিয়াই শুকাবলৈ দিয়া হয়। নিমখে মাছৰ ওপৰত হোৱা অণুজীৱৰ ক্ৰিয়া প্ৰশমিত কৰে। নিমখ নিদিয়াকৈও মাছ শুকোৱা হয়। কিন্তু এনে মাছত অণুজীৱই ক্ৰিয়া কৰাৰ সম্ভাৱনা বেছি থাকে।
মাছ বিভিন্ন প্ৰকাৰে শুকোৱাৰ পাৰি। ধাৰি বা বালিত মেলি দি শুকোৱাৰ উপৰিও যান্ত্ৰিক প্ৰণালীৰে ‘দ্ৰায়াৰ’ বা শুস্কক যন্ত্ৰৰ সহায়ত মাছ শুকোৱা হয়। কেতবোৰ মাছ ৰছীত ওলোমাই দিও শুকোৱা হয়। এইক্ষেত্ৰত মাটিত মেলি দিয়া মাছ কিছু বিপদজনক। কিয়নো এনেমাছৰ ওপৰত মাটিত থকা অণুজীৱই অনায়াসে আক্ৰমণ চলাব পাৰে। অপকাৰী অণুজীৱৰ দ্বাৰা আক্ৰান্ত শুকান মাছ খালে বিভিন্ন প্ৰকাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
সেয়েহে ৰছীত ওলোমাই শুকোৱা, যন্ত্ৰত শুকোৱা বা কাপোৰত মেলি দি শুকোৱা মাছেই উত্তম। কিন্তু সাধাৰণতে মাটিত শুকোৱা শুকান মাছৰ পৰিমাণহে বেছি, কাৰণ এইটোৱেই হ’ল মাছ শুকোৱাৰ সহজ উপায়।
স্বাভাৱিকতে শুকান মাছত থকা পুষ্টিকাৰক পদাৰ্থৰ পৰিমাণ কেঁচামাছতকৈ কিছু কম। কিন্তু সেই বুলিয়েই শুকান মাছৰ পুষ্টিকৰ গুণো কম নহয়। ৰান্ধিব জানিলে শুকান মাছৰ সোৱাদ কেঁচা মাছতকৈ বেছিহে হয়। উত্তাপত সহজে নষ্টহৈ যোৱা পদাৰ্থখিনিৰ বাদে বাকী সকলোবোৰেই শুকান মাছত পোৱা যায়। প্ৰ’টিন, কেলছিয়াম আদিৰ পৰিমাণো প্ৰায় একে দৰেই থাকে। অৱশ্যে এই দ্ৰব্যবোৰৰ ৰাসায়নিক গুণা-গুণৰ কিছু পৰিৱৰ্তন নোহোৱাকৈ নাথাকে।
শুকান মাছ বুলি ক’লেই বহুতো মানুহে শংকোচ ভাব কৰে। অৱশ্যে শুকান মাছৰ গোন্ধ বহুতো ভাল লগা গোন্ধৰ ভিতৰতে এটা।
সি যিয়েই নহওক, শুকান মাছৰ ব্যৱসায় এক লাভজনক ব্যৱসায়। বহুতো অসমীয়া ডেকাই অৱশ্যে এই ব্যৱসায় কৰিবলৈ টান পাব। কাৰণ শুকান মাছৰ বেপাৰী বুলি তেওঁলোকে প্ৰথম অৱস্থাত সন্মানিত ব্যৱসায়ীৰ স্থান নোপোৱাৰ ভয় আছে। (জাগীৰোডৰ সেই শুকান মাছৰ বজাৰখনত আমি এজন অসমীয়া লোককহে পাইছিলো।)
বৰ্তমান সময়ত এনেধৰণৰ ভাৱ দুখজনক। জাগীৰোডৰ অন্য অসমীয়া শুকান মাছৰ ব্যৱসায়ী সকলে আনকি আন্তঃৰ্জাতিক বজাৰো চুইছেগৈ। তেওঁলোকৰ সংযোগ মালয়েছিয়া, ছিঙ্গাপুৰ আদিৰ লগতো স্থাপিত হৈছে।
জাগীৰোডৰ শুকান মাছৰ ব্যৱসায়ীয়ে কলিকতা, বোম্বাইলৈ ৰেলেৰে নাযায়, যায় উৰাজাহাজেৰে। গতিকে শুকান মাছৰ ব্যৱসায় যে এক লাভজনক ব্যৱসায়, তাত সন্দেহ নাই। মৰ্য্যদাৰ প্ৰশ্ন ইয়াত উত্থাপিত নকৰাই ভাল।
অৱশ্যে শুকান মাছৰ বিয়াগোম দোকান এখন খুলিবলৈ সকলোৰে আৰ্থিক সামৰ্থ্য নাথাকিবও পাৰে। কিন্তু উদ্যোগীলোকে খুচুৰা বিক্ৰীকৰ্ত্তা হিচাবে ইয়াৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এই ক্ষেত্ৰত দহ হেজাৰ মান টকাৰ মূলধনেই যথেষ্ট। শুকান মাছৰ পাইকাৰি ক্ৰয়মূল্য(জাগীৰোডৰ বজাৰত) চাৰি টকাৰ পৰ পোন্ধৰ টকা/কিঃগ্ৰাঃ।
কিন্তু ইয়াৰ পৰা খুচুৰা বিক্ৰী মূল্য চল্লিশৰ পৰা এশ-বিশ টকা/কিঃগ্ৰাঃ। অৱশ্যে এই ক্ষেত্ৰত ব্যৱসায়ীয়ে পৰিবহণ ব্যয়, কৰ, শ্ৰমিকৰ হাজিৰা আদিৰ উপৰিও নষ্ট হৈ যোৱা অংশৰ ওজন কমাৰ অনিশ্চয়তা বা বিক্ৰীৰ অনিশ্চয়তা মূৰ পাতি ল’ব লাগে বাবে বিক্ৰীমূল্য যথেষ্ট হাৰত বৃদ্ধি পায়। অৱশ্যে ব্যৱসায়ত এনে ধৰণৰ প্ৰত্যাহ্বান সকলো সামগ্ৰীৰ ক্ষেত্ৰতে থাকে। গতিকে ই কোনো কঠিন প্ৰশ্ন নহয়।
সাগৰীয় শুকান মাছৰ ক্ষেত্ৰত ধাত্ৰী, পটমুদী, বামলা আদি জনপ্ৰিয়। চিতল, পুঠি, খলিহনা, কান্ধুলি আদি স্থানীয় শুকান মাছো পোৱা যায়। বজাৰত এনেবোৰ মাছৰ মূল্য যথেষ্ট বেছি। শুকান পুঠি মাছৰ পৰা তৈয়াৰী ‘চিডল’ নামৰ উৎপাদন বিধো অতি জনপ্ৰিয়।
ইয়াৰ মূল্য বৰ্তমান প্ৰতি কিঃগ্ৰামত এশৰ পৰা ডেৰশ টকা। অসমত শুকান মাছৰ উৎপাদন নগণ্য। অৱশ্যে অসমত মাছ শুকাই ব্যৱসায় কৰাৰ সীমাবদ্ধতা আছে। কাৰণ ইয়াৰ কেঁচা মাছৰ মূল্যই যথেষ্ট।
সেয়েহে ইয়াৰ শুকান মাছৰ ব্যৱসায় ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য। এই ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ হ’লে আমি মৎস্য উৎপাদনত যথেষ্ট গুৰুত্ব দিব লাগিব।
উৎস: সেউজ চিন্তা(হৰি চৰণ দাস)
শেহতীয়া উন্নীতকৰণ: : 1/10/2023