অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংমিশ্ৰণৰ উপযোগী মাছ

১)উৰ্দ্ধ স্তৰৰ মাছ:  চিলভাৰ কাৰ্প আৰু বাহু
২)মধ্য স্তৰৰ মাছ: ৰৌ আৰু গ্ৰাছ কাৰ্প
৩)নিম্ন স্তৰৰ মাছ: মিৰিকা আৰু কমন কাৰ্প

চিলভাৰ কাৰ্প

এই বিধ মূলত: চীন দেশৰ মাছ ৷ ইয়াৰ বৈজ্ঞানিক নাম Hypophthalmichthys molitrix৷ ১৯৫৯ চনত চিলভাৰ কাৰ্প মাছ ভাৰতবৰ্ষলৈ অনা হয়৷ ইয়াৰ আকৃতি প্ৰায় চেপেটা৷ মুখ জোঙা আৰু ওপৰমুৱা৷ চকু সৰু৷ বাকলি সৰু সৰু৷ ৰং  ৰূপালী আৰু ৰক্তিম ফোঁটযুক্ত৷ পোণা প্ৰায় আয়ত আকাৰৰ৷ পিঠি সামান্য মটীয়া ৰঙৰ৷ উদ্ভিদ প্লৱক চিলভাৰ কাৰ্পৰ প্ৰধান খাদ্য৷

বাহু

এই বিধ মূলত: ভাৰতীয় মাছ৷ ইয়াৰ বৈজ্ঞানিক নাম Catla catla৷ ইয়াৰ আকৃতি থপোকা, মূৰ ডাঙৰ আৰু পিঠি বহল ৷ মুখ ওপৰমুৱা আৰু ওপৰৰ ওঁঠ নাই৷ বাকলি ডাঙৰ ডাঙৰ৷ গাৰ ৰং  পিঠিৰ ফালে ধোৱা বৰণীয়া আৰু তললৈ ক্ৰমাৎ ৰূপালী ৷ পোণা অৱস্হাত গাত কোনো স্পষ্ট দাগ নেথাকে৷ আকৃতি থোপোকা৷ গাৰ ৰং কপিলা ৰূপালী আভাযুক্ত৷ প্ৰাণী প্লৱক বাহু মাছৰ প্ৰধান খাদ্য৷

ৰৌ

মূলত: ভাৰতীয় মাছ ৷ ইয়াৰ বৈজ্ঞানিক নাম Labeo rohita ৷ ইয়াৰ আকৃতি দীঘলীয়া ৷ বক্ষভাগ তুলনামূলক ভাবে পৃষ্ঠভাগতকৈ বহল ৷ মুখ দেহৰ একেবাৰে সম্মুখত সামান্য নিম্নভাগত অৱস্হিত ৷ ওঁঠ মঙহাল আৰু কোঁচযুক্ত ৷ এযোৰ অতি ক্ষুদ্ৰ দাঢ়ি আছে ৷ গাৰ ৰং  পিঠিৰ ফালে নীলাভ কপিলা আৰু তললৈ ক্ৰমাৎ ৰূপালী ৷ বাকলিৰ সোঁমাজত কমলা বা ৰঙচুৱা ফোট থাকে ৷

পোণা অৱস্হাত পুচ্ছ বৃন্তত এটি স্পষ্ট ক’লা পটী থাকে ৷ পৃষ্ঠীয়, বক্ষীয় আৰু পুচ্ছ পাখি ৰঙচুৱা ৷ গাৰ ৰং পৃষ্ঠভাগত কমলা আৰু তলৰফালে সেউজীয়া ৰূপালী ৷ ৰৌ মাছৰ  প্ৰধান খাদ্য উদ্ভিদ প্লৱক, ছিন্ন উদ্ভিদ, গুৰুপত্ৰী উদ্ভিদৰ পাতত জন্মা শেলাই ইত্যাদি৷

গ্ৰাছ কাৰ্প

মূলত: চীন দেশীয় মাছ ৷ ইয়াৰ বৈজ্ঞানিক নাম Ctenopharyngodon idella ৷ ১৯৫৯ চনত চিলভাৰ কাৰ্প মাছ ভাৰতবৰ্ষলৈ অনা হয় ৷ ইয়াৰ আকৃতি দীঘলীয়া যদিও সন্মুখফালটো বহল নহয় ৷ দুপাৰী গ্ৰসনী দন্ত আছে ৷ গাৰ ৰং  সেউজ আভাযুক্ত মটীয়া আৰু বক্ষভাগ ক্ৰমাৎ ৰূপালী পাখি গাঢ় মটীয়া ৰঙৰ ৷ পোণা দীঘলীয়া ৷ মূৰ বহল আৰু গাৰ ৰঙ সেউজবুলীয়া ৷ গ্ৰাছ কাৰ্প মাছৰ  প্ৰধান খাদ্য জলজ উদ্ভিদ ৷

মিৰিকা

মূলত: ভাৰতীয় মাছ ৷ ইয়াৰ বৈজ্ঞানিক নাম Cirrhinus mrigala ৷ ইয়াৰ আকৃতি দীঘলীয়া আৰু গোটা ৷ ওঠ পাতল ৷ এযোৰ চুটি দাঢ়ি আছে ৷ মুখ তলমুৱা ৷ গাৰ ৰং  পিঠিৰ ফালে বাদামী আৰু তললৈ ক্ৰমাৎ ৰূপালী ৷ পাখি ঈষৎ কমলা ৰঙৰ ৷ চকু সোণ বৰণীয়া ৷ পোণা অৱস্হাত পুচ্ছ বৃন্তত এটি স্পষ্ট উলম্ব চতুষ্কোণী  ক’লা ফোঁট থাকে ৷ দেহত কেতবোৰ দীঘে দীঘে অদ্ভপষ্ট দাগ থাকে ৷ এযোৰ অতি সুক্ষ্ম দাঢ়ি থাকে ৷ গাৰ ৰং ৰূপালী ৷ মিৰিকা মাছৰ  প্ৰধান খাদ্য পুখুৰীৰ তলিৰ জৈৱিক পদাৰ্থসমূহ ৷

কমন কাৰ্প

মূলত: চীন দেশীয় মাছ ৷ ইয়াৰ বৈজ্ঞানিক নাম Cyprinus carpio ৷ ১৯১৪ চনত চিলভাৰ কাৰ্প মাছ ভাৰতবৰ্ষলৈ  অনা হয় ৷ কমন কাৰ্প তিনিবিধ–

(১) স্কেল কাৰ্প (Cyprinus carpio var. communis),

(২) মিৰ’ৰ কাৰ্প (Cyprinus carpio var. specularis) আৰু

(৩) (Cyprinus carpio var. nudus) ৷

এই তিনি বিধৰ ভিতৰত স্কেল কাৰ্প (Cyprinus carpio var. communis) হে আমাৰ ইয়াত পালনৰ উপযোগী ৷

ইয়াৰ মূৰ সৰু৷ আকৃতি দীঘলীয়া যদিও পিঠিখন অতি ধেনুভিৰীয়া ৷ মুখ বহল আৰু গাহৰিৰ মুখৰ নিচিনা৷ দুযোৰ দাঢ়ি আছে ৷

স্কেল কাৰ্পৰ গোটেই গাটো বাকলিৰে আবৃত৷ স্কেল কাৰ্প বিভিন্ন ৰঙৰ হব পাৰে৷ পোণৰ আকৃতি প্ৰাপ্ত্ত বয়স্ক কমন কাৰ্পৰ নিচিনা৷ কমন কাৰ্প মাছ সৰ্বভোক্ষী৷ আধা পঁচা জৈৱিক পদাৰ্থ, পোক-পতঙ্গৰ পলু, শামুক, কেঁচু, মাংস আদি ইয়াৰ প্ৰধান খাদ্য৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate