মূল পৃষ্ঠা / কৃষি / মীণ পালন / সংমিশ্ৰিত পদ্ধতিৰে চিতল মাছ পালন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংমিশ্ৰিত পদ্ধতিৰে চিতল মাছ পালন :

সংমিশ্ৰিত পদ্ধতিৰে চিতল মাছ পালনৰ বিষয়ে লিখা হৈছে ।

 

মাছ আমাৰ প্ৰিয় খাদ্য। ঘৰলৈ অহা আলহীক আপ্যায়ন কৰাৰ বাবেও আমি মাছ বজাৰৰ পৰা কিনি আনো। বজাৰত অতি চাহিদা থকা এবিধ মাছ হ’ল চিতল মাছ। বিহু, উৎসৱ-পাৰ্বণত চিতল মাছৰ দাম আকাশলংঘী হয়। সৰু সৰু কাঁইটযুক্ত, দেহ লম্বা আৰু গভীৰভাৱে চেপেটা এই মাছবিধ আমাৰ অতি প্ৰিয়। কিন্তু এই মাছবিধৰ সংখ্যা দিনক দিনে কমি আহিছে। আই ইউ চি এন (২০০০) ৰ মতে এই প্ৰজাতিৰ মাছবিধ প্ৰায় বিপন্ন শ্ৰেণীত অন্তৰ্ভুক্ত। এই চিতল মাছবিধ আমাৰ পুখুৰী আদিত পালন কৰিব পৰা যায়। অসমৰ ই জাতীয় মাছ হিচাপে পৰিচিত। ইয়াৰ বৈজ্ঞানিক নাম নোটোপটেৰাচ চিতালা (notopterus chitala); ইংৰাজীত ইণ্ডিয়ান ফিডাৰ বেক আৰু অসমীয়াত চিতল নামেৰে জনা যায়। ই নোটোপটেৰিডি পৰিয়ালৰ এবিধ মিঠা পানীৰ মাছ। এই মাছবিধৰ পিঠিৰ আগৰফালে স্পষ্টকৈ কুঁজা হয় আৰু অংকীয় দেহ প্ৰায় পোন হয়। মুৰটো চাপ খোৱা, নেজ লম্বা আৰু ক্ৰ্মান্বয়ে চাপ খোৱা। মুখখন ডাঙৰ , ঠোঁট স্পষ্ট। পৃষ্টীয় পাখি হালধীয়া, ধোঁৱা বৰণৰ। ই ১০০ ছেণ্টিমিটাৰৰো অধিক দীঘল হয় আৰু ওজন ১০ কিলোগ্ৰাম পৰ্যন্ত হয়।

বিস্তৃতি -

এই প্ৰজাতিৰ মাছ ভাৰত, পাকিস্তান, ম্যানমাৰ, থাইলেণ্ড, মালয়ছিয়া, বাংলাদেশ,  ফিলিপাইন আদি দেশত পোৱা যায়। ভাৰতৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, মহানদী আদিৰ অৱবাহিকাত এই মাছবিধ পোৱা যায়।

বাসস্থান -

চিতল মাছ পুখুৰী , হ্ৰদ, কেনেল, বিল আদিত থাকে। ভাৰতবৰ্ষত বন্ধ পানীৰ জলাশয়ত ইয়াৰ খেতি কৰি লাভাৱান হ’ব পৰা যায়।

খাদ্যাভাস -

চিতল মাছ মাংসাহাৰী প্ৰাণী। ই পোক-পতংগ, সৰু সৰু মাছ, নাৰী-ভুঁৰু আদি খাদ্য হিচাপে গ্ৰহণ কৰে। ই পানীৰ তলৰ স্তৰৰ পৰা সাধাৰণতে খাদ্য খায় যদিও আন স্তৰৰপৰাও খাদ্য গ্ৰহণ কৰে।

প্ৰজনন -

চিতল মাছে বোৱঁতী পানীত কণী এৰি দিয়ে যদিও ই পুখুৰী বা জলাশয়তো কণী এৰি দিব পাৰে। বছৰত ই এবাৰ কণী এৰি দিয়ে। ইয়াৰ প্ৰজননৰ সময় জুন-জুলাইত। ই মাটিত গাঁত খান্দি লৈ প্ৰজনন কৰে। মাজে-সময়ে ই জলজ উদ্ভিদতো কণী এৰি দিয়ে।

পালন পদ্ধতি -

চিতল মাছ একক পদ্ধতি আৰু বহুজাতিক পদ্ধতিৰে পালন কৰিব পাৰি। সংমিশ্ৰিত পদ্ধতিৰে চিতল মাছ পালন কৰিলে আমাৰ পুখুৰীত থকা অলাগতিয়াল মাছসমুহ খাই চাফা কৰি দিয়ে। চিতল মাছ যিহেতু মাংসাহাৰী মাছ, সেয়ে তাৰ বাবে সৰু সৰু মাছৰ দৰকাৰ হয়। গতিকে টিলাপিয়া মাছৰ খেতি কৰিলে ই তাক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। টিলাপিয়া মাছে যিহেতু বছৰেকত কেইবাবাৰো পোৱালি দিয়ে, সেয়ে চিতল মাছ সেই পুখুৰীত থাকিলে ই সোনকালে ডাঙৰ হয়। লগে লগে মাছৰ সংখ্যাও নিয়ন্ত্ৰণত ই সহায় কৰে।

পুখুৰীৰ প্ৰস্তুতি -

চিতল মাছ পালনৰ বাবে পুখুৰীটো প্ৰস্তুতৰ বাবে প্ৰথমতে পুখুৰীটো জলজ অপতৃণমুক্ত কৰিব লাগে। পিছত পুখুৰীত চুণ দিব লাগে। চুণ দিয়াৰ পিছত গোবৰ, ইউৰিয়া, ছিংগল ছুপাৰ ফছফেট আদি দি পুখুৰীটো মাছ পালনৰ উপযোগী কৰি ল’ব লাগে। পুখুৰীৰ প্ৰস্তুতি সম্পুৰ্ণ হোৱাৰ ১৫ দিন পিছত সংমিশ্ৰিত পদ্ধতিত পালনৰ বাবে ৰৌ, ভকুৱা, মিৰিগা, কমক কাৰ্প, গ্ৰাছ কাৰ্প, ছিলভাৰ কাৰ্প আদি মাছৰ পোৱালি পুখুৰীত মেলিব লাগে। এই মাছৰ পোৱালিসমুহ ডাঙৰ হোৱাৰ পিছত অৰ্থাৎ প্ৰায় দুমাহমান পিছত পুখুৰীত চিতল মাছৰ পোনা মেলিব লাগে। চিতলৰ পোনা মেলাৰ পিছত পুখুৰীত কৃত্ৰিম খাদ্য যোগান ধৰিব লাগে। কৃত্ৰিম খাদ্য হিচাপে ফিচ মিল, চাউলৰ মল, আটা গুড়ি, খলিহৈ আদি উপযুক্ত হাৰত মিহলি কৰি পুখুৰীত দিয়াৰ ব্যৱস্থা কৰিব লাগে। দৈনিক দুবাৰকৈ মাছৰ খাদ্য পুখুৰীত দিব লাগে।

পানীৰ গুণাগুণ -

চিতল মাছ পালনৰ বাবে পুখুৰীৰ পানীত তলত দিয়া ধৰণে গুণাগুণ থাকিব লাগে-উষ্ণতা : ২৫-৩২° ছেণ্টিগ্ৰেড, পি এইচ: ৬.৫-৯, অক্সিজেন: ৫ পি পি এম, আবিলতা: ৩০-৪৫ ছেণ্টিমিটাৰ, ক্ষাৰকতা :৮০-১৫০ মিলি গ্ৰাম/ লিটাৰ।

মাছৰ সংখ্যা -

পুখুৰীত সংমিশ্ৰিত পদ্ধতিত চিতল মাছ পালন কৰিলে বিঘাই প্ৰতি ৮০০-১০০০ টা মাছ মেলিব লাগে। তাৰ ভিতৰত চিতলৰ পোনাৰ সংখ্যা ৩০-৪০ টা দিব লাগে। মাছৰ সংখ্যা (চিতলৰ) কম হ’লে তাৰ বৃদ্ধিৰ হাৰ খৰতকীয়া হয়। চিতলৰ সংখ্যা এবিঘা পানীকালিৰ পুখুৰীত ২০-২৫টা দিলে এবছৰত ২.৫ কিলোগ্ৰামৰ পৰা ৩ কিলোগ্ৰাম পৰ্যন্ত পাবলৈ সক্ষম হ’ব পৰা যায়, যদিহে পুখুৰীত কৃত্ৰিম খাদ্যৰ উপৰি সৰু সৰু মাছৰ সংখ্যা উভৈনদী হয়। কাৰণ চিতলৰ প্ৰধান খাদ্য হৈছে সৰু সৰু মাছ।

আৰ্থিক দিশ -

সংমিশ্ৰিত পদ্ধতিত চিতল মাছ পালন কৰিলে পামৰ আয় বৃদ্ধি হয়। কিয়নো চিতল মাছৰ বজাৰত চাহিদা যথেষ্ট বেছি। এক কিলোগ্ৰাম চিতল মাছৰ মুল্য ৫০০-৬০০ টকা পৰ্যন্ত হয়। গতিকে পামৰ সামগ্ৰিক উন্নয়নৰ বাবে ই  অনুকুল হ’ব।

এইদৰে আমাৰ পুখুৰীত অন্য মাছৰ লগত চিতল পালন কৰিব পাৰি।

লেখক: প্ৰতুল ডেকা (দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top