অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংমিশ্ৰিত পদ্ধতিৰে ভাঙোন মাছ পালন

সংমিশ্ৰিত পদ্ধতিৰে ভাঙোন মাছ পালন

 

পুখুৰীত প্ৰস্তুত হোৱা প্ৰাকৃতিক খাদ্যৰ উচিত ব্যৱহাৰ আৰু পানীৰ তিনিটা স্তৰ ঊৰ্দ্ধস্তৰ ,মধ্যস্তৰ আৰু নিম্নস্তৰৰ প্ৰকৃত ব্যৱহাৰৰ দ্বাৰা আমি মাছৰ বিভিন্ন প্ৰজাতিক একেলগে যেতিয়া একেটা পুখুৰীত পালন কৰো,তেতিয়া তাক সংমিশ্ৰিত পদ্ধতি বুলি কওঁ।সংমিশ্ৰিত পদ্ধতিৰ জৰিয়তে মাছ পালন কৰিলে আমি উৎপাদনৰ হাৰ বঢ়াব পাৰোঁ।বিভিন্ন প্ৰজাতিৰ মাছ-ৰৌ,বাহু,মিৰিকা,ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,ভাঙোন মাছ,কলিয়াজোৰা,কুঢ়ি আদি একেলগে একেটা পুখুৰীত পালন কৰি আমি মাছ খেতি কৰিব পাৰোঁ।এই নিৱন্দ্ধত সংমিশ্ৰিত পদ্ধতিৰে ভাঙোন মাছৰ লগত অন্য মাছ পালন সম্বন্ধে আলোচনা কৰিম।

ভাঙোন মাছ,ইংৰাজীত যাক বাটা মাছ বুলি জনা যায় তাৰ বৈজ্ঞানিক নাম হৈছে লেবিঅ’ বাটা।চাইপ্ৰিনিডে পৰিবাৰৰ লেবিঅ’গনৰ অন্তৰ্গত এইবিধ স্বদেশী মাছ ভাৰত,পাকিস্তান আৰু বাংলাদেশৰ বাসিন্দা।বৰ্তমান নেপালতো এই মাছবিধ কিছু পৰিমাণে পোৱা যায়।অতি সোৱাদযুক্ত এই মাছবিধ উদ্ভিদভোজী আৰু পুখুৰীৰ মধ্যস্তৰত থাকে।এই মাছবিধৰ দেহ দীঘলীয়া,মাছৰ পৃষ্ঠীয় দিশ অংকীয় দিশৰ তুলনাত কিছু উত্তল হয়।মাছবিধৰ চকু ডাঙৰ,ঠোট পাতল।বজাৰত এই মাছবিধৰ মুল্য বহু বেছি।এবছৰত এই ভাঙোন মাছবিধে ১৩১ মিলিমিটাৰ পৰ্যন্ত দীঘল হয়।৭-৮ মাহ পানী থকা পুখুৰীত এই মাছবিধ পালন কৰিব পৰা যায়।বৰ্তমান এই মাছবিধ বিপন্ন প্ৰজাতিৰ মাছ বুলি ধৰা হয়।আই ইউ চি এন (২০০০)ৰ মতে,বাংলাদেশত এই মাছবিধ বিপন্ন প্ৰজাতিৰ অন্তৰ্গত।সেয়েহে বৰ্তমান তাত ইয়াক সংৰক্ষণৰ বাবে প্ৰচেষ্টা হাতত লৈছে।অসমৰ ক্ষেত্ৰত অৱশ্যে এই মাছবিধ নামনি অসমত এতিয়াও কিছু পৰিমাণে পোৱা যায়।

সংমিশ্ৰিত পদ্ধতিত এই মাছবিধ পালন কৰিবলৈ হ’লে আমাৰ ঘৰত থকা পুখুৰীটো প্ৰথমতে চাফা কৰি তাত জোখমতে চুণ,সাৰ গোবৰ আদি দি মাছ পালনৰ উপযুক্ত কৰি ল’ব লাহে।যিহেতু ,এই মাছে খুব লাহে লাহে গতি কৰে আৰু সোনকালে নাৰ্ভাছ হয়,সেয়েহে ইয়াক অলপ সাৱধানে পালন কৰিব লাগে।ই খাদ্য হিচাপে প্ৰ’টযোৱা,এলগে আদি প্ৰাকৃতিক খাদ্য খায়।সংমিশ্ৰিত পদ্ধতিত কাৰ্পৰ লগত পালন কৰিলে প্ৰতি হেক্টৰত ৫০০০ টা ভাঙোনৰ লগত ৫০০০ টা বাহু,ৰৌ,মিৰিকা আৰু প্ৰতি হেক্টৰত ২৫০ টা গ্ৰাছ কাৰ্প দিব লাগে।এনেদৰে দিলে আমি এই পুখুৰীৰ পৰা উৎপাদন বহুখিনি পাবলৈ সক্ষম হ’ম।

পুখুৰীৰ গভীৰতা:ভাঙোন মাছৰ বাবে পুখুৰীৰ গভীৰতা ৫-৭ ফুট হ’লেই হয়।যিবিলাক পুখুৰীত ৭-৮ মাহ পানী থাকে,সেই পুখুৰীতো আমি এই মাছ পালন কৰিব পাৰোঁ।যিহেতু এই মাছবিধৰ সোৱাদ সৰু বা ডাঙৰ হ’লেও একে হয়,সেয়েহে মানুহে ইয়াক খাই খুব ভাল পায়।

খাদ্য:এইবিধ মাছৰ খাদ্য হিচাপে আমি খলিহৈ,চাউলৰ মল আদি ব্যৱহাৰ কৰিব পাৰোঁ।কিন্তু আমি যদি চাউলৰ মল (৪৫ শতাংশ),গ্ৰাউণ্ড  নাট অইল কেক (৪৫ শতাংশ)আৰু শুকান মাছৰ গুৰি (১০ শতাংশ)দিও তেনেহ’লে এই মাছৰ বৃদ্ধিৰ হাৰ বেছি হয়।

সাৰ:পুখুৰীত প্ৰাকৃতিক খাদ্যৰ বৃদ্ধিৰ বাবে সাৰ হিচাপে গৰুৰ গোবৰ,ছুপাৰ ফচফেট আৰু গ্ৰাউণ্ড নাট অইল কেকো ব্যৱহাৰ কৰিব পাৰোঁ।

চুণ:সংমিশ্ৰিত পদ্ধতিত ব্যৱহাৰ কৰাৰ দৰে ভাঙোন মাছৰ পালনতো পুখুৰী প্ৰস্তুতিৰ সময়ত চুণ দিব লাগে।তাৰ পিছত মাহেকীয়া কিস্তিত চুণ দিয়া আৱশ্যক।যিহেতু অসমৰ মাটি আম্লিক,সেয়েহে চুণ দিয়াটো নিতান্তই প্ৰয়োজনীয়।

পোনা সংগ্ৰহ:এই মাছবিধ পালনৰ বাবে আমি মে’,জুন,জুলাই ,আগষ্ট মাহত নৈৰপৰা এই মাছৰ পোনা উৎপাদন কৰিব পাৰোঁ।কৃত্ৰিম পদ্ধতিৰেও এই মাছৰ পোনা উৎপাদন কৰা হয়।এই মাইনৰ কাৰ্পৰ পোনা কৃত্ৰিম পদ্ধতিৰে উৎপাদন কৰিও আমি আমাৰ পুখুৰীত পালন কৰিব পাৰোঁ।ই ৯-১০ মাহত গাভিনী হয়।

উৎপাদন:সংমিশ্ৰিত পদ্ধতিত ভাঙোন মাছ পালন কৰিলে আমি প্ৰায় ৩০ শতাংশ উৎপাদন বঢ়াব পাৰো।আমি ৪ মহমানৰ মুৰে মুৰে আমাৰ পুখুৰীৰ পৰা ভাঙোন মাছ বিক্ৰী কৰিব পাৰোঁ।কিয়নো এইবিধ মাছ সৰু অৱস্থাতো বৰ সোৱাদযুক্ত হয়।ইয়াৰ মিঠা মিঠা গুণৰ বাবে আমাৰ মানুহে ইয়াক বৰ পছন্দ কৰে।

অৰ্থনীতি:আমাৰ পুখুৰীৰ সৰ্বমুঠ আয় বঢ়াবৰ বাবে এই মাছবিধে যথেষ্ট অৰিহণা যোগায়।মাছৰ ষ্টকিং ডেনছিটা বঢ়ায়।এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে মাছ ধৰি বজাৰত বিক্ৰী কৰাৰ ফলত আমাৰ ৰাণিং খৰচখিনি ওলায় থাকে।সেয়েহে ইয়াৰ ফলত আমাৰ লাভালাভৰ পৰিমাণ বাঢ়ি যায়।

ভাঙোন মাছ খুব সোনকালে বৃদ্ধি হোৱা মাছ।ই যিকোনো বস্তু খাদ্য হিচাপে খায়।আমাৰ মানুহে এই মাছৰ সোৱাদৰ বাবে তাক বজাৰৰ পৰা বেছি দাম দি হ’লেও খায়।এই মাছবিধে যদিও পুখুৰীত কণী নিদিয়ে ইয়াৰ পোনা নদীৰ পৰা সংগ্ৰহ কৰি আমি যদি আমাৰ পুখুৰীত ৰৌ,বাহু,মিৰিকা মাছ আদিৰ লগত পালন কৰো,তেনেহ’লে আমাৰ লাভৰ হাৰ বৃদ্ধি হ’ব।লগে লগে ইয়াৰ বৰ্তমান যি নাটনি হৈছে,সিও কিছু পৰিমাণে বৃদ্ধি পাব,এনেদৰেই আমি ভাঙোন্মাছবিধক সংৰক্ষণ কৰিব পাৰিম।নহ’লে অদুৰ ভৱিষ্যতে এই মাছবিধৰ ছবি চাই থাকি সন্তুষ্ট হ’ব লাগিব।সেয়ে সময় থাকোতে আমাৰ মীনপালকসকলে এইক্ষেত্ৰত মনোযোগ আকৰ্ষণ কৰিলে মাছবিধ সংৰক্ষণ হোৱাৰ উপৰি তেওঁৰ আৰ্থিক লাভ হ’ব আৰু সমাজৰ মাছ খাই ভাল পোৱা মানুহখিনিয়ে এসাঁজ তৃপ্তিৰে খাব পাৰিব।

লেখক:প্ৰতুল ডেকা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate