অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সংমিশ্ৰিত মীন পালন

খাদ্যাভ্যাস আৰু খাদ্যস্থানৰ ভিন্নতা অনুসৰি বিভিন্ন সঙ্গত প্ৰজাতিৰ কাৰ্পজাতীয় মাছ নিয়ন্ত্ৰিত নিৰিখত একেটা পুখুৰীত পালন কৰা পদ্ধতিকেই সংমিশ্ৰিত মীন পালন পদ্ধতি বোলা হয় ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ খাদ্য প্ৰাচুৰ্য্যতাৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি মাছৰ উৎপাদন কৰাটোৱেই এই পদ্ধতিৰ মূল উদ্দেশ্য ৷

সংমিশ্ৰণৰ উপযোগী মাছ

পুখুৰী নিৰ্মাণ

১)     নিম্নতম:                  ২ বিঘা

২)     উচ্চতম:                  ১৫ বিঘা

পানীৰ গুণাগুণৰ অনুকূল পৰিসৰ

উষ্ণতা

২৬ – ৩২ চেলচিয়াচ

পিএইচ (pH)

৭.৫ – ৮.৫

মুঠ ক্ষাৰকতা

৭৫ – ১৫০ পিপিএম

দ্ৰৱীভূত অম্লজান

৫-১০ পিপিএম

নাইট্ৰেট

০০০

ফচফেট

০০০

মুক্ত এঙাৰ

০.১ – ১.০ পিপিএম

আৱিলতা

২০ পিপিএমতকৈ কম

কঠিনতা

২০ পিপিএমতকৈ বেছি

 

পুখুৰীৰ প্ৰস্তুতি

১)জানুৱাৰী-ফেব্ৰুৱাৰী মাহত পানী সিঁচি পুখুৰীৰ তলিখন শুকুৱাই লব লাগে ৷

২)তলিখন শুকাই ফাটিলে তলিৰ বোকা খান্দি এতৰপ উঠাই দিব লাগে ৷

৩)তাৰ পিচত প্ৰতি হেক্টৰত ৫২৫ কি: গ্ৰা: হাৰত কৃষিত ব্যৱহৃত চূণ পুখুৰৰি তলিত চতিয়াই দিব লাগে ৷

৪)পুখুৰীত পানী জমা হোৱাৰ পিচত প্ৰতি হেক্টৰত ২০০০ কি: গ্ৰা: হাৰত কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷

৫)গোৱৰ প্ৰয়োগৰ অতি কমেও ৭ দিন পিচত হেক্টৰত ২৫ কি: গ্ৰা: হাৰত ইউৰীয়া প্ৰয়োগ কৰিব লাগে ৷

৬)ইউৰীয়া প্ৰয়োগৰ  দিনাই প্ৰতি হেক্টৰত ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷

৭)ৰাসায়নিক সাৰ প্ৰয়োগৰ ১৫ দিন পিচত পুখুৰীটো পোণা মোলাৰ বাবে প্ৰস্তুত হৈ উঠে ৷

পুখুৰীত মেলাৰ উপযোগী পোণা

১)আগৰ বছৰৰ পোণাহে মূল পুখুৰীত মেলা উচিত ৷

২)চিলভাৰ কাৰ্পৰ ক্ষেত্ৰত নতুন পোণাও মূল পুখুৰীত মেলাৰ উপযোগী ৷

৩)পুখুৰীত মেলাৰ সময়ত পোণাৰ ওজন অতি কমেও ৫০ গ্ৰা: হোৱাটো বাঞ্চনীয় ৷

মাছ পোণাৰ সংমিশ্ৰণ

এই পদ্ধতিত হেক্টৰে প্ৰতি সৰ্বমুঠ ৫০০০ পোণা মেলিব লাগে ৷ পুখুৰীৰ উৰ্দ্ধ, মধ্য আৰু নিম্ন স্তৰৰ সম্পূৰ্ণ ব্যৱহাৰৰ উদ্দেশ্যে তলত দিয়া ধৰণে পোণাৰ সংমিশ্ৰণ কৰিব পাৰি ৷

১)    তিনি প্ৰজাতিৰ সংমিশ্ৰণ:

 

প্ৰজাতি

শতকৰা হাৰ

ৰৌ

৪০

বাহু

৩০

মিৰিকা

৩০

মুঠ

১০০

 

২)    চাৰি প্ৰজাতিৰ সংমিশ্ৰণ:

 

প্ৰজাতি

শতকৰা হাৰ

ৰৌ

৩৫

বাহু

২৫

মিৰিকা

২০

কমন কাৰ্প

২০

মুঠ

১০০

 

৩)  ছয় প্ৰজাতিৰ সংমিশ্ৰণ:

 

প্ৰজাতি

শতকৰা হাৰ

চিলভাৰ কাৰ্প

২০

বাহু

১৫

ৰৌ

১৫

গ্ৰাছ কাৰ্প

১০

মিৰিকা

২০

কমন কাৰ্প

২০

মুঠ

১০০

 

৪)    সাত প্ৰজাতিৰ সংমিশ্ৰণ:

 

প্ৰজাতি

শতকৰা হাৰ

চিলভাৰ কাৰ্প

১৮

বাহু

১৪

ৰৌ

১৪

গ্ৰাছ কাৰ্প

জাভা পুঠি

মিৰিকা

১৮

কমন কাৰ্প

১৮

মুঠ

১০০

 

পোণাৰ পৰিবহন আৰু এৰাৰ নিয়ম:

১) অক্সিজেন দিয়া প’লিথিন পেকেটতহে মাছ পোণা পৰিবহন কৰা উচিত ৷ অক্সিজেন বিহীন পাত্ৰত পৰিবহন কৰা পোণা পুখুৰীত মেলাৰ পিচত বেছি ভাগৰেই প্ৰতিচাপৰ ফলত মৃত্যু হয় ৷

২)  মাছ পোণা প্ৰখৰ উত্তাপত পৰিবহন কৰা উচিত নহয় ৷ ৰাতিপুৱাৰ ভাগতে অথবা আবেলি সময়তহে পোণা পৰিবহন কৰা উচিত৷

৩) অক্সিজেন দিয়া প’লিথিন পেকেটত পৰিবহন কৰা মাছ পোণা পোনে পোনে পুখুৰীত মেলি নিদি পেকেটটো নোখোলাকৈয়ে পুখুৰীত থৈ দিব লাগে ৷ প’লিথিন পেকেটৰ ভিতৰৰ পানীৰ উষ্ণতা আৰু পুখুৰীৰ পানীৰ উষ্ণতা একে হোৱাৰ পিচতহে পেকেটটো খুলি পোনাবোৰ নিজে নিজে ওলাই যাব দিব লাগে ৷

খাদ্য যোগান

পোণা মেলাৰ তৃতীয় দিনাৰ পৰা পুখুৰীত মাছৰ বাবে খাদ্য প্ৰয়োগ কৰিব লাগে ৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ মীন গৱেষণা কেন্দ্ৰ, যোৰহাটতত প্ৰস্তুত কৰা মাছৰ সুষম খাদ্য ‘সুষমা’ যোগানৰ নিৰিখ তলৰ তালিকাত দিয়া হ’ল ৷ দহ/পোন্ধৰ দিনৰ খাদ্য এটা বস্তাত ভৰাই বস্তাটো পুখুৰীৰ পানীত এনেভাবে ওলোমাই দিব লাগে যাতে আটাইকেইটা স্তৰৰ মাছে খাদ্য খাবলৈ সুবিধা পায় ৷

মাছক সুষম খাদ্য যোগানৰ নিৰিখ

 

মাহ

খাদ্যৰ পৰিমাণ (কি: গ্ৰা: /দিন)

বিঘা হিচাপত

হেক্টৰ হিচাপত

মাৰ্চ -এপ্ৰিল (১ম মাহ)

০.২৮

২.০০

এপ্ৰিল – মে (২য় মাহ)

০.৩৫

২.৫০

মে – জুন (৩য় মাহ)

০.৪০

৩.০০

জুন – জুলাই (৪ৰ্থ মাহ)

০.৫৬

৮.০০

জুলাই - আগষ্ট (৫ম মাহ)

০.৯০

৫.০০

আগষ্ট- চেপ্তেম্বৰ (৬ষ্ঠ মাহ)

০.৭২

৬.০০

চেপ্তেম্বৰ-অক্টোবৰ (৭ম মাহ)

০.৯৮

৭.০০

অক্টোবৰ-নভেম্বৰ (৮ম মাহ)

১.১২

৮.০০

নভেম্বৰ- ডিচেম্বৰ (৯ম মাহ)

১.১২

৮.০০

ডিচেম্বৰ-জানুৱাৰী (১০ মাহ)

১.১২

৮.০০

জানুৱাৰী-ফেব্ৰুৱাৰী (১১শ মাহ)

১.১২

৮.০০

 

পানীৰ গুণাগুণৰ নিয়ন্ত্ৰণ

১)পুখুৰীত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰা: কৃষিত ব্যৱহৃত চূণ প্ৰয়োগ কৰিব লাগে ৷

২)চূণ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ১০০০ কি: গ্ৰা: কেঁচা গোৱৰ প্ৰয়োগ কৰিব লাগে ৷

৩)গোৱৰ প্ৰয়োগৰ ৭ দিন পিচত প্ৰতি মাহতে হেক্টৰে প্ৰতি ২৫ কি: গ্ৰা: ইউৰীয়া আৰু ২০ কি: গ্ৰা: হাৰত চিঙ্গল চুপাৰ ফচফেট (SSF) প্ৰয়োগ কৰিব লাগে ৷

সঞ্চালন ব্যয় আৰু আয়

প্ৰতি হেক্টৰ পুখুৰীত সংমিশ্ৰিত মীন পালনৰ সঞ্চালন ব্যয়ৰ বিপৰীতে সাম্ভাব্য আয়ৰ হিচাব তলৰ তালিকাত দিয়া হ’ল ৷

তালিকাৰ পৰা দেখা যায় যে এই পদ্ধতিত এক হেক্টৰ পানী কালিত মীন পালন কৰিবলৈ সৰ্বমুঠ ৮২,০০০.০০ টকাৰ প্ৰয়োজন ৷ এবছৰ পালনৰ পিচত ৪,০০০.০০ কি: গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ প্ৰতি কি: গ্ৰা: মাছ গড়ে ৫০.০০ হাৰত বিক্ৰী কৰি ২,০০,০০০০.০০ টকা পাব পাৰি ৷

অৰ্থাৎ, ৮২,০০০.০০ টকা সঞ্চালন ব্যয়ৰ বিপৰীতে ১,১৮,০০০.০০ টকা লাভ কৰিব পাৰি ৷ এই লাভ সঞ্চালন ব্যয়ৰ ১৪৩.৯০% ৷

 

সঞ্চালন ব্যয়

খৰছৰ শিতান

পৰিমাণ/সংখ্যা

হাৰ

খৰছ (টকা)

চূণ

২০০০ কি: গ্ৰা:

৫.০০/কি: গ্ৰা:

১০০০০.০০

কেঁচা গোৱৰ

২০০০ কি: গ্ৰা:

০.৫০/কি: গ্ৰা:

১০০০.০০

পোণা

৫০০০ টা

৫.০০/ পোণা

২৫০০০.০০

খাদ্য

২০০০ কি: গ্ৰা:

১০.০০/ কি: গ্ৰা:

২০০০০.০০

বনুৱা

১ জন

২০০০.০০/ মাহ

২৪০০০.০০

মাছ ধৰা খৰছ

-

-

১০০০.০০

অন্যান্য খৰছ

-

-

১০০০.০০

সৰ্বমুঠ খৰছ

 

 

৮২০০০.০০

আয়

আয়ৰ শিতান

পৰিমাণ/সংখ্যা

বিক্ৰীৰ হাৰ

আয় (টকা)

মাছ

৪০০ কি: গ্ৰা:

৫০.০০/ কি: গ্ৰা:

২০০০০০.০০

সৰ্বমুঠ আয়

 

 

২০০০০০.০০

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate