মূল পৃষ্ঠা / কৃষি / মীণ পালন / সংমিশ্ৰিত মীন পালন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংমিশ্ৰিত মীন পালন:

মীন সম্পদৰ প্ৰাচুৰ্যতা,মাছৰ চাহিদা আৰু বজাৰ দৰ,অৰ্থনৈতিক লাভালাভ-এই সকলোবোৰ দিশৰ আলোঅনা কৰা হৈছে

মীন সম্পদৰ প্ৰাচুৰ্যতা,মাছৰ চাহিদা আৰু বজাৰ দৰ,অৰ্থনৈতিক লাভালাভ-এই সকলোবোৰ দিশৰ পৰা অসমত মীন পালনৰ জৰিয়তে স্বনিয়োজনৰ প্ৰচুৰ সম্ভাৱনা আছে।সংমিশ্ৰিত মীন পালন পদ্ধতিত মাছৰ খাদ্যভ্যাস আৰু নিবাসতাৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ প্ৰজাতিৰ মাছ একেলগে পালন কৰি পুখুৰীৰ পানীৰ উৰ্দ্ধ,মধ্য আৰু নিম্ন স্তৰৰ প্ৰাকৃতিক খাদ্য সম্ভাৰৰ যথোচিত ব্যৱহাৰৰ লগতে অধিক মাছ উৎপাদন কৰা হয়।এই পদ্ধতিৰে তুলনামুলকভাবে কম মূলধনেৰে মীন পালন কৰি যথেষ্ট লাভবান হব পৰা যায়।অসমৰ আৰ্থ সামাজিক আৰু জলবায়বীয় পৰিস্থিতিত অৰ্ধ গহণ পদ্ধতিৰ দ্বাৰা ৰৌ,বাহু,মিৰিকা,চিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,কমন কাৰ্প আদি মাছ পালনেই অধিক লাভদায়ক।

সংমিশ্ৰিত মীন পালন পদ্ধতিৰে বছৰৰ সৰহভাগ সময়(8-10 মাহ)কমেও তিনিফুট পানী থকা আৰু ৰ’দ ঘাই ঠাইত অৱস্থিত পুখুৰীত মাছ পুহিব পৰা যায়।সংমিশ্ৰিত মীন পালন পদ্ধতি অতিশয় সৰল যদিও মীন পালকৰ অমনোযোগিতাৰ বাবে মীন পামৰ আয় আশানু ৰূপ নহবওঁ পাৰে।সেয়েহে মীন পালক সকলে সময়ে সময়ে লবলগীয়া নিম্নলিখিত পদক্ষেপ সমূহ গুৰুত্ব সহকাৰে মানি চলাটো বাঞ্চনীয়।

মাছ পোনা মেলাৰ আগতে ল’বলগীয়া পদক্ষেপসমূহ:

 

  1. সকলোবোৰ জলজ অপতৃণ যেনে মেটেকা,বৰপুনি ইত্যাদি উঠাই পুখুৰীটো পৰিস্কাৰ কৰি ল’ব লাগে।

2.  প্ৰয়োজন সাপেক্ষে পুখুৰীৰ পানী সম্পূৰ্ণ সিচি নতুবা পানী সিচিব নোৱাৰিলে জালমাৰি অবাঞ্চিত মাছবোৰ উঠাই পেলাব লাগে।

3.  সিচা পুখুৰীৰ তলিৰ বোকা অপসাৰণ কৰি কমেও 15 দিন ৰ’দ পৰিব দিব লাগে।

4.  পুখুৰীৰ পাৰ তথা কাষৰ ঢাল মেৰামতি কৰিব লাগে।

5.  শুকান পুখুৰীৰ তলিত প্ৰথম কিস্তিত বিঘাই প্ৰতি 26 কেজি চূণ প্ৰয়োগ কৰি তলিখন হালবাই দিব লাগে।

6.  চূণ প্ৰয়োগৰ 7-8 দিন পিছত প্ৰথম কিস্তিত বিঘাই প্ৰতি প্ৰায় 500 কেজি কেচাঁ গোবৰ প্ৰয়োগ কৰিব লাগে।

7.  পুখুৰীত পানী জমা হ’লে অৰ্থাৎ কেচাঁ গোবৰ দিয়াৰ 7-10 দিনৰ পিছত বিঘাই প্ৰতি 2.5 কেজি ইউৰিয়া আৰু 4 কেজি চিংগল চুপাৰ ফছফেট প্ৰয়োগ কৰিব লাগে।

8.  ইউৰিয়া আৰু চিংগল চুপাৰ ফছফেট প্ৰয়োগৰ 7-10 দিন পিছত বিঘাই প্ৰতি 20-25 গ্ৰাম ওজনৰ ৰৌ,বাহু,মিৰিকা,চিলভাৰ কাৰ্প,কমন কাৰ্প আৰু গ্ৰাছ কাৰ্পৰ সৰ্বমুঠ 800 মাছপোনা মেলিব লাগে।

মাছপোনা মেলাৰ পিছত ল’বলগীয়া পদক্ষেপ সমূহ:

 

  1. মাছ পোনা মেলাৰ পিছৰে পৰা পৰিপূৰক খাদ্য হিচাপে প্ৰতিদিনে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ যোগান ধৰিব লাগে।

খাদ্যৰ পৰিমাণ

মাহ

প্ৰতিদিন

প্ৰতিমাহ

চাউলৰ মল

খলিহৈ

মুঠ

মুঠ

1 ম

250 গ্ৰাম

250 গ্ৰাম

500 গ্ৰাম

15 কেজি

2 য়

350 গ্ৰাম

350 গ্ৰাম

700 গ্ৰাম

21 কেজি

3 য়

500 গ্ৰাম

500 গ্ৰাম

1.0 কেজি

30 কেজি

4 ৰ্থ

1.0 কেজি

1.0 কেজি

2.0 কেজি

60 কেজি

5 ম

1.6 কেজি

1.6 কেজি

3.2 কেজি

96 কেজি

6 ষ্ঠ

1.75 কেজি

1.75 কেজি

3.5 কেজি

105 কেজি

7 ম

2.0 কেজি

2.0 কেজি

4.0 কেজি

120 কেজি

8 ম

1.2 কেজি

1.2 কেজি

2.4 কেজি

72 কেজি

9 ম

1.2 কেজি

1.4 কেজি

2.4 কেজি

72 কেজি

10 ম

1.2 কেজি

1.2 কেজি

2.4 কেজি

72 কেজি

সৰ্বমুঠ

663 কেজি

 

2.  চাউলৰ মল আৰু সৰিয়হৰ খলিহৈৰ মিশ্ৰণৰ পৰিবৰ্তে মাছৰ বাবে বিশেষভাবে তৈয়াৰী বজাৰত উপলব্ধ সূষম খাদ্যও প্ৰয়োগ কৰিব পাৰি।

3.  গ্ৰাছ কাৰ্পৰ বাবে কোমল ঘাঁহ,কলপাত আৰু সেউজীয়া শাক-পাঁচলিৰ অংশ যোগান ধৰিব লাগে।

4.  প্ৰতিমাহে বিঘাই প্ৰতি 11 কেজি চূণ প্ৰয়োগ কৰিব লাগে।

5.  পুখুৰীত প্ৰতিদিনে বিঘাই প্ৰতি 6 কেজি বা মাহেকত 180 কেজি মান কেচাঁ গোৱৰ প্ৰয়োগ কৰিব লাগে।

6.  কেচাঁ গোবৰ দিয়াৰ 7-10 দিন পিছত প্ৰতিমাহে প্ৰতিবিঘা জলকালিত 2.5 কেজি ইউৰীয়া আৰু 4 কেজি চিংগল চুপাৰ ফছফেট প্ৰয়োগ কৰিব লাগে।

7.  প্ৰতিমাহে জাল মাৰি মাছৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগে।

8.  পুখুৰীটো পৰিস্কাৰ কৰি ৰাখিব লাগে।

9.  অক্টোবৰ/নৱেম্বৰ মাহত মাছৰ ঘাঁ লগা মহামাৰী(EUS)বেমাৰৰ প্ৰতিষেধক হিচাপে CIFAX/AQUA HEALTH আদি ঔষধ প্ৰয়োগ কৰিব লাগে।

10. 7 মাহৰ পাছত ডাঙৰ মাছখিনি উঠাই বিক্ৰি কৰিব পাৰি।

11. 10 মাহৰ পাছত সম্পূৰ্ণ মাছ উঠাই বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে।

12. সম্পূৰ্ণৰূপে মাছ উঠোৱাৰ পিছত পুনৰ বছৰৰ বাবে পুখুৰী প্ৰস্তুত কৰিব লাগে।

থোৰতে জানি থওক:

 

  • প্ৰজাতি সংমিশ্ৰন

সংমিশ্ৰিত মীন পালনত এনেবোৰ মাছ পালন কৰা হয় যিবোৰ প্ৰজাতিৰ মাছ একেলগে থাকিলেও খাদ্য আৰু স্থানৰ বাবে আন প্ৰজাতিৰ মাছৰ লগত প্ৰতিযোগিতা নকৰে।তিনিবিধ বিদেশী মূলৰ মাছ-ছিলভাৰ কাৰ্প,গ্ৰাছ কাৰ্প,কমন কাৰ্প অৰ্থাৎ মুঠ ছটা প্ৰজাতিৰ মাছ একেলগে পালন কৰাটো বাঞ্চনীয়।কুঢ়ি,মালি,ভাঙোন,জাভা পুথি,মিছামাছ আদিও সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পাৰি।

    প্ৰজাতি সংমিশ্ৰনৰ হাৰ

পুখুৰীত পোনা মেলাৰ সংমিশ্ৰন বিভিন্ন পৰিস্থিতি আৰু অঞ্চল সাপেক্ষে কিছু ভিন্ন ভিন্ন হ’ব পাৰে।ছয় প্ৰজাতিৰ পোনা পালনৰ ক্ষেত্ৰত নিম্নোক্ত ধৰণে সংমিশ্ৰণ হোৱাটো যুগুত।

প্ৰজাতি

সংমিশ্ৰনৰ হাৰ

সংখ্যা(প্ৰতিবিঘা)

ৰৌ

20%

160 টা

বাহু

20%

160 টা

মিৰিকা

20%

160 টা

ছিলভাৰ

15%

120 টা

গ্ৰাছ কাৰ্প

10%

80 টা

কমন কাৰ্প/কুঢ়ি/কলীয়াজাৰ

15%

120 টা

মুঠ

100%

800 টা

 

আয় ব্যয়ৰ খতিয়ান(প্ৰতি বিঘা)

উৎপাদনৰ লক্ষ্য

=600 কেজি

বিক্ৰী মূল্য

(গড়ে প্ৰতি কেজিত 75 টকা হিচাপে)

 

45000 টকা

পুখুৰীৰ প্ৰস্তুতি আৰু উৎপাদনৰ খৰচ

20000 টকা

লাভ

25000 টকা

 

উৎস: মীন সঞ্চালকালয়,অসম

2.97872340426
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top