মূল পৃষ্ঠা / কৃষি / মীণ পালন / সজা সাজিও মীন পালন কৰিব পাৰি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সজা সাজিও মীন পালন কৰিব পাৰি:

আমাৰ ৰাজ্যখনৰ পটভূমিত সজা পদ্ধতিত মীন পালন এটা ফলপ্ৰসূ ব্যৱস্থা।

 

আমাৰ ৰাজ্যখনৰ পটভূমিত সজা পদ্ধতিত মীন পালন এটা ফলপ্ৰসূ ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে তুলনামূলকভাৱে কম মূলধন বিনিয়োগ কৰি মীন পালন কৰিব পাৰি। বিশেষকৈ মীন পোনা প্ৰতিপালনৰ বাবে এই পদ্ধতি অতি উত্তম।

সজা সম্পৰ্কে অসমৰ ৰাইজক চিনাকি কৰি দিয়াৰ নিশ্চয় প্ৰয়োজন নাই। তাহানিতে মাছ ধৰি জীয়ন অৱস্থাত ৰাখিবলৈ মুখ্যতঃ বাঁহ আৰু স্থানীয় উপলভ্য সামগ্ৰীৰে নিৰ্মাণ কৰা চাৰিওদিশ আবৃত সঁজুলিটোৰ বিকাশ সাধন কৰি বৰ্তমানৰ সজা পদ্ধতিত মীন পালন প্ৰক্ৰিয়াৰ সূচনা কৰা হৈছে। মীন পালনৰ আন পদ্ধতিসমূহৰ তুলনাত এই পদ্ধতি আপেক্ষিকভাৱে নতুন। আধুনিক সজা পদ্ধতিৰ মীন পালন বিগত শতিকাৰ ষাঠীৰ দশকমানৰপৰাহে আৰম্ভ হৈছে। সজা পদ্ধতিৰ মীন পালনত সততে নিম্নোক্ত সুবিধাসমূহ দৃষ্টিগোচৰ হয়-

  • নিজৰ আয়ত্তত জল উৎস্য নাথাকিলেও পাৰ্শ্বৱৰ্তী বিল বা প্ৰাকৃতিক জলাশয়ত এই পদ্ধতিত মীন পালন বা মীন পোনা প্ৰতিপালন কৰিব পাৰি।
  • সজা নিৰ্মাণত ব্যৱহৃত সামগ্ৰীসমূহ উপলভ্য আৰু মিতব্যয়ী। সেয়ে কম খৰচত মীন পালন কৰাটো সম্ভৱ।
  • সজাত পালন কৰা মাছখিনি আন শত্ৰুৰপৰা নিৰাপদে থাকে। তদুপৰি খাদ্য সংগ্ৰহৰ বাবে কোনো প্ৰতিযোগিতাৰ সন্মুখীন নহয়।
  • মাছক প্ৰদানিত খাদ্যৰ অপচয় নহয়।
  • প্ৰাকৃতিক জলাশয়ত সজাত প্ৰতিপালন কৰা মীন পোনাখিনিৰ বাঢ়ন খৰতকীয়া হয়।
  • বানপানী বা আন কাৰণত সঁজা সম্পূৰ্ণকৈ পানীত ডুবি গ’লেও মাছখিনিৰ ক্ষয়-ক্ষতি নহয়।
  • পৰিচৰ্যা বা পৰিচালনাৰ বাবে বিশেষ সময়, শক্তি আৰু খৰচৰ দৰকাৰ নহয়।
  • কাৱৈ, মাগুৰ, শিঙি আদি বায়ুশ্বাসী মাছ পালনৰ বাবে সজা পদ্ধতি বেছি উপযোগী আৰু লাভজনক বুলি বিবেচিত হৈছে।

সজা নিৰ্মাণ কৰাৰ আগেয়ে সঁজা প্ৰক্ষেপনৰ স্থান সম্পৰ্কে এটা স্পষ্ট ধাৰণা লোৱাটো নিতান্তই প্ৰয়োজনীয়। মন কৰিবলগীয়া কথাটো হ’ল পানী নুশুকোৱা, জাল টানিব নোৱাৰা, বানপানী প্ৰপীড়িত অঞ্চলকে আদি কৰি প্ৰায় সকলো স্থানতে এই পদ্ধতি ৰূপায়ণ কৰিব পাৰি। অতি কমেও দুই মিটাৰ গভীৰতা বিশিষ্ট পৰ্যাপ্ত অম্লজান থকা তথা কম বতাহ, ঢৌ আৰু কম জলজ অপতৃণেৰে আবৃত অঞ্চল সজা স্থাপনৰ বাবে বিশেষ উপযোগী। সজা নিৰ্মাণৰ বাবে আজিকালি বিভিন্ন কৃত্ৰিম সামগ্ৰী, প্লাষ্টিক সামগ্ৰীকে ধৰি ভিন ভিন সামগ্ৰী পোৱা যায় যদিও আমাৰ ৰাজ্যখনৰ সাধাৰণ মীনপালকৰ বাবে বাঁহৰ সজাত মীন পালনহে পোষকতা কৰা হয়।

সজা বিভিন্ন আকৃতিৰ নিৰ্মাণ কৰিব পাৰি যদিও ৪*২*১.৫ মিটাৰ(১২ ঘনমিটাৰ) বা ৩*২*১.৫ মিটাৰ(৯ ঘনমিটাৰ) জোখৰ আয়তাকাৰ সজা সুবিধাজনক বুলি বিবেচিত হয়। ১৫-২০ ডাল জাতি বাঁহ, ২-৩ ডাল ভলুকা বাঁহ, নাইলনৰ ৰচী, ফিটা, গজাল বা বাঁহৰ শলখা, আঁঠুৱা জাল আদি সজাটো নিৰ্মাণ কৰাৰ আগেয়ে যোগাৰ কৰি লোৱাটো বাঞ্ছনীয়। সজাৰ গাঁঠনিটো প্ৰথমে গোটা বা ফলীয়া বাঁহেৰে নিৰ্মাণ কৰি ল’ব লাগে। এনে কৰোঁতে কোণবিলাকত পৰাপক্ষত লোৰ গজালৰ পৰিৱৰ্তে বাঁহৰ শলখা ব্যৱহাৰ কৰিব লাগে আৰু কোণবোৰ নাইলনৰ ফিটাৰে মজবুত কৰি দিব লাগে। এই কামখিনি অৰ্থাৎ জকাটো সম্পূৰ্ণ হ’লে ভিতৰৰ্ ফাল আৰু তলৰ মজিয়াখনো বাঁহৰ মিহি কাঠিৰে প্ৰায় আধা ইঞ্চি ব্যৱধানত ঘনকৈ বোৱা বেৰাৰে অবৃত কৰি দিব লাগে। এই বেৰৰ  বাহিৰৰ ফালে বাঁহৰ মিহি কামিৰে বোৱা অন্য এখন বেৰ চাৰিওফালে আৰু তলফালেও কটকটীয়াকৈ বান্ধি দিব লাগে। অৱশ্যে ওপৰৰ ফালটো এই বেৰাৰে সংলগ্ন কৰা নহয়। সজাটোৰ ভিতৰত আঁঠুৱা জালেৰে নিৰ্মিত একে আকৃতিৰ আন এটা সজা সংলগ্ন কৰিব লাগে। আঁঠুৱা জালেৰে নিৰ্মিত সজাটোৰ ওপৰৰ ফালে এখন চুঙা আকৃতিৰ মুখ থাকিব লাগে আৰু এই মুখখনেদি খাদ্য দিয়া, পোনা মেলা, মাছৰ বাঢ়ন আৰু স্বাস্থ্য পৰীক্ষা কৰা আদিবোৰ সমাপন কৰা হয়।

সজা সাধাৰণতে চাৰি প্ৰকাৰৰ-

 

ক)স্থিৰ,

খ)ওপঙা বা ভাসমান,

গ)অৰ্দ্ধ নিমজ্জিত আৰু

ঘ)নিমজ্জিত৭।

প্ৰথম দুবিধ সজা নিৰ্মাণ সহজ আৰু ৰূপায়ণ সুবিধাজনক বাবে এই দুই পদ্ধতি মীনপালনৰ বাবে বেছি জনপ্ৰিয়।

সজাৰ কিছু নিৰ্দিষ্ট গুণগত বৈশিষ্ট্য থকাটো বাঞ্ছনীয়। যেনে-

 

  • সজাসমূহ মজবুত আৰু কম গধুৰ হ’ব লাগে।
  • সজাসমূহ সহজতে নিৰ্মাণ আৰু মেৰামতি কৰিব পৰা হ’ব লাগে।
  • সজাসমূহ এনে সামগ্ৰীৰে নিৰ্মাণ হ’ব লাগে, যিওবোৰ সহজতে নপচে বা মামৰে নধৰে। তদুপৰি সামগ্ৰীসমূহ স্থায়ীনভাৱে সহজতে উপলভ্য আৰু মিতব্যয়ী হ’ব লাগে।
  • সজা নিৰ্মাণ কৰা সামগ্ৰীসমূহ সজাৰ মাছখিনিৰ বাবে ক্ষতিকাৰক হ’ব নালাগে।

সজাত মাছপোনাৰ জোখ অনুযায়ী পোনাৰ সংখ্যা নিৰ্দ্ধাৰণ কৰা হয়। প্ৰতি ঘনমিটাৰ সজাত ২-৩ ছেন্টিমিটাৰ জোখৰ পোনা হ’লে ৩৫০টা, ৩-৪ ছেন্টিমিটাৰ হ’লে ২৫০টা আৰু ৪-৫ ছেন্টিমিটাৰ জোখৰ হ’লে ২০০টা পোনা মেলিব লাগে। মাছপোনা নিৰ্ভৰযোগ্য স্থল বা উৎস্যৰপৰা সংগ্ৰহ কৰাটো বাঞ্ছনীয়। পোনাখিনি সুস্থ-সবল-নিৰোগী আৰু গুণগত মানৰ হ’ব লাগে। বিভিন্ন অনুমোদিত নিৰিখত পোনা মেলিব পাৰি যদিও বাহু ৩০ শতাংশ, ৰৌ ২০ শতাংশ, মিৰিকা ওবা ভাঙোণ ১০ শতাংশ, ছিলভাৰ কাৰ্প ৩০ শতাংশ আৰু গ্ৰাছ পকাৰ্প ১০ শতাংশ মেলাটো সকলো দিশৰপৰাই উত্তম। অৱশ্যে সচৰাচৰ কৰাৰ দৰে এইক্ষেত্ৰতো পোনাখিনি পোণপটীয়াকৈ মেলি নিদি এক পি পি এম পটাছিয়াম পাৰমাংগানেট দ্ৰৱনত(এক লিটাৰ পানীত এক মিলিগ্ৰাম ঔষধ) দুই মিনিট ডুবাই থৈহে সজাত মেলিব লাগে।

স্মৰ্তব্য যে সজা স্থাপন কৰিব বিচৰা জলাশয়ৰ জল গভীৰতা ৫ মিটাৰতকৈ কম হ’লে স্থিৰ পদ্ধতিত আৰু বিপৰীতে হ’লে ওপঙা পদ্ধতিৰ সজা স্থাপন বেছি ফলপ্ৰসূ। সজা স্থাপন কৰিব বিচৰা ঠাইখিনিৰ জলজ উদ্ভিদখিনি পৰিস্কাৰ কৰি চাৰিটা বা ছটা ভকুৱা বাঁহৰ খুঁটা পুতি সজাটো নাইলনৰ ৰচীৰে তলে-ওপৰে কটকটীয়াকৈ বান্ধি স্থিৰ পদ্ধতিত সজাটো স্থাপন কৰা হয়। দুয়োক্ষেত্ৰতেৰ্সজাটো পানীৰপৰা কমেও ১.৫ ফুট ওপৰত অৱস্থান কৰে।

বিশিষ্ট মীন বিজ্ঞানী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰদ্যুৎ কুমাৰ গোস্বামীৰ নেতৃত্বত ৰহাস্থিত মীন মহাবিদ্যালয়ে(অসম কৃষি বিশ্ববিদ্যালয়) চলোৱা এলানি পৰীক্ষামূলক প্ৰকল্পৰপৰা দেখা গৈছে যে ৪০-৪৫ দিনৰ ভিতৰত সজাত মেলা পোনাবোৰ ১০-১৫ ছেন্টিমিটাৰ জোখৰ হয়গৈ। সেয়েহে একোটা প্ৰতিপালনৰ সময়সীমা ডেৰ মাহ ধাৰ্য্য কৰাটোৱেই শ্ৰেয়। সেই হিচাপে মে’ মাহমানৰপৰা অক্টোবৰলৈ তিনিবাৰ সজাত পোনা প্ৰতিপালন আৰু নৱেম্বৰ মাহৰপৰা পৰৱৰ্তী বৰ্ষৰ এপ্ৰিললৈ খাদ্য উপযোগী মাছ অনায়েসে      পালন কৰিব পাৰি। সাধাৰণতে পূৰঠ জাতি বাঁহেৰে নিৰ্মিত সজাত স্থায়িত্ব ২-৩ বছৰমান হয়। কিন্তু ৪-৫ মাহ কাল পানীত গোৰাই থোৱা বাঁহেৰে নিৰ্মিত সজাৰ স্থায়িত্ব তুলনামূলকভাৱে বহু বেছি।

পোনা প্ৰতিপালনৰ বাবে ব্যৱহৃত সজাত প্ৰথমে ১৫ দিন মাছক মুঠ ওজনৰ ৩ শতাংশ হিচাপত সমপৰিমাণৰ চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ অৰ্থাৎ ১:১ হিচাপত লাড্ডু কৰি দিব লাগে। পৰৱৰ্তী ৩০ দিন ৩ শতাংশৰ ঠাইত হিচাপটো ৫ শতাংশ হ’ব। উপকৰণ দুটা সানোতে মুঠ মাছৰ ওজনৰ ০.০৩ শতাংশ এগ্ৰিমিন জাতীয় অনুৰেখ মৌলৰ গুৰি দিব পাৰিলে ভাল। খাদ্য উপযোগী মাছ পালনৰ ক্ষেত্ৰত মুঠ মাছৰ ওজনৰ ২-৪ শতাংশ খাদ্য ওপৰত বৰ্ণোৱা ধৰণে প্ৰয়োগ কৰিব লাগে। মাজে-সময়ে শুকান মাছৰ গুৰি, খনিজ পদাৰ্থ, ভিটামিন আদি মিহলাই দিব লাগে। প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে মাছৰ ওজন চাই খাদ্যৰ পৰিমাণ নতুনকৈ নিৰ্দ্ধাৰণ কৰিব লাগে। খলিহৈখিনি আগদিনা ৰাতি পানীত তিয়াই থৈ পাছদিনা সম পৰিমাণৰ চাউলৰ মলৰ লগত মিহলাই খাদ্য দিয়া পাত্ৰত দিব লাগে।

বাঁহৰ সজাত থকা মাছখিনিৰ সুৰক্ষাৰ বাবে দৃষ্টি ৰাখিব লাগে। এইক্ষেত্ৰত সচৰাচৰ পালন কৰিবলগীয়া সতৰ্কতা আৰু প্ৰতিষেধকমূলক ব্যৱস্থালানি গ্ৰহণ কৰাটো বাঞ্ছনীয়। তৎসত্বেও মাছৰ চাল-চলন, আচাৰ-আচৰণত বৈসাদৃশ্য দৃষ্টিগোচৰ হ’লে বা মাছৰ ৰোগ চকুত পৰিলে তুৰন্তে মীন বিশেষজ্ঞৰ লগত যোগাযোগ কৰিব লাগে। সজা নিৰ্মাণ কৰা স্থান ডোখৰত উপযুক্তভাৱে সূৰ্যৰ কিৰণ পৰিব লাগে। সজাৰ বেৰত শেলুৱৈ আদি জমা হৈ পানীৰ চলাচল বাধাপ্ৰাপ্ত হ’লে শেলুৱৈসমূহ চাফা কৰাৰ ব্যৱস্থা কৰিব লাগে। এইক্ষেত্ৰত সজাই প্ৰতি ৫-৬টা কমন কাৰ্পৰ পোৱালি ৰাখিলেও সুফল পোৱা যায়।

দেখা গৈছে যে ৬০ ঘনমিটাৰ মুঠ কালিৰ ৫টা সজাত(সজাৰ গড় স্থায়িত্ব ৩ বছৰ কাল) ৬ মাহ কাল পোনা প্ৰতিপালন আৰু ৬ মাহ কাল মীনপালন কৰি বছৰেকত কমেও ৭০-৮০ হাজাৰ টকা সকলো খৰচ বাদ দি লাভ কৰিব পাৰি। অসমৰ জলবায়বীয় আৰু ভৌগোলিক পটভূমিত এই কৌশল অতি ফলপ্ৰসূ বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কম মূলধনী ব্যয় আৰু ন্যূনতম শ্ৰমৰ বিনিময়ত এই কৌশল ৰূপায়ণ কৰি লাভৱান হ’ব পাৰি। ইতিমধ্যে মীন মহাবিদ্যালয়, ৰহা আৰু কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন ক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটীস্থ উত্তৰ-পূব শাখায়ো সজা পদ্ধতিত মীন পালন কৌশল সফলতাৰে ৰূপায়ণ কৰিছে। এইক্ষেত্ৰত মীন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰদ্যুৎ কুমাৰ গোস্বামী আৰু কেন্দ্ৰীয় গৱেষণা প্ৰতিষ্ঠানটিৰ মুৰব্বী ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৰিহণা প্ৰণিধানযোগ্য। সজা পদ্ধতি মীন পালন প্ৰকল্প ৰূপায়ণত জড়িত মীন বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মা(৯৪৩৫১৬০৪১৪) আৰু মীন বিষয়া(তথ্য) ড° সঞ্জয় শৰ্মাই(৯৪৩৫৩০৯৫৬৮) জানিবলৈ দিয়া মৰ্মে অসমত এই কৌশলৰ সফলতা অতি আশাপ্ৰদ। অসমৰ প্ৰাকৃতিক জল সম্পদলানিত এই পদ্ধতি অতি প্ৰাসংগিক। এই সম্পৰ্কীয় বিশদ বিৱৰণ বা তথ্যৰ বাবে ৯৪৩৫৩০৯৫৬৮ত যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

2.76
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top