অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সজাত কাৱৈ মাছ পালন

সজাত কাৱৈ মাছ পালন

কাৱৈ মাছ অসমীয়া জনসাধাৰণৰ অতিকৈ চিনাকী কেৱল স্বাদ আৰু বজাৰৰ চাহিদাৰ বাবেই যে কাৱৈ মাছ জনপ্ৰিয় তেনে নহয়, অফুৰন্ত পুষ্টিৰো ভান্দাৰ এসময়ত অসমৰ বিল, খাল, জলাশয়, ধাননি পথাৰত পৰ্যাপ্ত পৰিমানে থকা কাৱৈ মাছ আজি সংকতাপন্ন প্ৰজাতি হিচাপে চিহ্নিত হৈছে এই মাছবিধৰ সংৰক্ষণ তথা পালন সেয়েহে আজিৰপটভূমিতঅতিকৈ গুৰুত্বপূৰ্ন পালনৰ ক্ষেত্ৰত কিছুদিন অগলৈ প্ৰধান অন্তৰায় আছিল ব্যবসায় ভিত্তিত পোনা উতপাদন আৰো পোনাৰ উপলভ্যতা শেহতীয়াকৈ এই সমস্যাটো দূৰ কৰি হোজাইৰ মোৰাঝাৰ অঞ্চলৰ পদুমণি মীনপামৰ স্বতাধিকাৰী আব্দুল হান্নানে সফলতাৰে কাৱৈ মাছৰ আবিষ্ট প্ৰজনন সম্ভৱ কৰি তুলিছে দেশৰ ভিতৰতে এয়া প্ৰথম সফলতা আব্দুল হান্নানৰ কাম কাজ আৰু পদুমনি মীনপাম সম্পৰ্কে ইতিমধ্যে এই পৃস্থাট বিশদ প্ৰকাশিত হৈছে তেওঁৰ কাৱৈ মাছৰ পোনা উৎপাদন সম্পৰ্কেও সবিস্তাৰে প্ৰকাশ পাইছে বাবে অত্যুক্তি কৰাৰ পৰা বিৰ থাকিলোঁ

পোনা উৎপাদনৰ পিছত কাৱৈ মাছৰ খেতি আৰম্ভ যদিও কাৱৈ মাছৰ পাৰ বগাই যোৱা স্বভাৰৰ বাবে বিভিন্ন সমস্যাৰ সৃস্তি কাৰণ কাৱৈ মাছ বাৰিষা বগাই গৈ আন আন পুখুৰী বা নিকতৱৰ্তী জলাশয়লৈ ওলাই যায় সেয়ে স্বাভাৱিকতে নতুনকৈ কাৱৈ পালনলৈ মন মেলাসকলে নিজৰ সিদ্ধান্ত দুবাৰ চিন্তা কৰিবলৈ বাধ্য এই সকলো সমস্যা জোৰা মাৰিবলৈ নিজস্ব উদ্ভাৱনী চিন্তাৰে কিছু কাম কৰিবলৈ আগবাঢ়ি আহিলকলং-কপিলীনামৰ অগ্ৰণী বেচৰকাৰী সংস্থাটি কামৰূপ জিলাৰ ডিমৰীয়া উন্নয়ন খন্দৰ অন্তৰ্গত বগীবাৰী গাঁৱত মুখ্য কাৰ্যালয় আছেকলং-কপিলীৰ কলং-কপিলীয়ে নিজস্ব উদ্ভাৱনী চিন্তাৰে সজা মাজি সচৰাসৰ মীন পালন কৰি থকা পুখুৰীত সংমিস্ৰিত মীন পালনৰ লগত সমান্তৰালভাৱে কাৱৈ মাছ পালন আৰম্ভ কৰাৰ প্ৰয়াস কৰে, যাতে ৱবাভাৱিকতে পাই থকা মীন উৎপাদনৰ লগতে কাৱৈ মাছৰ উৎপাদন ওপৰিঞ্চি হিচপে পাব পৰাযায় তদুপৰি কাৱৈ মাছৰ পালন হ্ৰস্বকালীন হয় অৰ্থাৎ - মাহ পালনতে বিক্ৰীৰ যোগ্য হৈ উথে গতিকে সোনকালে আয় প্ৰাপ্তিৰ সুযোগ থাকেকলং-কপিলীৰএই প্ৰচেষ্টাত সহায়-সহযোগিতা আগবহায়নাবাৰ্ডআৰু ৰাজ্যৰ মীণ বিভাগে মীন বিভাগৰ কাৰিকৰী সহযোগিতাত সকলো প্ৰস্তাৱনা সাজু কৰা বাছনি কৰা হেক্ট্ৰ জলকালিকৈ পুখুৰী থোকা ৯জন প্ৰগতিশালী মীন পালক আৰুকলং-কপিলীৰপ্ৰদৰ্শনমূলক মীন পাম্ৰ এতা হেক্ট্ৰ জলকালি বিশিস্ত পুখুৰী সচৰাচৰ কৰাৰ দৰে সংমিস্ৰিত মীন পালন আৰম্ভ পুখুৰীসমূহত প্ৰতিটো পুখুৰীত ৩মিটাৰ×২মিটাৰ×.৫মিটাৰ জোখত দুটাকৈ বাহৰ সজা উওষ্টাপন কৰা হয় সজাসমূহৰ ভিতৰছোৱা নাইলনৰ জালেৰে আৱৰি দিয়া হয়,যাতে বাহৰ ফাকেৰে পোনা ওলাই যাব নোৱাৰে আৰু এইবোৰ বাহত লাগি আঘাত পোৱাৰে সম্ভাৱনা নাথাকে অনুৰূপ ধৰণে সজাব ওপৰ অংশটো নাইলনৰ জাকতৰি দিয়া হয়, যাতে মাছবোৰে কিছু ছা পায় আৰু ওপৰল্কৈ জপিয়াই ওলাই নযাব নোৱাৰে সজাসমূহৰ এক মিটাৰ পানীৰ তলত আৰু আধা মিটাৰ পানীৰ ওপৰত থাকে ২০১২ চনৰ ৩০এপ্ৰিলত হোজাইৰ আব্দুল হান্নানৰপৰা পোনা আনি চাৰিদিন পোনাখিনি নাৰ্চাৰী পুখুৰীত পৰ্যবেক্ষণ কৰি প্ৰতিটো সজাত ৫০০টাকৈ মেলি দিয়া হয় মেলাৰ সময়ত কাৱৈ পোনাৰ গড ওজন আৰু দৈৰ্ঘ্য আছিল ক্ৰমে ২গ্ৰাম আৰু . ছেন্টিমিটাৰ প্ৰথম অৱষ্ঠাত খাদ্য হিচাপে বজৰত পোৱা জীৱন্ত কেচু, পোক-পৰুৱা আদি দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত দৈনিক মুঠ মাছৰ ওজনৰ শতাংশ হাৰত চাউলৰ মল লাড্ডু কৰি দিয়া এইদৰে পালন কৰি সেই বৰ্ষৰে ৪ডিচেম্বৰত ফচল চপোৱা হয় প্ৰতিটো কাৱৈৰ গড ওজন পোৱা ৭০গ্ৰম ৬২৪ কিলোগ্ৰাম থাওকতে বিক্ৰী হয়৩৫০ টকাকৈ মুঠ ধন প্ৰাপ্তি হয় ,১৮,৬০০ টকা প্ৰথম গোটৰ কাৰণে ফচল চপোৱা উতসৱত নাবাৰ্ডকে আদি কৰি বিভিন্ন অনস্সাণ-প্ৰতিষ্ঠানৰ বিষয়াবৰ্গৰ উপৰি মীন মন্ত্ৰী বসন্ত দাস, সমাজ কল্যাণ মন্ত্ৰী অকণ বড়অ, মীম সঞ্চালক মনোজ কুমাৰ ডেক আৰু অন্যান্য চৰকাৰী উচ্চ পদস্থ বিষয়াবৰ্গ উপস্থিত থাকি অভিভুত হৈ পৰে প্ৰথম গোট পালনৰ পিছত সজাসমূহ কিছু মেৰামতি কৰি পুনৰ ২০১২ চনৰ ৮ডিচেম্বৰত আগতীয়াকৈ পোনা আনি অধিক ঘনত্বৰ নাৰ্চাৰী পুখুৰীত মজুত কৰি থোৱা কাৱৈ পোনা গোট্ৰ হিচাপত অৰ্থাৎ সজাই প্ৰতি ৫০০টাকৈ মেলি দিয়া হয় পালন কৌশল প্ৰথম গোটৰ লগত একে অৱশে এইবাৰ পোনাৰ গড দৈৰ্ঘ্য আৰু ওজন ক্ৰমে চেন্টিমিটাৰ আৰু ১৫ গাম হয় এইদৰে পালন কৰি ৫মাহৰ মূৰত অৰ্থাত ২০১৩চনৰ ৮মে ফচল চপাই মুথ উপাৰ্জন পোৱা ৬৩৫ পকিলোগতাম আহৰিত ধন ,২২,২৫০ টকা সংষ্ঠাটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে বিনয় তালুকদাৰ আৰু জোতিষ তালুকদাৰে জনোৱা মতে তেওলোকৰ এই কামখিনিৰ ব্যৱহাৰিক জ্ঞান লাভিবলৈ ৰাজ্যৰ বিভিন্ন ঘাটীৰপৰা ভালেমান লোক আহিছে

লেখক: ধ্ৰুৱজ্যোতি শৰ্মা (মীন বিষয়া)

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate