অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত মীন আৰু গাহৰি পালন

সমন্বিত মীন আৰু গাহৰি পালন

আমাৰ ৰাজ্যখনৰ পটভূমিত সমন্বিত গাহৰি আৰু মীনপালন এটা অতি ফলপ্ৰসূ কৌশল। এই কৌশলত তুলনামূলকভাৱে ন্যূনতম মূলধন বিনিয়োগ আৰু কম কষ্টৰ বিনিময়ত অধিকলাভৱান হোৱাৰ থল থাকে। এই পদ্ধতি অৱলম্বনৰ দ্বাৰা কম মাটিতে অধিক উৎপাদন পোৱাৰ লগতে একেডৰা ক্ষেত্ৰৰপৰাই মাছ, গাহৰি আৰু উদ্যান শস্য পাব পাৰি। এইপ্ৰসংগতে সমন্বিত মীন আৰু গাহৰি পালনৰ ইতিবাচক দিশকেইটা জালি লওঁ আহক-

  • প্ৰত্যক্ষ আৰু পৰোক্ষ পদ্ধতিত পালন কৰা এই ব্যৱস্থাত একক ভূমি ক্ষেত্ৰৰপৰা মাছৰ লগতে মাংসও পোৱা যায়।
  • মাছৰ বাবে পৰিপূৰক খাদ্য, অজৈৱিক সাৰ আৰু বেলেগ জৈৱিক সাৰ প্ৰয়োগৰ দৰকাৰ নহয়। গতিকে নিম্ন ব্যয়ত উৎপাদন সম্ভৱ।
  • গাহৰিৰ মলত থকা এবিধ এনজাইমে পানীৰ উৎপাদিকা শক্তি বৃদ্ধি কৰি মাছৰ শ্ৰীবৃদ্ধি ঘটায়। তদুপৰি গাহৰিৰ মলত থকা অজীৰ্ণ খাদ্যখিনি মাছে পোনপটীয়াকৈ ভক্ষণ কৰে।
  • মাছ পোনা মেলাৰ সাধাৰণ নিৰিখতকৈ বেছিকৈ মেলিব পাৰি।
  • পামৰ সামগ্ৰিক আয়ৰ হাৰ বৃদ্ধি হয়।

মুঠৰ ওপৰত এনে পদ্ধতি আমাৰ সাধাৰণ কৃষক বন্ধুসকলৰ বাবে অতি উপযোগী, কাৰণ ইয়াৰ নিম্ন ব্যয়ত অধিক উৎপাদন হয়। এইদুয়োটা ফচলৰেই আৰাম ৰাজ্যখনৰ চাহিদা বৰ্ণনাতীত। উল্লেখযোগ্য যে আন এটা দিশ হ’ল গাহৰি পালনৰ বাবে পানী অপৰিহাৰ্য। মাছৰ লগত গাহৰি পালনৰ সমন্বয় ঘটালে পুখুৰীৰপৰাই অনায়াসে এই পানীখিনি পোৱা যায় বাবে গাহৰিৰ বেমাৰ-আজাৰ কম হয়। ফলস্বৰুপে গাহৰিৰ মৃত্যুৰ হাৰ কমে। এনে এক ভিত্তিগত দিশৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেসংখ্যক উচ্চ শিক্ষিত যুৱক-যুৱতীয়ে সমন্বিত গাহৰি আৰু মীন পালন কৌশল ৰুপায়ন কৰি আত্মপ্ৰত্যয়ৰে আত্মস্ংস্থাপন প্ৰশস্ত কৰিছে। কেৱল স্বনিয়োজন প্ৰশস্ত কৰাই নহয়, প্ৰদান কৰিছে অপ্ৰত্যশিত আৰ্থিক সচ্ছলতাও। এই পৰিক্ৰ্মাক আৰু অধিক সুনিৰ্দিষ্ট দিশত সৰলীকৃত আৰু মানকৃত কৰাৰ তাগিদাৰে কৃষক ৰাইজক ন ন সমলৰ সন্ধান দিবলৈ এটি বিশেষ প্ৰকল্প ৰুপায়ণ কৰিছে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত দুই অগ্ৰণী গৱেষণা স্ংস্থা ৰাণীস্থিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰ আৰু দিছপুৰস্থিত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীনক্ষীত্ৰ গৱেষণা প্ৰতিস্থানে (উত্তৰ-পূব শাখা)। দুয়োটা সংস্থাৰ সংসলিষ্ট বিষয়ক পাৰদৰ্শী বিজ্ঞানীসকলে প্ৰকল্পটি সফল কৰাৰ তাড়নাত অহৰহ হৃদয়ৰ তাগিদাৰে কামত ব্ৰ্তী হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এইক্ষেত্ৰত বিশেষ উদ্যোগ লৈ গতিশীল নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হৈছে। স্মৰ্তব্য যে এঅহাস্থিত ৰাজ্যৰ একমাত্ৰ মীন মহাবিদ্যালয়খনৰ অধ্যাপক ড কৃষ্ণকান্ত তামুলীৰ নেতৃত্বত মীন মহাবিদ্যালয়খনৰ পামতো সমন্বিত মীন আৰু গাহৰি পালন সন্দৰ্ভত বিশেষ কাম-কাজৰ সূচনা হৈছে। যথেষ্ট উদ্ভাৱনী চিন্তা-চৰ্চা আৰু মিতব্যয়ী দৃষ্টিভ্ংগীৰে অসমৰ গ্ৰাম্য পৰিবেশৰ বাস্তৱিক পটভূমিত সৰলীকৃত আৰু মানকৃত কৰা এই সমন্বিত কৌশললানিয়ে কঢ়িয়াই আনিছে অনাগত দিনৰ বাবে আশাৰ ৰেঙণি। মহাবিদ্যালয়খনৰ বিজ্ঞান গুৰু তথা বিশিষ্ট পৰিপূষ্টি বিশেষজ্ঞ ড কিশোৰ কুমাৰ বৰুৱায়ো সততে দিহা-পৰামৰ্শ আৰু কাৰিকৰী সহযোগিতাৰে সমৃদ্ধ কৰিছে কৌশলটিক। আনহাতে, মেঘালয়ৰ বৰাপানীস্থিত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত গৱেষণা প্ৰতিষ্ঠানটিৰ প্ৰধান বিজ্ঞানী ড সঞ্জয় দাসে গুণগত মানৰ মীন পোনাৰ উপলভ্যতা নিশ্চিত কৰাৰ অৰ্থে বিগত বহু বছৰ ধৰি অব্যাহত ৰাখিছে নিৰলস প্ৰচেষ্টা। এই সকলো সমল বিজ্ঞানীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক প্ৰগতিশীল সমন্বিত গাহৰি আৰু মীনপালকৰ অংশগ্ৰহণেৰে অলপতে ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুস্থিত হয় স্ংশ্লিষ্ট বিষয়ক এক মনোজ্ঞ কৰ্মশালা। কৰ্মশালাখনে নিশ্চিতভাৱে খণ্ডটিলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড দিলীপ কুমাৰ শৰ্মাৰ পৌৰাহিত্যত অনুস্থিত আৰু মীন মহাবিদ্যালয়, ৰহাৰ বিজ্ঞান গুৰু ড কিশোৰ কুমাৰ বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কৰ্মশালাখনত সামগ্ৰিকভাৱে সংশ্লিষ্ট বিষয়ক বিভিন্ন আলোচনা-বিলোচনা আৰু মত বিনিময় কৰা হয়। কেন্দ্ৰ্টিৰ জ্যেষ্ঠ বিজ্ঞানী ড কেশৱ বৰ্মণে সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানটিত ভালেমান বিজ্ঞানী, গৱেষক,বিভাগীয় বিষয়া আদিয়েও অংশগ্ৰহণ কৰে। কৰ্মশালাখনত উন্মোষিত নিম্নোক্ত বিষয়সমূহ মীনপালকসকলৰ জ্ঞাতাৰ্থে লিপিবদ্ধ কৰা হ’ল-

  • সমন্বিত মীন আৰু গাহৰি পালনে গাহৰিৰপৰা হ’ব পৰা প্ৰদূষণ জাতীয় সমস্যালানিৰ আশ্ংকা নাইকিয়া কৰে। স্বাস্থ্যসন্মত আৰু অনাময়ৰ দৃষ্টিভ্ংগীৰেও এই কৌশল অতি প্ৰাসংগিক।
  • এনে কৌশলত পুখুৰীৰ তলিত জমা হোৱা গেদ প্ৰতি বছৰে নোৱাৰিলেও অন্ততঃ দুই-তিনি বছৰৰ অন্তৰে অন্তৰে উঠাই পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। এই গেদ উদ্যান শস্যৰ বাবে উত্তম সাৰ।
  • সম্ন্বিত এই কৌশলত গুণগত মানৰ গাহৰি পোৱালি সমগ্ৰিক পাম সফলতাৰ অন্যতম পূৰ্বচৰ্ত।
  • গাহৰিৰ মলত যথেষ্ট অজীৰ্ণ পদাৰ্থ থাকে। এইখিনি প্ৰায়বোৰ মাছেই খায়। সেয়েহে গাহৰিক পুষ্টিকৰ, সূক্ষ্ম আৰু সমতুল্য খাদ্য খুওৱাটো একান্তই বাঞ্ছনীয়।
  • গাহৰিৰ মূত্ৰ পুখুৰীত পৰিলে কোনো অসুবিধাতো নহয়েই, বৰং ই পুখুৰীৰ উৰ্বৰতা বৃদ্ধিহে কৰে (যিটো গৰুৰ মূত্ৰৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত)। সেয়েহে গাহৰিৰ মলৰ লগতে মূত্ৰও পুখুৰীত পৰিবলৈ দিয়াৰ পোষকতা কৰা হয়।
  • ৰোগাক্ৰান্ত গাহৰিৰৰ মল পুখুৰীত পৰিব দিয়াটো অনুচিত।
  • গাহৰিক যথেষ্ট পৰিমাণে বনৰীয়া কচু উপলভ্যতাত সমস্যা হয়। তেনে ক্ষেত্ৰত পুখুৰীত হোৱা ভাসমান জলজ উদ্ভিদ ‘এজলা’ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।
  • সমন্বিত গাহৰি আৰু মীন পালনত পুখুৰীত মেলা মুঠ মাছৰ ৫ শতাংশ মাগুৰ আৰু কান্ধুলি উপৰঞ্চি হিচাপে মেলিলে সানগ্ৰিক আয় বৃদ্ধি হয়।
  • এই কৌশলত পুখুৰীত সচৰাচৰ প্ৰয়োগ কৰা হিচাপতকৈ কিছু বেছি চূণ প্ৰয়োগ কৰাটো বাঞ্ছনীয়।
  • গাহৰিক খাদ্য প্ৰয়োগৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হ’ব লাগে। কিয়নো গাহৰিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা খাদ্যৰ ওপৰতেই গাহৰিৰ মাংসৰ মান নিৰুপণ হয়। আজিৰ গ্ৰাহক সচেতন। বজাৰৰ পৰিবেশ আৰু বিপণন চাতুৰ্যতাৰ আলমত গুণগত আৰু উচ্চ স্বাদযুক্ত মাংসৰ চাহিদাৰ প্ৰতিহে ক্ৰেতা বিশেষকৈ আকৃষ্ট হয়।
  • পুখুৰীত কেৱল গুণগত মানৰ পোনা মেলাটোহে একান্ত বাঞ্ছনীয়। পোনা সদায় নিৰ্ভৰযোগ্য স্থল, উৎস আৰু মীন বিভাগৰ পঞ্জীয়নকৃত উৎপাদন কেন্দ্ৰৰপৰাহে সংগ্ৰহ কৰিব লাগে।
  • পুখুৰীত পোনা নিৰ্দিষ্ট হিচাপ, নিৰিখ আৰু জোখতহে মেলিব লাগে। সাধাৰণতে ৪:৩:৩ অনুপাতত ঊৰ্দ্ধ, মধ্য আৰু নিম্নস্তৰৰ মাছ মেলাৰ পোষকতা কৰা হয়।
  • গাহৰিৰ গড়ালটো পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত হোৱাটো একান্তই প্ৰয়োজনীয়। দৈনিক অন্ততঃ দুবাৰ গাহৰিৰ গড়ালটো চাফা কৰাৰ লগতে গাহৰিকো গা ধুৱাব লাগে।
  • পুখুৰীত পৰা গাহৰিৰ মল পৰাপক্ষত এটা নিৰ্দিষ্ট ঠাইত পৰাতকৈ একাধিক ঠাইত পৰাৰ ব্যৱস্থা কৰিব লাগে।
  • কেতিয়াবা পুখুৰীৰ উপৰিভাগ ৰঙচুৱা শেলাইৰ আৱৰণে আবৃত কৰিলে বা পুখুৰীৰপৰা বেয়া গোন্ধ ওলালে, সাময়িকভাৱে পুখুৰীত গাহৰিৰ মল প্ৰয়োগ বন্ধ কৰিব লাগে।

এই বিষয়সমূহ কাৰ্যক্ষেত্ৰত ৰুপায়ণ কৰি সমন্বিতভাৱে গাহৰিৰ লগত মীন পালন কৰিলে আশাতীতভাৱে লাভৱান হোৱাটো নিশ্চিত। উল্লেখযোগ্য যে অসমৰ মাটি, পানী, জলবায়ু আৰু ভৌগোলিক অৱস্থানৰ পটভূমিত সমন্বিত গাহৰি আৰু মীন পালন অতি লাভজনক কৌশল। আগ্ৰহীসকলে এই সম্পৰ্কে যাৱতীয় দিহা-পৰামৰ্শ আৰু প্ৰাস্ংগিক কাৰিকৰী জ্ঞানৰ বাবে উল্লিখিত বিশেষজ্ঞসকলৰ লগত মন বিনিময় কৰি লাভৱান হ’ব পাৰে।

লিখক: ধ্ৰুৱজ্যোতি শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate