মূল পৃষ্ঠা / কৃষি / মীণ পালন / সমন্বিত মীন পালন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সমন্বিত মীন পালন

সমন্বিত মীন পালনৰ বিসয়ে লিখা হৈছে

 

ধাননীত মাছ পালন

 

ভাৰতবৰ্ষ তথা অসমত খাদ্য শস্যৰ উৎপাদন যথেষ্ঠ বৃদ্ধি পাইছে যদিও দেশখনৰ জনসাধাৰণ পুষ্টিহীনতাত ভুগি অহা দেখা গৈছে। গাওঁ অঞ্চলৰ জলসম্পদবোৰৰ পৰা উচ্চ প্রটিন সম্পন্ন মাছ সহজতে পাব পাৰি যাৰ দ্বাৰা পুষ্টিহীনতা কিছু পৰিমাণে দূৰ কৰিব পৰা যায়। পুখুৰীৰ অবিহনেও ধানখেতি কৰাৰ সময়ত পথাৰ ডৰাত থকা পানীতেই মাছ খেতি কৰি অধিক উৎপাদন পাব পৰা তিনিটা প্রযুক্তি কৌশল বৰ্ত্তমানে অসমত বহুল ভাৱে প্রয়োগ হৈ আহিছে।

ধানখেতিৰ লগত মাছ পালনৰ সুফল সমূহ:

 

১) খেতি মাটিৰ চচ্চ স্থায়ী বিলুপ্তি নোহোৱাকৈ মাছ উৎপাদন পোৱা যায়।

২) ধানৰ উৎপাদন বাঢ়ে।

৩) মাছে ধানৰ অপকাৰী কীট-পতঙ্গ নিয়ন্ত্রণ কৰে।

৪) মাছৰ বিক্ৰীমূল্য অধিক হোৱাৰ ফলত আয় বাঢ়ে।

ধান আৰু মাছ খেতিৰ কৌশল সমূহ:

১) বর্ষকালীন পদ্ধতি

এই পদ্ধতিৰ বাবে আহু আৰু শালি দুয়োটা খেতি কৰা দ’ মাটিৰ ২ বিঘা একোটা গোটৰ বাবে নির্বাচন কৰা হয়।

ক) খাৱৈ বা পুখুৰী খনন: পথাৰডৰাৰ চাৰিওকাষে, মুঠ মাটিকালিৰ ১/৫ অংশ খাৱৈ খন্দাৰ বাবে ব্যৱহাৰ কৰা হয়। খাৱৈৰ গভীৰতা হ’ব লাগে ১.২ মিটাৰ। সুবিধা অনুযায়ী পথাৰডৰাৰ কোনো এটা কাষত পুখুৰী খনন কৰিব পাৰি। গভীৰতা হ’ব লাগে ২ মিটাৰ, খন্দা মাটিখিনিৰে কেওকাষে এটা মজবুত বান্ধ নির্মান কৰি দিব লাগে।

খ) ধানখেতি: ফেব্ৰুৱাৰী-এপ্রিল মাহৰ পৰা জুন-জুলাই মাহৰ ভিতৰত আহু খেতি কৰা হয়। আহু ধান চপোৱাৰ পিছত শালি খেতিৰ বাবে মাটিডৰা প্ৰস্তুত কৰি আগষ্ট মাহৰ প্ৰথম ভাগতেই শাৰী-শাৰীকৈ কঠীয়া ৰুব লাগে। ধান খেতিৰ বাবে প্রয়োজনীয় নিৰিখৰ জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা অতি দৰকাৰী।

গ) মাছ পালন: খাৱৈত ৯০ ছেঃ মিঃ পানী জমা হোৱাৰ লগে লগে গোটটোৰ বাবে প্রায় ৫ কিঃগ্ৰাঃ চুণ প্রয়োগ কৰা হয়। তাৰ সাতদিন পিছত খাৱৈৰ পানী কালি অনুযায়ী ১৪০ কিঃগ্ৰাম গোবৰ প্ৰতি বিঘাত আৰু তাৰ সাতদিন পিছত ১.৬৭ কিঃগ্ৰাঃ ইউৰীয়া আৰু ১.৩৩ কিঃ গ্ৰাঃ চিঙ্গল চুপাৰ ফচফেট প্রতি বিঘাত প্রতি মাহে প্রয়োগ কৰা হয়।

সাৰ প্রয়োগৰ কমেও ১৫ দিন পিছত ডাঙৰ মাছ পোনা ৮০০-১১২০ টা প্রতি বিঘা হিচাপত মেলা হয়।

মাছৰ প্ৰজাতি আৰু অণুপাত

 

প্ৰজাতি      শতকৰা হাৰ       প্রতি বিঘাত       প্রতি হেক্টৰত

চিলভাৰ কাৰ্প     ২০                 ২২৪            ১৬০০

বাহু              ১০                ১১২            ৮০০

ৰৌ               ২৫                  ২৮০            ২০০০

মিৰিকা           ২০               ২২৪             ১৬০০

কমন কাৰ্প      ২৫                 ২৮০           ২০০০

মুঠ              ১০০                  ১১২০           ৮০০০

প্রতি বিঘাত পৰিপূৰক খাদ্য হিচাপে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ ১:১ হাৰত মিহলাই মাছৰ সৰ্বমুঠ ওজনৰ ৩ শতাংশ হাৰত প্রতি দিনে প্রয়োগ কৰিব লাগে।

প্রতি মাহে গোটৰ বাবে প্রায় ৪ কিঃগ্ৰাঃ চুণ আৰু সাৰ প্রয়োগ কৰা উচিত। শালিধান ৰোৱাৰ পিছত এমাহলৈ সাৰ প্রয়োগ বন্ধ ৰাখিব লাগে। পানীৰ ওপৰত চামনি বান্ধিলে অথবা পানীৰ ৰং গাঢ় সেউজীয়া হ’লে সাৰ প্রয়োগ আৰু খাদ্য যোগান সাময়িকভাৱে বন্ধ ৰাখিব লাগে।

মাছে পথাৰত থকা ধানৰ অপকাৰী কীট-পতঙ্গ আদি যথেষ্ট পৰিমাণে নিয়ন্ত্রণ কৰে যদিও, পাতখোৱা, চৰহা আদি পোকৰ পৰা ধানডৰা ৰক্ষা কৰিবলৈ প্রতি হেক্টৰত ১.২৫ লিটাৰ নুভাক্রণ দৰৱ ৪০০ লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব লাগে।

এই পদ্ধতিত দুবিঘা মাটিত ধান-মাছৰ খেতি কৰি বছৰি প্ৰায় ২৫০০ কিঃগ্ৰাঃ ধান, ৩০০০ কিঃগ্ৰাঃ ধানখেৰ আৰু ৪০৫ কিঃগ্ৰাঃ মাছ পোৱা যায়।

২) তুল্য কালীন পদ্ধতি

এই পদ্ধতিৰ বাবে শালি খেতিৰ উপযোগী মজলীয়া দ’ ৪ কঠা মাটিৰ একোটা গোটৰ প্ৰয়োজন হয়।

ক) খাৱৈ বা পুখুৰী খনন: পথাৰডৰাৰ চাৰিওকাষে ৬০ ছেঃ মিঃ বহল আৰু ৫০ ছেঃ মিঃ দ’ খাৱৈ খনন কৰা হয়। লগে লগে সোঁমাজেদি ভগাই দীঘে-পথালিয়ে ৩০ ছেঃমিঃ বহল আৰু ৩০ ছেঃ মিঃ দ ’আন দুটা খাৱৈ খান্দি দিয়া হয়। পুখুৰী খান্দিলে মুঠ মাটিকালিৰ ১/১০ অংশৰ পৰা ১/৫ অংশৰ ভিতৰত, ১.৫ মিটাৰ গভীৰতালৈকে খান্দিব লাগে। খন্দা মাটিখিনিৰে পথাৰ ডৰাৰ কেওকাষে এটা মজবুট বান্ধ নিৰ্মাণ কৰি দিব লাগে।

খ) ধান খেতি: মাটি চহাই, প্রয়োজনীয় সাৰ প্ৰয়োগ কৰি আগষ্ট মাহৰ প্ৰথম ভাগৰ ভিতৰত শাৰী শাৰীকৈ কঠীয়া ৰুৱা লাগে। কঠীয়াৰ শাৰীৰ মাজৰ দূৰত্ব হব লাগে ২০ X ১৫ ছেঃ মিঃ। গ) মাছ পালন: পোনা মেলাৰ এসপ্তাহ আগেয়ে প্রতি গোটৰ বাবে ১.৫ কিঃগ্ৰাঃ চুণ প্রয়োগ কৰা হয়। এই পদ্ধতিত খাৱৈ বা পুখুৰীত সাৰ প্রয়োগ কৰিব নালাগে।

ধানে সঁজাল ধৰাৰ পিছত, যেতিয়া পথাৰত ২০ ছেঃ মিঃ আৰু খাৱৈত প্ৰায় ৮০ ছেঃ মিঃ পানী জমা হয়, তেতিয়া বিঘাই প্রতি ১৩৩০ টা হিচাপত কমন কাৰ্প আৰু ভাঙোন মাছৰ পোনা অথবা মিৰিকা পোনা ১:১ অনুপাতত মেলিব লাগে। ইয়াৰ লগত বায়ুশ্বাসী মাছ যেনে – মাগুৰ, শিঙি, কাৱৈ আদিও মেলিব পাৰি। পথাৰ ডৰাত পানী বেছি থাকিলে অন্যান্য প্রজাতিৰ মাছো মেলিব পৰা যায়।

চাউলৰ মল আৰু খলিহৈ, ১:১ অনুপাতত মিহলাই মাছৰ দেহৰ ওজনৰ ৩ শতাংশ হাৰত প্রয়োগ কৰা হয়।

প্রতি মাহে প্রতি গোটৰ বাবে ১.৫ কিঃগ্ৰাঃ চুণ প্রয়োগ কৰা হয়।

এই পদ্ধতিত ৪ কঠা মাটিত ধান মাছৰ খেতি কৰি বছৰি প্ৰায় ৫০০ কিঃগ্ৰাঃ ধান, ৭০০ কিঃগ্ৰাঃ ধানখেৰ আৰু ১০০-১৫০ কিঃগ্ৰাঃ মাছ পোৱা যায়।

৩) আৱেষ্টনী পদ্ধতি:

এই পদ্ধতিৰ বাবে বাও খেতিৰ উপযোগী যথেষ্ঠ দ’ মাটিৰ ৪ কঠা একোটা গোটৰ বাবে নির্বাচন কৰা হয়।

ক) আৱেষ্টনী নির্মাণ: এই পদ্ধতিৰ বাবে খাৱৈ বা পুখুৰী খননৰ প্রয়োজন নাই। ইয়াৰ পৰিবর্তে পথাৰডৰাৰ চাৰিওকাষে বাঁহৰ এখন মজবুত বান কামি আৰু খুঁটাৰ সহায়ত স্থাপন কৰা হয়।

খ) ধান খেতি: ফেব্রুৱাৰী-মার্চ মাহৰ ভিতৰত পথাৰত থকা বন-বাত পুৰি, হাল বাই, মার্চ-এপ্রিলৰ ভিতৰত ১০.৫ কিঃগ্ৰাঃ প্রতি বিঘা হিচাপত বীজ সিঁচা হয়।

গ) মাছ পালন: চুণ আৰু সাৰ প্রয়োগ কৰা নহয়। পথাৰত ৫০ ছেঃ মিঃ পানী হ’লেই বিঘাই প্রতি ৮০০টা পোনা মেলা হয়। পানী বেছি হ’লে চিলভাৰ কাৰ্পো মেলিব পাৰি।

মাছৰ প্ৰজাতি আৰু অনুপাত:

 

প্ৰজাতি

শতকৰা হাৰ

প্রতি বিঘাত

প্রতি হেক্টৰত

বাহু

১০

৮০

৬০০

ৰৌ

৩০

২৪০

১৮০০

মিৰিকা

২৫

২০০

১৫০০

কমন কাৰ্প

৩৫

২৮০

২১০০

মুঠ

১০০

৮০০

৬০০০

মাছক পৰিপূৰক খাদ্য যোগান ধৰা হয়। এই পদ্ধতিত ৪ কঠা মাটিত ধান-মাছ খেতি কৰি বছৰি প্ৰায় ৩৫০ কিঃ গ্ৰাঃ ধান, ২৫০ কিঃগ্ৰাঃ ধানখেৰ আৰু ৮০-১০০ কিঃ গ্ৰাঃ মাছ পোৱা যায়।

সমন্বিত হাঁহ আৰু মাছ পালন

 

এই পদ্ধতিত হাঁহৰ মল আৰু খোৱাৰ পিছত ৰৈ যোৱা খাদ্য পুখুৰীত প্রয়োগ কৰি মাছৰ উৎপাদন ব্যয় কমোৱাৰ লগতে অধিক উৎপাদন পোৱা যায়। হাঁহৰ মলত ০.৯১ শতাংশ নাইট্র’জেন আৰু ০.৩৮ শতাংশ ফচফৰাছ থাকে। ইয়াৰ সুফল সমূহ হ’ল:

১) একে ঠাইৰ পৰা মাছ, মাংস আৰু কণীৰ উৎপাদন পোৱা যায়।

২) হাঁহে পুখুৰীত চৰি থকাৰ ফলত ইয়াৰ পৰাই প্রায় ৫০ শতাংশ খাদ্য সংগ্রহ কৰে আৰু ইয়াৰ ফলত পানীত অম্লজানৰ পৰিমাণো বৃদ্ধি হয়।

৩) পুখুৰীত সাৰ আৰু পৰিপূৰক খাদ্যৰ যোগান ধৰিব লগা নহয়।

৪) হাঁহ পানীত চৰি থকাৰ ফলত মলবোৰ সমভাবে সিঁচৰিত হয়।

দুটা পদ্ধতিৰে হাঁহৰ লগতে মাছ পালন কৰিব পাৰি।

১) স্থিৰ পদ্ধতি:

এই পদ্ধতিত পুখুৰীৰ সুবিধাজনক এটুকুৰা ঠাইত পানীৰ ওপৰিভাগত ছিদ্রযুক্ত মজিয়াৰ গৰাঁল নির্মাণ কৰি হাঁহৰ মল পানীত পৰিবলৈ দিয়া হয়।

২) ভাসমান পদ্ধতি:

এই পদ্ধতিত পুখুৰীৰ যিকোনো ঠাইলৈ নিব পৰাকৈ ছিদ্রযুক্ত মজিয়াৰ গৰালটো ভাসমান বস্তুৰ ওপৰত নিৰ্মাণ কৰা হয়, যাতে প্রয়োজন সাপেক্ষে ইয়াক স্থানান্তৰিত কৰিব পাৰি।

হাঁহৰ গৰাল নির্মাণ

 

বাঁহ আৰু খেৰেৰে বা স্থায়ীকৈ পকী গৰাল বনাই মজিয়াখন লোৰ জালিকাৰে বনাব পাৰি। মজিয়াৰ পৰা মূধচলৈকে ১.৫ মিটাৰ উচ্চতা ৰখা হয়। বেৰখনৰ ওপৰৰ এক তৃতীয়াংশত গাধৈ আৰু তলৰ দুই তৃতীয়াংশত বাঁহৰ মিহি চিলিঙি বা তাঁৰৰ জালিকা দিব লাগে। বাঁহৰ মিহি কামিৰে ০.৫ বর্গ ছেঃ মিঃ আকাৰৰ ছিদ্রযুক্ত এখন চাং গৰালৰ মজিয়া কৰি দিয়া হয়। প্রত্যেক হাঁহৰ বাবে ০.৩-০.৫ বর্গ মিটাৰ ঠাইৰ আৱশ্যক হয়। বাঁহৰ চাংখন পানীৰ পৰা ১-১.২ মিটাৰ ওপৰত হ’ব লাগে। গৰালৰ পৰা পুখুৰীলৈ অহা যোৱা কৰিবৰ বাবে এখন দলঙৰ ব্যৱস্থা কৰি দিব লাগে। লগতে সুবিধা অনুযায়ী হাঁহবোৰ পুখুৰীৰ পাৰলৈ যাব নোৱাৰাকৈ পুখুৰীৰ কেওকাষে বাঁহৰ এখন ঘন জেওৰ দিব লাগে।

হাঁহৰ জাত

 

মতা খাকী কেম্পবেল আৰু মাইকী পাতি হাঁহৰ সংকৰন কৰি উৎপাদন কৰা বৰ্ণসংকৰ জাত।

বয়স

দুই-চাৰিমাহ বয়সৰ হাঁহ পোৱালী। সাতৰ পৰা ওঠৰ মাহলৈ হাঁহে কণী পাৰে। তাৰ পিছত জাকটো সলাব লাগে।

সংখ্যা

প্রতি বিঘাত ৪০ টা। মতা মাইকীৰ অনুপাত ১:৫।

খাদ্য যোগান

প্রয়োজনীয় খাদ্যৰ আধাভাগ পুখুৰীৰ পৰাই সংগ্রহ কৰে যদিও বাকীখিনি যোগান ধৰিব লাগে। সুষম খাদ্য নাথাকিলে কুকুৰাৰ খাদ্য আৰু চাউলৰ মল ১:২ অনুপাতত মিহলাই ১০০ গ্রাম হিচাপত প্রতি হাঁহক প্রতিদিনে দিব লাগে। খোৱা পানীৰ লগত এলভিট্‌ন, ভিমাৰেল আদি দৰৱ মিহলাই দিব লাগে।

মাছপালন

পুখুৰীৰ প্ৰস্তুতি

পুখুৰীত থকা অলাগতিয়াল বন-বাত, অপতৃণ আদি আৰু অদৰকাৰী মাছ উঠাই পেলোৱাৰ পিছত পানীৰ পি, এইচ অনুসৰি অথবা বিঘাই প্রতি বছৰি ১০০ কিঃ গ্ৰাঃ চুণ প্রয়োগ কৰা হয়। চূণখিনি সমানে তিনিভাগ কৰি, এভাগ আৰম্ভণীতেই আৰু বাকী দুভাগক পুনৰ দহভাগ কৰি মাহে মাহে প্রয়োগ কৰা হয়।

মাছৰ প্ৰজাতি আৰু অনুপাত

 

প্ৰজাতি

শতকৰা হাৰ

প্রতি বিঘাত

প্রতি হেক্টৰত

চিলভাৰ কাৰ্প

২০

১৩৪

১০০০

বাহু

১৫

১০০

৭৫০

ৰৌ

১৫

১০০

৭৫০

গ্ৰাছ কাৰ্প

১০

৬৪

৫০০

মিৰিকা

২০

১৩৪

১০০০

কমন কাৰ্প

২০

১৩৪

১০০০

মুঠ

১০০

৬৭০

৫০০০

মুঠ পোনাৰ ১০ শতাংশ মৃত্যুৰ হাৰ ধৰি অতিৰিক্ত হিচাপে লোৱা হয়। গতিকে এবিঘা পানী কালিৰ বাবে প্রয়োজনীয় মুঠ পোনা = ৬৭০ + ৬৭ = ৭৩৭টা।

হাঁহ গৰাললৈ অনাৰ এমাহ পিছত ডাঙৰ মাছপোনা (১০-১৫ ছেঃমিঃ) মেলা হয়।

প্রতিদিনে পৰ্য্যাপ্ত পৰিমানে ঘাঁহ, কলপাত আদি গ্ৰাছ কাৰ্পক যোগান ধৰা হয়।

পানীৰ গুণাগুণ নিয়ন্ত্রণ

 

মাজে সময়ে চাঙৰ তলত জমা হোৱা মল ঘোন্দালী সিঁচৰিত কৰি দিব লাগে। পানীৰ ওপৰিভাগত ডাঠ সেউজীয়া অথবা ৰঙা-মুগা চামনি দেখিলে অথবা দুৰ্গন্ধ ওলালে, চাংখনৰ তলত পলিথিন চিট বান্ধি দি মল পানীত পৰাত ৰোধ কৰিব পাৰি। ইয়াৰ উপসম হ’লে পুনৰ প্রয়োগ কৰিব লাগে। সেই সময়ত পুখুৰীত হাঁহবোৰ মেলিব নালাগে।

বছৰি প্ৰতিজনী হাঁহে ৪৩.৮০ – ৪৯.২৭ কিঃ গ্ৰাঃ মল ত্যাগ কৰে। সেই হিচাপত প্ৰতিবিঘা পুখুৰীত প্রতি বছৰে ১৭৫২ – ১৯৭০.৮০ কিঃগ্ৰাঃ মল পুখুৰীত পৰে। ইয়াৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি প্ৰায় ৬০০০ টকা ৰাহি হয়।

এই পদ্ধতিত দুবিঘা পানী কালিৰ একোটা পুখুৰীৰ পৰা বছৰি প্ৰায় ১০৬৭ কিঃ গ্ৰাঃ মাছ, ৬৭০০ টা কণী, আৰু ৬৭ কিঃগ্ৰাঃ হাঁহৰ মাংস পোৱা যায়।

বছৰি সৰ্বমুঠ আয় প্রায় = ১৭,২০৮.০০ টকা।

সমন্বিত কুকুৰা আৰু মাছ পালন

সমন্বিত কুকুৰা আৰু মাছ পালনত কুকুৰাৰ মলে পুখুৰীৰ মাছক পোনপোটীয়াকৈ খাদ্য যোগানৰ লগতে পানীত প্রাকৃতিক খাদ্য উৎপাদনৰ বাবে প্রয়োজনীয় মৌলও যোগান ধৰে। ইয়াৰ লগতে কুকুৰাৰ মলৰ স্তুপৰ পৰা হ’ব পৰা দুৰ্গন্ধ নাশ কৰি পামখনৰ সৌন্দৰ্য্য ও পৰিবেশ সুন্দৰ কৰাৰ লগতে মাছ পালনৰ বাবে প্রয়োজনীয় খৰছ কম কৰে। ইয়াৰ প্ৰধান সুফল সমূহ:

১) পানীৰ উপৰিভাগত বা পুখুৰীৰ পাৰত কুকুৰা পালন কৰা হেতুকে একে টুকুৰা ঠাইৰ পৰাই মাছ, মাংস আৰু কণী পোৱা যায়।

২) কুকুৰাৰ মল প্রয়োগ কৰাৰ হেতু পুখুৰীত সাৰ আৰু পৰিপূৰক খাদ্য যোগান ধৰিব নালাগে। ফলত অতি কম খৰছত মাছ উৎপাদন কৰিব পৰা যায়।

৩)পামৰ সামগ্ৰীক উৎপাদন, সৌন্দৰ্য্য তথা আয় বৃদ্ধি পায়।

দুটা পদ্ধতিৰে কুকুৰাৰ লগত মাছপালন কৰা হয়।

১) প্রত্যেক্ষ পদ্ধতি:

এই পদ্ধতিত পানীৰ ওপৰিভাগতেই ছিদ্রযুক্ত মজিয়াৰ চাং-ঘৰ নিৰ্মান কৰি পোন-পটীয়াকৈ কুকুৰাৰ মল পুখুৰীত পৰিবলৈ দিয়া হয়।

(ক) কুকুৰা পালন:

গৰাল নির্মাণ

 

খেৰ আৰু বাঁহেৰে বা স্থায়ীভাৱে পকীঘৰৰ সহায়ত বতাহ চলাচল কৰিব পৰা আৰু পোহৰৰ ব্যৱস্থা ৰাখি গৰালটো নির্মাণ কৰা হয়।

ঘৰটোৰ মজিয়াৰ পৰা মূধচলৈকে ৩.৬ মিটাৰ আৰু চতিলৈকে ২.৭২ মিটাৰ উচ্চতাৰ হ’ব লাগে। বেৰখনৰ তলৰ এক তৃতীয়াংশত গাধৈ আৰু ওপৰৰ দুই তৃতীয়াংশত চিলিঙি হ’ব লাগে। শীতকালৰ চেঁচা বতাহ আৰু জহকালৰ টান ৰ’দ চিলিঙিৰ মাজেৰে পোনপটীয়াকৈ নপৰিবৰ বাবে বস্তাৰ চটি আঁৰি দিব লাগে।

চাং-ঘৰৰ ক্ষেত্ৰত ৪-৬ বর্গ ছেঃমিঃ ছিদ্রযুক্ত এখন বাঁহৰ মিহি আৰু চাঁচি লোৱা কামিৰে বনোৱা চাং পানীৰ পৰা ১.২ – ১.৫ মিটাৰ উচ্চতাত স্থাপন কৰা হয়। মজিয়া নির্মাণ কৰোতে লক্ষ্য ৰাখিব লাগে যাতে প্ৰতিজনী কুকুৰাৰ বাবে ০.৩–০.৫ বর্গমিটাৰ ঠাই ৰখা হয়। গৰালত বিজুলী বাতিৰ ব্যৱস্থা কৰি দিব পাৰিলে ভাল।

কুকুৰাৰ জাত

 

এই পদ্ধতিত কিষ্টন গ'ল্ডেন জাতৰ কুকুৰাহে পালন কৰা হয়।

বয়স

পোৱালীৰ বয়স ৬-৮ সপ্তাহ হ’ব লাগে। ১৮ মাহ মান বয়সলৈ কুকুৰাৰ কণী পৰা ক্ষমতা থাকে। তাৰ পিছত জাকটো পুনৰ সলাই দিব লাগে।

খাদ্য যোগান

বয়স অনুযায়ী কুকুৰাক তিনি ধৰণৰ খাদ্য যোগান ধৰা হয়।

ক) শ্বিক মেছ- প্রতিদিনে প্রতি পোৱালীক ৪০-৪৫ গ্রাম খাদ্য ৩-৪ বাৰত ভগাই ৮ সপ্তাহ বয়সলৈকে যোগান ধৰা হয়।

খ) গ্রোৱার্চ মেছ- প্রতিদিনে, প্রতি কুকুৰাক ৫০-৭০ গ্রাম খাদ্য ৫-৬ বাৰত ভগাই ৮-১৮ সপ্তাহলৈকে যোগান ধৰা হয়।

গ) লেৱার্চ মেছ – প্রতিদিনে প্রতি কুকুৰাক ১২০-১২৫ গ্রাম খাদ্য ৩-৪ বাৰত ভগাই ১৮ সপ্তাহৰ পৰা যোগান ধৰা হয়।

ৰোগ প্ৰতিষেধক ব্যৱস্থা

ৰাণীখেট, ফউলপক্স, লেৰিংগোট্রেকাইটিচ, মাৰেক্স আদি কুকুৰাৰ ভাইৰাচজনিত প্রধান ৰোগ। ইয়াৰ বাবে পশু-চিকিৎসকক লগ ধৰি ব্যৱস্থা গ্রহণ কৰিব।

(খ) মাছ পালন:

পুখুৰীৰ প্ৰস্তুতি

পুখুৰীত থকা অলাগতিয়াল বন-বাত, অপতৃণ আৰু অদৰকাৰী মাছ উঠাই পেলোৱাৰ পিছত পানীৰ পি এইচ অনুসৰি অথবা বিঘাই প্রতি বছৰি ১০০ কিঃ গ্ৰাঃ চুণ প্রয়োগ কৰক। চূণ খিনি সমানে তিনিভাগ কৰি এভাগ আৰম্ভণীতেই আৰু বাকী দুভাগক পুনৰ দহভাগ কৰি মাহে মাহে প্রয়োগ কৰক|

মাছৰ প্ৰজাতি আৰু অনুপাত:

 

প্ৰজাতি

শতকৰা হাৰ

প্রতি বিঘাত

প্রতি হেক্টৰত

চিলভাৰ কাৰ্প

১৫

১২০

৯০০

বাহু

২০

১৬০

১২০০

ৰৌ

১৫

১২০

৯০০

গ্ৰাছ কাৰ্প

১০

৮০

৬০০

মিৰিকা

২০

১৬০

১২০০

কমন কাৰ্প

২০

১৬০

১২০০

মুঠ

১০০

৮০০

৬০০০

কুকুৰা গঁৰাললৈ অনাৰ এমাহ পিছত পুখুৰীত মাছ পোনা মেলা হয়। প্রতিদিনে পৰ্য্যাপ্ত পৰিমাণে ঘাঁহ, কলপাত আদি গ্ৰাছকাৰ্পক যোগান ধৰিব লাগে।

পানীৰ গুণাগুণ নিয়ন্ত্রণ

মাজে সময়ে চাঙৰ তলত জমা হোৱা মল ঘোন্দালি সিঁচৰিত কৰি দিব লাগে। পানীৰ ওপৰিভাগত ডাঠ সেউজীয়া বা ৰঙা-মুগা চামনি দেখিলে অথবা দুৰ্গন্ধ ওলালে, চাং খনৰ তলত পলিথিন চিত বান্ধি দি মল পানীত পৰাত ৰোধ কৰিব লাগে আৰু ইয়াৰ উপশম হ’লে পুনৰ প্রয়োগ কৰা হয়।

পৰোক্ষ পদ্ধতি

এই পদ্ধতিত সঁজা বা ডিপলিটাৰৰ সহায়ত কুকুৰা পালন কৰা হয়। ইয়াত কুকুৰাৰ সংখ্যা বা বয়সৰ কোনো নির্দিষ্টতা নাই। সঁজাৰ তলৰপৰা কুকুৰাৰ মল বা গঁৰালৰ পৰা ডিপলিটাৰ সংগ্ৰহ কৰি মাছ পোনা মেলাৰ ১৫ দিন আগেয়ে প্রতি বিঘাত ১০০ কিঃ গ্ৰাঃ হিচাপত প্রয়োগ কৰা হয় আৰু প্রতিদিনে প্রতিবিঘাত ৬.৭ কিঃগ্ৰাঃ মল প্রয়োগ কৰিব লাগে।

বছৰি প্ৰতিজনী কুকুৰাই ২৩.৭৩ – ২৯.২০ কিঃগ্ৰাঃ মল ত্যাগ কৰে। সেই হিচাপত প্রতি বিঘা পুখুৰীত প্রতি বছৰে ১৯৫৬ – ২৩৩৬ কিঃগ্ৰা মল পুখুৰীত পৰে। ইয়াৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি প্ৰায় ৬০০০.০০ টকা ৰাহি হয়।

এই পদ্ধতিত দুবিঘা পানী কালিৰ একোটা পুখুৰীৰ পৰা বছৰি ১২০০ কিঃগ্ৰাঃ মাছ, ৩২,০০০ টা কণী আৰু ১৮৪ কিঃগ্ৰাঃ কুকুৰাৰ মাংস পোৱা যায়।

বছৰি সৰ্বমুঠ আয় প্রায় ৪১,৬৬৬.০০ টকা।

সমন্বিত গাহৰি আৰু মাছ পালন

ভূমিভিত্তিক পামসমূহৰ উৎপাদনৰ ক্ষেত্ৰত মীন উদ্যোগে চমকপ্ৰদ সাফল্য লাভ কৰিছে। সমন্বিত মাছ আৰু গাহৰি পালন এনেধৰণৰ লাভজনক উদ্যোগ।

এই পদ্ধতিত গাহৰিৰ মলে মাছক পোনপটীয়াকৈ খাদ্য যোগানৰ লগতে পানীত প্রাকৃতিক খাদ্যৰ বাবে প্রয়োজনীয় মৌলও যোগান ধৰে। ইয়াৰ প্ৰধান সুফল সমূহ হ’ল:

১) গাহৰি পালনৰ বাবে বেলেগ ঠাইৰ প্ৰয়োজন নহয়।

২) পুখুৰীত জৈৱিক আৰু ৰাসায়নিক সাৰ প্রয়োগ কৰিব নালাগে। গাহৰিৰ মলত ১৩:১:০.১ অনুপাতত জৈৱিক এঙাৰ, নাইট্র’জেন আৰু ফচফৰাছ থাকে।

৩) মাছৰ বাবে খাদ্যৰ যোগান নালাগে। গাহৰিৰ মলত ৬০-৭০ শতাংশ অজীর্ণ খাদ্য থাকে। তাৰোপৰি ইয়াত থকা এবিধ অন্ত্ৰীয় এনজাইমে মাছৰ শাৰীৰিক বৃদ্ধি দ্রুত কৰে।

৪) মাছৰ উৎপাদন অন্য পদ্ধতিতকে অধিক হয়।

৫) পামৰ সামগ্রিক আয় যথেষ্ঠ বৃদ্ধি পায়।

দুটা পদ্ধতিৰে গাহৰিৰ লগত মাছ পালন কৰা হয়।

১) প্রত্যক্ষ পদ্ধতি

এই পদ্ধতিত পুখুৰীৰ পাৰতেই গঁৰাল নির্মাণ কৰি গাহৰিৰ মল পুখুৰীৰ পানীলৈ বুৱাই দিয়াৰ

ব্যৱস্থা কৰা হয়।

ক) গাহৰি পালন:

গঁৰাল নির্মাণ

পুখুৰীৰ যিকোনো এটা আহল বহল পাৰত বা কাষত গঁৰালটো নির্মাণ কৰা হয়। চালিখন খেৰৰ বা এচবেষ্টৰেৰে নিৰ্মাণ হ’ব লাগে। বেৰবোৰ বাঁহৰ গোজৰ সহায়ত অথবা ইটাৰে নিৰ্মাণ কৰিব পাৰি। মজিয়াখন পকী কৰি অলপ খহটাকৈ ৰখা ভাল, প্ৰতিটো গাহৰিৰ বাবে ১.৫ বর্গ মিটাৰ হিচাপত ঘৰটো বনোৱা হয়। মজিয়াখন পুখুৰীৰ ফাললৈ ঈষৎ হেলনীয়া কৰি এটা পকী নলাৰ লগত সংযুক্ত কৰি দিয়া হয়। নলাৰ সহায়ত গাহৰিৰ মল আৰু পেলনীয়া খাদ্য উটুৱাই পুখুৰীত পেলোৱাৰ ব্যৱস্থা কৰা হয়। মূল নলাটোৰ পৰা এটা শাখা নলা সংযোগ কৰি এটা গাঁতলৈ লৈ যোৱা হয়। পুখুৰীত মলৰ পৰিমাণ বেছি হ’লে সাময়িক ভাৱে নলাটো বন্ধ ৰাখি মলবোৰ গাঁতলৈ বোৱাই নিয়া হয়।

গাহৰিৰ জাত

হেম্পশ্বায়াৰ, য়র্কশ্বায়াৰ, লেণ্ডৰেচ, বার্কশ্বায়াৰ আদি উন্নত জাতৰ গাহৰি পালন কৰিলে ৮–৯ মাহ বয়সত ৫৫-৭০ কিঃগ্ৰাম লৈকে উৎপাদন পাব পাৰি।

বয়স

এই পদ্ধতিত গাখীৰ এৰা, দুমহীয়া ভেকচিন দিয়া পোৱালী ছমাহৰ বাবে পালন কৰা হয়। পিচত পুনৰ নতুনকৈ পোৱালী গড়াললৈ অনা হয়।

সংখ্যা

প্রতি বিঘাত ৪-৫ টা গাহৰি ছমাহৰ বাবে পালন কৰা হয়। পিচত পুনৰ নতুনকৈ পোৱালী গঁড়াললৈ অনা হয়।

গতিকে বছৰি প্ৰতি বিঘাত ৮-১০ টা গাহৰি পোৱালীৰ প্ৰয়োজন হয়।

খাদ্য যোগান

সমন্বিত পদ্ধতিত প্রতি দিনে কেৱল ৭০০ গ্রাম সুষম খাদ্য গাহৰিক যোগান ধৰা হয়। লগতে পৰ্যাপ্ত পৰিমাণে ঘাঁহ, পেলনীয়া ভাত আৰু পৰিস্কাৰ পানী যোগান ধৰিব লাগে।

ৰোগ প্ৰতিষেধক ব্যৱস্থা

ছোৱাইন ফিভাৰ, ছোৱাইন প্লেগ, ছোৱাইন পক্স আদি সততে দেখা দিয়া ৰোগৰ প্রতিকাৰৰ বাবে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কৃমিজনিত ৰোগৰ বাবে কৃমিনাশক দৰব খোৱাওক। গড়ালটো পৰিস্কাৰকৈ ৰাখিব।

খ) মাছপালন

পুখুৰীৰ প্ৰস্তুতি

 

পুখুৰীত থকা অলাগতীয়াল বন-বাত, অপতৃণ আৰু অদৰকাৰী মাছ উঠাই পেলোৱাৰ পিচত পানীৰ পি এইছ অনুসৰি অথবা বিঘাই প্রতি বছৰি ১০০ কিঃ গ্রাম হিচাপত চুণ প্রয়োগ কৰক। চূণখিনি সমানে তিনিভাগ কৰি এভাগ আৰম্ভনিতেই আৰু বাকী দুভাগক পুনৰ দহভাগ কৰি মাহে মাহে প্রয়োগ কৰক|

মাছৰ প্ৰজাতি আৰু অনুপাত

প্ৰজাতি

শতকৰা হাৰ

প্রতি বিঘাত

প্রতি হেক্টৰত

চিলভাৰ কাৰ্প

২৫

২৬৮

২০০০

বাহু

১৫

১৬০

১২০০

ৰৌ

২০

২১৪

১৬০০

গ্ৰাছ কাৰ্প

১০

১০৭

৮০০

মিৰিকা

২০

২১৪

১৬০০

কমন কাৰ্প

১০

১০৭

৮০০

মুঠ

১০০

১০৭০

৮০০০

প্রতি বিঘাত ১০৭০-১১৭০ টা ডাঙৰ মাছ পোনা (১০ – ১৫ ছে.মি.) মেলা হয়| এই পদ্ধতিত চিলভাৰ কাৰ্পৰ পোনা আন মাছপোনাতকৈ দুমাহ পিচত মেলিব লাগে।

গাহৰিৰ গঁড়াললৈ অনাৰ বিশ দিন পিচত পুখুৰীত মাছ পোনা মেলা হয়।

গ্ৰাছ কাৰ্পৰ খাদ্য যোগান

প্রতি দিনে পৰ্য্যাপ্ত পৰিমাণে ঘাঁহ, কলপাত আদি গ্ৰাছ কাৰ্পক যোগান ধৰিব লাগে।

পানীৰ গুণাগুণ নিয়ন্ত্রণ

পানীত শেলাইৰ অতিচাৰ বৃদ্ধি পালে বা দুৰ্গন্ধ ওলালে আৰু লগে লগে মাছে অস্বাভাৱিক আচৰণ কৰিলে নলাটো বন্ধ কৰি গাহৰিৰ মল পুখুৰীত প্রয়োগ কৰাটো সাময়িকভাৱে বন্ধ কৰিব লাগে। সেই সময়ত মলবোৰ খালটোত জমা কৰি ৰাখিব লাগে।

২) পৰোক্ষ পদ্ধতি:

এই পদ্ধতিত গাহৰিৰ মল পোনপটীয়াকৈ পুখুৰীত প্রয়োগ নকৰি, বাহিৰৰ পৰা নির্দিষ্ট জোখত যোগান ধৰা হয়। ইয়াৰ বাবে পোনা মেলাৰ বিশ দিন আগতে প্রতি বিঘাত ১৩৩ কিঃগ্ৰাঃ হিচাপত গাহৰিৰ মল প্রয়োগ কৰা হয়। পোনা মেলাৰ পিচত প্রতিদিনে প্রতি বিঘাত ৬-৭.৫ কিঃগ্ৰাঃ মল প্রয়োগ কৰা হয়। এই পদ্ধতিত গাহৰিৰ গড়ালটো পুখুৰীৰ পাৰত নহ’লেও হয় আৰু গাহৰিৰ সংখ্যাৰ কোনো নির্দিষ্টতা নাই।

উন্নত জাতৰ একোটা গাহৰিয়ে বছৰেকত ৫০০-৬০০ কিঃগ্ৰাঃ মল ত্যাগ কৰে। গতিকে বছৰি প্রতি বিঘা পানী কালিত ৪০০০ – ৪৮০০ কিঃগ্ৰাঃ মল ব্যৱহৃত হয়। ইয়াৰ ফলত সাৰ আৰু পৰিপূৰক খাদ্যৰ বাবদ বছৰি প্ৰায় ৬০০০ টকা ৰাহি হয়।

এই পদ্ধতিত দুবিঘা পুখুৰীৰ একোটা গোটৰ পৰা বছৰি প্ৰায় ১৬০০ কিঃগ্ৰাঃ মাছ আৰু ৯৬০ কিঃগ্ৰাঃ গাহৰি উৎপাদন পোৱা যায়।

বছৰি আয় প্রায় ৫১,৭৬৩.০০ টকা।

উৎস: অসম কৃষি বিভাগ।

2.85365853659
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top