অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সমন্বিত হাঁহ আৰু মীন পালন

সমন্বিত হাঁহ আৰু মীন পালন

দিনচেৰেক আগৰ কথা| কুৰুৱাবাহীৰ (বোকাখাত) প্ৰগতিশীল মীনপালক ধৰণী দাসে ফোনযোগে জনালেযে তেওঁ বৃহৎ পৰিসৰত সমন্বিত হাঁহ আৰু মীন পালন আৰম্ভ কৰিবলৈ আগবাঢ়িছে| তেওঁ জনালে যে মীন পালনৰ বিভিন্ন কৌশল তেওঁ ইতিমধ্যে ৰুপায়ণ কৰিছে| এতিয়া গ্ৰাম্য জীৱনৰ অভিজ্ঞতাৰ আধাৰত তেওঁ সমন্বিত হাঁহ আৰু মীন পালন আৰম্ভ কৰিব খুজিছে| তেওঁৰ মতে, অসমৰ গ্ৰাম্য জীৱনত সমন্বিত হাঁহ আৰু মীনপালনৰ ব্যৱস্থা অতি সুলভ| অসমৰ প্ৰায়বোৰ গাওঁবাসীৰে কণী আৰু মাংসৰ বাবে হাঁহ থাকেই| পুখুৰীও প্ৰায়বোৰ ঘৰতে আছে| কেৱল প্ৰয়োজন বিজ্ঞানসন্মত সমন্বয়ৰ| ইয়াত অৱশ্যে সমন্বয়ৰ বিধি-বিধান আৰু হিচাপ-নিকাচ একান্তই মানি চলাটো দৰকাৰ| ধৰণী দাসৰ কথাৰ আঁত ধৰি আমিও ক’ব পাৰো-

বিজ্ঞানসন্মত সমন্বয়

  • এনে সমন্বয়ত একে ঠাইৰ পৰা একে সময়তে কণী, মাছ, মাংস তিনিওটাই উপলব্ধ হয়|
  • হাঁহৰ গঁড়ালটি পুখুৰীৰ ওপৰতে নিৰ্মাণ কৰা হয় বাবে হাঁহ পালনৰ অতিৰিক্ত ঠাইৰ প্ৰয়োজন নহয়|
  • পুখুৰীত থকা কীট-পতংগ, শামুক আৰু অসংগত মাছবোৰ হাঁহে খাই পুখুৰীটো মীন পালনৰ বাবে অধিক সূচল কৰি ৰাখে|
  • তদুপৰি হাঁহ পালনৰ বাবে প্ৰয়োজনীয় পানী থাওকতে সম্ভৱপৰ হয়|
  • মাছৰ বাবে কোনো পৰিপূৰক খাদ্য, জৈৱিক সাৰ, অজৈৱিক সাৰ আদি প্ৰয়োগৰ প্ৰয়োজন নহয়| কাৰণ হাঁহৰ মলত যথেষ্ট নাইট্ৰ’জেন, ফচফৰাচ আৰু পুষ্টিগুণ থাকে| এইবোৰে পানীৰ উৰ্বৰতা বৃদ্ধি কৰি পুখুৰীত মাছৰ প্ৰাকৃতিক খাদ্যৰ উপলব্ধতা নিশ্চিত কৰে| ফলত নিম্ন ব্যয়ত মাছ উৎপাদন হয়|
  • হাঁহে সাঁতোৰাৰ ফলত পানীত অম্লজানৰ পৰিমাণ বৃদ্ধি হয়| ফলত মাছৰ বাঢ়ন দ্ৰুততৰ হয়|
  • হাঁহক যোগান ধৰা খাদ্যৰ এৰেহাখিনি মাছৰ উৎকৃষ্ট খাদ্য| গতিকে অপচয় ভালেখিনি ৰোধ হয়|

অৱশ্যে এই ক্ষেত্ৰত অতিকৈ গুৰুত্বপুৰ্ণ কথাটো হ’ল- হাঁহবোৰক পুখুৰীৰ চাৰিসীমাৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব, যাতে হাঁহৰ মল-মূত্ৰ আৰু এৰেহাখিনি কেৱল পুখুৰীতে নিৰ্গত হয়| প্ৰধানত স্থিৰ পদ্ধতি আৰু ভাসমান পদ্ধতিত এই সমন্বয় ৰুপায়ণ কৰা হয়| সাধাৰণতে, ডাঙৰ অৰ্থাৎ নূন্যতম ২-৩ বিঘা জলকালিৰ পুখুৰীৰ বাবে ভাসমান পদ্ধতিৰ পোষকতা কৰা হয়|

হাঁহৰ গড়াল

স্থিৰ পদ্ধতিত পুখুৰীৰ এটা সুবিধাজনক ঠাইত ছিদ্ৰযুক্ত মজিয়াৰ গঁড়াল সাজি হাঁহ পালন কৰা হয়| পুখুৰীৰ যিকোনো এটা অংশত খুঁটা পুতি গঁড়ালটো নিৰ্মাণ কৰা হয়| সেয়েহে হাঁহৰ মলো এটা  নিৰ্দ্দিষ্ট ঠাইত নিক্ষেপিত হয়| আনহাতে, ভাসমান পদ্ধতিত পুখুৰীৰ যিকোনো ঠাইলৈ নিব পৰাকৈ ছিদ্ৰযুক্ত মজিয়াৰ ভাসমান গঁড়ালত হাঁহ পালন কৰা হয়| ফলত হাঁহৰ মল নিক্ষেপণৰ স্থান সলনি হৈ থাকে| সমন্বিত হাঁহ আৰু মীন পালন কৌশলত পুখুৰীটো অতি কমেও ডেৰ কঠা জলকালিৰ হোৱাটো বাঞ্ছনীয়| পুখুৰীটোত জল গভীৰতা বছৰেকত গড়ে ডেৰ মিটাৰ হ’ব লাগে|হাঁহৰ গঁড়ালৰ ক্ষেত্ৰত বাঁহৰ মিহি কামিৰে বনোৱা ০.৫ বৰ্গ ছেণ্টিমিটাৰ আকাৰৰ ছিদ্ৰযুক্ত এখন ছাং গঁড়ালৰ মজিয়া হিচাপে ব্যৱহাৰ কৰা হয়| কামিৰ মিহি ফালটো ওপৰমুৱাকৈ ৰাখিব লাগে| তেতিয়া হাঁহৰ মল অনায়াসে তললৈ পৰে আৰু হাঁহৰ ভৰিৰ পতাত ঘাঁ নালাগে| প্ৰত্যেক হাঁহৰ বাবে ০.৩০-০.৫০ বৰ্গ মিটাৰ ঠাই বিশিষ্টকৈ চাংখন নিৰ্মাণ কৰিব লাগে| পানীৰ পৰা চাংখনৰ উচ্চতা ৩-৪ ফুট হ’ব লাগে| ভাসমান গঁড়ালৰ ক্ষেত্ৰত মজিয়াখন তেলৰ খালী বেৰেলৰ ওপৰত স্থাপন কৰি লোৱা হয়| গঁড়ালটোৰ মজিয়াৰ পৰা মূধচলৈ উচ্চতা ১-১.৫ মিটাৰমান হ’ব লাগে| চালখন খেৰেৰে বনোৱাটোৱেই শ্ৰেয়| গঁড়ালটোত বতাহ আৰু পোহৰ সোমোৱাৰ সুব্যৱস্থা থাকিব লাগে| চাৰিপিনৰ বেৰৰ ওপৰৰ ১/৩ অংশত বাঁহৰ চিলিং আৰু বাকী ২/৩ অংশত গাধৈ বেৰ দিব লাগে| মানুহ ওলোৱা-সোমোৱা কৰিব পৰাকৈ দৰ্জা আৰু গৃহ গঁড়ালৰ পৰা অহা-যোৱা কৰিব পৰাকৈ দলঙৰ ব্যৱস্থা কৰিব লাগে| ভাসমান গঁড়ালৰ ক্ষেত্ৰত গঁড়ালটো পানীৰপৰা পাৰলৈ চপাই আনিব পৰাকৈ ৰচী সংলগ্ন কৰিব লাগে|

হাঁহ আৰু মীনপালন সম্বনয়ৰ নীতি নিয়ম

পুখুৰীটো সংমিশ্ৰিত মীন পালনৰ দৰে প্ৰস্তুত কৰি পালনকালীন সময় আৰু প্ৰস্তুতিৰ সময়ত বিধি অনুযায়ী নিৰ্দ্দিষ্ট হিচাপ-নিৰিখ আৰু পদ্ধতিমৰ্মে চূণ প্ৰয়োগ কৰিব লাগে| এইক্ষেত্ৰতো সকলোখিনি সংমিশ্ৰিত মীন পালনৰ দৰে একে|

পুখুৰীত পোনা মেলাৰ এমাহ আগেয়ে গঁড়াললৈ দুই-চাৰি মাহ বয়সৰ হাঁহ পোৱালি অনা হয়| ১৮ মাহ বয়সৰ পিছত হাঁহৰ বাহটো সলনি কৰিব লাগে| প্ৰতি বিঘা জলকালি হিচাপত ৪০ টা হাঁহ মতা আৰু মাইকী ১:৫ অনুপাতত মেলিব লাগে| উন্নত জাতৰ হাঁহ, যেনে- খাকি কেম্পবেল, ছাৰা ছামেলী বা বৰ্নসংকৰ অধিক কণী দিয়াৰ ক্ষমতা থকা হাঁহ পালন কৰিব লাগে| এইক্ষেত্ৰত পশু চিকিৎসক বা সংশ্লিষ্ট বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়| বিভিন্ন সময়ত বিভিন্ন জনে এনে প্ৰসংগত প্ৰশ্ন অৱতাৰণা কৰে যদিও হাঁহৰ প্ৰাপ্তিস্থান, উন্নত জাত, হাঁহ পালনৰ বিধি, প্ৰ্তিষেধক, বেমাৰ-আজাৰত ল’বলগীয়া ব্যৱস্থা আদি সম্পৰ্কে স্থানীয় পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰিবলৈ অনোৰোধ কৰা হ’ল| তেনে এজন অভিজ্ঞ তথা সৰবৰহী পশু চিকিৎসক হ’ল ডা: প্ৰাণজিৎ বৰুৱা (৯৪৩৫০৪৬২০২)| হাঁহ পালন সম্পৰ্কীয় তথা আনুসংগিক তথ্য ইচ্ছুকসকলে ডা: বৰুৱাৰ পৰাও আহৰণ কৰিব পাৰিব| হাঁহে প্ৰায়খিনি খাদ্য পুখুৰীৰ পৰাই সংগ্ৰহ কৰে যদিও দৈনিক ১২০ গ্ৰামমান খাদ্য হাঁহে প্ৰতি দিয়া উচিত| কুকুৰাৰ খাদ্য আৰু চাউলৰ মল ১:২ হিচাপত মিহলায়ো খাদ্য প্ৰয়োগ কৰিব পাৰি| ঘৰৰ পেলনীয়া আহাৰ আৰু সেউজীয়া শাক-পাচলি মিহি মিহিকৈ কুটিও প্ৰয়োগ কৰিব পাৰি|

পুখুৰীত হাঁহৰ মল নিয়মিতভাৱে নিক্ষেপিত হৈ থাকিবলৈ দিব লাগে| হাঁহ মেলাৰ ২০-৩০ দিন পিছত হেক্টৰে প্ৰতি ৫,৫০০ টা ১০-১৫ ছেণ্টিমিটাৰ গড় দৈৰ্ঘ্য বিশিষ্ট আৰু ২০-২৫ গ্ৰাম গড় ওজন বিশিষ্ট বছৰেকীয়া পোনা ছিলভাৰ কাপ (২০ শতাংশ), গ্ৰাছ কাৰ্প (১০ শতাংশ), ৰৌ (১৫ শতাংশ), মিৰিকা (২০ শতাংশ), বাহু (১৫ শতাংশ), আৰু কমনকাৰ্প/কুঢ়ি/মালি (২০ শতাংশ) হিচাপত মেলিব লাগে| গ্ৰাছকাৰ্পৰ বাবে খাদ্য যোগানৰ বাদে আন প্ৰজাতিৰ বাবে কোনো পৰিপূৰক খাদ্য বা সাৰ প্ৰয়োগ কৰিব নালাগে| এই কৌশল ৰুপায়ণ কৰি এক হেক্টৰ জলকালিৰ পৰা বছৰেকত কমেও ৪,৫০০ কিলোগ্ৰাম মাছ, ২৫,০০০ টা কণী আৰু ৫০০ কিলোগ্ৰাম হাঁহৰ মাংস অনায়াসে পাব পাৰি|

এই সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নম্বৰত ফোন কৰি অভিজ্ঞ ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰে|

লেখক: ড° ধ্ৰুবজ্যোতি শৰ্মা

উৎস:দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate