অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাষ্ট্ৰীয় মীনপালক দিৱস আৰু সুনীল বিপ্লৱ

ৰাষ্ট্ৰীয় মীনপালক দিৱস আৰু সুনীল বিপ্লৱ

ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। মাছ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল। সেই সময়ত আমাৰ মীনপালকসকলে নৈ, বিল আদি প্ৰাকৃতিক জলাশয়ৰ পৰা মাছ পোনা সংগ্ৰহ কৰিব লগা হৈছিল। কমন কাৰ্প, টিলাপিয়া আদি কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে বাকী কাৰ্প জাতীয় মাছে বন্ধ পানীত প্ৰাকৃতিকভাৱে প্ৰজনন নকৰে। প্ৰজননৰ বাবে এই মাছবিলাকক বোৱঁতী পানীৰ দৰকাৰ হয়। গতিকে মীন বিজ্ঞানীসকলে নানা ধৰণে কষ্ট কৰি এটা সময়ত মাছৰ আৱিষ্ট প্ৰজনন কৰিবলৈ সমৰ্থ হৈছিল। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত প্ৰফেছৰ ড° হীৰালাল চৌধুৰী আৰু ড° কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল। আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড° চৌধুৰী আৰু ড° আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ হয়। তেওঁলোক দুয়োজনৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীনপালক দিৱস’ হিচাপে ঘোষণা কৰে। তেতিয়াৰপৰা বৰ্তমানলৈ এই ১০ জুলাইৰ দিনটো মীনপালক দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে। ভাৰতবৰ্ষত সুনীল বিপ্লৱৰ সূচনাৰ বাবে প্ৰথমবাৰৰ বাবে কৃতকাৰ্য হোৱা দিনটোকে আমি ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি আহিছোঁ। কৃত্ৰিমভাৱে মাছ পোনা উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত মীন উদ্যোগে বিপুলভাৱে আগবাঢ়ি গৈছে। ভাৰতবৰ্ষ এখন কৃষিপ্ৰধান দেশ। এই কৃষিপ্ৰধান দেশ এখনৰ উন্নয়নৰ হাৰ নিৰ্ভৰ কৰে কৃষিক্ষেত্ৰৰ সুফল প্ৰয়োগৰ ওপৰত। বৰ্তমান দেশখনত জনসংখ্যাৰ বৃদ্ধি আৰু তাৰ লগে লগে নিবনুৱা সমস্যাই এক জটিল ৰূপ ধাৰণ কৰিছে। ২০০১ চনৰ লোকপিয়ল মতে, ভাৰতবৰ্ষত জনসংখ্যা আছিল ১,০২৮.৭০ মিলিয়ন। ২০১১ চনত ই বৃদ্ধি হৈ ১,২১০.১৯ মিলিয়ন হৈছেগৈ। মুঠ জনসংখ্যাৰ ভিতৰত মৎস্যজীৱী জনসংখ্যা ১,৪৪,৮৫,৩৫৪; ইয়াৰ ভিতৰত পুৰুষ ৪৬,৯৬,১৫৮; মহিলা ৪০,৩৩,৯৬৩ আৰু সৰু ল’ৰা-ছোৱালীৰ সংখ্যা ৫৭,৫৫,২৩৩। ভাৰতবৰ্ষত মাছ মৰা কামত সম্পূৰ্ণভাৱে জড়িত আছে ৯,৩৩,১২৪ জন আৰু আংশিকভাৱে জড়িত আছে ১০,৭২,০৭৯ জন। তদুপৰি দেশখনত মাছৰ ব্যৱসায়ৰ লগত ৩,৯১,০০০ জন, জাল মেৰামতি কৰা কামত ২,৪৫,১০০, মাছ প্ৰছেছিঙত ৪৬,২০০ আৰু অন্যান্য কামত ৩,৩৪,৭০০ জন লোক জড়িত হৈ আছে। এনেদৰে বিশাল সংখ্যক লোক মৎস্য পালনৰ লগত জড়িত হৈ আছে যদিও বৰ্তমান নগৰীকৰণ, ঔদ্যোগীকৰণ, কৃষিভূমিৰ অৱক্ষয়, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন কাৰণৰ বাবে আমাৰ দেশৰ অধিকাংশ লোকেই নিশ্চিত উপাৰ্জনৰ বাবে চাকৰিকেই বাছি ল’ব বিচাৰে। আমাৰ দেশত চৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অৰ্থনৈতিক সংস্কাৰৰ বাবে দেশলৈ আমন্ত্ৰণ কৰি অনা বহুৰাষ্ট্ৰীয় গোষ্ঠীসমূহৰ নিয়োগ ক্ষেত্ৰত খালী হৈ থকা সকলো পদ পূৰণ কৰিলেও বৰ্তমানৰ চাকৰি প্ৰত্যাশীৰ ১০ শতাংশকো নিয়োগ কৰাটো সম্ভৱ নহ’ব। এই কঠোৰ বাস্তৱৰ মুখামুখি হ’বলৈ হ’লে দেশৰ অৰ্থনীতিৰ বুনিয়াদ স্বৰূপ ‘কৃষি আৰু ভূমি ভিত্তিক উদ্যোগ’সমূহৰ উৎপাদকতা বৃদ্ধি কৰি নিবনুৱাসকলৰ সংস্থাপনৰ বাবে অধিক কৰ্মস্থল সৃষ্টি কৰিব লাগিব। ভাৰতবৰ্ষৰ সেউজ বিপ্লৱৰ পিতৃ ড° এম এছ স্বামীনাথনৰ মতে, আঞ্চলিক বৈষম্য আৰু নগৰমুখী প্ৰব্ৰজন ৰোধ কৰি কৃষিক্ষেত্ৰত অধিক নিয়োগ স্থল সৃষ্টি কৰাৰ বাবে ভূমিভিত্তিক কৃষিক বাণিজ্যিক স্তৰলৈ উন্নীত কৰাটো অতীব প্ৰয়োজনীয়। পিংগালী আৰু ৰ’জগ্ৰাণ্টৰ মতে, কৃষিক বাণিজ্যিক স্তৰলৈ উন্নীত কৰাৰ বাবে গুণিতকৰ উৎপাদনৰ পাম পদ্ধতি অৱলম্বন কৰিব লাগিব। অৰ্থাৎ কৃষিৰ লগে লগে মীন পালন, পলু পালন, মৌ পালন আদি উদ্যোগসমূহৰো বিকাশ সাধন কৰিব লাগিব। ভাৰতবৰ্ষৰ ভূমিভিত্তিক পামসমূহৰ উৎপাদনৰ ক্ষেত্ৰত মীন উদ্যোগে চমকপ্ৰদ সাফল্য লাভ কৰিছে। পৃথিৱীৰ মাছ উৎপাদন কৰা দেশসমূহৰ ভিতৰত ২০১৩-১৪ বৰ্ষত ভাৰতবৰ্ষই ৫.৬৮ শতাংশ মাছ উৎপাদন কৰি দ্বিতীয় স্থান দখল কৰিছে। চীনৰ পিছতে আমাৰ দেশখনে মাছ উৎপাদনৰ ক্ষেত্ৰত দ্বিতীয় বৃহৎ ৰাষ্ট্ৰৰূপে পৰিচয় দিছে। ভাৰতবৰ্ষত প্ৰায় ১৪.৪৯ মিলিয়ন লোক মাছৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত। ভাৰতবৰ্ষত ২০১৩-১৪ চনত মাছ উৎপাদন হৈছিল ৯.৫৮ মিলিয়ন টন, য’ত ৬.১৪ মিলিয়ন টন আহিছিল অলৱণীয় পানীৰপৰা আৰু ৩.৪৪ মিলিয়ন টন আহিছিল সাগৰীয় পানীৰপৰা। ১৯৫০-৫১ৰ পৰা ২০১৩-১৪ লৈকে যদি মাছ উৎপাদনৰ কথা লক্ষ্য কৰা যায়, তেনেহ’লে এইটো পৰিলক্ষিত হয় যে লৱণযুক্ত পানীৰ মাছৰ উৎপাদনৰ তুলনাত অলৱণীয় পানীৰ মাছৰ উৎপাদন বৃদ্ধি পাইছে। ষাঠিৰ দশকৰ শেষত সূচনা কৰা জলসংবৰ্দ্ধন প্ৰযুক্তিৰ বিকাশে অলৱণীয় পানীৰ মাছ উৎপাদনৰ ক্ষেত্ৰত প্ৰভূতভাৱে বিস্তাৰ লাভ কৰিছে। ২০১৩-১৪ চনৰ ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনত মাছে ৭৮,০৫৩ কোটি টকাৰ বৰঙনি যোগাইছে। ভাৰতবৰ্ষৰ জি ডি পিত মীন উদ্যোগে ০.৮৩ শতাংশ বৰঙনি দিয়াৰ বিপৰীতে কৃষিক্ষেত্ৰই বৰঙনি যোগায় ৪.৭৫ শতাংশ। ২০১৩-১৪ বৰ্ষত ভাৰতবৰ্ষই ৯৮৩.৭৬ লাখ টন মাছ ৰপ্তানি কৰে আৰু তাৰপৰা ৩০,২১৩.২৬ কোটি টকাৰ বহুমূলীয়া বৈদেশিক মুদ্ৰা উপাৰ্জন কৰে। ভাৰতবৰ্ষৰ জলসম্পদ ৰাজিৰ, যেনে- নৈ, বিল হ্ৰদ, ৰিজাৰ্ভাৰ আদি জলাধাৰসমূহৰ যথোচিত ব্যৱহাৰৰ দ্বাৰা মাছৰ উৎপাদন বৃদ্ধিৰ বাবে উপযুক্ত প্ৰযুক্তি উদ্ভাৱনৰ থল আছে। কিন্তু পুখুৰীৰ ক্ষেত্ৰত জলসংবৰ্দ্ধন প্ৰযুক্তিৰ বিকাশে প্ৰায় পূৰ্ণতা লাভ কৰিছে। অলৱণীয় পানীৰ পুখুৰীত সংমিশ্ৰিত পদ্ধতিত কাৰ্প পালন আৰু মিছামাছ পালনৰ উদ্দেশ্যে উদ্ভাৱন কৰা প্ৰযুক্তিসমূহে প্ৰচুৰ প্ৰসাৰতা লাভ কৰিছে। মীনপালকসকলে আমাৰ দেশত উদ্ভাৱন হোৱা প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ জৰিয়তে মীনক্ষেত্ৰক বাণিজ্যিক শিল্প ৰূপ দিবলৈ আগবাঢ়ি আহিছে। উদাহৰণস্বৰূপে অন্ধ্ৰপ্ৰদেশে মীন পালনত প্ৰতি হেক্টৰ পানী কালিত ৭,০০০-১৪,০০০ কিলোগ্ৰাম মাছ উৎপাদন কৰি অভিলেখ গঢ়িছে। অন্ধ্ৰপ্ৰদেশে অতি কম দিনৰ ভিতৰতে দেশখনৰ ভিতৰতে মাছ উৎপাদনৰ জৰিয়তে প্ৰথম স্থান দখল কৰিছে। বৰ্তমান অন্ধ্ৰপ্ৰদেশে অন্য কৃষি ক্ষেত্ৰতকৈ মীনক্ষেত্ৰত অধিক গুৰুত্ব দিছে। অসমৰ ক্ষেত্ৰতো মৎস্য উৎপাদনত যথেষ্ট সুবিধা আছে যদিও আজিকোপতি আমি এই ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হ’ব পৰা নাই। অসমত মাছৰ উৎপাদন ২০০০-০১ৰ পৰা ২০১৩-১৪ লৈ বাঢ়িছে যদিও সেই উৎপাদেনেৰে আমাৰ চাহিদা পূৰণ নহয়। সেয়ে আমি বাহিৰৰ ৰাজ্যৰপৰা মাছ আমদানি কৰিব লগা হয়। তলৰ তালিকাত অসমৰ মাছৰ উৎপাদন(২০০০-০১ৰ পৰা ২০১৩-১৪লৈ)দিয়া হ’ল(লাখ টন হিচাপত)।

(সূত্ৰ: ষ্টেটিছটিকেল হেণ্ডবুক অব্‌ ফিচাৰীজ, ২০১৪)

২০০০-০১

১৫৮.৬২

২০০১-০২

১৬১.৪৫

২০০২-০৩

১৬৫.৫২

২০০৩-০৪

১৮১.০০

২০০৪-০৫

১৮৬.৩১

২০০৫-০৬

১৮৮.০০

২০০৬-০৭

১৮১.৪৮

২০০৭-০৮

১৯০.৩২

২০০৮-০৯

২০৬.১৫

২০০৯-১০

২১৮.৮২

২০১০-১১

২২৭.২৪

২০১১-১২

২২৮.৬২

২০১২-১৩

২৫৪.২৭

২০১৩-১৪

২৬৬.৭০

মীন সম্পদৰ প্ৰাচুৰ্য, মাছৰ চাহিদা, বজাৰ দৰ, অৰ্থনৈতিক লাভালাভ আৰু প্ৰযুক্তিৰ উদ্ভাৱন তথা বিকাশ, এই সকলো দিশৰপৰা অন্যান্য ৰাজ্যৰ তুলনাত অসমত মীন পালনৰ জৰিয়তে স্বনিয়োজনৰ যথেষ্ট অৱকাশ আছে আৰু অসমৰ অৰ্থনৈতিক বিকাশত ই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। অসমত মুঠ জলসম্পদ প্ৰায় ৩,৪৪,৭৩০ হেক্টৰ। ইয়াৰে ২০,৫০০ হেক্টৰ নদী, ১,০০,০০০ হেক্টৰ বিল, ৫,০১৭ হেক্টৰ জলাহ, ১,৭১৩ হেক্টৰ বিদ্যুৎ প্ৰকল্পৰ জলাধাৰ আৰু ২৫,০০০ হেক্টৰ পুখুৰী  আছে। উত্তৰ-পূব পৰিষদে চলোৱা এক সমীক্ষা(১৯৯১)মতে অসমৰ মীন সম্পদৰাজিৰ যথোচিত ব্যৱহাৰৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰায় ২,৪৯,২০০ জন লোকক আৰু পৰোক্ষভাৱে প্ৰায় ৫২.২ নিযুত লোকক সংস্থাপন দিব পৰা যায়। কিন্তু উপযুক্ত নীতিৰ অভাৱত ৰাজ্যখনৰ মীনক্ষেত্ৰত এতিয়ালৈ সম্ভাৱনাৰ ১ শতাংশ লোককো নিয়োগ কৰিব পৰা হোৱা নাই। নদী, বিল, জলাহ আদিত আজি পৰ্যন্ত আমি উপযুক্ত কৌশল প্ৰয়োগ কৰি মাছ উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। অসম ৰাজ্যিক মীন উন্নয়ন নিগমে ৰাজ্যখনৰ কেইবাখনো বিলত অপতৃণ নিবাৰণ কৰি মীন পালনৰ ব্যৱস্থা কৰিছে যদিও উৎপাদনৰ হাৰ প্ৰতি হেক্টৰত ১,০০০ কিলোগ্ৰামতে সীমাবদ্ধ আছে। অৰ্থাৎ বিলত মীন পালনৰ বাবে উপযুক্ত প্ৰযুক্তি-কৌশল বৰ্তমানেও ব্যৱহাৰ হোৱা নাই। যদি চৰকাৰে এইক্ষেত্ৰত এক সুস্পষ্ট নীতি গ্ৰহণ কৰি মাছৰ উৎপাদন ১,০০০-৪,০০০ কিলোগ্ৰামলৈ বঢ়াব পাৰে, তেনেহ’লে ৰাজ্যখনে বাহিৰৰপৰা মাছ আমদানি কৰিব লগা নহয়। বৰং আমি অন্য ৰাজ্যলৈ মাছ ৰপ্তানি কৰিবলৈহে সক্ষম হ’ম। ইয়ে আমাৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে নিবনুৱা সমস্যা সমাধানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেতিয়াহে প্ৰকৃততে সুনীল বিপ্লৱৰ সূচনা হ’ব।

লেখক: প্ৰতুল ডেকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate