আলংকাৰী মাছ পালন আৰু ইয়াৰ বৃদ্ধি ঘটোৱা কাৰ্য্যই বহুতকে আনন্দৰ খোৰাক যোগোৱাৰ ওপৰিও অৰ্থ উপাৰ্জনৰ পথো খুলি দিয়ে। গোটেই বিশ্বজুৰি প্ৰায় ৬০০ বিধ আলংকাৰী মাছৰ প্ৰজাতি আছে। ভাৰতীয় পানীত ১০০ তকৈয়ো অধিক থলুৱা প্ৰজাতি আৰু প্ৰায় একে সংখ্যক আৱদ্ধ ৰাখি প্ৰজনন কৰা বিদেশী মাছৰ প্ৰজাতিৰে আলংকাৰী মাছৰ ক্ষেত্ৰত চহকী বৈচিত্ৰতা আছে।
পৰিষ্কাৰ থলুৱা আৰু বিদেশী জাতৰ পৰিষ্কাৰ পানীৰ মাছবিলাকৰ ভিতৰত ভাল চাহিদা থকা মাছবিলাকৰ প্ৰজনন ঘটাই ব্যৱসায়িকভাবে পালন কৰিব পাৰি। অতি সহজতে উৎপাদন কৰিব পৰা, ব্যৱসায়িকভাবে জনপ্ৰিয় প্ৰজাতিবিলাক এগলেয়াৰচ আৰু লাইভবিয়াৰাৰচ প্ৰকাৰ হিচাপে আহে।
ৰপ্তানী বাজাৰত অত্যাধিক চাহিদা থকাৰ বাবে বোকাৰ কেঁকোৰা খুবেই জনপ্রিয়। অন্ধ্রপ্রদেশ, তামিলনাডু, কেৰালা আৰু কর্ণাটকৰ উপকূল অঞ্চলবিলাকত ব্যৱসায়িক ভিত্তিত বোকাৰ কেঁকোৰা পালনৰ দ্রুত উন্নতি হৈছে।
স্কাইলা শ্ৰেণীৰ বোকাৰ কেঁকোৰা উপকূল অঞ্চল, নদীৰ মোহানা আৰু নদীৰ কাষৰ আৱদ্ধ পানীত থাকে।
মুকুতা হল মোলাস্কা প্ৰজাতিৰ শামুকৰ পৰা উপন্ন এবিধ প্রাকৃতিক ৰত্ন। ভাৰতবৰ্ষকে ধৰি পৃথিবীৰ সকলো ঠাইতে এফালে যেনেকৈ মুকুতাৰ চাহিদা বৃদ্ধি পাইছে, আনফালে অত্যাধিক হাৰত মুকুতা উঠোৱা আৰু প্রদূষণৰ ফলত প্রকৃতিত ইয়াৰ সংখ্যা কমি গৈছে। ভাৰতে ঘৰুৱা চাহিদা পূৰাবলৈ আন্তর্জাতিক বজাৰৰ পৰা প্রচুৰ পৰিমানে মুকুতা আমদানি কৰে। ভুৱনেশ্বৰৰ চেন্ট্রেল ইন্সটিট্যুট অফ ফ্রেছওৱাটাৰ একুৱাকালচাৰে গোটেই দেশজুৰি উপলব্ধ সাধাৰণ পৰিষ্কাৰ পানীৰ শামুক (ম’ছেল- mussel)ৰ পৰা পৰিষ্কাৰ পানীত মুকুতা পালনৰ প্রযুক্তি উলিয়াইছে। বালিৰ দানা, কীট ইত্যাদি কোনো বাহিৰা বস্তু কেনেবাকৈ এনে শামুকৰ দেহত প্রবেশ কৰাৰ পিছত শামুকে যদি ইয়াক পৰিত্যাগ কৰিব নোৱাৰিলে আৰু তাৰ পৰিবৰ্ত্তে ইয়াৰ ওপৰত স্তৰে স্তৰে এটি চকচকিয়া আস্তৰণ পৰি মুকুতা তৈয়াৰ হয়। এই প্ৰক্ৰিয়াটো মুকুতা পালনত ব্যৱহাৰ কৰা হয়।
পৰিষ্কাৰ পানীৰ মিছামাছ (মেক্র’ব্রেকিয়াম মেলকমছোনাই)হ’ল সাধাৰণতে বঙ্গোপসাগৰত মিলিত হোৱা ভাৰতীয় নদীবিলাকত জন্মা দ্বিতীয় বৃহত্তম দ্রুত বর্ধনশীল মিছামাছ। একক পালন পদ্ধতিত 750-1000 কি.গ্ৰাম মিছামাছ/হে /8 মাহত উত্পাদন হয়। ইয়াৰ ওপৰিও ইয়াক বহুপালন পদ্ধতিত ৰৌ, কাতল ইত্যাদি প্রধান ভাৰতীয় কার্প প্রজাতি আৰু চাইনীজ কার্পৰ লগতো পালন কৰিব পৰা যায় যাৰ পৰা 400 কি.গ্ৰাম মিছামাছ আৰু 3000 কি.গ্ৰাম কার্প/হে/বছৰ পোৱা যাব পাৰে। যিহেতু এই প্রজাতিৰ ব্যৱসায়িক পালনৰ বাবে প্রয়োজনীয় পৰিমাণৰ বীজ প্রকৃতিৰ পৰা পোৱা নাযায়, সেয়ে বছৰ জুৰি জোগানৰ বাবে নিয়ন্ত্রিত পৰিবেশত বৃহৎ মাত্রাত বীজ উৎপাদন অত্যন্ত জৰুৰী। বহুল পৰিমানে বীজ উৎপাদন আৰু ডাঙৰ কৰাৰ প্রযুক্তিৰ উদ্ভাৱনে মাছপালক আৰু উদ্যোগীসকলক আকৰ্ষিত কৰিছে।
ব্রূড স্ট’ক আৰু কণীযুক্ত স্ত্রী মিছামাছ হ’ল অব্যাহতভাবে বীজ উৎপাদন কৰাৰ বাবে অত্যাৱশ্যকীয় উপাদান। এই প্রজাতিৰ যৌন পৰিপক্কতাৰ ক্ষেত্রত কৃষি- জলবায়ুৰ অৱস্থাৰ উপৰত নির্ভৰ কৰি প্রচুৰ বৈচিত্র্যতা দেখা যায়। গঙ্গা, হুগলী আৰু মহানদী নদীবিলাকত প্রজনন আৰু পৰিপক্ক মে মাহত আৰম্ভ হৈ অক্টোবৰৰ শেষলৈকে থাকে, আনহাতে গোদাবৰী, কৃষ্ণা আৰু কাবেৰী অঞ্চলত ই এপ্রিলত আৰম্ভ হৈ নভেম্বৰলৈকে থাকে। পুখুৰি জাতীয় জলাশয়ত সাধাৰণতে মাছবিলাক সর্বাধিক 60-70 মি.মি. আকাৰৰ হলে যৌন পৰিপক্কতা পায়। কিছুমান পুখুৰিত গোটেই বছৰজুৰি কণীযুক্ত স্ত্রী মিছা মাছ দেখা যায়৷ মুঠ সংখ্যাৰ অনুপাতত স্ত্রী মিছা মাছৰ সংখ্যা আগস্ট-চেপ্টেম্বৰ মাহত অধিক হোৱা দেখা যায় আৰু এই সময়ত এইবিলাকে যথেষ্ট সংখ্যক কণী বহন কৰে (8000-80,000)৷ এটা ঋতুত মিছামাছৰ 3-4 বাৰ প্রজনন ঘটে৷ এয়াৰ-লিফ্ট বায়ো-ফিল্টাৰ ৰি-চার্কুলেটৰি চিস্টেম ব্যৱহাৰ কৰি আৱদ্ধ পদ্ধতিত সফলভাবে প্রজনন আৰু গোটেই বছৰ জুৰি বীজ উৎপাদন কৰাটো সম্ভৱপৰ৷
ভাৰতবর্ষত মাছপালনৰ ক্ষেত্ৰত কাৰ্পেই প্রধান। ভাৰতবৰ্ষত মূখ্যতঃ তিনিধৰনৰ প্রধান ভাৰতীয় কাৰ্প যেনে কাতল, ৰৌ, মিৰিকা আৰু ইয়াৰ লগতে তিনিটা বিদেশী কাৰ্প, যেনে চিলভাৰ কাৰ্প, গ্রাছ কাৰ্প আৰু সাধাৰণ কাৰ্পৰ অৱদান দেশখনৰ মুঠ মাছপালনৰ ৮৫ শতাংশ। প্ৰযুক্তিগত হস্তক্ষেপৰ ফলত যোৱা তিনি দশকত পুখুৰী আৰু জলাশয়ত মাছৰ জাতীয় গড় উৎপাদনৰ মাত্রা প্রায় ৬০০ কিলোগ্ৰাম/হে পৰা বাড়ি ২০০০ কিলোগ্ৰাম/হে.-তকৈয়ো অধিক হৈছে। অন্ধ্রপ্রদেশ, পশ্চিমবঙ্গ, পাঞ্জাব আৰু হৰিয়ানা ইত্যাদি ৰাজ্যত
মাছ ধৰাটো সাধাৰণতে ১০ মাহৰ পৰা এবছৰ পালনৰ পিছত কৰা হয়। কিন্তু মাজে মাজে বিক্ৰী কৰাৰ বাবে উপযুক্ত ডাঙৰ মাছবিলাক উঠোৱা হয় যাতে জলাশয়ত মাছৰ ঘনত্ব কমি যায় আৰু আন মাছবিলাকে বৃদ্ধিৰ বাবে অধিক ঠাই পায়।
উত্স: আইএনডিজি দল।শেহতীয়া উন্নীতকৰণ: : 3/19/2020