মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / কৃষক উৎপাদক কোম্পেনী বা এফ পি চি (FPC) কি ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষক উৎপাদক কোম্পেনী বা এফ পি চি (FPC) কি ?

কৃষক উৎপাদক কোম্পেনী বা এফ পি চি (FPC) কি লিখা হৈছে

কৃষক উৎপাদক কোম্পেনী হৈছে এনে এটা সংগঠন যি – কোম্পেনী অধিনিয়ম, ১৯৫৬ৰ সংশোধনীৰ অধীনত পঞ্জীয়নকৃত৷ ইয়াৰ যাৱতীয় সাল-সলনি কৰিবলগা হ’লে- কোম্পেনী অধিনিয়ম, ২০১৩ৰ ৪৫৬ নং ধাৰা, কোম্পেনী অধিনিয়ম, ১৯৫৬ৰ ভাগ ৯এ প্ৰাৱধান অনুযায়ী প্ৰযোজ্য হব৷ ইয়াৰ উদ্দেশ্য সমুহ কোম্পেনী এক্ট ১৯৫৬ৰ ৫৮১ বি অনুসাৰে হব লাগিব৷ এটা কোম্পেনীৰ নামাকৰন কৰিবৰ সময়টো কিছু বাধ্য-বাধ্যকতা আছে৷ যেনে- প্ৰতিটো কোম্পেনীৰ নামৰ শেষত ‘উৎপাদক কোম্পেনী লিমিটেড’ থকাটো বাধ্যতামুলক৷ আনহাতে উৎপাদক কোম্পেনীটোৰ নামটো এনে হোৱা উচিত যাতে ইয়াৰ দ্বাৰা সকলো সদস্য উৎসাহিত হয় আৰু কোম্পেনীটোৰ উদ্দেশ্য প্ৰতিফলিত হয়৷ এই নামটো পাবৰ বাবে ই-ফৰ্ম আই এন চি -১ ৰ জৰিয়তে অনলাইন আবেদন কৰিব লাগিব৷ এই নামৰ আবেদনৰ লগত ১,০০০টকাৰ মাচুলসহ ডিজিটেল স্বাক্ষৰটো গাঠি দিব লাগিব৷ এটা উৎপাদক কোম্পেনীৰ সদস্য হবলৈ হ’লে ইচ্ছুক ব্যক্তিগৰাকীয়ে প্ৰথম নিয়ম অনুসৰি এটা কৃষক উৎপাদক সংস্থাৰ সদস্য হব লাগিব৷ কাৰণ কৃষক উৎপাদক কোম্পেনী এটাই ইয়াৰ সদস্য সকলৰ জড়িয়তেহে কাম কৰিব পাৰে৷ এই সদস্যসকলেই কোম্পেনীটো গঠনো কৰিব লাগে৷ আৰু নিৰ্বাচীত সদস্যমণ্ডলীয়েই এই কোম্পেনী পৰিচালনাও কৰিব লাগে৷ আনহাতে ২য় নিয়ম অনুসৰি কোনো এটা উৎপাদক কোম্পেনীৰ শ্বেয়াৰ কিনি লৈও সদস্য পদ লব পাৰে৷ আনহাতে, এটা উৎপাদক কোম্পেনীৰ নুন্যতম স্বীকৃত মূলধন হৈছে ৫ লাখ৷ অৱশ্যে কোম্পেনীৰ চুক্তিনামা অনুসৰি মূলধন ইয়াতকৈও বেছি হব পাৰে৷ কাৰণ চুক্তিত উল্লেখ কৰাৰ দৰে উদ্দেশ্যসমুহ কাৰ্যকৰী কৰাৰ বাবে উক্ত স্বীকৃত মূলধন যথেষ্ট হব লাগিব৷ আৰু ইয়াৰ নুন্যতম পৰিশোধিত মূলধন (Paid capital) ১লাখ টকা হব লাগিব৷ এই সম্পুৰ্ণ মূলধন বাস্তৱসন্মত হব লাগিব৷ এটা এফ পি চি গঠন, পঞ্জীয়ন বা পৰিচালনাৰ বাবে লবলগীয়া প্ৰথম পদক্ষেপটো হৈছে ওপৰত উল্লেখ কৰাৰ দৰেই এটা এফ পি অ’ গঠন কৰিব লাগিব৷ আৰু এই গোটটোৰ উপাৰ্জন বৃদ্ধিৰ বাবে লবগলীয়া আঁচনিসমুহো প্ৰাথমিক পৰ্যায়তে যুগুত কৰি লব লাগে৷ ইয়াৰ পাছৰ পদক্ষেপ হিচাপে, উৎপাদক কোম্পেনীটোৰ কাৰণে আগ্ৰহী সদস্যসকলে এই কোমপানীটোৰ বিষয়ে সম্পূৰ্ণ তথ্য আহৰণ কৰিব লাগে;  কোম্পেনী গঠনৰ প্ৰয়োজনীয়তা, ইয়াৰ উদ্দেশ্য, সাম্ভাব্য ৱ্যবসায় আৰু ইয়াৰ পৰিকল্পনা সম্পৰ্কে  আলোচনা, ইয়াৰ কাৰ্যপ্ৰণালীৰ প্ৰশিক্ষণ ইত্যাদিৰ জড়িয়তে সকলো সদস্য একগোট হব লাগে আৰু নিজৰ মাজত কোনো ধৰণৰ খোকোজা থাকিলে নিশ্চিন্ত হৈ লব লাগে৷ কাৰণ এই কোম্পেনীত উৎপাদক সদস্যসকলেই মূল চালিকা শক্তি৷ কোম্পেনী গঠনৰ গোটেই প্ৰক্ৰিয়াটোৰ এইখিনিলৈকে প্ৰায় ৩মাহৰ পৰা ৬ মাহলৈকে সময় লাগে৷ ইয়াৰ পাছৰ কাম আহি পৰে প্ৰতিষ্ঠাপক সঞ্চালক (Promoter Director) নিৰ্বাচন আৰু কোম্পেনীটোৰ খছৰা প্ৰস্তুত৷ খছৰা অনুচ্ছেদ আৰু স্মাৰকপত্ৰ বনাবৰ কাৰণে প্ৰয়োজন হ’লে পৰামৰ্শদাতাৰ পৰামৰ্শ লব লাগে আৰু সকলো সদস্যৰে এখন সভা আহ্বান কৰি খছৰা আৰু স্মাৰকপত্ৰৰ অনুমোদন লব লাগে৷ এই সভাতে প্ৰতিষ্ঠাপক সঞ্চালক বাচনি কৰি লব লাগে৷ প্ৰতিজন সদস্যই খটুৱাব লগা মূলধনৰ পৰিমান নিৰ্ণয় কৰিব লাগে৷ ইয়াৰ পাছৰ পৰ্য্যায়ত, মুলধন আৰু জমা ৰাশি সংগ্ৰহ কৰিব লাগে৷


এটা উৎপাদক কোম্পেনী গঠনৰ ক্ষেত্ৰত থকা ন্যায়িক প্ৰক্ৰিয়া সমূহ হ’ল –


১) প্ৰতিষ্ঠাপক সঞ্চালকজনৰ ডিজিটেল স্বাক্ষৰ থাকিব লাগিব, যি জনে কোম্পেনীৰ হৈ আৰ অ’ চি অনলাইন যোগে দাখিল কৰা সকলো নথিপত্ৰত ডি এছ চি সংস্থাপিত কৰিব লাগিব৷
২) কোম্পেনীটোৰ নাম বাচনিৰ বাবে আমি ৫টা নাম বাচনি কৰিব লাগিব আৰু ইয়াৰ পৰা এটা নাম গ্ৰহণযোগ্য হব৷
৩) নামটো পোৱাৰ পাছত কোম্পেনীটোৰ কৰ্মকৰ্তাসকলে আৰ অ’ চিৰ পৰা এখন  কনফাৰ্মেশ্বন পত্ৰ পাব৷
৪) এই আৰ অ’ চিত দিবৰ বাবে কোম্পনীটোৰ খছৰা(এ অ’ এ), কোম্পেনীটোৰ চুক্তি (এম অ’ এ), পঞ্জীয়ন কাৰ্যালয়ৰ বাবে ফৰ্ম নং আই এন চি -২২, সঞ্চালক নিযুক্তিৰ বাবে ফৰ্ম নং ডি আই আৰ -১২ লাগিব৷
৫) প্ৰস্তাৱিত সঞ্চালকৰ বাবে  সঞ্চালক চিনাক্তকৰণ নম্বৰ (ডি আই এন)ৰ অনলাইন আবেদনকৰন ৷
৬) এম অ’ এ আৰু এ অ’ এ ত প্ৰয়োজনীয় সালসলনি কৰিবৰ বাবে আৰ অ’ চি ৰ দ্বাৰা স্বীকৃত পৰামৰ্শদাতাক পাৱাৰ অৱ এটৰ্ণি প্ৰদান৷
৭) উৎপাদক কোম্পানী কাৰ্যকৰী কৰাৰ বাবে আৰ অ’ চিক প্ৰয়োজনীয় নথীপত্ৰ দাখিল৷
এই সকলো খিনি হৈ যোৱাৰ পাছত  আই এন চি -২১ ত কোম্পানীৰ প্ৰাৰম্ভিক প্ৰমাণ পত্ৰ উপলব্ধ হব৷

এতিয়া আহোঁ আমি, ডিজিটেল চিগনেশ্বাৰ চাৰ্টিফিকেট কি ?
এই ডিজিটেল ছিগনেশ্বাৰ চাৰ্টিফিকেট হৈছে অন্যান্য কাকতীয় প্ৰমাণপত্ৰ যেনে – ড্ৰাইভিং লাইচেন্স,পাছপৰ্ট আদিৰ দৰেই এক প্ৰমাণপত্ৰ৷ এই প্ৰমাণপত্ৰ এজন ব্যক্তিৰ পৰিচয় প্ৰমাণ পত্ৰহিচাপে বিবেচিত৷ এই ডি এছ চি অনলাইনযোগে পূৰণ কৰা হয় আৰু  বিভিন্ন গুৰুত্বপূৰ্ণ নথিত ব্যৱহাৰ হয়৷ এই স্বাক্ষৰ এম চি এ -২১, ই-গভৰ্ননেন্স প্ৰগাম আৰু তথ্য প্ৰযুক্তি আইন -২০০০ ৰ বিভিন্ন বিধি অধীনত অনলাইযোগে দাখিল কৰা সকলো নথি পত্ৰত থকাতো বাধ্যতামুলক৷
ডি আই এন প্ৰদানৰ বাবে এম চি এ ১,০০০ টকা মাছুলৰূপে গ্ৰহণ কৰে৷ ইয়াৰ বাবে পৰিচয় প্ৰমাণ পত্ৰ

ৰূপত সঞ্চালকসকলে নিজা পানকাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, পাছপৰ্ট বা ড্ৰাইভিং লাইচেন্সেৰ নাম্বাৰ দাখিল কৰিব লাগিব৷

এই সকলো হৈ যোৱাৰ পাছত আমাক সংগঠনৰ এখন স্মাৰক বা এম অ’ এ ৰ দৰকাৰ হব য’ত কোম্পেনীটোয়ে সম্পাদনা কৰা সকলো কাৰ্যাৱলীৰ উল্লেখ থাকে৷ এই এম অ’ এ ত এটা উংপাদক কোম্পেনীৰ বৰ্তমান আৰু ভবিষ্যতৰ সকলো কৰ্মপ্ৰণালীৰ সামগ্ৰিক পৰিকল্পনা সন্নিবিষ্ট কৰি অনুচ্ছেদসমুহ প্ৰস্তুত কৰা হয়৷ ইয়াত প্ৰয়োজনীয় সকলো সদস্যৰ স্বাক্ষৰৰ লগতে তেওঁৰ সবিশেষ তথ্য উল্লেখ কৰা হয়৷ সংগঠনৰ অনুচ্ছেদ মোহৰকৃত হোৱাৰ পাছতহে এম অ’ এ ৰ তাৰিখ ধাৰ্য্য কৰা হয়৷


শেষত আলোচনা কৰো এটা উৎপাদক কোম্পেনীৰ সীমাবদ্ধতা সমূহ কি কি ?



এটা উৎপাদক কোম্পেনীৰ বিভিন্ন ধৰণৰ সীমাবদ্ধতা থাকিব পাৰে৷ এইসমূহ হ’ল-
১) কোম্পেনীটোয়ে কোম্পেনী এক্ট ২০১৩ৰ ৰেফাৰেন্স চেক্চন ৪৬৫(১), ইণ্ডিয়ান কোম্পেনী এক্ট ১৯৫৬ৰ ভাগ ৯ এৰ অধীনত পঞ্জীয়ন কৰাব লাগিব৷ কোম্পেনী এটাই পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ অ-পঞ্জীয়নকৃত গোটসমূহে আইনী সুবিধাসমূহ লাভ নকৰে৷
২) উৎপাদক কোম্পেনী এটাৰ পঞ্জীয়ন প্ৰক্ৰিয়া সামান্য জটিল৷ সাধাৰণতে ইয়াৰ বাবে এজন পৰামৰ্শদাতাৰ প্ৰয়োজন৷
৩) উৎপাদক কোম্পেনী এটাৰ পঞ্জীয়ন কোনো কোনো সময়ত এক সময় খৰচি প্ৰক্ৰিয়া হিচাপে বিবেচিত৷
৪) সদস্যসকলে তেওঁলোকে খটু্ৱা মূলধনৰ স্বত্তাধিকাৰিত্ব মুকলিকৈ হস্তান্তৰ কৰিব নোৱাৰে৷
৫) এজন বৃত্তিগত চি ই অ’ বহনক্ষম মূল্যত লাভ কৰাটো জটিল৷


লেখক-সন্তোষ কুমাৰ দাস,কৃষক বন্ধু

2.89285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top