মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / কৃষক উৎপাদক সংস্থা বা এফ পি অ’ (FPO) কি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষক উৎপাদক সংস্থা বা এফ পি অ’ (FPO) কি?

কৃষক উৎপাদক সংস্থা বা এফ পি অ’(FPO)কি আলোঅনা কৰা হৈছে

বৰ্তমান আমাৰ কৃষকৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰীয়ে হওঁক বা ব্যক্তিগত খণ্ডতে হওঁক তোলপাৰ লগাই থকা এটা শব্দ হৈছে এই কৃষক উৎপাদক সংস্থা বা FPO আৰু কৃষক উৎপাদনকাৰী কোম্পেনী বা FPC৷ এই FPO/FPC ক বহুতে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰ কৰিব খুজিছে৷ ইয়াৰ লাভালাভ সম্পৰ্কে বতাহত উৰি ফুৰিছে বিভিন্ন উৰাবাতৰি৷ কিন্তু  কি এই FPO আৰু FPC ? এইবিষয়ে জনসাধাৰণৰ বা কৃষক ৰাইজৰ সুবিধা হোৱাকৈ ইয়াত কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে৷


কৃষক উৎপাদক সংস্থা (FPO) কি ?


কৃষক উৎপাদক সংস্থা হৈছে শস্য কৰ্মভিত্তিক প্ৰাথমিক উৎপাদনকৰ্তাৰ কিছুমান গোটৰ সমষ্টি যেনে – কৃষক, দুগ্ধ উৎপাদনকাৰী, মাছুৱৈ, শিপিনী, গ্ৰাম্য কাৰিকৰ, বা শিল্পকাৰ আদিৰে গঠিত এক ন্যায়িক সামূহিক গোট৷ কৃষক উৎপাদক সংস্থা হব পাৰে এক উৎপাদনকাৰী কোম্পেনী, এক সমবায় সমিতি অথবা ইয়াৰ সদস্যসকলক সুফল/লাভালাভ প্ৰদান কৰা অন্যান্য যিকোনো এক ন্যায়িক ৰূপ৷ এফ পি অ’ৰ মূল লক্ষ্য হৈছে উৎপাদনকাৰীক তেওঁলোকৰ নিজা সংস্থাৰ জড়িয়তে অধিক উপাৰ্জন প্ৰদান কৰা৷ এই এফ পি অ’ৰ যোগেদি কৃষকে বজাৰত অধিক দৰদাম কৰিব পৰা ক্ষমতা পায় আৰু উৎপাদনৰ সমল বা উৎপাদিত সামগ্ৰী পায়কাৰী ভাৱে ক্ৰয়-বিক্ৰয় কৰিব পাৰে৷


এটা এফ পি অ’ৰ থাকিব লগীয়া বৈশিষ্ট্যসমুহ  হ’ল –



(ক) ই কৃষিকৰ্ম  আৰু ইয়াৰ আনুসংগিক আন কাম-কাজত জড়িত উৎপাদনকাৰীৰ গোটৰ সমষ্টি দ্বাৰা গঠিত এক সংস্থা৷
(খ) ই এটা পঞ্জীয়নকৃত গোট আৰু এক ন্যায়িক সংস্থা৷
(গ) প্ৰাথমিক উৎপাদন / উৎপাদিত সামগ্ৰীসমূহৰ স’তে সংস্থাই ব্যৱসায়িক কাম কাজত মনোনিবেশ কৰিব৷
(ঘ) ই উৎপাদক সকলৰ লাভৰ অৰ্থে কাম কৰিব৷
(ঙ) লাভৰ এটা অংশ উৎপাদনকাৰী সকলৰ মাজত ভাগ হব৷
(চ) বাকী থকা অংশ ফাণ্ড হিচাপে জমা থাকিব, যাতে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰি৷

এফ পি অ’ উৎপাদনকৰ্তাৰ বাবে, উৎপাদনকৰ্তাৰ দ্বাৰা গঠিত উৎপাদনকৰ্তাৰ এক সংস্থা৷ আনহাতে, যিকোনো কৃষিসম্পৰ্কীয় উৎপাদনৰ সৈতে জড়িত ব্যক্তিবিশেষ বা প্ৰতিষ্ঠানেই এফ পি অ’ গঠন কৰিব পাৰে৷ কোনো ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে তেওঁলোকৰ নিজা উৎসৰ দ্বাৰা বা উৎপাদনকৰ্তাৰ আৰ্থ-সামাজিক উন্নয়নৰ লক্ষ্যৰেও এফ পি অ’ গঠন কৰিব পাৰে৷

এই এফ পি অ’ (FPO) গঠন আৰু সুচাৰুৰূপে পৰিচালনাৰ বাবে উৎপাদনকৰ্তাৰ সংস্থাৰ উন্নীতকৰণ প্ৰতিষ্ঠান (প্ৰমোটিং ইনষ্টিটিউছন) ক NABARD, SFAC, চৰকাৰী  দপ্তৰ, কৰ্পৰেট আৰু আন্তঃৰাষ্ট্ৰীয় এজেন্সী আদিয়ে বিত্তীয় সাহাৰ্য্যৰ উপৰিও কাৰিকৰীগত সহায় আগবঢ়ায়৷ উক্ত সমৰ্থন বা সাহাৰ্য্য প্ৰদানৰ বাবে প্ৰত্যেক এজেঞ্চিয়ে নিজা প্ৰকল্প/উন্নীতকৰণ প্ৰতিষ্ঠান বাচনি কৰি লয়৷

এই এফপিঅ’ বা এফপিচিৰ পঞ্জীয়ন বাধ্যতামুলক৷ কেৱল পঞ্জীয়নকৃত সংস্থাই প্ৰমোট কৰা এফপিচিয়েহে ন্যায়িকভাৱে কোনো ঠিকাৰ কাম কৰিব পাৰে বা আন প্ৰতিষ্ঠানৰ পৰা ফাণ্ড সংগ্ৰহ কৰিব পাৰে৷ পঞ্জীয়নৰ ক্ষেত্ৰত এফ পি অ’ৰ বাবে কিছুমান আইন আছে৷ যেনে –
(ক) এই এফ পি অ’ত এফ পি চিৰ জড়িয়তে উৎপাদনৰ পৰা প্ৰাথমিক উৎপাদনকৰ্তাই লাভালাভ পাব৷
(খ) ইয়াৰ ব্যৱসায়িক প্ৰয়োজনীয়তা, সংস্থাগত গুৰুত্ব, সামাজিক মূলধন আৰু ব্যৱস্থাপনাৰ ক্ষমতা আদি বিষয়ৰ স’তে সংস্থাৰ বৈধ ৰূপ খাপ খাব লাগিব৷

এই এফ পি অ’ সমূহে কেঁচামাল উৎপাদন কৰাৰ পৰা উৎপাদিত সামগ্ৰী মূল্য নিৰ্দ্ধাৰণ কৰালৈকে সকলো কাম কৰাৰ উপৰিও সামগ্ৰীসমূহ প্ৰকৃত উপভোক্তাৰ হাতত প্ৰদান কৰাৰো দায়িত্ব লয়৷ চমুকৈ এই কাৰ্য্যপ্ৰণালীসমূহ এনেধৰণৰ –
(ক) উৎপাদন সংগ্ৰহকৰণ;
(খ) বজাৰ তথ্য প্ৰচাৰ;
(গ) প্ৰযুক্তি আৰু উদ্ভাৱনৰ প্ৰসাৰ;
(ঘ) উৎপাদনৰ বাবে বিত্তীয় সাহাৰ্য্য প্ৰদান;
(ঙ) উৎপাদনৰ প্ৰাথমিক প্ৰস্তুতকৰণ, যেনে – পৰিস্কাৰ কৰা, শুকুওৱা আৰু গুড়ি কৰা;
(চ) ব্ৰেণ্ড প্ৰস্তুত, পেকেজিং, লেবেলিং আৰু মান উন্নীতকৰণ;
(ছ) মান নিয়ন্ত্ৰণ;
(ঝ) সংস্থাগত ক্ৰেতাক বিপনন সুবিধা;
(ঞ) পণ্যদ্ৰব্য বিনিময়ত অংশগ্ৰহণ;
(ট) ৰপ্তানি৷

আনহাতে এটা এফ পি অ’ই ইয়াৰ সদস্য সকলক আগত উল্লেখ কৰা ধৰণেই এফ পি চি বনোৱাত সহায় কৰিব পাৰে৷ আৰু এই এফ পি চি ৰ এখন ন্যায়িক পৰিচালনা পৰিষদ বা বৰ্ড অৱ ডাইৰেক্টৰ থাকিব৷ এই বৰ্ড অৱ ডাইৰেক্টৰ সকলৰ পৰিচালনা কৰিবৰ কাৰণে এজন মূখ্য কাৰ্য্যবাহী বিষয়া বা CEO থাকিব৷ এই CEO জন ব্যৱসায়িক ক্ষেত্ৰত অলপ অভিজ্ঞ হোৱাটো প্ৰয়োজনীয়৷ উৎপাদনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এফ পি অ’ই পাইকাৰী হাৰত উৎপাদিত সামগ্ৰী ক্ৰয় কৰে৷ পাইকাৰী হাৰত উৎপাদন সামগ্ৰী ক্ৰয় কৰিলে পৰিবহন ব্যয় কমি যায়৷ ইয়াৰ ফলত উৎপাদনৰ সামগ্ৰিক ব্যয় হ্ৰাস পায়৷ এইদৰে, এফ পি অ’ সমূহে সকলো সদস্যৰে উৎপাদিত সামগ্ৰীসমূহ সংগ্ৰহ কৰি একেলগে বজাৰলৈ নিব পাৰে, আৰু পাইকাৰী হাৰত বিক্ৰি কৰে৷ ফলত উৎপাদিত সামগ্ৰীসমূহে প্ৰতি ইউনিটত প্ৰয়োজনীয় মূল্য লাভ কৰে৷ আনহাতে, এফ পি অ’ সমূহে উৎপাদনকাৰীসকলক বজাৰৰ সামগ্ৰিক তথ্য প্ৰদান কৰে আৰু ফলস্বৰূপে সামগ্ৰীৰ উপযুক্ত বজাৰ দাম নোপোৱালৈকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰিৰ বাবে উলিয়াই নিদি সংৰক্ষণ কৰি ৰাখিব পাৰে৷ এই সকলোবোৰ প্ৰক্ৰিয়াই প্ৰাথমিক উৎপাদনত অধিক আয় প্ৰদান কৰাত সহায় কৰে৷

এতিয়া আহোঁ, কোন কোন এই এফ পি অ’ৰ সদস্য হব পাৰে বা প্ৰাথমিক উৎপাদক কোন হব৷ এফ পি অ’ হৈছে এটা উৎপাদনকাৰী সংস্থা, বিশেষকৈ প্ৰাথমিক উৎপাদনকাৰীৰ৷ নিদিষ্ট এটা সামগ্ৰীৰ সকলোবোৰ প্ৰাথমিক উৎপাদনকাৰী সাধাৰণতে একেটা ভৌগলিক অৱস্থানতে বসবাস কৰে আৰু তেওঁলোকে একেধৰণৰ শস্য বা সামগ্ৰীয়েই উৎপাদন কৰে৷ সেইবাবেই এফ পি অ’ গঠন কৰা হয় আৰু এনে উৎপাদনকৰ্তাক এফ পি অ’ৰ সদস্যৰূপে গোটভিত্তিত অন্তৰ্ভুক্ত কৰা হয়৷ ইয়াৰ সদস্যভৰ্ত্তি সম্পূৰ্ণৰূপে স্বেচ্ছামূলক৷ সদস্যসকলে নিজৰ ব্যৱসায়ৰ কাৰণে এটা সদস্যভৰ্ত্তি মাচুল লৈ নিজা পূঁজি গঠন কৰিব পাৰে৷ অৱশ্যে এই প্ৰক্ৰিয়া এফ পি অ’ৰ ন্যায়িক বিধিৰ ওপৰত নিৰ্ভৰশীল৷

লেখক-সন্তোষ কুমাৰ দাস,কৃষক বন্ধু

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top