মূল পৃষ্ঠা / কৃষি / নীতি/আঁচনিসমূহ / কৃষকৰ দুগুণ আয় বৃদ্ধিত জলসিঞ্চনৰ প্ৰাসংগিকতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষকৰ দুগুণ আয় বৃদ্ধিত জলসিঞ্চনৰ প্ৰাসংগিকতা :

কৃষকৰ দুগুণ আয় বৃদ্ধিত জলসিঞ্চনৰ প্ৰাসংগিকতাৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতৰ প্ৰ্ধানমন্ত্ৰীয়ে কৃষকৰ আয় ২০২২ চনলৈ দুগুণলৈ বৃদ্ধিৰ কথাটো উত্তৰপ্ৰদেশৰ ৰায়বেৰেলীত হোৱা এখন কৃষক সভাত ২০১৬ চনৰ ২৮ ফেব্ৰুৱাৰীত পোনপ্ৰথমে উল্লেখ কৰিছিল।এই উদ্দেশ্য সফল কৰাৰ লক্ষ্যৰে চৰকাৰে ২০১৬-১৭ চনৰ পৰা বিভিন্ন ধ্বজা বহনকাৰী আঁচনিও ৰুপায়ণ কৰা দেখা পোৱা গৈছে।কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰা কথাটোৰ যুক্তিৰ সপক্ষে উল্লেখ কৰা কথাটো হ’ল কৃষকৰ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু আগতে সেউজ বিপ্লৱৰ সময়ত বা পিছত অকল আয়ৰ কথা চিন্তা নকৰি পাম উৎপাদন বৃদ্ধিতহে গুৰুত্ব দিয়া।দেশখনে আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহু কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত প্ৰথম বা দ্বিতীয় স্থান দখল কৰিলেও কৃষকৰ নিম্ন আয়কৰ কথাটো উদ্বেগজনক।ভাৰতৰ ২০১২-১৩ চনত কৃষকৰ অৱস্থাৰ অধ্যয়ন সমীক্ষাৰ মতে এটা কৃষক পৰিয়ালৰ বছৰেকীয়া গড় আয় হ’ল ৭৭,১১২ টকা।অসমৰ ক্ষেত্ৰত এই আয়ৰ পৰিমাণ আছিল ৮০,৩২৩ টকা।

সামগ্ৰিকভাৱে কৃষকৰ আয় ৬ বছৰত দুগুণকৈ বৃদ্ধি কৰা কথাটো ইমান সহজসাধ্য নহয়।কথাটোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি সেয়েহে প্ৰধানমন্ত্ৰীয়ে ৭ টা কাৰ্যপন্থা উল্লেখ কৰিছে।কাৰ্যপন্থাকেইটা হ’ল-

(ক)প্ৰতিটোপাল পানীত অধিক উৎপাদনৰ গুৰুত্বৰে জলসিঞ্চনত গুৰুত্ব।

(খ)উৎকৃষ্ট বীজৰ যোগান আৰু প্ৰতিখন পথাৰৰ উৰ্বৰতা বজাই ৰখা।

(গ)উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাবে ভঁৰালগৃহ স্থাপন আৰু উৎপাদনৰ পিছত হোৱা অপব্যয় মাত্ৰা হ্ৰাস।

(ঘ)খাদ্য সংসাধনৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ মান বৃদ্ধি।

(ঙ)বিভিন্ন সুবিধাৰ উপলব্ধতাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত পাম বজাৰ স্থাপন।

(চ)কম হাৰৰ শস্য বীমা যোজনাৰ প্ৰচলন আৰু

(ছ)কৃষিৰ আনুষংগিক দিশ যেনে-মৌ পালন,মুৰ্গী পালন ইত্যাদিৰ দ্বাৰা আয় বৃদ্ধিত গুৰুত্ব ইত্যাদি।

কৃষিত পানীৰ উপযুক্ত ব্যৱহাৰে যিহেতু প্ৰথমতে উল্লেখ কৰিছে,কৃষকসকলে উন্নত জলসিঞ্চন প্ৰযুক্তিগত কথাবিলাক জানিলে অধিক লাভৱান হ’ব।চৰকাৰে ইতিমধ্যে সকলো কৃষিপথাৰত জলসিঞ্চন দিয়াৰ উদ্দেশ্যে ‘প্ৰধানমন্ত্ৰী জলসিঞ্চন আঁচনি’বুলি এখন বৃহৎ আঁচনি প্ৰস্তুত কৰিছে।এইক্ষেত্ৰত অসমৰ বাবে কেইটামান উপযুক্ত প্ৰযুক্তি সংক্ষেপে তলত উল্লেখ কৰা হ’ল-

ধানখেতি:৫ চে:মি: জলসিঞ্চন পথাৰত জলসিঞ্চিত পানী চকুৰে দেখা নোপোৱা হোৱাৰ তিনি দিনৰ মুৰে মুৰে।উৎপাদন বৃদ্ধিৰ পৰিমাণ ১২-১৫ শতাংশ।

বিলাহী,বেঙেনা,ব্ৰ’কলী,ধনিয়া,জলকীয়া:৪ চে:মি:জলসিঞ্চন সীৰলু পদ্ধতিত প্ৰায় ১৫ দিনৰ মুৰত।উৎপাদন বৃদ্ধিৰ পৰিমাণ ১৯-৩২ শতাংশ।

কুঁহিয়াৰ:৬ চে:মি: গভীৰতাত ব’হাগ,কাতি আৰু আঘোণ মাহত পৰাকৈ তিনিটা জলসিঞ্চন।উৎপাদন বৃদ্ধি প্ৰায় ৩১ শতাংশ।

সৰিয়হ:৪ চে:মি: গভীৰতাত ফুল ফুলাৰ সময়ত এবাৰ জলসিঞ্চন।উৎপাদন বৃদ্ধিৰ পৰিমাণ ২৫-৩০ শতাংশ।

মচুৰ আৰু মটৰ মাহ:৪ চে:মি: গভীৰতাত ফুল ফুলাৰ সময়ত এবাৰ জলসিঞ্চন।উৎপাদন বৃদ্ধি মচুৰৰ ক্ষেত্ৰত ১৫-২০ শতাংশ আৰু মটৰৰ ক্ষেত্ৰত ২৫-৩০ শতাংশ।

ঘেঁহু:৬ চে:মি: মুকুট শিপা ওলোৱা আৰু থোক সলোৱা সময়ত দুবাৰ জলসিঞ্চন।উৎপাদন বৃদ্ধি ৩৫-৪০ শতাংশ।

আলু:সীৰলু পদ্ধতিত গজাৰ ২০ দিনৰ অন্তৰে অন্তৰে মণি শিপা ওলোৱা,আলু ধৰা আৰু আলুৰ বৃদ্ধিৰ লগত মিলাকৈ তিনিবাৰ জলসিঞ্চন দিব লাগে।উৎপাদন বৃদ্ধিৰ পৰিমাণ ২০-৩০ শতাংশ।

ইয়াৰ উপৰি পথাৰত বৰষুণৰ পানী সংৰক্ষণ,শস্যভেদে সুক্ষ্ম জলসিঞ্চন আদিৰ বিভিন্ন প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে।জলসিঞ্চন বা পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰেত গুৰুত্ব পোৱা দিশটো হ’ল পানীৰ বহুমুখী ব্যৱহাৰ ।ইয়ে পানীৰ উৎপাদন হাৰ বৃদ্ধিত সহায়ক হ’ব আৰু আয় বৃদ্ধিত অৰিহণা যোগাব।

লেখক: ড° ৰমণীকান্ত ঠাকুৰীয়া (নিয়মীয়া বাৰ্তা)

 

3.04545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top